পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. প্ৰৱল উচাহ উদ্দীপনাৰ মাজত কালিৰে পৰা পাঁচদিনীয়াকৈ কলিয়াবৰৰ মৌচন্দা পথাৰৰ আত্মাৰাম শৰ্মা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে অসম সাহিত্য সভাৰ ৭৩ সংখ্যক কলিয়াবৰ অধিবেশন। ইতিহাসত প্ৰথমবাৰৰ বাবে উদ্বোধনী অনুষ্ঠানেৰে আৰম্ভ হোৱা এই সাহিত্য সভাৰ অধিবেশনৰ উদ্বোধনী অনুষ্ঠান ডঃ টি আও ষ্টেডিয়ামত মুকলি কৰে প্ৰাক্তন সভাপতি ৰংবং তেৰাঙে।

২. ভাৰতে কালি পাঁচ হাজাৰ কিল’মিটাৰ দূৰত্বৰ লক্ষ্যভেদী তথা পৰমাণু অস্ত্ৰ কঢ়িয়াই নিব পৰা অগ্নি-৫ ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ সমাপন কৰাৰ সুখবৰো প্ৰকাশ পাইছে। 

৩. ৰাজ্যজুৰি কালি টাই-আহোম সকলৰ উপৰিপুৰুষৰ সোঁৱৰণত পালিত হয় মে-দাম-মেফি। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দিল্লীতো অসমীয়া লোকসকলে মে-দাম-মেফি উদযাপন কৰা বুলিও সংবাদ পোৱা গৈছে। 

৪. যি গৰাকী ব্যক্তিৰ ঐকান্তিক প্ৰচেষ্টাত কামৰূপীয়া ঢুলীয়াই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এখন বিশিষ্ট আসন পাবলৈ সক্ষম হৈছিল, সেইগৰাকী কামৰূপীয়া ঢুলীয়াৰ বাটকটীয়া গণশিল্পী মোহন ভাইৰা (মোহন চন্দ্ৰ বৰ্মন)ৰ আজি পঞ্চদশ মৃত্যু তিথি। সেই উপলক্ষত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম উন্নতি সভাই বিশেষ অনুষ্ঠানৰ আয়োজন কৰি তেখেতৰ জীৱন আৰু কৰ্মক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ আয়োজন কৰা বুলিও জানিব পৰা গৈছে। 

৫. কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ১০৭ সংখ্যক জন্মদিন কালি পালন কৰা হয়। তেজপুৰত সমাধিক্ষেত্ৰ পৰিচালনা সমিতিয়ে ওপজা দিনত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ গ্ৰহণ কৰি, কলাগুৰুৰ নামত সংগ্ৰাহলয় নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰীয়ে আগবঢ়োৱা বিশ লাখ টকাৰ আৰ্খিক অনুদানৰ ব্যৱহাৰৰ বাবে অতি সোনকালেই মাটি নিৰ্ধাৰণ কৰি পৰিকল্পনাটি বাস্তৱায়িত কৰাৰ বাবে জিলা কৰ্তৃপক্ষক আহ্বান জনায় পৃথ্বীৰাজ ৰাভাই। 

৬. যোৰহাটৰ উদীয়মান কবি টুটুমণি বৰদলৈৰ কাব্যগ্ৰন্থ ‘জীৱনৰ ধূলিয়ৰী বাটেৰে’ কালি যোৰহাট প্ৰেছ ক্লাৱত অনুষ্ঠিত এক উন্মোচনী সভাত উন্মোচন কৰা হয়। উন্মোচন কৰে সদৌ অসম কবি সন্মিলনৰ সভাপতি ডঃ মাণিক শইকীয়াই। 

৭. দুটা বছৰৰ গৱেষণাৰ অন্তত শিৱসাগৰ জিলাৰ বকতাৰ বিখ্যাত বাখৰ বেঙেনা বৃক্ষৰ বয়স নিৰূপণ কৰিবলৈ সক্ষম হৈছে লক্ষ্ণৌৰ বীৰবল ছাহানী ইনষ্টিটিউট অৱ পেলিঅ’বটানিয়ে। বাখৰ বেঙেনা সংৰক্ষণ সমিতিৰ আহ্বানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক এছ কে বৰঠাকুৰৰ পৰামৰ্শমতে ডঃ দীপক নাথৰ তত্বাৱধানত বিএছআইপিৰ গৱেষক ডঃ এছ কে বসুমতাৰীয়ে গছজোপাৰ শিপা, ফুল, শিপাৰ মাটি আদিৰ পৰীক্ষণৰ ভিত্তিত ইয়াৰ বয়স প্ৰায় ৫৮০ বছৰ বুলি সদৰী কৰিছে। সংৰক্ষণ সমিতিয়ে চৰকাৰক এই বৃক্ষৰ সংৰক্ষণৰ বাবে যথোপযুক্ত পদক্ষেপ লবলৈকো আহ্বান জনাইছে।

৮. অ’.এন.জি.ছি.ৰ অসম সম্পদৰ চমকপ্ৰদ সাফল্যই সুধী সমাজৰপৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। যো‌ৱা বছৰটোত এই ‘মহাৰত্ন’ কোম্পানীটো‌ৱে অসমত ১০০ কোটি টকাৰ লাভ আদায় কৰি বৃহৎ সাফল্য অৰ্জন কৰিছে । ইয়াৰোপৰি শেহতীয়াভা‌ৱে গোলাঘাট জিলাৰ নামবৰ এলেকাত ১.২৭ লাখ মিলিয়ন পৰিমাণৰ প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ আৱিষ্কাৰ কৰিছে বুলিও অ’.এন.জি.ছিয়ে প্ৰকাশ কৰিছে। 

৯. ভাৰতীয় সেনাৰ দ্বিতীয় শীৰ্ষ পদবী লেফ্টেনেন্ট জেনেৰেল হিচাপে অধিষ্ঠিত হৈছে অসমৰ সু-সন্তান প্ৰণ‌ৱ কুমাৰ ভৰালী। শি‌ৱসাগৰৰ হাঁহচৰাত জন্মলাভ কৰা গো‌ৱালপাৰাৰ সৈনিক স্কুলৰ প্ৰাক্তন ছাত্ৰ এইজন মহান ব্যক্তি হৈছে এনে পদবীত আৰোহণ কৰা দ্বিতীয় গৰাকী অসমীয়া।

১০. ফঁটা ওঁঠ আৰু তালু ফটা লোকসকলৰ বাবে সে‌ৱা আগবঢ়াই অহা ‘অপাৰেচন স্মাইল ইণ্ডিয়া’ই উত্তৰ-পূব বিদ্যুৎ শক্তি নিগম(নীপকো)ৰ সহযোগত ১২ জানু‌ৱাৰীৰৰ পৰা গু‌ৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰীত সম্পন কৰে শৈল্য চিকিৎসা সপ্তাহ । নীপকোয়ে কৰ্পৰেট চ'ছিয়েল ৰেছপনছিবিলিটিৰ অধীনত এই সপ্তাহৰ আয়োজনলৈ সহায় আগবঢ়ায়।

No comments:

Post a Comment