পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰ 
) দুলীয়াজানত মুখ্য কাৰ্যালয় থকা ভাৰতৰ চৰকাৰী তেল অন্বেষণ প্ৰতিষ্ঠান, অইল ইণ্ডিয়াত ইতিহাস সৃষ্টি কৰি অধ্যক্ষৰ পদ লাভ কৰা মহিলা হিচাবে পৰিগণিত হৈছে ৰূপশিখা বৰা। উত্তৰ-পূৱৰ প্ৰথম গৰাকী মহিলা চাৰ্টাড একাউনটেণ্ট হোৱাৰো গৌৰৱ বহন কৰা দিল্লী স্কুল অৱ ইকনমিকছ স্নাতকোত্তৰ শ্ৰীমতী বৰাক অইলৰ নতুন চেয়াৰমেন তথা মেনেজিং ডাইৰেক্টৰ ৰূপে ঘোষণা কৰিলে ৰাজহুৱা প্ৰতিষ্ঠান নিৰ্বাচন বৰ্ডে। উল্লেখযোগ্য যে বৰ্তমানে তেখেত অইলৰ সঞালক(বিত্ত) ৰূপে কৰ্মৰত আৰু সংস্থাটোৰ প্ৰাক্তন অধ্যক্ষ নয়নমণি বৰাৰ পত্নী।    

১২খন ৰাষ্ট্ৰৰ অংশগ্ৰহণেৰে দ্বিতীয় অসম আন্তঃৰাষ্ট্ৰীয় কৃষি-উদ্যান শস্য প্ৰদৰ্শনী আৰম্ভ অসমত স্থাপন কৰা ' ভাৰত কৃষি গৱেষণা প্ৰতিষ্ঠান লগতে আৰম্ভ ' ভূমি স্বাস্থ্য আঁচনি

) অসমৰ ভিন্ন বিষয়ৰ তথ্য অন্তৰ্ভুক্তিৰে প্ৰকাশ পালে- 'অসম দাপোণ-২০১৫' গ্ৰন্থখন অসমৰ বুৰঞ্জী, ৰাজনীতি, কলা-সংস্কৃতি, ক্ৰীড়াজগত আদি সকলো ক্ষেত্ৰৰে শেহতীয়া সংযোজনেৰে সাংবাদিক বাবুল মিশ্ৰৰ সম্পাদনাত গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে গুৱাহাটীৰ পানবজাৰৰ আৰ. জি. পাব্লিকেশ্বনছে ছাত্ৰ-ছাত্ৰ, চাকৰিৰ সাক্ষাত্কাৰ প্ৰাৰ্থী, বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা সকলকে আদি কৰি সকলোৰে বাবে এখন উপযোগী গ্ৰন্থ- 'অসম দাপোণ-২০১৫'

)  যাত্ৰীবাহী বাছত সংলগ্ন কৰিব লাগিব ডাষ্টবিন মুখ্যমন্ত্ৰী নিৰ্মল অভিযানৰ লগত সংগতি ৰাখি পৰিবহণ বিভাগে জাৰী কৰা এক নিৰ্দেশ অনুযায়ী বাছ আস্থান সমূহৰ লগতে সকলো পৰিবহণ আস্থানতো থাকিব লাগিব পৰ্যাপ্ত ডাষ্টবিন

) অসমৰ বৈষ্ণৱ সাহিত্য-সংস্কৃতিৰ পুৰোধা ব্যক্তি ডক্টৰ কেশৱানন্দ দেৱ গোস্বামীৰ চাৰি কুৰি ছয় বছৰীয়া জন্ম জয়ন্তীৰ উলহ-মালহেৰে পালন কৰা হয় যোৱাকালি গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি কাননত তেখেতৰ ওপজা দিনৰ লগত সংগতি ৰাখি শ্ৰীমন্ত ফাউণ্ডেচনৰ সহযোগত তেখেতৰ জীৱনী গ্ৰন্থ উন্মোচন কৰা হয়

) অসমীয়া সাহিত্য সন্মিলনীৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস উদযাপন ৭৮ গৰাকী বিশিষ্ট ব্যক্তিক সমাজ হিতৈষী সন্মান প্ৰদান

) ইণ্ডিয়ান এছ'চিয়েন অৱ লাইফ স্কীল এডুকেচনচৰ ষষ্ঠ বাৰ্ষিক 'মানসিক শিক্ষাৰ বিকাশ' শীৰ্ষক আন্তৰাষ্ট্ৰীয় সন্মিলনখন গুৱাহাটীত অহা ১২-১৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত ' যুৱচামৰ মাজত কাৰিকৰী শিক্ষাৰ বিকাশ আৰু সৱলীকৰণ সন্মিলনখনৰ মুখ্য উদ্যেশ্য

) উত্তৰ-পূৱৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অচিৰেই জৱাহৰ লাল নেহৰু বিশ্ববিদ্যালয় (জে.এন.ইউ.) আছুতীয়াকৈ ছাত্ৰাবাস- ছাত্ৰীনিবাস নিৰ্মাণ কৰা ' যোৱাকালি বিশ্ববিদ্যালয়খনত উপস্থিত থাকি 'নাৰ মন্ত্ৰী জীতেন সিঙএ কৰিলে ঘোষণা

) ২০১৪ বৰ্ষৰ সাহিত্য একাডেমী যুৱ পুৰস্কাৰ লাভ কৰে অসমৰ মণিকা দেৱী আৰু শান্তি বসুমতাৰীয়ে শ্বিলংত দুয়োকে এই বঁটা বসুমতাৰীক প্ৰদান কৰে সাহিত্য একাডেমীৰ সভাপতি বিশ্বনাথ প্ৰসাদ তিৱাৰীদেৱে

১০) নলবাৰীৰ নাট্য মন্দিৰত চলি আছে নাট মহোৎসৱ যোৱা ৮তাৰিখে বিশিষ্ট সাহিত্যক, নাট্যকাৰ তথা সাহিত্য সমালোচক ড৹ বসন্ত কুমাৰ ভট্টাচাৰ্যই উদ্বোধন কৰা নাট্য মহোৎসৱত চাৰিখন নাটক মঞ্চস্থ কৰা হয় ৮তাৰিখে মুকুল ইদিপিয়াছৰ পৰিচালনাত 'জীৱাশ্ম, ৯তাৰিখে হিমাংশু দাসৰ পৰিচালনাত 'এখন গাঁওত এটা টইভি আছিল', যোৱাকালি জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনৰ পৰিচালনাত 'স্বৰ্গহাৰা' আৰু আজিৰ অন্তিম নাট- হোমেন বৰগোহাঁঞিৰ 'মত্স্যগন্ধা' আধাৰত পাকিজা বেগমৰ পৰিচালনাত- 'মেনকা'


১১) গুৱাহাটীৰ সৰুসজাই খেল-পথাৰত অহা ১২মাৰ্চত অনুষ্ঠিত ' ২০১৮ চনৰ ফিফা বিশ্বকাপৰ কোৱালিফায়িং ৰাউণ্ডৰ খেল এই খেলখন ভাৰত আৰু নেপালৰ মাজত অনুষ্ঠিত '


১২) উষ্ণ অঞ্চলটো আপেলৰ খেতি কৰিব পৰা যাব! দেশৰ আগশাৰীৰ উদ্যান শস্য বিজ্ঞানী চিৰঞ্জিত পাৰমাৰে প্ৰকাশ কৰে যে পৰীক্ষামূলকভাবে দেশৰ শীতৰ প্ৰভাৱ নপৰা ৰাজ্য কৰ্নাটকত আপেলৰ খেতি কৰি সুফল পোৱা গৈছে। অনাগত দিনবোৰত দেশৰ আন-আন উষ্ণ অঞ্চলতো আপেলৰ খেতি কৰিব পৰা যাব।

No comments:

Post a Comment