পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১) অৰুণাচল প্ৰদেশৰ পৰা দিল্লীলৈ চলিব লগীয়া প্ৰথমখন শীত-তাপ নিয়ন্ত্ৰিত এক্সপ্ৰেছ ৰেলৰ সেৱা অহা ২০ ফেব্ৰুৱাৰীত নাহৰলগুনত উদ্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱে। নাহৰলগুন-দিল্লী এক্সপ্ৰেছ ৰেলখনে ২১৪২ কিল'মিটাৰ অতিক্ৰম কৰিব ৩৮ঘন্টাত। ইয়াৰ ৰাজধানী এক্সপ্ৰেছৰ দৰে সকলো সুবিধা থাকিব। 

২) জনজাতীয় জনগোষ্ঠী মিচিং সমাজৰ কৃষি ভিত্তিক উৎসৱ আলি-আঃয়ে-লৃগাং ৰাজ্যৰ বিভিন্ন ঠাইত আজিৰেপৰা আৰম্ভ হয়। উল্লেখযোগ্য যে মিচিং ৰাইজে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত বিস্তৃত কাৰ্য্যসূচীৰে আলি-আঃয়ে-লৃগাং উৎসৱ উদযাপন কৰে। 

৩) স্বাধীনতা সেনানী, সমাজ সংস্কাৰক ৰানীমা গাইডিনলিউৰ ১০০ বছৰীয়া জয়ন্তী উপলক্ষে ১৬ ফেব্ৰুৱাৰীত শংকৰদেৱ বিদ্যা নিকেতনৰ নাৰায়নপুৰ সংকুলে এখন মাতৃ সন্মিলন অনুষ্ঠিত কৰে। 

৪) মৰিগাওঁ জিলাৰ ঐতিহ্যমণ্ডিত গড়মাৰীৰ কেঁচাইখাইতী থানাত আৰম্ভ হৈছে ২৩সংখ্যক বাৰ্ষিক কাৰ্বি দেহাল কাৰ্চিদম উৎসৱ। 

৫) বিগত ১৩ বছৰৰ উৎসাহ ভৰা সাফল্যৰ পিছত এইবাৰো ১২-১৪ মাৰ্চত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ১৪সংখ্যক বৰপেটা চাউলখোৱা মহোৎসৱৰ পূৰ্ণ প্ৰস্তুতি চলি আছে। চাউলখোৱা মহোৎসৱৰ লগত সংগতি ৰাখি এইবাৰৰ পৰা চাউলখোৱা বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। উক্ত বঁটা এইবাৰ মৰণোত্তৰভাৱে প্ৰদান কৰা হ'ব অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীলৈ। 

৬) ২০২৪চনত আৰম্ভ হ'বলগীয়া বহু ব্যয়বহুল 'মাৰ্চ ৱান অভিযান'ৰ চূড়ান্ত ২৪ জনীয়া দলটোত স্থান লাভৰ বাবে মাত্ৰ এট খোজ বাকী আছে কেৰেলাৰ যুৱতী শ্ৰদ্ধা প্ৰসাদৰ। চূড়ান্ত ৰাউণ্ডত সফলতা লাভ কৰিলেই নেডাৰলেণ্ডছৰ বেচৰকাৰী সংস্থাই ঘোষণা কৰা মংগল গ্ৰহলৈ প্ৰেৰণ কৰিব লগীয়া দলটোত স্থান লাভ কৰিবলগীয়া একমাত্ৰ ভাৰতীয় ৰূপে নিৰ্বাচিত হ'ব শ্ৰদ্ধা প্ৰসাদ। 

৭) সমগ্ৰ দেশৰ লগতেই অসমৰো বিভিন্ন ঠাইত উলহ-মালহেৰে পালন কৰা হয় মহাশিৱৰাত্ৰী।

৮) দেশজোৰা বিতৰ্কলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম খোদিত থকা এই (দহ লাখ টকীয়া ) ছুটযোৰ কাইলৈ এক প্ৰদৰ্শনী যোগে গুজৰাটৰ চুৰাটত নিলাম কৰা হব। এই প্ৰদৰ্শনীতে প্ৰধানম্ত্ৰীৰূপে মোদী দেৱে লাভ কৰা আন ৪৫৫ টা উপহাৰো নিলামীযোগে বিক্ৰী কৰা হব। আৰু এই ধন গংগা নৈৰ তথা পাৰৰ চাফ-চিকুণতাৰ বাবে ব্যৱহাৰ কৰা হব। লগতে গুজৰাটৰ মুখ্যমন্ত্ৰী আনন্দিবেন পেটেলে লাভ কৰা বিভিন্ন উপহাৰো ইয়াত নিলাম কৰাৰ ব্যৱস্থা কৰা হৈছে। এই নিলামৰ ধন অনসূচিত জাতি, জনজাতিৰ শিশু কণ্যাৰ শিক্ষাৰ বাবে খৰছ কৰা হব বুলিও গুজৰাট চৰকাৰে প্ৰকাশ কৰিছে।

৯) কোনো ধৰ্মৰে লোকৰ প্ৰতি আক্ৰমণ অথবা প্ৰতি আক্ৰমণ সহ্য কৰা নহব বুলি ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কালি স্পষ্ট কৰি দিয়ে। সকলো ধৰ্মৰ লোকৰে ব্যক্তিগত বিশ্বাসৰ চৰ্চা কৰাৰ অধিকাৰক আমি সন্মান কৰিব লাগিব বুলিও দিল্লীত হোৱা খ্ৰীষ্টান ধৰ্মালম্বী সকলৰ এক অনুষ্ঠানত দিয়া ভাষণত তেখেতে স্পষ্ট কৰি দিয়ে।

১০) উত্তৰ-পূৱৰ প্ৰথম আৰু বাণিজ্যিক ৰূপত সৰ্ব-বৃহত সৌৰশক্তি প্ৰকল্পটোৰ হৈছে শুভাৰম্ভ। নীপকোয়ে গঢ়ি তোলা ৫ মেগাৱাট শক্তিৰ এই প্ৰকল্পটোত ৪০কোটি টকাৰ বিনিয়োগেৰে ২৩৬১৬খন চ'লাৰ প্লেট লগোৱা হৈছে। পশ্চিম ত্ৰিপুৰাৰ মোনাৰচকত এই প্ৰকল্পটি স্থাপিত হৈছে আৰু আহৰণ কৰা শক্তি ত্ৰিপুৰা পাৱাৰ গ্ৰীডৰ সহায়ত সংবহন কৰা হব।

No comments:

Post a Comment