পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ 
১. চতুৰ্দশ বিত্ত আয়োগৰ অনুমোদন মোদী চৰকাৰে মানি লোৱা বুলি সুখবৰ প্ৰকাশ পাইছে। এই অনুসৰি কেন্দ্ৰীয় কৰৰ পৰা ৰাজ্য সমূহে পাব লগা ধনৰ অংশ ১০ শতাংশ বৃদ্ধি কৰা হৈছে আৰু এতিয়াৰ পৰা দেশৰ আটাইবোৰ ৰাজ্যই এই ৪২ শতাংশ ধনৰ বৰ্ধিত ভাগ লাভ কৰিব। এই ধনৰাশিক ব্যৱহাৰৰ বাবে অৱশ্যে কেন্দ্ৰীয় চৰকাৰে কেতবোৰ নীতি-নিৰ্দেশনাও নিৰ্ধাৰণ কৰি দিব বুলিও জানিব পৰা গৈছে।

২. লেণ্ডলাইন উপভোক্তা সকলৰ বাবে খৰছ কমিব বুলি সুখবৰ প্ৰকাশ পাইছে। মোবাইল ফোনৰো কথা-বাৰ্তা সস্তা কৰাৰ বাবেও কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ লোৱাৰ সুখবৰো সংবাদ পত্ৰত প্ৰকাশ পাইছে।

৩. ৰিজাৰ্ভ বেংকৰ মুখ্য প্ৰৱন্ধক পদত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে এগৰাকী অসম সন্তান গৌতম প্ৰসাদ বৰাই। এই পদ ৰিজাৰ্ভ বেংকৰ গৰ্ভনৰতকৈ দুটা স্থান তলত বুলি জানিব পৰা গৈছে আৰু ভৱিষ্যতে সংস্থাটোৰ শীৰ্ষ পদ লাভৰ সম্ভাৱনাও বৰাদেৱৰ থকা বুলিও সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে।

৪. ভুৱনেশ্বৰৰ উৎকল বিশ্ববিদ্যালয়ত যোৱা ২২ ফেব্ৰুৱাৰীৰ “ইনকা”ৰ ইণ্ডিয়ান নেশ্বনেল কনফেডাৰেশ্বন এণ্ড একাডেমী অৱ এনথ্ৰ’পলজিষ্টছ) দ্বাদশ কংগ্ৰেছৰ প্ৰথম দিনাৰ উদ্বোধনী অনুষ্ঠানৰ পাছতে অসম সন্তান অধ্যাপক ভুৱনমোহন দাস স্মাৰক বক্তৃতালানিৰ সপ্তমটো বক্তৃতা প্ৰদান কৰে মহীশূৰ বিশ্ববিদ্যালৰ নৃতত্ত্বৰ অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰফেচৰ পি কে মিশ্ৰই। ভুৱনমোহন দাসৰ উত্তৰ-পূৱৰ নৃতত্ত্বৰ বিষয়ৰ গভীৰ চৰ্চাক স্মৰণ কৰা অনুষ্ঠানটোত দেশৰ বিভিন্ন প্ৰান্তৰ আঢ়ৈশৰো অধিক নৃতাত্তিকে অংশগ্ৰহণ কৰিছিল।

৫. যোৱা ২১ ফেব্ৰুৱাৰীত বিভিন্ন দেশত আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন কৰাৰ প্ৰতি সংগতি ৰাখি অসমতো সেই দিৱস উদযাপন কৰে অসম সাহিত্য সভাই। সভাৰ আটাইকেউটি আঞ্চলিক কাৰ্যালয়তে এই দিৱটো সংকল্প দিৱস ৰূপে পালন কৰাৰ বুলি জানিব পৰা গৈছে। অসমৰ ৰাইজক অসমৰ ৰাজ্যভাষা, অসমীয়াৰ মৰ্যদা আৰু খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ হেতু সজাগ কৰিব লাগিব বুলি সভা সংকল্পবদ্ধ হোৱাৰ সুখবৰ।

৬. ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰীয়ে অহা শনিবাৰ ৭ মাৰ্চত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰিছে। এনে আদালতত প্ৰাক্-মোকৰ্দমা গোচৰ তথা অমিমাংসিত আদালতৰ গোচৰ সমূহ খৰতকীয়াকৈ নিস্পত্তি কৰাৰ ব্যৱস্থা কৰা হয়। স্থানীয় আইন সেৱা প্ৰাধিকাৰীৰ সৈতে এই সুবিধা লাভৰ বাবে অচিৰেই যোগাযোগ কৰিবলৈ ৰাইজলৈ আহ্বান জনোৱা হৈছে।

৭. অসমতো প্ৰাকৃতিক গেছৰ ব্যৱহাৰ কৰি ব্যক্তিগত যান-বাহন চলোৱাৰ আন্তঃগাঁথনি অচিৰেই গঢ়ি তুলিব বুলি সুখবৰ প্ৰকাশ কৰিছে অসম গেছ কোম্পানীয়ে। এই বিষয়টোত প্ৰয়োজনীয় বিভিন্ন অনুমতি আদি ইতিমধ্যেই সংস্থাটোৱে আহৰণ কৰা বুলিও যোৰহাটত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত অংশ লোৱা সংস্থাটোৱে প্ৰকাশ কৰিছে বুলি জানিব পৰা গৈছে।

৮. দেশত ভূমি অধিগ্ৰহণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা হঠকাৰী অধ্যাদেশৰ বিৰুদ্ধে বিভিন্ন প্ৰান্তৰ পৰা পদযাত্ৰাৰে দিল্লীত উপস্থিত হোৱা কৃষক সকলক নেতৃত্ব দি ধৰ্ণা অনুষ্ঠিত হৈছে দিল্লীৰ যন্তৰ-মন্তৰত। এই প্ৰতিবাদী কাৰ্যসূচীত দেশৰ বহু কৃষক সংগঠনে একগোট হৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। মেধা পাটকাৰ, আন্না হাজাৰে, নিখিল ভাৰত কৃষক সভাৰ অতুল অঞ্জন, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীৱাল, অসমৰ কৃষক মুক্তিৰ অখিল গগৈকে ধৰি বিভিন্নজনে কালি এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

৯. ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰই ফ’ন ইন অনুষ্ঠানৰ আয়োজন কৰিছে। ২৬ ফেব্ৰুৱাৰীৰ নিশা ৮-৯বজালৈ এই অনুষ্ঠান যোগে ৰাইজৰ প্ৰশ্নৰ উত্তৰ পাবলৈ সক্ষম হব। উত্তৰ দিবলৈ অসম চৰকাৰৰ ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিব তথা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়ৰক্ষী প্ৰতীক হাজেলাই।

১০. শ্বহীদ সাংবাদিক তথা অসমৰ মানৱ অধিকাৰ আন্দোলনৰ অগ্ৰণী কাণ্ডাৰী প্ৰয়াত পৰাগ কুমাৰ দাসৰৰ ৫৫ সংখ্যক জন্মদিনত শ্বহীদ পৰাগ কুমাৰ দাস তথ্য আৰু গৱেষণা কেন্দ্ৰত স্মৰণ কৰা হয তাৰোপৰি মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয়তো বন্তি প্ৰজ্বলন কৰা হয়। দৈনিক কাকত “জনসাধাৰণ”ৰ তৰফৰ পৰা আগবঢ়োৱা পৰাগ কুমাৰ দাস সংবাদিকতা বঁটা-২০১৫, কাৰ্টুনিষ্ট তথা শিল্পী উৎপল তালুকাদাৰক কালি গুৱাহাটী প্ৰেছ ক্লাৱত প্ৰদান কৰে বিশিষ্ট লেখিকা অনিমা গুহ আৰু ডঃ শিৱনাথ বৰ্মনে।

No comments:

Post a Comment