পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. নিজৰ কৃতিত্বৰে বিভিন্ন ক্ষেত্ৰত সুনাম অৰ্জন কৰা বৃহত্তৰ বৰপেটাৰোডৰ ব্যক্তিসকললৈ প্ৰতি চাৰি বছৰৰ মূৰে মূৰে বৰপেটাৰোড সাহিত্য প্ৰকাশে প্ৰদান কৰি অহা “মানাহপৰীয়া বঁটা” এইবাৰ আগবঢ়োৱা হৈছে বিশিষ্ট লেখিকা, গল্পকাৰ ৰমিছা বেগমলৈ। নক্ষত্ৰৰ পোহৰ, মহীৰূহ আদি প্ৰৱন্ধ সংকলনৰ উপৰিও তিনিখন গল্প সংকলন, দুখনকৈ উপন্যাস, এখন ভ্ৰমণ কাহিনীৰ সৃষ্টা লেখিকা গৰাকীক ২০১৫বৰ্ষৰ বাবে এই বঁটা প্ৰদানৰ সিদ্ধান্তৰ কথা কালি প্ৰকাশন প্ৰতিষ্ঠানটোৱে সদৰী কৰিছে।

২. অহা ৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হব লগা অসমৰ ৩২খন পৌৰসভা, ৪২খন নগৰ সমিতিৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ কালি সামৰণি পৰিছে। এই নিৰ্বাচন যোগে সৰু-বৰ চহৰ-নগৰ সমূহৰ বাবে অধিক কৰ্মক্ষম জনপ্ৰতিনিধি নিৰ্বাচিত হৈ আহিব বুলিও আশা প্ৰকাশ কৰা হৈছে। নিৰ্বাচন অনুষ্ঠিত হব লগা ঠাই সমূহত সিদিনা স্থানীয় বন্ধ ঘোষণা কৰিছে ৰাজ্য প্ৰশাসনে।

৩. কালি শান্তিপূৰ্ণ ভাৱে সামৰণি পৰিল দিল্লীৰ বিধান সভা নিৰ্বাচনৰ ভোটগ্ৰহণ। অহা ১০ তাৰিখে ভোট গণনা হব লগা এই নিৰ্বাচনৰ পাছত টিভি চেনেল সমূহৰ সমীক্ষা মতে আম আদমী পাৰ্টিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ সম্ভাৱনাও প্ৰকাশ পাইছে। ৬৭ শতাংশতকৈ অধিক ভোট দানেৰে দিল্লীবাসীয়ে ভোটদানৰ অভিলেখ গঢ়া বুলিও সুখবৰ প্ৰকাশ পাইছে।

৪. ঢকুৱাখনাৰ নৰহৰি আতা ক্ষেত্ৰত অনুষ্ঠিত হৈ থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনৰ শেষৰ দিনা ধেমাজিৰ শিল্পী সূৰ্য বৰুৱাই নিৰ্মাণ কৰি উলিওৱা ময়ূৰপংখী বাহনত নৱ-নিৰ্বাচিত পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই আৰোহণ কৰি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰ তথা ভাগৱত ভ্ৰমণত অংশগ্ৰহণ কৰে। অধিবেশনৰ মুকলি সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু উমা ভাৰতীয়ে অংশ গ্ৰহণ কৰে। শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ বাবে পাৰ্যমানে সহায় কৰিব বুলিও কেন্দ্ৰীয় মন্ত্ৰী উমা ভাৰতীয়ে প্ৰতিশ্ৰুতি দিয়া বুলিও জানিব পৰা গৈছে।

৫. লখিমপুৰত পৌৰ সভা নিৰ্বাচনৰ বাবে প্ৰচাৰ কৰিবলৈ উপস্থিত হোৱা কেন্দ্ৰীয় খেল মন্ত্ৰী সৰ্বানন্দ সোনোৱালে চহৰখনক স্মাৰ্ট চিটী ৰূপে গঢ়িব বুলি নিৰ্বাচনী প্ৰতিশ্ৰুতি প্ৰদান কৰা বুলি বাতৰি প্ৰকাশ পাইছে। 

৬. জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৫-৭ ফেব্ৰুৱাৰীত তিনিদিনীয়াকৈ আয়োজিত পবা বৰ্ষাৰণ্য মহোতসৱৰ কালি পৰিছে সফল সামৰণি। কালি অনুষ্ঠিত মুকলি প্ৰাইজমাণি মাৰাথানত প্ৰায় পাঁচশ প্ৰতিযোগীয়ে অংশ লয়। মিচিং স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত জিলা প্ৰশাসনৰ সহযোগত আয়োজিত মহোতসৱখনত বিভিন্ন জনগোষ্ঠীৰ কৃষ্টি প্ৰদৰ্শনৰ লগতে, গ্ৰন্থ মেলা, খাদ্য মেলা আদিৰো আয়োজন কৰা হৈছিল। মুকলি সভাত ডাঃ ৰণোজ পেগু, নেচাৰ্ছ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্ত, আছুৰ বিত্ত সম্পাদক তুলাৰাম গগৈ, সাংবাদিক প্ৰকাশ মহন্ত আদিয়ে অংশগ্ৰহণ কৰে।

৭. ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক চমুকৈ নাবাৰ্ডৰ পৃষ্ঠপোষকতাত অসম গ্ৰামীণ বেংকৰ বৰদৌলগুৰি, বেছিমাৰী, কলাইগাঁও, দুমুনীচকী শাখাই ৪১টা আত্ম-সহায়ক গোটক ২০লাখ টকাৰ ঋণ আগবঢ়াইছে। ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান, নাবাৰ্ড আদিৰ বিষয়ববীয়াসকলে গোটসমূহক কৰ্মপদ্ধতি আৰু হিচাপ পৰীক্ষণ বিষয়ত পৰ্যাপ্ত প্ৰশিক্ষণ দিয়াৰ পাছতহে এই ঋণ দিয়াৰ ব্যৱস্থা কৰাৰো সুখবৰ প্ৰকাশ পাইছে।

৮. ৰাজ্যৰ অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠান সমূহৰ শিক্ষক কৰ্মচাৰী সকলৰ সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত সহায় কৰিবলৈ অসমৰ কেইবাগৰাকী বিশিষ্ট শিক্ষাবিদ, বুদ্ধিজীৱী, সাংবাদিকৰ লগতে অসম শিক্ষক-কৰ্মচাৰী ঐক্য মঞ্চৰ বিষয়াববীয়াক লৈ শৈক্ষিক চিন্তন মঞ্চ গঠিত হোৱা সুখবৰ। ভেঞ্চাৰ স্কুল স্থাপন কৰি এতিয়াও প্ৰাদেশীকৃত নোহোৱা বিদ্যালয়সমূহৰ প্ৰাদেশিকীকৰণ, অৱসৰ লোৱা, মৃত্যু হোৱা, আত্মহত্যা কৰা শিক্ষক-কৰ্মচাৰীৰ পৰিয়াললৈ এককালীন চৰকাৰী সাহাৰ্য প্ৰদান আদি বিষয়বোৰত চৰকাৰক দাবী জনাব বুলিও মঞ্চই প্ৰকাশ কৰিছে।

৯. নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ঘাঁহীত কালি উন্মোচিত হয় সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ এটি পূৰ্ণাংগ প্ৰতিমূৰ্তি। স্থানীয় ভাস্কৰ্য শিল্পী যতীন্দ্ৰ নাথ শইকীয়াই প্ৰায় তিনিমাহ দিন-ৰাতি কষ্ট কৰি নিৰ্মাণ কৰি উলিওৱা প্ৰতিমূৰ্তিটো ঘাঁহী চাৰিআলিত উন্মোচিত কৰে শিল্পী সমৰ হাজৰিকাই।

১০. বকোৰ গান্ধী মৈদানত চৈধ্য দিনীয়াকৈ আৰম্ভ হৈছে ১৪ সংখ্যক বিশেষ হস্ততাঁত বস্ত্ৰমেলাৰ। ভাৰত তথা উত্তৰ-পূৱৰ বিভিন্ন প্ৰান্তৰ ৪৪খন বিপনীয়ে অংশগ্ৰহণ কৰিছে। বিটিএডিৰ হস্ততাঁত, বস্ত্ৰ বিভাগে এই বিশেষ বস্ত্ৰমেলাৰ আয়োজন কৰি হস্ততাঁতৰ শিল্পী সকলক বিক্ৰীৰ বাবে এখন মঞ্চ প্ৰদান কৰি আহিছে।

No comments:

Post a Comment