প্ৰযুক্তি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা



ডিজিটেল ফুট-প্ৰিণ্টঃ 
আপোনাৰ অনলাইন পৰিচয়ৰ তথ্যভাণ্ডাৰ
ৰূপাংকৰ চৌধুৰী
গুগলৰ প্ৰাক্তন উচ্চপদস্থ বিষয়া, ললিতেশ কাট্ৰাগড্ডাই প্ৰত্যেকজন ভাৰতীয়ৰ তথ্যৰে এখন বিশেষ মঞ্চ তৈয়াৰ কৰাৰ এক বিশাল সপোনৰ পম খেদিছে। তেওঁ এই সপোনক বাস্তৱায়িত কৰিবলৈ পৰিকল্পনা কৰিছে। সেই প্ৰকল্পৰ কথাকেই আজি আলোচনা কৰিবলৈ লৈছো।

ললিতেশ কাট্ৰাগড্ডা- বহুল জনপ্ৰিয় গুগল মেপৰ মূল হোতা আছিল এইজন ভাৰতীয়। প্ৰযুক্তিবিদ নন্দন নিলেকানীয়ে ('আধাৰ কাৰ্ড'ৰ আঁৰৰ মূল মানুহ) য'ত 'আধাৰ কাৰ্ড'ৰ জৰিয়তে একক পৰিচয় সূচক নম্বৰ দিয়াৰ কাম শেষ কৰিব খুজিছিল, ঠিক যেন তাৰ পৰাই আৰম্ভ কৰিছে এক অভিলাষী প্ৰকল্প বোম্বাই আইআইটিৰ এই প্ৰাক্তন ছাত্ৰগৰাকীয়ে। 


'গুগল'ৰ সামগ্ৰী শাখাৰ ভাৰতবৰ্ষত সৰ্বোচ্চ পদাধিকাৰী এইজন বিষয়াই তেখেতৰ বিলাসী চাকৰিৰ পৰা অব্যহতি লৈছিল যোৱা বছৰৰ মাৰ্চ মাহতেই। ললিতেশ কাট্ৰাগড্ডাই এখন ৰাষ্ট্ৰীয় তথ্য মঞ্চ (National Information Platform) তৈয়াৰ কৰি আছে। এই মঞ্চখন হ'ব পৰৱৰ্তী এশ কৌটি ভাৰতীয়ৰ তথ্য সম্বলিত বিশদ তথ্য-ভাণ্ডাৰ। গুগল মেপ প্ৰস্তুত কৰোতে ব্যৱহৃত পদ্ধতিৰ দ্বাৰাই এই বৃহৎ আঁচনি ৰূপায়ণ কৰা হ'ব। 


তেখেতে ইতিমধ্যে এই তথ্য-মঞ্চখন নিৰ্মাণ কৰিবলৈ কেইবাজনো অভিযন্তাক অন্তৰ্ভুক্ত কৰি এক বিশেষজ্ঞ দল সাজু কৰি তুলিছে। এই 'তথ্য-মঞ্চ'খন ব্যৱহাৰকাৰীয়ে প্ৰত্যক্ষ ভাবে তথ্য-ভাণ্ডাৰ যুগুতাবলৈ প্ৰৱেশাধিকাৰ পাব। জনতাৰ পৰা প্ৰত্যক্ষ ভাৱে তথ্য আহৰণৰ বাবেও পৰ্য্যালোচনা চলি আছে। 


'যেতিয়াই আপুনি পৰৱৰ্তী এশকৌটি ভাৰতীয়ৰ বাবে এখন 'তথ্য-মঞ্চ'ৰ কথা কয়, 'আধাৰ' এক বিশেষ প্ৰয়োজনীয় আহিলা হিচাপে আছেই। কিন্তু তথ্যক প্ৰত্যেকৰ বাবে আৰু অধিক শক্তিশালী আৰু উপযোগী কৰি তুলিবলৈ বহু দূৰ বাট যাবলৈ বাকী আছে। 'আধাৰ' হ'ল দেশৰ আন্তঃগাঁথনি মজবুতকাৰী আহিলা যাৰ লগতেই চৰকাৰে আৰু আন-আন আহিলাৰো কথা চৰ্চা কৰি আছে। কিন্তু আন্তঃগাঁথনি আৰু অধিক শক্তিশালী কৰি তোলাৰ প্ৰয়োজন আছে' কাট্ৰাগড্ডাই স্বীকাৰ কৰে। 


'আজিৰ তাৰিখত দিন-হাজিৰা কৰা মানুহৰ পৰা আদি কৰি প্ৰায় সকলোৱে নিজৰ পৰিচয় দাঙি ধৰিবলৈ 'আধাৰ' নাইবা ভোটাৰ কাৰ্ড দেখুৱাই। কিন্তু আপোনাৰ বাবে যদি এনে এক তথ্য ব্যৱস্থা থাকে- যাৰ সহায়ত আপুনি সেই ব্যক্তিসকল আচলতেনো কোন আৰু তেওঁলোকে সদ্যহতে কিনো কৰি আছে সেয়া যদি জানিব পাৰে? ইয়াৰ দ্বাৰা আপুনি ইমানদিনে বিচাৰি থকা এগৰাকী গ্ৰহণযোগ্য বনকৰা মহিলা এজনী বা বিশ্বাসযোগ্য গাড়ী-চালক এজন বিচাৰি উলিওৱা কাম তেনেই উজু কৰি পেলাব।' 


'গুগল মেপমেকাৰ'ৰ ক্ষেত্ৰত সাকাৰ হোৱাৰ নিচিনাকৈ বিশ্বাসযোগ্যতা জাগ্ৰত হয়- বিভিন্ন ব্যক্তিৰ দ্বাৰা প্ৰমাণকৰণৰ দ্বাৰা। গুগল মেপমেকাৰৰ প্ৰতিটো তথ্যই কোনো ব্যক্তি নাইবা যন্ত্ৰৰ দ্বাৰা প্ৰমাণ কৰা হয়। 

কাৰ্নেগী মেলন বিশ্ববিদ্যালয়ৰ পৰা 'ৰবটিক' বিষয়ত ডক্টৰেট ডিগ্ৰিধাৰী, কাট্ৰাগড্ডাই গুগল মেপমেকাৰ সাজি উলিয়াইছিল। এই আহিলাবিধৰ সহায়ত গুগল মেপ প্ৰস্তুত কৰা হৈছিল। ২০০২ চনত তেখেতৰ ছান-ফ্ৰানচিস্কো-স্থিত ৰবটিক ফাৰ্মখন গুগলে হস্তগত কৰিছিল। তেতিয়াৰ পৰাই কাট্ৰাগড্ডাই গুগলত কৰ্মৰত আছিল ২০১৪চনৰ মাৰ্চ মাহলৈকে। 


তাৰ পিছত তেখেতে গুগলৰ ভাৰত অভিযানৰ অফিচ স্থাপন কৰিবলৈ ভাৰতলৈ আহে। সেই কেন্দ্ৰটোৱেই মাউন্ট ভিউ, কেলিফৰ্ণিয়াত মুখ্য কাৰ্য্যালয়-স্থিত কোম্পানীটোৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় অভিযান্ত্ৰিক কেন্দ্ৰ আছিল। 

কাট্ৰাগড্ডাই 'ফাইবাৰ-গ্ৰীড'ৰ প্ৰয়োজনীয় সা-সালনি কৰি অতি-সুলভ মূল্যত উচ্চ মানদণ্ডৰ ইন্টাৰনেট সেৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰ তথা অন্ধ্ৰপ্ৰদেশৰ ৰাজ্য চৰকাৰক উপদেশ দিছে। তেখেতে লগতে মন্তব্য কৰে যে তেখেতে প্ৰস্তুত কৰিবলৈ লোৱা 'তথ্য-মঞ্চ'খনৰ দ্বাৰা সমগ্ৰ দেশতে এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিব। 

আধাৰৰ দৰেই বৃহৎ নহ'লেও একেই ধৰণৰ এক যুগান্তকাৰী প্ৰকল্পই হ'ব যি কাম তেখেতে হাতত লৈছে। তেখেতৰ মতে 'আধাৰ' ইমান সফল হোৱাৰ মূল কাৰণটো হ'ল চৰকাৰী পৃষ্ঠপোষকতা যাৰ লগত এক বৃহৎ পৰিমাণৰ ধন আৰু কৰ্মদল জড়িত গৈ আছে। অংকীয়-পদচিহ্ন (Digital Footprint) এক বৃহত কাম যদিহে কোনো সংস্থাৰ দ্বাৰা কৰা হয় আৰু এয়া এক পোনপটীয়া কাম যদি জনসাধাৰণে কৰে। এই প্ৰকল্পৰে প্ৰতিজন মানুহৰ জীৱন আৰু কৰ্মৰ তথ্য অনলাইন মঞ্চ/মেডিয়া/স্থানীয় সূত্ৰ আদিৰ পৰা সংগ্ৰহ কৰি এক তথ্য ভাণ্ডাৰত মজুত কৰা হব। আৰু এই তথ্য অনলাইন পোৱাৰ ব্যৱস্থা কৰা হব। এই তথ্য প্ৰয়োজন অনুসাৰে চৰকাৰ, কোম্পানী, সংস্থা আদিয়ে ব্যৱহাৰ কৰিব পাৰিব।

তেখেতে লগতে স্বীকাৰ কৰে যে এই প্ৰকল্পটো বিপদমুক্ত নহয় যিহেতু তেখেতে সেই সকল ব্যক্তিৰ বাবেও অংকীয়-পদচিহ্ন (Digital Footprint) সাজু কৰিবলৈ গৈ আছে যিয়ে তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰক লৈ অভ্যস্ত নহয় আনকি মনোৰঞ্জনধৰ্মী কামকাজৰ বাবেও। তেওঁলোকৰ বহুতেই মোবাইল ফোনৰ দ্বাৰা লিখিত- বাৰ্তা পঠিয়াবলৈ অসমৰ্থ! 


'গুগল মেপমেকাৰ আহিলা সফল হৈছিল কিয়নো ইয়াৰ ব্যৱহাৰকাৰী সকল শিক্ষিত-ব্যক্তি। তেওঁলোক ইন্টাৰনেট ব্যৱহাৰ কৰাত অভ্যস্ত। কিন্তু হাতত লোৱা তথ্য-মঞ্চ খনৰ ব্যৱহাৰকাৰী সকলৰ বহুতেই কোনো ফালৰপৰা প্ৰযুক্তিৰ লগত অভ্যস্ত নহয়। ইয়াৰ লগত এক বেলেগ মাত্ৰাৰ বিপদসংকুল পৰিস্থিতি জড়িত হৈ আছে।' তেখেতে কয়। 

শেহতিয়াভাৱে কাট্ৰাগড্ডাই এক কোম্পানী জন্ম দিয়াৰ পৰিকল্পনা কৰি আছে। কামৰ অগ্ৰগতিৰ লগে-লগে তেখেতে আৰ্থিক বিনিয়োগকাৰীৰ সন্ধান কৰিব। কিন্তু বিনিয়োগকাৰীৰ ক্ষেত্ৰত তেখেতে বিশেষ সতৰ্কতা অৱলম্বন কৰিব। 'ইয়াৰ যথেষ্ট প্ৰয়োজন আছে কিন্তু মই এই ক্ষেত্ৰত যথেষ্ট সতৰ্কতাৰে আগবাঢ়িম আৰু সঠিক সময়ত আৰ্থিক বিনিয়োগ গ্ৰহণ কৰিম। যি মূহুৰ্ত্ততে আপুনি আৰ্থিক বিনিয়োগ ল'ব ঠিক তেতিয়াই আপোনাৰ ওপৰত আৰ্থিক লাভালাভৰ দায়িত্ব আহি পৰে। এনেধৰণৰ তথ্য ব্যৱস্থা বিশেষকৈ য'ত পৰৱৰ্তী এশ কৌটিৰ কথা জড়িত হৈ আছে, পূৰ্ণতা পাবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন।' তেখেতে লগতে সেই কথাৰেও আহি থকা প্ৰত্যাহ্বানবোৰক স্বীকাৰ কৰি লোৱা বুলি ৰাষ্ট্ৰীয় সংবাদ পত্ৰই প্ৰকাশ কৰিছে।

No comments:

Post a Comment