সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ধৰ ঝাড়ু ধৰ ভাই
দীপাংকৰ মল্ল বৰুৱা

‘ধৰ ঝাড়ু ধৰ ভাই
আৰু চাবৰ সময় নাই,
চাই থাকোঁতেই মুখত কেৱল
ভৰিল কাজল ছাই’।

অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীয়ে তাহানিতেই সমাজৰ চৌপাশে জমা হোৱা জাঁহি জাৱৰবোৰ আঁতৰ কৰিবলৈ হাতে হাতে ঝাড়ু ল’বলৈ পৰামৰ্শ দিছিল। হাতত ঝাড়ু লৈ হ’লেও এখন নিকা সমাজ গঢ়ি তুলিবলৈ, সমাজৰ সকলো স্তৰৰ পৰা আৱৰ্জনা নাইকীয়া কৰিবলৈ উদাত্ত কণ্ঠে সকলোকে আহ্বান জনাইছিল। অম্বিকাগিৰীৰ দৰে প্ৰায় একে ভাৱনাৰে অনুপ্ৰাণিত হৈ সমাজৰ পৰা ভ্ৰষ্টাচাৰ নিৰ্মুল কৰাৰ আদৰ্শ লৈ অৰবিন্দ কেজৰীৱাল নামৰ ব্যক্তিজনৰ নেতৃত্বত ঝাৰুক প্ৰতীক হিচাপে লৈ ২০১২ চনৰ ২৬ নৱেম্বৰ তাৰিখে এটা ৰাজনৈতিক দল খুলিলে। দলটোৰ নাম দিলে ‘আম আদমি পাৰ্টী’, অৰ্থাৎ ‘সাধাৰণ মানুহৰ দল’। নিকা ভাৱমূৰ্তিৰ ব্যক্তিক ৰাজনীতিৰ পথাৰলৈ আনি দুৰ্নীতি নিবাৰণৰ বাবে সৱল পদক্ষেপ গ্ৰহণ কৰাটোকে সেই দলটোৰ লক্ষ্য নিৰ্ধাৰণ কৰিলে । ভাৰতীয় সংবিধানে সকলো জাতি-ধৰ্ম-বৰ্ণৰ নাগৰিকলৈ আগবঢ়োৱা সম অধিকাৰ সকলো শ্ৰেণীৰ লোকৰ ওচৰলৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতিৰে আৰু দুৰ্নীতি নিৰ্মুল কৰাৰ সংকল্পৰে গঠন হোৱা এই দলটোৱে গঠনৰ মাথোন এটা বছৰৰ ভিতৰতে হোৱা নিৰ্বাচনত দিল্লীৰ মছনদ কঁপাই দিবলৈ সক্ষম হ’ল। ১৫ বছৰ ধৰি দিল্লীৰ ৰাজপাটত বহি থকা মুখ্যমন্ত্ৰী শীলা দিক্ষীতকে ধৰি কংগ্ৰেছ তথা ভাজপা দলৰ বহুতো ৰথী মহাৰথী ধৰাশায়ী হ’ল।

ভাৰতীয় ৰাজনীতিত কেজৰীৱাল আৰু আম আদমি দলৰ উত্থান এক চমকপ্ৰদ ঘটনা। আন্না হাজাৰেৰ লগত একেলগে জন লোকপাল বিধেয়কৰ বাবে আন্দোলন কৰা কেজৰীৱালে প্ৰত্যক্ষ ৰাজনীতিলৈ আহি পৰিৱৰ্তন আনিবলৈ বিচাৰিছিল। আই আই টিৰ পৰা উত্তীৰ্ণ সুদক্ষ অভিযন্তা, ভাৰতীয় ৰাজহ সেৱাৰ দায়িত্বশীল বিষয়া কেজৰীৱালে নিজৰ লোভনীয় চৰকাৰী চাকৰি ত্যাগ কৰি সমাজৰ বাবে কিবা এটা কৰাৰ মানসেৰে আগবাঢ়ি আহিছিল। জন লোকপাল বিধেয়কৰ খচৰা প্ৰস্তুত কৰা কামত তেওঁ মুখ্য ভূমিকা লৈছিল। সেইদৰে তথ্য জনাৰ অধিকাৰ আইনখন তৃণমুল পৰ্য্যায়ত জনতাৰ মাজলৈ লৈ যোৱাৰ বাবে তেওঁ প্ৰচেষ্টা চলাইছিল। কেজৰীৱালক ২০০৬ চনত ৰমন মেগচেছে বটাৰেও সন্মানিত কৰা হৈছিল। বটা হিচাপে পোৱা সমস্ত ধনৰাজিৰে তেওঁ ‘পাব্লিক ক’জ ৰিচাৰ্ছ ফাউণ্ডেছন’ নামৰ জনতাৰ কল্যাণৰ বাবে এক বেচৰকাৰী গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰিছিল। দুৰ্নীতি নিবাৰণৰ আন্দোলনত তেওঁ আন্না হাজাৰেৰ প্ৰধান সহযোগী আছিল যদিও আন্না হাজাৰেই "দেশৰ প্ৰতিষ্ঠিত ৰাজনৈতিক দলে ৰাজনীতিত নামি নীতি নিৰ্ধাৰণ কৰিবলৈ দিয়া প্ৰত্যাহ্বানৰ" পাছতো ৰাজনীতিত প্ৰত্যক্ষ ভাৱে জড়িত হ’বলৈ আগ্ৰহী নোহোৱা বাবে আন্নাৰ সৈতে পথ বেলেগ হৈ পৰে। তাৰে ফলশ্ৰুতিতে আম আদমি দলৰ জন্ম হয়। ধৰ্ম, জাতিৰ সংকীৰ্ণ ৰাজনীতিৰ উৰ্ধলৈ গৈ উন্নয়ন আৰু দুৰ্নীতি নিবাৰণ মুল ইছ্যু হিচাপে লৈ আম আদমি দল নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ল।

প্ৰথমবাৰ দুৰ্নীতিৰ বিৰুদ্ধে জনলোকপাল বিধেয়ক বিধান সভাত আনিবৰ সময়ত কংগ্ৰেছ-বিজেপি একজোঁট হৈ থিয় দিয়াৰ প্ৰতিবাদত মুখ্যমন্ত্ৰীত্বৰ পদ মাত্ৰ ৪৯ দিনতে পদত্যাগ কৰা কেজৰীৱালৰ পাৰ্টিয়ে কালি লাভ কৰিলে বিশাল সফলতা। সেই পদত্যাগ আৰু লোকসভাৰ নিৰ্বাচনলৈ ঢাপলি মেলাৰ ভুল সিদ্ধান্তৰ বাবে ৰাইজৰ ওচৰত সবিনয়ে খোজা ক্ষমাক যেন ৰাইজে মঞ্জুৰ কৰি দিলে। বিজেপিক মাত্ৰ ৩খন আৰু কংগ্ৰেছৰ খাটা শূণ্য কৰাৰ বিপৰীতে পূৰ্ণ সমৰ্থন প্ৰকাশেৰে ৭০খনৰ ভিতৰতে ৬৭খন আসন দি কেজৰীৱালক দিলে দ্বিতীয়টো সুযোগ। দিল্লীৰ জন সাধাৰণে কংগ্ৰেছ আৰু ভাজপাৰ দৰে বৃহত দলবোৰক যেন সাৱধান বাণী শুনাই দিলে, দুৰ্নীতিৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপ লবলৈ অহা দলকহে জনতাই পচণ্ড কৰিব।ধৰ্ম, জাতি আদিৰ ভেদা ভেদ লৈ ৰাজনীতি কৰাৰ দিন এতিয়া উকলিল!

নিৰ্বাচনী প্ৰতীক হিচাপে ঝাড়ু গ্ৰহণ কৰি আম আদমি দলে সকলোকে এটা বাৰ্তা দিব বিচাৰিছিল যে সাধাৰণ জনতাই প্ৰয়োজন হ’লে হাতত ঝাড়ু লৈ হ’লেও পৰিৱৰ্তন আনিবলৈ সক্ষম। দলটোৰ নিৰ্বাচনী প্ৰতীক ঝাড়ুৰ মাজত জনতাই যেন দেখা পাইছিল সমাজৰ শোষিত, নিষ্পেষিত সকলৰ বাবে কাম কৰিবলৈ আগুৱাই অহা এটা দলৰ প্ৰতিচ্ছবি। ঝাড়ুৰ প্ৰতীকৰ বাবেই হয়তো দিল্লীৰ হাজাৰ হাজাৰ চাফাই কৰ্মীৰ লগতে দুখ দাৰিদ্ৰত কটোৱা অনেক লোকৰ সমৰ্থন দলটোৱে লাভ কৰিলে। 

কেজৰীৱালৰ মাজত হয়তো জনতাই বিচাৰি পালে এনে এজন নেতা, যিজনে সংকীৰ্ণ ৰাজনীতিৰ পৰা আঁতৰি বৃহত্তৰ জনতাৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে কিবা এটা কৰিব বিচাৰে। কেজৰীৱালে নিকা ভাৱমুৰ্তিৰ লোকক নিৰ্বাচনত টিকট দি দলটোৱে জনতাৰ আশা আকাংখ্যাকে প্ৰতিফলিত কৰাৰ প্ৰয়াস কৰিলে। অতি সাধাৰণ উপায়ে অটোৰিক্সা, চাৰিআলিৰ লাইটৰ খুটা আদিত পোষ্টাৰ আঁৰি, বাটৰ নাট পৰিৱেশন কৰি,সমদল উলিয়াই, মোবাইল যোগে বাৰ্তা প্ৰেৰণ কৰি আম আদমি দলে নিৰ্বাচনী প্ৰচাৰ চলালে। কোনেও আশা কৰা নাছিল যে কংগ্ৰেছ, ভাজপা আদি ধন বলেৰে বলীয়ান দল দুটাৰ দুৰ্গ সদৃশ ভোট বেংকত সাধাৰণ মানুহৰ দলটোৱে ক্ষতি কৰিব পাৰিব বুলি। পিছে অসম্ভৱ যেন লগা ঘটনাই সম্ভৱ হৈ পৰিল। লাভ কৰিলে অভিলেখ গঢ়া সফলতা!

ঝাড়ু হাতত লৈ আম আদমি দলৰ এই উত্থানে ভাৰতীয় ৰাজনীতিত এক সুস্পষ্ট পৰিৱৰ্তনৰ আভাস দিছে। জনতাই বহু দিন ধৰি প্ৰত্যক্ষ কৰি আহিছে যে জনতাৰ সৰ্বাঙ্গীন উন্নয়নতকৈ বেছিভাগ ৰাজনৈতিক দলে নিজৰ নিজৰ ন্যস্ত স্বাৰ্থ পূৰণ কৰিবলৈহে বেছি আগ্ৰহী। দুৰ্নীতিৰ বোকাত কম বেছি পৰিমাণে লুতুৰি পুতুৰি হৈ থকা দলবোৰে ১৯৬৮ চনতে প্ৰথম বাৰৰ বাবে উত্থাপন হোৱা লোকপাল বিধেয়কখন সংসদৰ দুয়োটা সদনতে আজিকোপতি অনুমোদন হ’বলৈ দিয়া নাই। মহিলা সংৰক্ষণ বিধেয়ক, ইউপিএৰ দিনত পুনৰ ড্ৰাফট হোৱা জন-লোকপাল বিধেয়ক আদিৰ দৰে গুৰুত্বপূৰ্ণ বিধেয়কৰ অনুমোদন বাকী থকা সময়ত খাদ্য সুৰক্ষা বিধেয়ক অনুমোদিত হৈছে, কাৰণ ইয়াৰ লগত ৰাজনৈতিক লাভালাভ জড়িত হৈ আছে!

নিজৰ সা সুবিধা, দৰমহা বৃদ্ধিৰ বাবে সদা সচেতন মন্ত্ৰী, সাংসদ, বিধায়ক আমোলা-বিষয়া সকলৰ একাংশই দুৰ্নীতিৰ জৰিয়তে লুণ্ঠন অব্যাহত ৰাখিছে। আনহাতে কিছুমান ৰাজনৈতিক দলে বিভিন্ন সময়ত,বিভিন্ন পৰ্য্যায়ত ধৰ্ম আৰু জাতিৰ কাৰ্ড খেলি মানুহৰ মাজত বিভাজনৰ সৃষ্টি কৰি আহিছে। কিছুমান দলে একোটা জাতি বা ধৰ্মৰ বাবে ত্ৰাণ কৰ্তাৰ ভূমিকা লৈ ভোট বিভাজনৰ ৰাজনীতি কৰি জনতাৰ মাজত ভেদা ভেদ আৰু বিদ্বেষৰ বীজ ৰোপন কৰি আহিছে। 

নিৰ্বাচনৰ প্ৰাকক্ষণতো মূল্যবৃদ্ধি, দুৰ্নীতি আদিয়ে জুৰুলা কৰা দেশ খনত জনতাৰ মৌলিক সমস্যা সমুহৰ পৰা ফালৰি কাটি এটা দলে আন এটা দলৰ বিফলতা বোৰ উদঙাই দেখুওৱা, ব্যক্তিগত আক্ৰমণৰহে প্ৰতিযোগিতাত নামিছে। আম আদমি দলৰ শেহতীয়া উত্থানে যেন সেইবোৰ দলৰ সতৰ্ক ঘণ্টা বজাই দিছে, নিজকে সংশোধন কৰা, অন্যথা নি:শেষ হ’বলৈ সাজু হোৱা। জনতায়ো যেন আম আদমি দলৰ সাফল্যত এক নতুন বল পাইছে।জনতাই বুজি উঠিছে, ঝাড়ু হাতত লৈ জনতা ওলাই আহিলে লেতেৰা হৈ যোৱা ৰাজনীতিৰ পথাৰখন এতিয়াও পৰিষ্কাৰ কৰাটো সম্ভৱ।

অৱশ্যে আম আদমীৰ দলে চৰকাৰ গঠন কৰি জনতাক দিয়া প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰাৰ বাবে বদ্ধ পৰিকৰ হ’ব লাগিব। এই দলটোৱে নিৰ্বাচনী ইস্তাহাৰত ৭০দফীয়া কৰ্মসূচী ঘোষণা কৰিছে। এখন দুৰ্নীতি মুক্ত চৰকাৰ উপহাৰ দিয়াৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা দলটোৱে জনতাৰ প্ৰত্যাশাৰ কাঠগড়াত ঠিয় হৈ জনতাৰ বিশ্বাস ভাজন হ’ব পাৰিব লাগিব। সেয়ে চৰকাৰ গঠন কৰাৰ লগে লগে দলটোৰ দায়িত্ব অনেক গুণে বৃদ্ধি পাব। অন্যথা অসমত অসম গণ পৰিষদ দলে সন্মুখীন হোৱাৰ দৰে আম আদমী পাৰ্টিও এসময়ত জনতাৰ ৰোষত পৰি ছেদেলি ভেদেলি হৈ যাব পাৰে। আমি আশা কৰিছোঁ কেজৰীৱালৰ দৰে সুদক্ষ নেতাৰ নেতৃত্বত ভাৰতীয় ৰাজনীতিত এটা সোনালী যুগৰ আৰম্ভণি হওক। ‘ধৰ ঝাড়ু ধৰ ভাই’ বুলি অসম কেশৰীয়ে দি যোৱা মহামন্ত্ৰ ফলৱতী হওক।

No comments:

Post a Comment