পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১) কেৰালাত অনুষ্ঠিত হৈ থকা ৩৫ তম ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত দশম দিনৰ অন্তত অসমে ছটা স্বৰ্ণপদক, চাৰিটা ৰূপৰ আৰু আঠটা ব্ৰঞ্জৰ সৈতে মুঠ ওঠৰটা পদকেৰে দশম স্নানলৈ উন্নীত হ’বলৈ সক্ষম হৈছে। লন বলছত এটা স্বৰ্ণপদক লাভ কৰে মহিলাৰ শাখাত নয়নমণি শইকীয়াই । পুৰুষৰ যুটীয়া শাখাত অন্য এটা স্বৰ্ণপদলক লাভ কৰে ৰুপ্তু গগৈ আৰু মৃদুল বৰাই ।

২) অসমীয়া ৰাজ্যভাষা আৰু ইয়াৰ যথাযথ প্ৰয়োগৰ ওপৰত কালি অসমৰ ৰাজ্যপাল পদ্মনাভ বালাকৃষ্ণ আচাৰ্যই আটাইকেইখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অসম সাহিত্য সভাকে ধৰি কেইবাটাও জাতীয় সংগঠনৰ মূৰব্বীসকলৰ সতে আলোচনা কৰে। ৰাজ্যপালগৰাকীয়ে কয় যে অসম সাহিত্য সভাই বহুদিনৰেপৰা গোহাৰি জনাই অহা বিষয় এটা হৈছে অসমৰ সকলো মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়তে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত মাতৃভাষা আৰু ৰাজ্যভাষাৰ জ্ঞান থকা প্ৰাৰ্থীকহে গুৰুত্ব প্ৰদান কৰিব লাগে । এই বিষয়টোত তেওঁ উপাচাৰ্যসকলক বিহিত ব্য‌ৱস্থা হাতত ল’বলৈ অনুৰোধ জনায় ।

৩) ২০১৮ বৰ্ষত হ’বলগীয়া ফিফা বিশ্বকাপৰ যোগ্যতা অৰ্জনকাৰী খেলত ভাৰতীয় দল অ‌ৱতীৰ্ণ হ’ব গু‌ৱাহাটীৰ সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিকছৰ ষ্টেডিয়ামৰত।  খেল প্ৰথম ৰাউণ্ডৰ এই খেলখন অনুষ্ঠিত হ’ব অহা ১২ মাৰ্চত ।

৪) ড’নাৰ মন্ত্ৰী জীতেন্দ্ৰ সিঙে জানিবলৈ দিছে যে অচিৰেই উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীসকলৰ অভিযোগ গ্ৰহণ কৰিবৰ বাবে ২৪ ঘন্টাই পাব পৰাকৈ এটি ‌ৱেবচাইট প্ৰকাশ কৰা হ’ব । দিল্লীৰ জ‌ৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়তো ৩২০ কোটিটকাৰ ব্যয়েৰে গঢ়ি তোলা হ’ব উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ সুৰক্ষা থকা চাৰিমহলীয়া ছাত্ৰাবাস ।

৫) কালি নিশা লছ এঞ্জেলছত অনুষ্ঠিত হো‌ৱা ৫৭ সংখ্যক গ্ৰেমী বঁটা প্ৰদান অনুষ্ঠানত ‘বেষ্ট নিউ এজ এলবাম’ ট্ৰফী আঁজুৰি আনিবলৈ সক্ষম হয় ভাৰতীয় মূলৰ ৰিকী বেজ নামৰ শিল্পী গৰাকীয়ে । তেওঁ ‘‌ৱিণ্ডছ অ‌ৱ ছামছাৰা’ শীৰ্ষক এলবামটিৰ বাবে এই বঁটা লাভ কৰে । অন্যহাতে নবেল বঁটা বিজয়ী মালালাৰ জী‌ৱনগাঁথাক লৈ ৰচিত ‘আই এম মালালা’ নামৰ এলবামটোৰ বাবে নীলা ভাস্বানীয়ে ‘শ্ৰেষ্ঠ শিশু এলবাম’ বঁটা লাভ কৰি দেশলৈ গৌৰ‌ৱ কঢ়িয়াই আনিছে।

৬) বেংগেলুৰুত অনুষ্ঠিত হো‌ৱা ২০১৪ বৰ্ষৰ শিশু বিজ্ঞান সমাৰোহত বেজেৰাৰ উদয়ন শান্তি নিকেতনৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ নিহাৰ শৰ্মাই তেওঁৰ প্ৰকল্পৰ জৰিয়তে বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে । দেশৰ মুঠ ২২ হাজাৰ শিশু বিজ্ঞানীৰ ভিতৰত নিৰ্বাচিত কৰা বিশিষ্ট ২০ গৰাকী শিশুবিজ্ঞানী প্ৰকল্পৰ ভিতৰত স্থান পাইছে নিহাৰ শৰ্মাৰ -'বিভিন্ন বতৰৰ বিভিন্ন খেতিৰ বাবে উৎকৃষ্ট সাৰ হিচাপে মেটেকা ফুলৰ ব্য‌ৱহাৰ' শীৰ্ষক প্ৰকল্পটো‌ৱে ।

৭) ‌’ৱণ্ডাৰফুল ইণ্ডিয়া’ শীৰ্ষক তথ্যচিত্ৰখনিৰ যোগেদি মাজুলীয়ে নিজৰ পৰিচয় দাঙি ধৰিব পাৰিব বিশ্ববাসীৰ আগত । বি.বি.চি.য়ে প্ৰযোজনা কৰা এই তথ্যচিত্ৰখনিৰ দৃশ্যগ্ৰহণৰ বাবে মাজুলীত উপস্থিত হৈছেহি কলা-কুশলীৰে সৈতে ‘স্লামদগ মিলিয়নাৰ’খ্যাত অভিনেত্ৰী ফ্ৰিডা পিণ্টু । 
মাজুলীক লৈ তথ্য-চিত্ৰ নিৰ্মাণত ব্যস্ত ফ্ৰিডো পিণ্টু

৮) স্বেচ্ছাসে‌ৱী অনুষ্ঠান ডায়মণ্ডৰ সৌজন্যত কালি নিশা গো‌ৱালপাৰা জিলাৰ শিমলীতোলা বজাৰ প্ৰাংগনত অনু্ষ্ঠিত হয় জিলাখনৰ ভিন্ন প্ৰান্তৰপৰা অহা ১১ জন অন্ধ শিল্পীৰ শিল্পানুষ্ঠান । অনুষ্ঠানটোত এইসকল শিল্পীয়ে দেহবিচাৰ গীত, লোকপৰীয়া গীত, বাঙালী গীত ইত্যাদি গীতেৰে অঞ্চলটোৰ ৰাইজক ওৰেনিশা সুৰৰ যাদুৰে মুগ্ধ কৰি ৰাখে ।

৯) আজিৰে পৰা নগাঁ‌ৱত অনুষ্ঠিত হৈছে ভাওনা সমাৰোহ । পদ্মশ্ৰী যতীন গোস্বামীকে ধৰি কেইবাজনো বিশিষ্ট শিল্পীয়ে অংশগ্ৰহণ কৰিবলগীয়া এই সমাৰোহত ভাওনাৰ লগতে আনুষংগিক কেইবাটাও কাৰ্যসূচী হাতত লো‌ৱা হৈছে ।

১০) লোকসংস্কৃতিৰ সাধক সচ্চিদানন্দ বৰাক ২০১৫ চনৰ স্বভা‌ৱ শিল্পী অমূল্য কাকতি স্মাৰক বঁটা প্ৰদান কৰিছে সদৌ অসম ছাত্ৰ সন্থাই ।

No comments:

Post a Comment