পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. দিল্লীৰ নেহৰু মেম’ৰিলেয়ল মিউজিয়াম আৰু লাইব্ৰেৰীয়ে আগবঢ়োৱা “শ্ৰীকান্ত দত্ত গ্ৰন্থ বঁটা”ৰ বাবে আই.আই.টি গুৱাহাটীৰ ইতিহাস বিভাগৰ সহযোগী অধ্যাপক অৰূপজ্যোতি শইকীয়াৰ গ্ৰন্থ যুটীয়াভাৱে নিৰ্বাচিত হোৱাৰ সুখবৰ। কলা আৰু সমাজ বিজ্ঞান বিষয়ৰ ইংৰাজী গ্ৰন্থৰ বাবে প্ৰদত্ত এই আন্তৰ্জাতিক বঁটা “A Century of Protests: peasant Politics in Assam Since 1900” শীৰ্ষক গ্ৰন্থলৈকো আগবঢ়োৱা হৈছে। অসমৰ কৃষক আন্দোলনৰ ইতিহাস সমৃদ্ধ এই গ্ৰন্থলৈ আগবঢ়োৱা এই বঁটা দিল্লীত প্ৰদান কৰা হব। এই বঁটাৰ লগত নগদ পঞ্চাশ হাজাৰ টকা আৰু এখন প্ৰশস্তি পত্ৰ থাকিব। আমেৰিকাৰ আষ্টিনৰ টেক্সাছ বিশ্ববিদ্যালয়ৰ ইতিহাসৰ অধ্যাপিক ইন্দ্ৰানী চেটাৰ্জীৰ অক্সফৰ্ড প্ৰকাশিত “Forgotton friends: Monks Marriages and Memories North -East India” শীৰ্ষক গ্ৰন্থলৈকো এই বঁটা আগবঢ়োৱা হৈছে।

২. যোৱাকালি ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ত এগৰাকী ন্যায়াধীশ ৰূপে দ্বায়িত্ব গ্ৰহণ কৰিলে এজন অসমীয়াই। ন্যায়াধীশ অমিতাভ ৰয়ে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে শপত গ্ৰহণ কৰি অসমবাসীলৈ সুখবৰ কঢ়িয়াই আনিছে।

৩. সংসদত বিত্তমন্ত্ৰীয়ে কালি দাখিল কৰিলে ২০১৪-১৫বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা। বৰ্ষটোত বিকাশৰ হাৰ ৭.২ শতাংশ, মুদ্ৰাস্ফীতি হ্ৰাস ৬ শতাংশ, কাৰেণ্ট একাউণ্ট ডেফিচিট জিডিপিৰ ১ শতাংশলৈ হ্ৰাস হোৱা বুলি এই সমীক্ষাই দাবী কৰিছে। দেশৰ অৰ্থনীতিৰ বিকাশৰ হাৰ অহা বিত্তীয় বৰ্ষত ৮ শতাংশৰো অধিক হব বুলিও বিত্তমন্ত্ৰীজনে আশা প্ৰকাশ কৰে।

৪. কালিৰে পৰা অসমত শুভাৰম্ভ হৈছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম। চাৰিখন জিলাত ১০০টাকৈ সেৱা কেন্দ্ৰ কাৰ্যক্ষম কৰা হৈছে। বিদেশত থকা অসমীয়া সকলে ফিজিকেল ভেৰিফিকেচনৰ সময়ত অসমলৈ আহিব লাগিব, ডি ভোটাৰৰ বিষয়ে সিদ্ধান্ত লব আদালতেহে, অহা সপ্তাহৰ পৰা সজাগতা অভিযান আৰম্ভ কৰা হব বুলিও এই প্ৰকল্পৰ ৰাজ্যিক মুৰব্বী প্ৰতীক হাজেলাই আকাশবাণীৰ ফোন-ইন অনুষ্ঠান যোগে ৰাইজক অৱগত কৰিছে।

৫. অৱশেষত সংবাদ মাধ্যম তথা ৰাজহুৱা হেঁচালৈ সেউ মানি উগ্ৰপন্থীৰ আক্ৰমণত নিহত হোৱা শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গুলজাৰ হুছেইৰ পত্নীক সন্মানজনক পদত নিযুক্তি প্ৰদান কৰিলে অসম চৰকাৰে। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত মহিলা কল্যাণ বিষয়া হিচাহে ৰৌছনআৰা বেগমক গৃহ বিভাগে নিযুক্তি দিছে বুলিও সুখবৰ বাতৰি কাকতত প্ৰকাশ পাইছে।

৬. ছয়জনীয়া কমিটি গঠন কৰি ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ প্ৰাদেশিকীকৰণ আইনৰ পুনৰ সংশোধন কৰা হব আৰু অহা জুন মাহত হব লগা বিধান সভাৰ অধিবেশনতে সংশোধনী প্ৰস্তাৱ সমূহ উত্থাপন কৰা হব। লগতে অতিৰিক্ত শিক্ষক, দৰমহা নোপোৱাকৈ অৱসৰ লোৱা, মৃত্যু হোৱা শিক্ষক সকলৰ দিশো চালিজাৰি চাই বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হব বুলি শিক্ষামন্ত্ৰীয়ে প্ৰকাশ কৰিছে।

৭. নিৰ্মাণ সামগ্ৰীৰ ক্ষেত্ৰত পূৱ ভাৰতৰ সৰ্ববৃহত প্ৰদৰ্শনী কনমেক-২০১৫ কালি মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত মুকলি কৰিলে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।কনফেডাৰেচন ইণ্ডিয়ান ইণ্ড্ৰাষ্টীয়ে তিনিদিনীয়াকৈ এই প্ৰদৰ্শনীৰ আয়োজন কৰিছে, লগতে আলোচনা চক্ৰ আদিতো দেশী বিদেশী প্ৰদৰ্শকে অংশগ্ৰহণ কৰিছে। লগতে কালি কনমেক ডাইৰেক্টৰী এখনো উন্মোচিত হোৱাৰ সুখৰল খবৰ।

৮. গুৱাহাটীৰ ৰাজ্যিক কলা বীথিকাত যোৱা ২৩ ফেব্ৰুৱাৰী পৰা যোৰহাটৰ ছালেহা আহমেদ, পৰেশ শইকীয়া, পৰীক্ষিত বৰুৱা, সুন্দৰ শইকীয়া, ডলী বৰকটকী আৰু শিৱসাগৰৰ মুকুল গগৈ নামৰ শিল্পী কেইগৰাকীৰ ৩২খন চিত্ৰৰ এখন প্ৰদৰ্শনী অনুষ্ঠিত হয়। লগতে শিল্পী ছালেহা আহমেদে নিৰ্মাণ কৰা দুটা ধুকৰা আৰু এটা টেৰাকটা মূৰ্তিও এই প্ৰদৰ্শনীৰ অংশ আছিল। কালি কটন, সন্দিকৈ কলেজ আদিৰ শিক্ষাৰ্থী তথা শিক্ষাগুৰু সকলেও এই চিত্ৰ প্ৰদৰ্শনীত ভিৰ কৰে বুলি জানিব পৰা গৈছে।

৯. এইবাৰ প্ৰতিমাহে এটা নিৰ্দিষ্ট দিনত গুৱাহাটী দূৰদৰ্শনৰ লাইভ প্ৰগ্ৰামত ৰাইজে মুখ্যমন্ত্ৰীৰ সৈতে ফোনযোগে পোনপটীয়া কথা-বাৰ্তাত অংশ লোৱাৰ সুবিধা লাভ কৰিব। অহা ১ মাৰ্চত সন্ধিয়া ৬বজাৰ পৰ ৬-৩০ বজালৈ গড়কাপ্তানি বিভাগ বিষয়ত প্ৰশ্নৰ উত্তৰ পাবলৈ ০৩৬১- ২২০৭(১৮১, ১৮২, ১৮৪, ১৮৬) নম্বৰত ৰাইজে চেষ্টা কৰিব পাৰিব।

১০. ভৱিষ্যতে ইণ্টাৰনেটৰ জৰিয়তেও ভাৰতত ভোটিং কৰিব পৰাৰ ব্যৱস্থা হব বুলি ইতিবাচক ঘোষণা কৰি কালি মুখ্য নিৰ্বাচনী আয়ুক্ত হৰি শংকৰ ব্ৰহ্মই প্ৰথমে ভোটাৰ তালিকা শুদ্ধ কৰাটো প্ৰাথমিক কাম বুলি প্ৰকাশ কৰিছে। অহা ৩-১৫মাৰ্চলৈ ৰাষ্ট্ৰীয় ভোটাৰ তালিকা শুদ্ধিকৰণ আৰু প্ৰমাণীকৰণৰ কাৰ্যসূচী চলিব বুলি ঘোষণা কৰি, আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ডৰ সংযোগ ঘটাই একক ভোটাৰ পৰিচয় নিশ্চিত কৰাৰ বাবেও ব্যৱস্থা লব বুলি তেখেতে প্ৰকাশ কৰিছে।

No comments:

Post a Comment