পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১) ৰাইজক দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰাৰ আদৰ্শ দেখুৱাই দিল্লীৰ আম আদমী পাৰ্টি শাসিত চৰকাৰে প্ৰতিটো পৰিয়ালৰ বাবে মাহেকত ২০হাজাৰ লিটাৰ পানী বিনামূলীয়াকৈ যোগান ধৰিব বুলি সিদ্ধান্ত ঘোষণা কৰিছে। লগতে প্ৰতি মাহে চাৰিশ ইউনিট পৰ্যন্ত বিজুলী খৰছ কৰা সকলৈ ৫০শতাংশ ৰেহাই মূল্যত বিজুলী যোগানৰো ব্যৱস্থা কৰিছে। ইয়াৰ দ্বাৰা প্ৰায় ৯০শতাংশ দিল্লীবাসী উপকৃত হব বুলিও সুখবৰ প্ৰকাশ পাইছে।

২) দীৰ্ঘ-দূৰত্বৰ ফোন কল বেছিকৈ কৰা সকলৰ বাবে সুখবৰ! দীৰ্ঘ দূৰত্বৰ দেশীয় (STD) ফোন কলৰ মূল্য হ্ৰাস পোৱাটো নিশ্চিত। দূৰসংযোগ নিয়ামক TRAI এ নে'টৱৰ্কৰ মূল্যৰ ক্ষেত্ৰত কৰ্তন কৰিছে। ইয়াক চলি থকা সাধাৰণ নিৰিখ ৬৫ পইচাৰ পৰা প্ৰায় ৫০% হ্ৰাস কৰি প্ৰতি মিনিটত ৩৫ পইচা কৰা হৈছে। 

৩) ভাৰত চৰকাৰৰ নেচনেল ফিল্ম ডিভিজনে আন্তৰ্জাতিক পৰ্যায়ৰ উদ্ভাৱক উদ্ধৱ ভৰালীৰ জীৱন আৰু কৰ্মক লৈ নিৰ্মাণ কৰিবলৈ লোৱা চলচিত্ৰখনৰ চিত্ৰগ্ৰহণ লখিমপুৰত যোৱা কালিৰ পৰা আৰম্ভ হৈছে। ছাব্বিশ মিনিট দীৰ্ঘৰ চলচিত্ৰখনৰ দৃশ্য গ্ৰহণৰ বাবে পৰিচালক হেমন্ত দাসৰ নেতৃত্বত ছজনীয়া কলা-কুশলীৰ দলে উদ্ভাৱকগৰাকীৰ লখিমপুৰ নগৰৰ কে বি ৰোডত থকা কাৰখানাত উপস্থিত হৈছে। চলচিত্ৰখনৰ নাম 'ইঞ্জিনীয়াৰ উইথ হান্ড্ৰেড ইনোভেচন' ৰখা গৈছে যদিও নামৰ সাল-সলনি ঘটোৱা হ'ব পাৰে বুলিও পৰিচালক গৰাকীয়ে জানিবলৈ দিছে। 

৪) কলকাতা আন্ত:ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত দৰ্শক তথা চিত্ৰ-সমালোচকৰ দ্বাৰা উচ্চ প্ৰশংসিত তথা 'বসুন্ধৰা'ৰ যোগেদি শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ 'ৰজতকমল বঁটা' লাভ কৰা বিশিষ্ট পৰিচালক হীৰেন বৰাৰ নতুন ছবি ‘ক্ষোভ'  অহা ২০-২৭মাৰ্চলৈ অনুষ্ঠিত হ'ব লগা দ্বি-বিংশতিতম 'কাইৰো ইন্টাৰনেশ্বনেল চিনেমা এণ্ড আৰ্টছ ফ'ৰ চিল্ড্ৰেন' শীৰ্ষক আন্ত:ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ'ব। 

৫) অংগৰাগ মহন্ত (পাপন) এ লাভ কৰিছে দ্বিতীয় বাৰৰ বাবে ভাৰতীয় সংগীত ক্ষেত্ৰৰ সবাতকৈ সন্মানীয় বঁটা হিচাপে গণ্য কৰা গ্ল'বেল ইণ্ডিয়ান মিউজিক এৱাৰ্ড (জিমা) ৰ ২০১৫ বৰ্ষৰ 'শ্ৰেষ্ঠ পপ এলবাম' শ্ৰেণীৰ বঁটা। এম টি. ভি.ত প্ৰচাৰ হোৱা ক'ক ষ্টুডিঅৰ তৃতীয় সংস্কৰণত পৰিবেশিত পাপনৰ গীত সমূহৰ বাবে এই বঁটা প্ৰদান কৰা হয়। 

৬)বিশ্ব ঐতিহ্যৰ তালিকাৰ দৌৰত চৰাইদেউ মৈদাম! ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্তিৰ দৌৰত এইবাৰ অন্তৰ্ভুক্ত হৈছে অসমৰ ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ ঐতিহাসিক স্মৃতিচিহ্ন চৰাইদেউৰ মৈদাম। 

৭) অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলৰ পৰা বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ বাবে অনা ১৯টি শিশুক আজি গুৱাহাটী ৰে'ল ষ্টেচনত উদ্ধাৰ কৰা হয় চাইল্ড লাইন আৰু অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান (চি আই ডি) বিভাগৰ যৌথ অভিযানত। 

৮) টেট উত্তীৰ্ণ হৈ চাকৰিৰ বাবে ৰৈ থকা সকলৰ বাবে সুখবৰ! অহা ৩১ মাৰ্চৰ ভিতৰত সম্পন্ন কৰা হ'ব ৮,১৯৩ গৰাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ নিযুক্তি প্ৰক্ৰিয়া। ৰাজ্যৰ শিক্ষামন্ত্ৰী শৰৎ বৰকটকীয়ে লগতে জানবলৈ দিয়ে যে উক্ত নিযুক্তিৰ ২২.৫ শতাংশ পদ অনুসূচিত জাতি-জনজাতিৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত হ'ব। 

৯) কেন্দ্ৰীয় পৰিবেশ বন আৰু জলবায়ু পৰিবৰ্ত্তন মন্ত্ৰালয়, অসম চৰকাৰ, ব্ৰিটেইনৰ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন বিভাগ তথা অক্সফ'ৰ্ড প্ৰজেক্ট মেনেজমেন্ট লিমিটেডে দক্ষিণ এছিয়া জলবায়ু পৰিবৰ্ত্তনৰ পৰিণতিত হব পৰা সাম্ভাব্য দুৰ্যোগৰ পৰিপ্ৰেক্ষিতত এক যৌথ প্ৰচেষ্টাৰে বহনক্ষম উন্নয়নৰ সূচনা কৰিবৰ বাবে এলানি আঁচনি ও কাৰ্য্যসূচী তথা বিনিয়োগ পদক্ষেপ হাতত লৈছে। 

১০) যোৱা কালি সামৰণি পৰে সপ্তাহজোৰা কাৰ্য্যসূচীৰে চলি থকা গুৱাহাটী বিশ্ববিদ্যালয় সপ্তাহ ২০১৫ৰ। সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি উত্তৰ-পূৰ্বাঞ্চলৰ সকলো জাতি-জনজাতিৰ বিবাহ প্ৰদৰ্শন, অসমীয়াৰ জাতীয় উৎসৱ বিহু, অসমীয়া বাৰ মাহ, সন্ত্ৰাসবাদ, বানপানী, সকলো জাতিৰ সাজ-পাৰ, খেতি-বাৰী, জীৱিকা, সংস্কৃতি, নৃত্য-গীত আদিক সুন্দৰকৈ দাঙি ধৰি বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাস আৰি ছাত্ৰীনিৱাস সমূহে এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা প্ৰদৰ্শিত কৰে।

১১) 'নৰ্থ ইষ্টাৰ্ন ইক'ন'মিকেল ডেভেলপমেন্ট ছ'চাইটি (নীডছ)ৰ উদ্যোগত যোৱা ২১ ফেব্ৰুৱাৰীত গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি কাননত এক 'আশা- Hope beyond horizon' শীৰ্ষক এটা বৰ্ণাঢ্য অনুষ্ঠান অনুষ্ঠিত হয়। গুৱাহাটীৰ অনাথ আশ্ৰমৰ শিশু সকল আৰু বৃদ্ধাশ্ৰম বয়োজেষ্ঠ সকলৰ বাবে উৎসৰ্গিত আছিল এই অনুষ্ঠান।

১২) আজি সংসদত উত্থাপিত হ'ব ৰেল বাজেট। বাজেট দাঙি ধৰাৰ আগে আগে ৰেলমন্ত্ৰী সুৰেশ প্ৰভুৱে সাংবাদিকক ক'লে- প্ৰধানমন্ত্ৰীৰ উন্নয়নৰ মডেলক আগুৱাই নিয়াৰ লক্ষ্যৰে দীৰ্ঘম্যাদী আঁচনি আগত ৰাখি আগবঢ়োৱা হ'ব এই ৰেল বাজেট। সম্ভৱত এইখনেই হ'ব দেশৰ ইতিহাসৰ শেষৰখন ৰেল বাজেট। কিয়নো কেন্দ্ৰীয় চৰকাৰে আগন্তুক বৰ্ষৰ পৰা সাধাৰণ বাজেটৰ লগতেই ৰেল বাজেট সন্নিবিষ্ট কৰাৰ যো-জা চলাই আছে বুলিও প্ৰকাশ পাইছে বাতৰি। 

No comments:

Post a Comment