পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজে কালি ভাৰতৰ কূটনৈতিক আলোচনী এখনৰ চীনা সংস্কৰণ মুকলি কৰে। দ্বি-পাক্ষিক আলোচনাৰ বাবে চীনত উপস্থিত হোৱা মন্ত্ৰী গৰাকীয়ে “ইণ্ডিয়ান পাৰছপেক্টিভ”ৰ চীনা সংস্কৰণে ভাৰতৰ সংস্কৃতি আৰু পৰম্পৰাৰ বিষয়ে প্ৰতিবেশী ৰাষ্ট্ৰখনক সবিশেষ অৱগত কৰিব বুলিও আশা প্ৰকাশ কৰিছে।

২. কেৰেলাৰ থিৰুৱান্থপুৰমত আৰম্ভ হোৱা ৩৫ সংখ্যক নেচনেল গেমচত প্ৰথম দিনা ৬টাকৈ সোণৰ পদক আৰু এটি ৰূপৰ পদকেৰে পদক তালিকাৰ শীৰ্ষত স্থান লভিছে হাৰিয়ানাই। উদ্বোধনী অনুষ্ঠানত খেল মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, সাংসদ শচীন টেণ্ডুলকাৰ, শশী থাৰুৰ আদিয়েও অংশ গ্ৰহণ কৰে। 

৩. ইন্ধনৰ মূল্য হ্ৰাস হোৱাৰ লগে লগেই এতিয়া বাঢ়িবলৈ ধৰিছে গাড়ীৰ বিক্ৰী। মাৰুতী চুজুকীৰ বিক্ৰী জানুৱাৰী মাহত ১৪ শতাংশ বৃদ্ধি পোৱাৰ লগতে এই মাহত ১লাখ ১৬হাজাৰতকৈ অধিক গাড়ী বিক্ৰী কৰাৰ বতৰাও প্ৰকাশিত হৈছে। 

৪. এইবাৰ হোৱাটছএপ-য়ে আৰম্ভ কৰিছে ফ্ৰী-ভইচ কলিঙ সেৱা। ভাৰতত পৰীক্ষামূলকভাৱে কিছু নিৰ্বাচিত ব্যৱহাৰকাৰীৰ মাজত এই সেৱা মুকলি কৰি দিয়া হৈছে বুলিও মোবিলেটৰ.কম নামৰ ৱেবচাইটে প্ৰকাশ কৰিছে। 

৫. অসম সাহিত্য সভাৰ কলিয়াবৰ অধিবেশনৰ দ্বিতীয় দিনা আশীখনৰো অধিক গ্ৰন্থ উন্মোচিত হোৱাৰ সুখবৰ। বিশিষ্ট মাৰাঠী সাহিত্যিক বাল চন্দ নেমাৰে মাতৃভাষাৰ এনে অনুষ্ঠান কতো দেখিবলৈ পোৱা নাছিল বুলি মন্তব্য কৰে। সাহিত্য সভাৰ বিগত নিৰ্বাচন প্ৰক্ৰিয়াক লৈ প্ৰতিনিধি সভা উত্তাল হোৱাৰ লগতে সৰ্বোচ্চ তিনিটা পদৰ পদবীৰ বাবে নিৰ্বাচনী বিধিৰ সংশোধনীৰ প্ৰস্তাৱ গৃহীত কৰি বিতৰ্কিত পেনেল ব্যৱস্থাৰ বিলুপ্তি কৰা বুলি জানিব পৰা গৈছে। 

৬. দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠিত হোৱা দক্ষিণ এছিয়া ভ্ৰমণ আৰু পৰ্যটন মেলাত অংশগ্ৰহণ কৰিবলৈ অহা দেশী-বিদেশী পৰ্যটকে অসম তথা উত্তৰ-পূৱৰ বিষয়ে জানিবলৈ ভিৰ কৰা বুলি সুখবৰ প্ৰকাশ কৰিছে দৈনিক জনমভূমি কাকতে। অসমৰ গৌৰৱ এশিঙীয়া গঁড়ৰ বসতিস্থল কাজিৰঙাৰ বিষয়ে সৰ্বাধিক জানিবলৈ বিচৰালৈ চাই অনাগত দিনত পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱাৰ ইতিবাচক সম্ভাৱনাও প্ৰকাশ পাইছে। 

৭. প্ৰখ্যাত বাঁহীবাদক প্ৰভাত শৰ্মাক কালি নলবাৰী নাট্য মন্দিৰত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মোহন ভাইৰা বঁটা ২০১৫ প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ মৃদুল হাজৰিকাই। মোহন ভাইৰাৰ মৃত্যু দিৱসৰ সৈতে সংগতি ৰাখি এই বঁটা ২০০৯চনৰে পৰা নলবাৰী জিলা ছাত্ৰ সন্থা আৰু জিলা উন্নতি সভাই এই স্মাৰক বঁটা প্ৰদান কৰি আহিছে। 

৮. ৰঙিয়া মহাবিদ্যালয়ৰ সোণালী জয়ন্তীত নতুন শিক্ষামন্ত্ৰীয়ে টেট উত্তীৰ্ণ পাঁচ হাজাৰজনক অচিৰেই শিক্ষকৰ পদত নিযুক্তি দিব বুলি কালি ঘোষণা কৰিছে। বিধান সভা নিৰ্বাচনৰ পূৰ্বেই ৰাজ্যৰ সকলো অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানক প্ৰাদেশিকীকৰণ কৰা হব বুলিও ইতিবাচক ঘোষণা কৰা বুলি জানিব পৰা গৈছে। 

৯. বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে প্ৰস্তুতি, কেৰিয়াৰ কাউঞ্চেলিং , নামভৰ্তিকৰণ, জলপানীৰ খা-খবৰ, সা-সম্পত্তি ক্ৰয় বিক্ৰয়, ভ্ৰমণৰ অহা-যো‌ৱা সুবিধা, ব্য‌ৱসায় সম্বন্ধীয় উপদেশ ইত্যাদি নানান সুবিধাৰ বাবে গো‌ৱালপাৰাত প্ৰতিষ্ঠিত হৈছে জি-নেক্সট্ নামৰ এক ব্যতিক্ৰমী অনুষ্ঠান । অনুষ্ঠানটো প্ৰতিষ্ঠা কৰাত আগভাগ লৈছে শিক্ষিত দম্পতি নীলমনি কলিতা আৰু ড০ তেজস্বীনি নাথে। 

১০. যোৱা ২১ জানু‌ৱাৰীত কলকাতাৰ নেছনেল লাইব্ৰেৰীৰ প্ৰেক্ষাগৃহত প্ৰদৰ্শিত হ’ব ‘আনন্দৰাম বৰু‌ৱা- এ ফ’ৰ ৰানাৰ অৱ মডাৰ্ণ আছাম’ শীৰ্ষক এখনি তথ্যচিত্ৰ। আনন্দৰাম বৰু‌ৱাৰ জী‌ৱন আৰু কৰ্মৰ ওপৰত আধাৰিত এই তথ্যচিত্ৰখনি প্ৰস্তুত কৰিছে আনন্দৰাম বৰু‌ৱা ভাষা-কলা-সংস্স্কৃতি সংস্থাই।

No comments:

Post a Comment