পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. আজি দিল্লীৰ ৰামলীলা মৈদানত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিলে আম আদমী পাৰ্টিৰ অৰবিন্দ কেজৰীৱালে। এখন দুৰ্নীতিমুক্ত, অপৰাধমুক্ত, উন্নত দিল্লী উপহাৰ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি সকলো নাগৰিক, প্ৰশাসন, দল, ব্যৱসায়ীৰ পৰা বিচাৰিলে সহযোগিতা।

২. শিশু আৰু যুৱ প্ৰজন্মৰ সৰ্বাংগীণ বিকাশৰ লক্ষ্যৰে পসেৱা আগবঢ়াই অহা অসমৰ আগশাৰীৰ অনু্ষ্ঠান ‘ৰূপান্তৰ’ গুৱাহাটীয়ে বিগত বৰ্ষসমূহৰ দৰেই এইবৰ্ষতো আয়োজন কৰিছে ডাক যোগে ছবি অঁকা প্ৰতিযোগিতাৰ। উত্তৰ-পূৱৰ আটাইকেইখন ৰাজ্যকে সামৰি আয়োজন কৰা এই প্ৰতিযোগিতাক পাঁচটা শাখাত বিভক্ত কৰা হৈছে। সবিশেষ জানিবৰ বাবে সঞ্চালক জয়দীপ বৰুৱা আৰু সচিব ৰক্তাভজ্যোতি বৰাৰ সৈতে ৯৪৩৫১-১৫৮৮৯ আৰু ৯৮৬৪০-৪২৪৭১ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

৩. জাৰ্নেলিষ্ট এছোচিয়েছন অৱ আছাম (জা)ৰ উদ্যোগত আৰু নেশ্যনেল স্কুল অৱ জাৰ্নেলিজম এণ্ড মাছ কমিউনিকেচন, নতুন দিল্লীৰ সহযোগত অহা ১৬-১৭ ফেব্ৰুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত আয়োজিত হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংবাদিক কৰ্মশালা আৰু আলোচনা চক্ৰৰ। মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উদ্বোধন কৰিব লগা আলোচনাচক্ৰৰ বিষয় ‘সংবাদ মাধ্যমৰ স্বাধীনতা, দায়বদ্ধতা আৰু সাংবাদিকৰ সামাজিক নিৰাপত্তা’। কৰ্মশালাখনৰ বিষয় ‘সংসদ-বিধান সভাৰ বাতৰি পৰিবেশন, অপৰাধমূলক ৰাজনীতি-অৰ্থনীতিৰ বাতৰি পৰিবেশন, বাতৰিৰ সম্পাদনা, উপস্থাপন আদি’ বুলিও জানিব পৰা গৈছে। অসমৰ বিশিষ্ট সাংবাদিক কেইবাগৰাকীৰ সৈতে উপস্থিত থাকিব দেশৰ আগশাৰীৰ সাংবাদিক ডঃ নন্দকিশোৰ তৃখা, ডঃ ৰাজেন্দ্ৰ প্ৰভু, প্ৰজ্ঞানন্দ চৌধুৰী, উপলা লক্ষ্মণ আৰু প্ৰসন্ন মহান্তিদেৱ।

৪. এই বৰ্ষৰ অহা জুন মাহৰ পৰা অসমত ৰূপায়িত হব ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনি। ৰাজ্যৰ গ্ৰামাঞ্চলৰ ৮৪ শতাংশ লোক ইয়াৰ দ্বাৰা উপকৃত হব বুলি ৰাজ্য চৰকাৰক নিশ্চিতি প্ৰদান কৰি কালি গুৱাহাটীত সংবাদমেলত এই কথা প্ৰকাশ কৰিলে কেন্দ্ৰীয় খাদ্য মন্ত্ৰী ৰাম বিলাস পাছোৱানে।

৫. ৰাজ্য সকলৰ কৃষক সকলৰ বাবে ‘মোমাই তামুলী বৰবৰুৱা কৃষক বন্ধু’ নামৰ নতুন আঁচনি এখনৰ কথা কালি খানাপাৰাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় কৃষি-উদ্যান শস্য মেলাত ঘোষণা কৰিলে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। ৰাজ্যৰ ২৮৮৪ গ্ৰামসেৱকৰ অন্তৰ্গত ৭.৫ মাটিৰ বহুমুখী কৃষি ব্যৱস্থাৰ বাবে এই আঁচনিত কৃষকসকলক বিনামূলীয়াকৈ উন্নত বীজ আৰু পাম্পচেট বিতৰণ কৰা হব। সফল কৃষকক পুৰস্কাৰ দিয়াৰো ব্যৱস্থা কৰা হব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে।

৬. অহা ১৯-২৫ ফেব্ৰুৱাৰীলৈ যোৰহাটত মুখ্যমন্ত্ৰীৰ উদ্যোগত আয়োজিত হৈছে অসম ইণ্টাৰনেশ্চনেল ট্ৰেড এণ্ড ইণ্ড্ৰাষ্টিয়েল ফেয়াৰ-২০১৫। তথ্য-প্ৰযুক্তি, শিক্ষা, নিৰ্মাণ সামগ্ৰী, পৰিবহন, কৃষি, চাহ, উদ্যান শস্য, ফুড প্ৰচেছিং আদি বিষয়ক এই আয়োজনত সহযোগ কৰিছে ম্যানমাৰ আৰু থাইলেণ্ডেও।

৭. ছয়দুৱাৰ মহাবিদ্যালয়ত কালি অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত তিনিখনকৈ গ্ৰন্থ উন্মোচিত হয়। মহাবিদ্যালয়খনৰ সহযোগী অধ্যাপক ডঃ মাধৱ বৰাৰৰ কবিতা সংকলন ‘অনুভৱৰ আখৰ’, গৱেষণামূলক গ্ৰন্থ ‘চৰিত পুথি আৰু জীৱনী সাহিত্যঃ এক তুলনামূলক অধ্যয়ন’ আৰু প্ৰৱন্ধ সংকলন ‘সাহিত্যৰ সন্ধানত’ উন্মোচিত হয়। গ্ৰন্থকেইখন প্ৰকাশ কৰি উলিয়াইছে কথা প্ৰকাশনে।

৮. সাংসদ আদৰ্শ গাঁও আঁচনিৰ অধীনত সাংসদে বাছনি কৰা আদৰ্শ গাঁও সমূহত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত গ্ৰাম্য পথ সমূহ নিৰ্মাণ কৰা হব। এই পথসমূহ নিৰ্মাণ আৰু পকীকৰণৰ পাছত ৰাজ্য চৰকাৰসমূহে ইয়াৰ তদাৰকী কৰিব। কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰীৰ অধ্যক্ষতাত এই সংশোধিত নিয়মাৱলী জাৰি কৰাৰ সুখবৰ।

৯. সৰুপেটাৰ ঐতিহ্যপূৰ্ণ মিলন মন্দিৰত আজি আৰু কাইলৈ অপেছাদাৰী নাট্য সংগঠন ‘মঞ্চ’ৰ উদ্যোগত ব্ৰজনাথ শৰ্মা সোঁৱৰণী নাট্য সন্ধিয়াৰ আয়োজন কৰা হৈছে। তৰুণ নাট্যকাৰ ৰণহা চৌধুৰী ৰচিত আৰু পৰিচালিত পূৰ্ণাংগ নাট ‘প্ৰফেছাৰ কেলফাছ ফেক্টৰী’ দুয়ো সন্ধিয়া প্ৰদৰ্শিত হব।

১০. ভাৰতে আজি সফলতাৰে পৰীক্ষামূলক ভাৱে ২৯০ কিল’মিটাৰ লক্ষ্য ভেদ কৰিব পৰা চুপাৰছনিক বাহ্মছ মিছাইলৰ টেষ্ট ফায়াৰ যুদ্ধ জাহাজ আই.এন.এছ কলকাতাৰ পৰা গোৱাৰ উপকূলীয়া অঞ্চলত সম্পন্ন কৰাৰ সুখবৰ পোৱা গৈছে।

No comments:

Post a Comment