পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খ‌ৱৰবোৰ 
১) ২০১২ বৰ্ষৰ ২৫ ছেপ্তেম্বৰত জালুকবাৰীত স্থাপিত হো‌ৱা 'ভূপেন হাজৰিকা ল'ৰাৰ আ‌ৱাসিক বিদ্যলয়'খনে মহানগৰীৰৰ ৰেল-আস্থান, বাছ আস্থান, পদপথত থকা অনাথ শিশুসকলক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে । শিক্ষাদানৰ লগতে কম্পিউটাৰ, নাচ, গান, যোগশিক্ষা আদি নানা বিষয়ত পাঠ আগবঢ়াই সমাজলৈ এক নতুন নিদৰ্শন আগবঢ়াবলৈ সক্ষম হো‌ৱা এই বিদ্যালয়খনিয়ে বৰ্তমানে ১০০ ৰো ওপৰত এনে শিশুক সামৰি লৈছে ।

২) অসমীয়া চলচ্চিত্ৰ জগতলৈ এক সুকীয়া সন্মান আঁজুৰি আনিছে মান‌ৱেন্দ্ৰ অধিকাৰীয়ে প্ৰযোজনা কৰা ‘অথেলো ’ নামৰ চলচ্চিত্ৰখনে । দিল্লীত অনুষ্ঠিত হো‌ৱা ‘নয়ডা আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎস‌ৱ’ত জুৰীৰ বিশেষ বঁটাৰ বাবে বিবিচিত হৈছে এই চলচ্চিত্ৰখনি । ছ‌ৱিখন পৰিচালনা কৰিছে সাংবাদিক হেমন্ত কুমাৰ দাসে ।

৩) যোৰহাট জিলাৰ খঙিয়া মৌজাৰ কুঁহিয়াৰবাৰীয়া গাঁৱৰ শিক্ষক প্ৰয়াত বীৰেন্দ্ৰ নাথ শৰ্মাবৰু‌ৱাৰ পৰিয়ালে তেওঁলোকৰ পূৰ্বপুৰুষৰ দ্বাৰা লিখিত আৰু সংগৃহীত ছখন সাঁচিপাতৰ পুথি গু‌ৱাহাটী বিশ্ববিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰলৈ দান হিচাপে আগবঢ়ায়। এই অপূৰ্ব দানেৰে চহকী হ'ল ৰাজ্যখনৰ গ্ৰন্থালয়টো ।

৪) চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হো‌ৱা শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মৈথীপালা শিৰিসেনা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাজত এখনি অসামৰিক পাৰমাণ‌ৱিক সহযোগিতৰ চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিয়ে দেশদুখনৰ মাজত সহযোগিতা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।

৫) ডিফুৰ তাৰালাংছ'ত অনুষ্ঠিত হৈছে ৪১ সংখ্যক কাৰ্বি যু‌ৱ মহোৎস‌ৱ । এই উপলক্ষে বিভিন্ন থলু‌ৱা সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । জাৰ্মানী যু‌ৱতী লিম্বা কনাটে প্ৰণয়ন কৰা কাৰ্বি ব্যাকৰণখন উদ্বোধন কৰে সাহিত্যিক ৰংবং তেৰাঙে ।

৬) ভাৰত -পাকিস্তানৰ শেহতীয়া ৰাজনৈতিক সম্পৰ্কই দেশ দুখনৰ মাজত বন্ধুত্বমূলক সম্বন্ধক কিছু গাঢ় কৰি কৰিছে । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই পাকিস্তানৰ প্ৰধানমন্ত্ৰীক আলোচনাৰবাবে নিমন্ত্ৰণ জনো‌ৱাৰ লগে লগে পাকিস্তানে ১৭২ জন বন্দী হৈ থকা ভাৰতীয় মাছমৰীয়াক মুকলি কৰি দিয়ে ।

৭) বঙাইগা‌ৱঁত অনুষ্ঠিত হৈছে ডাইনী-হত্য সম্পকীয় এক আলোচনা -চক্ৰ । 'অসমত ডাইনী হত্য সম্পৰ্কত আইন-প্ৰয়োগ আৰু ইয়াৰ প্ৰয়োজনীয়তা' -এই বিষয়ে বিষদভা‌ৱে আলোচনা কৰা হয় বঙাইগা‌ওঁ জিলা পুথিভঁৰালত অনুষ্ঠিত হো‌ৱা সদৌ অসম উকীল সন্থাৰ চতুৰ্দশ অধি‌ৱেশনত । ইয়াত গু‌ৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ ননীগোপাল মহন্তকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাজনো গুণী-জ্ঞানী ন্যায়াধীশে অংশগ্ৰহণ কৰি মতামত আগবঢ়ায় ।

৮) অসম সাহিত্য সভাৰ কাম-কাজ নিয়াৰীকৈ চলাই যা‌ৱৰ বাবে নিজৰ ওপৰত ন্যস্ত থকা স্বাস্থ্য শিক্ষা সঞ্চালকৰ দায়িত্বৰ পৰা দুবছৰৰ বাবে অব্যাহতি দিবৰ বাবে ন‌ৱ-নিৰ্বাচিত সভাপতি ডা: ধ্ৰু‌ৱজ্যোতি বৰাই অসমৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে ।

৯) যোৰহাটৰ চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠান অহা ২-৪ এপ্ৰিলত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলক পঞ্জীয়নৰ বাবে আহ্বান জনোৱাৰ লগতে সমহ ৰাইজৰ পৰা সহায়-সহযোগিতা উদযাপন সমিতিয়ে কামনা কৰিছে।

১০) বিশাল সমাবেশেৰে নিজৰ সৱল স্থিতি গোলাঘাটত প্ৰদৰ্শন কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। বিজেপি আৰু কংগ্ৰেছৰ দৰে অসম বিৰোধী দলৰ বিৰুদ্ধে তৃতীয় ৰাজনৈতিক বিকল্প ৰূপে অহা ২০ মাৰ্চত কৃষক মুক্তিয়ে ৰাজনৈতিক দল ৰূপে আত্মপ্ৰকাশ কৰিব বুলিও সমিতিয়ে প্ৰকাশ কৰিছে।

-আজিৰ ভাল খবৰ যুগুতালে অৰুণজ্যোতি দাসে

No comments:

Post a Comment