পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. ভাৰতীয় সাহিত্য ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বঁটা ২০১৪ বৰ্ষৰ বাবে আগবঢ়োৱা হৈছে প্ৰখ্যাত মাৰাঠী সাহিত্যিক ‘কোছালা’(কক’ন) স্ৰষ্টা ভালচন্দ্ৰ নেমাড়েলৈ। জ্ঞানপীঠ বাছনি সংসদে এই সুখবৰ প্ৰকাশ কৰিছে।

২. অসমৰ সাধাৰণ ৰাইজক আধুনিক ফিজিউথেৰাপিৰ বিষয়ে সজাগ কৰিবলৈ গুৱাহাটীৰ দিগন্তজ ফিজিঅ’থেৰাপী আৰু ৰি-হেবিলেচন চেণ্টাৰ এক সজাগতা অভিযান আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে। ‘সকলোৰে বাবে ফিজিউথেৰাপী’ শীৰ্ষক মূলমন্ত্ৰলৈয়ে এই সজাগতা অভিযানৰ প্ৰচাৰ অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হব।

৩. আজিৰে পৰা আজান ফকীৰৰ সমাধিস্থলী ঐতিহাসিক সৰাগুৰি চাপৰিত আৰম্ভ হৈছে দুদিনীয়া বাৰ্ষিক অধিৱেশন আৰু জিয়াৰত। এই অধিবেশনতে মুক্তাৱ হুছেইন আৰু মুস্তাফিজ আহমদৰ সম্পাদনাত প্ৰকাশ পাব লগা ৪৫০ পৃষ্ঠাৰ স্মৃতিগ্ৰন্থ ‘স’ৰাগুৰি আজান’ উন্মোচন কৰিব বিধায়ক অঞ্জন দত্তই। লগতে সদৌ অসম ভিত্তিত জিকিৰ প্ৰতিযোগিতাও আয়োজিত হোৱা বুলি জানিব পৰা গৈছে।

৪. ঢকুৱাখনাৰ নৰহৰি আতা ক্ষেত্ৰত চলি থকা শ্ৰীমন্ত শংকৰ সংঘৰ অধিবেশনৰ স্মৃতিগ্ৰন্থ ‘তুমিসি সুহৃদ আত্মা প্ৰিয়তম’ উন্মোচন কৰিলে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ কন্দৰ্প কুমাৰ ডেকাই। হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰা অধিবেশনখনত কেইবাখনো গ্ৰন্থও উন্মোচিত হয়। তাৰে “মহাপুৰুষ মাধৱদেৱ” আৰু “হলধৰ ভূঞা” নামৰ গ্ৰন্থ দুখনি উন্মোচন কৰিলে নিউজ টাইম অসমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই। 

৫. চাৰিদুৱাৰত কালিৰে পৰা আৰম্ভ হৈছে নিখিল বড়ো ছাত্ৰ সন্থা (এবছু)ৰ ৪৭ সংখ্যক বাৰ্ষিক অধিৱেশন। গোজন পথাৰত হোৱা এই অধিবেশনৰ মুখ্যদ্বাৰ উন্মোচন কৰিলে অসম সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰা। সমন্বয় ক্ষেত্ৰত পৰিণত হোৱা ক্ষেত্ৰখনত সদৌ অসম ভিত্তিত ভলীবল আৰু কাবাডী প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে আয়োজিত হৈছে গিৰিন্দ্ৰ কুমাৰ দাস সোঁৱৰণী প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাও।

৬. গুৱাহাটীৰ বশিষ্ঠস্থিত অসম জল-সম্পদ আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠানত কালিৰ পৰা আৰম্ভ হৈছে ৱাটাৰ কনফাৰেন্স-১৫। কেন্দ্ৰীয় মন্ত্ৰী উমা ভাৰতীয়েও এই সন্মিলনত অংশ গ্ৰহণ কৰিছে আৰু বান-খহনীয়াক কেন্দ্ৰই গুৰুত্ব দিয়া নাই বুলি মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত অভিযোগ কৰিছে বুলিও জানিব পৰা গৈছে। অহা ১০ ফেব্ৰুৱাৰীত উমা ভাৰতীৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক অনুষ্ঠিত হব বুলিও বাতৰি প্ৰকাশ পাইছে।

৭. নিজৰ একক শৈলীৰ ছবি নিৰ্মাণ কৰি এক পৰিচয় গঢ়ি তোলা পৰিচালক, অভিনেতা ৰাজকুমাৰ ঠাকুৰীয়াৰ নৱতম ছবি “ছুপাৰ ৱাৰিৱৰ” অহা ১৬ ফেব্ৰুৱাৰীত উন্মোচন কৰা হব। এই উন্মোচনী সভা দিনৰ এক বজাত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হব।

৮. “পৰিবেশ পৰিবৰ্তনৰ ফলত বনাঞ্চল-বন্যপ্ৰাণীৰ ওপৰত প্ৰভাৱ” শীৰ্ষক কৰ্মশালাত গুৱাহাটীত অংশগ্ৰহণ কৰিলেহি অৰণ্য মানৱ খ্যাত তথা পদ্মশ্ৰীৰে সন্মানিত যাদৱ পায়েঙে। ভাষণেৰে নহয়, হাতে-কামেৰেহে পৰিবেশ সংৰক্ষণ কৰা সম্ভৱ হব বুলিও পৰিবেশকৰ্মীজনে আঙুলিয়াই দিয়ে।

৯. নন্দ সিং বৰকলাৰ কাব্যগ্ৰন্থ “বা বাঁহৰ চিক্ মিকনি” গুৱাহাটীত কালি হ’ল উন্মোচিত। এই কাব্যগ্ৰন্থখনি উন্মোচন কৰিলে দৈনিক অসম কাকতৰ সম্পাদক ৰাধিকা মোহন ভাগৱতী আৰু বিশিষ্ট লেখক খনীন্দ্ৰ নাৰায়ণ দেৱচৌধুৰীয়ে।

১০. নৰ্থ গুৱাহাটী জাৰ্নেলিষ্ট ফৰামৰ তৰফৰ পৰা আগবঢ়োৱা ৰমেশ চন্দ্ৰ নাথ সোঁৱৰণী বঁটা কালি গুৱাহাটী প্ৰেছ ক্লাৱত প্ৰদান কৰা হয়। এই বঁটা বিশিষ্ট সাংবাদিক সঞ্জীৱ ফুকনক প্ৰদান কৰে বিশিষ্ট লেখক ডঃ অঞ্জনজ্যোতি চৌধুৰীয়ে।

No comments:

Post a Comment