পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. কলিয়াবৰৰ মৌচন্দা পথাৰৰ পণ্ডিত আত্মাৰাম শৰ্মা সমন্বয় ক্ষেত্ৰত যোৱা ৩১জানুৱাৰীৰ পৰা অনুষ্ঠিত পাঁচদিনীয়া অসম সাহিত্য সভাৰ অধিবেশনৰ কালি পৰিল সফল সামৰণি। শতবৰ্ষৰ অধিবেশন শিৱসাগৰত অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে মধ্যকালীন অধিবেশন মাজুলীত অনুষ্ঠিত কৰা হব পাৰে বুলিও সম্ভাৱনা প্ৰকাশ পাইছে।



২. গঁড় হত্যা বন্ধ কৰা আৰু চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰাৰ বাবে নতুন বন মন্ত্ৰী এটোৱা মুণ্ডাৰ উদ্যোগত কাইলৈৰ পৰা কাজিৰঙাত আৰক্ষী, অৰ্ধসামৰিক বাহিনী আৰু বন সুৰক্ষা বাহিনীৰ যুটীয়া অভিযান চলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সুখবৰ। গঁড় হত্যা হ’লে সেই বনাঞ্চলৰ বন-বিভাগৰ বিষয়া-কৰ্মচাৰীক জবাবদিহি কৰাৰ ব্যৱস্থা কৰাৰ দৰে গুৰুত্বপূৰ্ণ পদক্ষেপো গ্ৰহণ কৰিবলৈ লোৱা বুলি জানিব পৰা গৈছে।

৩. মঙলদৈৰ ডেকাৰগাঁৱত অসমীয়া মুছলিম কল্যাণ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে পুৱা বৃক্ষৰোপণ, চিলাৰায়ৰ জীৱন-আদৰ্শৰ ওপৰত বক্তৃতা প্ৰতিযোগিতা আদিৰে চিলাৰায় দিৱস উদযাপন কৰে। লগতে বিয়লি ‘খিলঞ্জীয়া অসমীয়াৰ অস্তিত্ব ৰক্ষা’ শীৰ্ষক আলোচনা চক্ৰও অনুষ্ঠিত কৰে। পৰিষদৰ সাধাৰণ সম্পাদক ফাইজুল হকে সকলো আলোচক আদৰণি জনায়।

৪. ডিফুত অহা ১৫-২২ ফেব্ৰুৱাৰীলৈ জ্যোতি-বিষ্ণু সাংস্কৃতিক মঞ্চৰ উদ্যোগত জ্যোতি সংগীত আৰু বিষ্ণু ৰাভাৰ সংগীতৰ কৰ্মশালাৰ আয়োজন কৰিছে। ৰঞ্জন কুমাৰ ভট্টাচাৰ্যই মুখ্য প্ৰশিক্ষক ৰূপে অংশ লব লগা কৰ্মশালাত সহযোগী প্ৰশিক্ষক ৰূপে কণ্ঠশিল্পী মমী বৰদলৈয়েও অংশ লব। আগ্ৰহী সকলে ৭০০টকা মাচুল সহ ৯৮৫৪০-২০৬৫৩ নম্বৰত যোগাযোগ কৰিবলৈ আয়োজক সকলে আহ্বান জনাইছে।

৫. ৰাষ্ট্ৰীয় সাহিত্যৰত্ন বঁটাপ্ৰাপক, সাংবাদিক দিলীপ বৰ্মনৰ ‘জীৱন আলোক’ নামৰ গ্ৰন্থখনি যোৱা ৩১ জানুৱাৰীত গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰে গল্পকাৰ ৰিজু হাজৰিকাই। অসম তথা ভাৰতৰ বহুকেইজন বৰেণ্য ব্যক্তিৰ জীৱনী সন্নিবিষ্ট হৈছে গ্ৰন্থখনিত। উক্ত অনুষ্ঠানতে অন্ধ শিল্পী গৌৰাংগ দেৱশৰ্মাক পদ্মা লাইব্ৰেৰীয়ে সম্বৰ্ধনা জনোৱাৰ লগতে তেখেতৰ জীৱনগাঁথাক লৈ দিলীপ বৰ্মনে যুগুতাই উলিওৱা পুস্তিকাখনো উন্মোচন কৰা হয়। লগতে বীৰেন্দ্ৰ কুমাৰ নাথৰ ‘সাধুতাৰ পথেৰে’ আৰু কেশৱ শৰ্মাৰ ‘গৰাখহনীয়া’ শীৰ্ষক গ্ৰন্থ দুখনলৈ সাহিত্যজ্যোতি বঁটা প্ৰকাশন প্ৰতিষ্ঠান পদ্মা লাইব্ৰেৰীয়ে আগবঢ়োৱা বুলিও সুখবৰ প্ৰকাশ পাইছে।

৬. আই আই টি গুৱাহাটীত অনুষ্ঠিত আলচেৰেংগা ২০১৫ত আয়োজিত সৰ্বভাৰতীয় মুকাভিনয় প্ৰতিযোগিতাত ‘থাৰ্ড থিয়েটাৰৰ’ বিজিত কুমাৰ দাস আৰু দেৱজিত ডেকাই বিজয়ীৰ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ২০১২ৰ পৰাই মুকাভিনয়ৰ সাধনা কৰা থাৰ্ড থিয়েটাৰৰ শিল্পী দুগৰাকীয়ে বিচাৰক আৰু দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হোৱাৰ সুখবৰ পোৱা গৈছে।
৭. মাজুলীৰ কমলাবাৰীৰ ইন্দুকল্প ভৰালীয়ে ২০০৪ চনত ‘সৃষ্টি ইণ্ডাষ্ট্ৰিয়েল প্ৰডাক্টছ’ নামৰ ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি শিশু খাদ্য জগতত খলকনি তোলে থলু‌ৱা ভীমকলৰ পৰা তৈয়াৰী কৰা ‘ভীম ভিটা’ৰ জৰিয়তে । অসম কৃষি বিশ্ববিদ্যালয়ে এই খাদ্যৰ স্বীকৃতি দি অতিমধ্যে ইয়াৰ ‘পেটেন্ট’ আগবঢ়াইছে । বৰ্তমেনে ভৰালীয়ে তেওঁৰ ভ্ৰাতৃৰ সতে লগ লাগি ‘লুইত মাজুলী’নাম দি খাঁটি সৰিয়হৰ তেল বিজ্ঞানসন্মত ভা‌ৱে প্ৰস্তুত কৰি জনপ্ৰিয়তা অৰ্জন কৰিছে । ইয়াৰ জৰিয়তে তেওঁলোকে মাজুলীৰ উদ্যোগ ক্ষেত্ৰক আগু‌ৱাই নিয়াৰ লগতে আন বহুকেইজন যু‌ৱকক সংস্থাপন দিবলৈ সক্ষম হৈছে ।

৮. বিশ্ব কৰ্কট দিৱস উপলক্ষে নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেলে কামৰূপৰ তাতিবামা অঞ্চলত সজাগতা সভা তথা বিনামূলীয়া কৰ্কট চিনাক্তকৰণ শিবিৰৰ আয়োজন কৰে। গুৱাহাটীৰ ডি এছ কেঞ্চাৰ ৰিচাৰ্ছ ইনষ্টিটিউট আৰু বি বৰুৱা কেঞ্চাৰ হাস্পতালেও এই দিৱসত বিভিন্ন কাৰ্যসূচী পালন কৰা বুলি খবৰ প্ৰকাশ পাইছে।

৯. যোৱা ৩১ জানুৱাৰীত নগাঁও শিক্ষা ভৱনত উন্মোচিত হয় অস্তিত্বৰ সময়ৰ কবি লক্ষেশ্বৰ শৰ্মাৰ ‘ভিন্নসুৰী চিন্তা’ শীৰ্ষক এখনি গ্ৰন্থ। এই গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট অভিনেতা গুণ মহন্তই।

১০. গুৱাহাটীৰ চানমাৰিস্থ গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানত যোৱা ২৭জানুৱাৰীৰ পৰা অনুষ্ঠিত ‘বহু তৰপীয়া কৃষি পাম প্ৰশিক্ষণ’ৰ কালি সফল ভাৱে সামৰণি পৰিছে। অসম গ্ৰামীণ বেংকৰ উদ্যোগত কামৰূপ মহানগৰ জিলাৰ ২০গৰাকীয়ে এই প্ৰশিক্ষণ লাভ কৰে।উল্লেখযোগ্য যে এই প্ৰশিক্ষণ প্ৰতিষ্ঠানে ২০১৩চনৰ পৰা বৰ্তমানলৈকে ৯৫৯ গৰাকী নিবনুৱা যুৱক-যুৱতীক প্ৰশিক্ষণ প্ৰদান কৰি স্বাৱলম্বনৰ পথ মুকলি কৰি দিয়াত সহায় কৰিছে।

No comments:

Post a Comment