পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. ভাৰতীয় ক্ৰিকেট দলে কালি বিশ্বকাপ ক্ৰিকেটৰ খেলত পাকিস্তানৰ সৈতে বিশাল জয় সাব্যস্ত কৰিবলৈ সক্ষম হয়। বিৰাট কোহলীয়ে বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে শতৰাণ অৰ্জন কৰা প্ৰথমজন ভাৰতীয় হোৱাৰ গৌৰৱ অৰ্জন কৰাৰ লগতে মেন-অৱ-দ্য-মেচৰ সন্মানো লাভ কৰিবলৈ সক্ষম হয়। 

২. কেৰালাত অনুষ্ঠিত নেছনেল গেমচৰ সামৰণি পৰিছে। পদকৰ তালিকাত অসমে দশম স্থান লাভ কৰিবলৈ সক্ষম হোৱাৰ সুখবৰ। 

৩. দিল্লী পুলিচক আম আদমী পাৰ্টিয়ে গঠন কৰা চৰকাৰলৈ পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে নিৰ্দেশ দিয়াৰ কথা প্ৰকাশ পাইছে। দিল্লী পুলিচ ৰেইজিং দিৱসৰ অনুষ্ঠানলৈ দিল্লী পুলিচৰ শীৰ্ষতম বিষয়াই দিল্লীৰ মুখ্যনন্ত্ৰীকো নিমন্ত্ৰণ কৰাৰ খবৰো প্ৰকাশিত হৈছে। 

৪. দেশত প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে থকা নীতি নিয়ম অধিক কাৰ্যকৰী ৰূপত গঢ়ি তুলিবলৈ অচিৰেই সাল-সলনি কৰিব বুলি বৰ্তমানৰ পৰিবেশ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে প্ৰকাশ কৰিছে। 

৪. মৰাণত চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ ৩৪তম অধিবেশন। দ্বিতীয় দিনাৰ মুকলি সভাত মুখ্যমন্ত্ৰীৰ উপৰিও চীন দেশৰ য়ুনান বিশ্ববিদ্যালয়ৰ ডঃ জন লী, কুনমিন নৃগোষ্ঠীয় সাংস্কৃতিক বিভাগৰ অধ্যাপক ডঃ কাই জিয়াও হুৱাং আদি সুধীজনে অংশগ্ৰহণ কৰে। বিশিষ্ট টাই পণ্ডিত জোনৰামা চাংবুন ফুকনৰ চিকিসাৰ বাবে মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ পৰা ৫০হাজাৰ টকাও কালি প্ৰদান কৰা হয়। বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ উপৰিও কালি “স্বকীয় বৈশিষ্ট্য ৰক্ষাৰে অবাৰ্চীন সমাজ গঠনৰ প্ৰয়োজনীয়তা” শীৰ্ষক আলোচনাচক্ৰও ডঃ পুষ্প গগৈৰ পৰিচালনাত অনুষ্ঠিত হয়।


৬. শিৱসাগৰৰ ডিমৌৰ পানীদিহিঙৰ টেঙাপানীত অনুষ্ঠিত হোৱা দেউৰী সাহিত্য সভাৰ ৩২তম অধিবেশনত মুকলি সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। তেখেতে চচমা দেউৰী ক্ষেত্ৰত ভীমবৰ দেউৰীৰ এটি আবক্ষ মূৰ্তিৰ আধাৰশিলাও স্থাপন কৰে। 

৭. তেজপুৰত এজাক শিশুৱে নিমিষতে নিৰ্মাণ কৰিলে অৰ্ধ-শতাধিক গঁড়! শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ কাৰ্যালয়ত অনুষ্ঠিত ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন যুৱ মৃৎশিল্পী পাৰ্থপ্ৰতিম বৰুৱাৰ “জীৱক জীৱৰ বাবে” শীৰ্ষক গঁড় সংৰক্ষণৰ সজাগতামূলক মৃৎশিল্পৰ কৰ্মশালাতে অংশগ্ৰহণকাৰী শিশু সকলে মাটিৰে নিৰ্মাণ কৰে দুস্পাপ্য হৈ পৰা এশিঙীয়া গঁড়ৰ প্ৰতিমূৰ্তি।

৮. গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ শিশু চিত্ৰাংকন শ্ৰেণীৰ দুবছৰীয়া ঐচ্ছিক প্ৰশিক্ষণৰ অন্তত শেষান্ত বৰ্ষৰ শিক্ষাৰ্থী সকলৰ সৃষ্টিৰে এখনি চিত্ৰকলাৰ প্ৰদৰ্শনী কালি উন্মোচন কৰে বিশিষ্ট গীতিকাৰ কীৰ্তিকমল ভূঞাই। জি এল আগৰৱালাই বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত ফাইন আৰ্টছৰ পাঠ্যক্ৰম প্ৰৱৰ্তন কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায়। 

৯. “পলাশৰ ৰং” আৰু “ওপজা সোণৰ মাটি”ৰ পৰিচালক, নাট্যকাৰ, বিশিষ্ট শিল্পী জীৱন বৰাৰ নৱতম গ্ৰন্থ “বৃদ্ধস্থ তৰুণী ভাৰ্যা” নামৰ নিৰ্বাচিত প্ৰৱন্ধ সংকলনখনি কালি উত্তৰ লখিমপুৰত উন্মোচন কৰে সাংবাদিক সুৰজিতৎ ভূঞাই। উন্মোচনী সভাখনত লখিমপুৰৰ কেইবাজনো বিশিষ্ট সমাজকৰ্মী, সাংবাদিক তথা নাট্যকৰ্মীয়ে অংশগ্ৰহণ কৰে।

১০. সদৌ অসম ছাত্ৰ সন্থাৰ অনাগত ষষ্ঠদশ বাৰ্ষিক দুধনৈ অধিবেশনৰ লাইখুঁটা আজি স্থাপন কৰা হৈছে। এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ উপেন ৰাভা হাকাচামে।

No comments:

Post a Comment