পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১) অহা মাৰ্চ মাহৰ পৰা দেশজুৰি শাৰিৰীক আৰু মানসিকভাৱে বাধাগ্ৰস্ত ব্যক্তিসকললৈ ইউনিভাৰছেল আইডেনটিটি কাৰ্ড বিতৰণ কৰা হ'ব। ইয়াৰ দ্বাৰা বিভিন্ন কল্যাণমূলক আঁচনিৰ সা-সুবিধা লভা কৰাৰ ক্ষেত্ৰত সততে অহা অসুবিধাসমূহ দূৰ কৰিব পৰা যাব বুলিও আশা প্ৰকাশ পাইছে।

২) এতিয়াৰ পৰা গুৱাহাটীৰ ঘৰে ঘৰে সুলভ হ'ব সতেজ শাক-পাচলি-'ফ্ৰেচ ফুড' নামৰ প্ৰতিষ্ঠানৰ দ্বাৰা! পুৱা ৭বজাৰ পৰা ৰাতি ৮বজালৈ ফোন যোগে বজাৰৰ দৰতকৈ সস্তাতে পোৱা যাব এই সেৱা। কেইজনমান অসমীয়া যুৱ ব্যৱসায়ীৰ দ্বাৰা আৰম্ভ কৰা এই সেৱাৰ লাভ উঠাবলৈ অহা দেওবাৰৰ পৰা ৯৮৬৪৩-০৮৮৬১, ৮১৩৪৯-৪৪৯২২, ৯৯৫৪২-২৩৮৭০ ম'বাইল নম্বৰত ফোন কৰি শাক-পাচলিৰ অৰ্ডাৰ দিব পাৰিব। 

৩) অসমীয়া চলচিত্ৰ নিৰ্মাণ কৰিব ভূটানৰ বিশিষ্ট চলচিত্ৰ পৰিচালক ছেৰিং জিল্টছেনে! ২০০৩ চনতেই ভূটানৰ ছবি জগতত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰা ছেৰিং ৰ দ্বাৰা নিৰ্মিত 'এ ৱাক ফৰ হেল্থ' নামৰ তথ্যচিত্ৰখন বহু আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত সমাদৃত হৈছে। 

৪) নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত অহা ২০,২১ আৰু ২৬ ফেব্ৰুৱাৰীত ৰাজস্থান, কলকতা আৰু হিমাচল প্ৰদেশত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় একতা শিবিৰত অসমৰ হৈ নগাঁওৰ পৰা নিৰ্বাচিত দল কেইটা পৰ্যায়ক্ৰমে ৰাওনা হ'ব। শিল্পীৰ দলকেইটাই ক্ৰমে বিহু নাচ, তিৱা নৃত্য, বৰগীত, লোকগীত, সত্ৰীয়-ভোৰতাল নৃত্য, দিহা নাম, ভূপেন্দ্ৰ সংগীত, বিয়া নাম, নাগৰা নামৰ লগতে অন্যান্য সংগীত তথা নৃত্য পৰিৱেশন কৰিব। 

৫) ৰাজ্যৰ উচ্চতৰ বিদ্যালয় সমূহত শীঘ্ৰে স্থায়ী অধ্যক্ষ নিযুক্তি দিয়া হ'ব বুলি নৱ-নিযুক্ত শিক্ষামন্ত্ৰী শৰৎ বৰকটকীয়ে কৰিলে ঘোষণা। 

৬) অসমৰ আটাইবোৰ বিশ্ববিদ্যালয়তে ৰাজ্যভাষা আৰু অসমৰ জনজাতীয় ভাষাসমূহৰ ডিপ্লোমা পাঠ্যক্ৰম প্ৰৱৰ্তন কৰিবলৈ এক যুগান্তকাৰী নিৰ্দেশ দিছে ৰাজ্যপালে। ৰাজ্যপালৰ এই নিৰ্দেশক ৰূপায়িত কৰিবলৈ যোগাত্মক ব্যৱস্থা গ্ৰহণ কৰিব বুলি আটাইকেইজন উপাচাৰ্যই সঁহাৰি দিছে বুলিও সুখবৰ পোৱা গৈছে।

৭) বৰ্ণাঢ্য কাৰ্য্যসূচীৰে কালি আনুষ্ঠানিকভাৱে মুকলি হয় ২০১৫চনৰ ক্ৰিকেট বিশ্বকাপ। আয়োজক দেশ অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত পৃথকে অনুষ্ঠিত হয় ইয়াৰ সাংস্কৃতিক অনুষ্ঠান।

৮) পৰোপকাৰতকৈ ডাঙৰ উপকাৰ নাই বুলি মন্তব্য কৰিলে কৰুণাধাৰাৰ প্ৰতিষ্ঠাপক হোমেন বৰগোহাঞিয়ে। কালি গুৱাহাটীৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত ‘কৰুণাধাৰ’ৰ পঞ্চম প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। এই অনুষ্ঠানত ৰশ্মিৰেখা ভূঞাক “দেৱ ছনছ বিশেষ সাহিত্য বঁটা” প্ৰদান কৰে গুৱাহাটী উচ্চ ন্যায়ালৰ ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই। অসমৰ বিভিন্ন অঞ্চলতো কৰুণাধাৰাৰ কৰ্মসূচী আগুৱাই নিয়া কমিটীসমূহৰ সতে পৰহি এখনি বিশেষ সভাও কৰুণাধৰা ন্যাসে অনুষ্ঠিত কৰি ইয়াক অসম জোৰা এক ইতিবাচক আন্দোলনৰ ৰূপ দিবলৈ প্ৰচেষ্টা হাতত লোৱাৰ সুখবৰ।

৯) অসমৰ পৌৰ সভা আৰু নগৰ সমিতি সমূহৰ নিৰ্বাচনত বিজয়ধ্বজ উৰুৱালে ভাৰতীয় জনতা পাৰ্টিয়ে। লোকসভাৰ নিৰ্বাচনৰ পাছত দলটোৰ এই ধাৰাবাহিক সফলতাত খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দলীয় কৰ্মী সকলক টুইটাৰ যোগে অভিনন্দন জ্ঞাপন কৰিছে। কেৱল বঙাইগাঁৱত অগপ দলে পৌৰ সভাখন নিজৰ দখললৈ নিবলৈ সক্ষম হোৱা বুলিও জানিব পৰা গৈছে।

১০) ভাৰতত ব্যক্তি পূজাৰ পৰম্পৰা নাই বুলি খোদ প্ৰধানমন্ত্ৰীয়ে টুইটাৰ যোগে তেওঁৰ নামত মন্দিৰ স্থাপন কৰা সকলক এই কাৰ্যৰ পৰা বিৰত থাকিবলৈ জনালে আহ্বান। ৰাজকোটত স্থাপিত হোৱা নৰেন্দ্ৰ মোদীদেৱৰ মূৰ্তি স্থাপন কৰা মন্দিৰ স্থানীয় প্ৰশাসনেও চৰকাৰী ভূমিত স্থাপন কৰাৰ বাবে কালি আঁতৰাই পেলোৱাৰ বাতৰিও প্ৰকাশ পাইছে। বিতৰ্কলৈ অহা মোদীৰ দহ লাখ টকীয়া ছুটযোৰো নিলাম কৰি দিয়া হব বুলি বাতৰি প্ৰকাশ কৰিছে সংবাদ মাধ্যমে।
আজিৰ ভাল খবৰ যুগুতালে ৰূপাংকৰ চৌধুৰীয়ে

No comments:

Post a Comment