প্ৰৱন্ধ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্বৰ বজাৰ 
বনাম 
খাৰুৱা তেলৰ ৰাজনীতি 
অগ্নিভ দত্ত
চাহিদাতকৈ যেতিয়াই যোগান বেছি হয় তেতিয়াই সেইয়া হৈ পৰে ভাল অৰ্থনীতিৰ পৰিপন্থী। কাৰণ যোগান অপয্যাপ্ত হোৱাৰ কাৰণে পণ্য দ্ৰব্যৰ দাম কমি যোৱাৰ সম্ভৱনা থাকে । সেই একেই কথা হৈছে এতিয়া আন্তজাৰ্তিক খাৰুৱা তেলৰ ক্ষেত্ৰত । খাৰুৱা তেলৰ যোগান আন্তজাৰ্তিক বজাৰত চাহিদাতকৈ বেছি হোৱাত খাৰুৱা তেলৰ মুল্য হুৰা হুৰে নামি আহিব ধৰিছে। ২০১৪ চনৰ জুন মাহৰ প্ৰায় ১১০ ডলাৰ প্ৰতি বেৰেলৰ পৰা আহি আজি ৫০ ডলাৰ প্ৰতি বেৰেল দৰৰ সীমাৰ তল পাইছেগৈ।

যদিও আপাত দৃষ্টিত তেলৰ মূল্য কমা মানেই সাধাৰণ মানুহৰ কাৰণে সুখবৰেই হয় কিন্তু অনাগত দিনত ইয়াৰ প্ৰভাৱ কি হয় সময়েহে কব । বিশ্বৰ তেলৰ বজাৰখন তেল উৎপাদনকাৰী ১২ খন ৰাষ্ট্ৰৰ সংগঠন অপেক (OPEC -Organization of the Petroleum Exporting Countries) ৰ নিয়ন্ত্ৰণতেই চলা দেখা যায় ।এই অপেকে চাহিদা চাই যোগানৰ কম বেছি কৰে । যোগানৰ কম হোৱাৰ লগে লগে চাহিদা বৃদ্ধি হয় আৰু তাৰ লগে লগে তেলৰ দাম বৃদ্ধি হয়। এই বাৰখন ৰাষ্ট্ৰৰ ভিতৰত আকৌ চৌডি আৰবিয়াই হ’ল সকলোতকৈ বেছি তেল উৎপাদনকাৰী ৰাষ্ট্ৰ । আৰু আমেৰিকা বিশ্বৰ সকলোতকৈ বেছি তেল আমদানি কৰা দেশ। আমেৰিকাৰ লগতে চীন তথা ইউৰোপীয়ান ইউনিয়ন আদিত তেলৰ চাহিদা বঢ়াৰ লগে লগে আন্তজাৰ্তিক বজাৰত তেলৰ দাম বঢ়াটো আৰম্ভ হয় । প্ৰায় এইটো সমীকৰণতেই চলি আছিল তেলৰ বজাৰখন। অৱশ্যে তাৰ মাজে মাজে পাৰস্য উপসাগৰীয় যুদ্ধ আদিয়েও তেলৰ বজাৰ খনত কিছু পৰিমানে প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল ।

কিন্তু যোৱা কেইবছৰমানৰ পৰা আমেৰিকাত উপলদ্ধ হোৱা চেল (Shale Gas) গেছ আৰু চেল অইলে (Shale Oil) লাহে লাহে বিশ্বৰ তেলৰ বজাৰখনৰ সমীকৰণ সলনি কৰি দিবলৈ আৰম্ভ কৰিছে । কঠিন শিলাস্তৰৰ মাজত উপলদ্ধ হয় এই চেল গেছ বা চেল অইল ।এই চেল গেছ বা অইল আহৰণৰ প্ৰক্ৰিয়া সাধাৰণ খাৰুৱা তেলৰ আহৰণৰ প্ৰক্ৰিয়াতকৈ যথেষ্ট জটিল আৰু ব্যয় বহুল ।চেল গেছ বা চেল অইল আহৰণত ফ্ৰেকিং বুলি এক প্ৰযুক্তিৰ ব্যৱহাৰ হয় ।এই প্ৰযুক্তিৰ দ্বাৰা কঠিন শিলাস্তৰ সমুহত প্ৰচণ্ড শক্তিৰে ফাঁট মেলাই তাৰ মাজত থকা তেল আৰু গেছ এক বিশেষ প্ৰক্ৰিয়াৰে আহৰণ কৰা হয় । এই প্ৰক্ৰিয়াৰে তেল আহৰণ কৰোতে যিমান খৰছ হয় সেই অনুপাতে তেলৰ বজাৰত দাম পোৱা নগলে সেই প্ৰকল্প বিলাক ব্যৱসায়িক ভাৱে লাভজনক হৈ নুঠেগৈ।

বিভিন্ন দেশৰ লগতে আমেৰিকাত এই চেল গেছ আৰু অইলৰ অপৰ্য্যাপ্ত ভাণ্ডাৰ থকা বুলি প্ৰমাণিত হৈছে । আনকি যোৱা কেই বছৰমানত এই চেল অইল আৰু গেছৰ উৎপাদনও সাংঘাটিক ভাৱে বৃদ্ধি কৰিবলৈ সক্ষম হৈছে আমেৰিকাই ।ঘৰুৱাভাৱে উৎপাদিত এই চেল অইল আৰু গেছৰ যোগানৰ বাবে লাহে লাহে আমেৰিকাই চৌডি আৰবিয়াকে ধৰি আন আন অপেক ৰাষ্ট্ৰ সমূহৰ পৰা তেলৰ আমদানি কমাই আনিব ধৰিছে। আনকি ২০২০ চনৰ ভিতৰত আমেৰিকাই সম্পূৰ্ন নিজাববীয়াকৈ নিজৰ তেলৰ ওপৰত নিৰ্ভৰশীল হ’ব বুলিও কৈছিল।আৰু সেই উদেশ্যৰে দেশখনত প্ৰায় ২০০ বিলিয়ন মাৰ্কিন ডলাৰ বিভিন্ন চেল গেছ আৰু অইল প্ৰকল্পত খৰছ কৰাৰ কথাও উল্লেখ হৈছে হাইদ্ৰকাৰ্বন উদ্যোগৰ বিভিন্ন জাৰ্নালত তথা অৰ্থনৈতিক সমীক্ষাতো।
এই কথাখিনিৰ বাবেই হয়তো অপেক ৰাষ্ট্ৰ সমূহ, বিশেষকৈ চৌডি আৰবিয়াই আন্তজাৰ্তিক তেলৰ বজাৰখনত দপদপনি নাইকিয়া হোৱাৰ উপক্ৰম হ’ব বুলি এক আশংকাত ভূগিছে । কিছু বিশেজ্ঞৰ মতে যিহেতু আমেৰিকাত হব লগা এই প্ৰকল্প সমুহ যদি ব্যৱসায়িক ভাৱে লাভজনক হৈ নুঠে তেতিয়া এই প্ৰকল্প সমূহত ইমান টকা কোনেও নলগাব আৰু আমেৰিকাৰ নিজা তেল-গেছত স্বাৱলম্বী হোৱাৰ প্ৰক্ৰিয়াটোও পিছুৱাই যাব। ধৰা হঁওক এই প্ৰকল্প সমূহ ব্যৱসায়িক ভাৱে লাভজনক হ’বলৈ হ’লে এই প্ৰকল্প সমূহৰ পৰা উৎপাদিত হোৱা তেলৰ মূল্য ৬০-৭০ ডলাৰ প্ৰতি বেৰেলত পাব লাগিব; কিন্তু যদি বজাৰত তেলৰ মূল্য ৫০ ডলাৰ হয় তেতিয়া এই প্ৰকল্পবোৰৰ পৰা যিমান বেছি তেল উৎপাদন হ’ব সিমান লোকচান হ’ব ফলত এই প্ৰকল্প সমূহ ব্যৱসায়িক ভাবে অনুকূল (viable) বুলি পৰিগণিত নহব।

আৰু বহুতৰ মতে চৌডি আৰবিয়াই এই উদেশ্যেৰেই তেলৰ বজাৰত সস্তাৰ তেলেৰে উভৈনদী কৰি আমেৰিকাৰ এই প্ৰকল্প সমূহ বন্ধ কৰি দিয়াব খুজিছে ।কিন্তু এই কাম কৰিবলৈ যাঁওতে চৌডি আৰবিয়াকে ধৰি অপেক ৰাষ্ট্ৰ সমুহৰ লগতে আন আন তেল উৎপাদনকাৰী দেশ সমূহও লোকচানৰ সামূহিকভাৱে অংশীদাৰ হ’বই লাগিব। কিছু বিশেজ্ঞৰ মতে চৌডি আৰবিয়াই তেলৰ দাম ২০ ডলাৰ পৰ্য্যন্তলৈও লৈ যাব পাৰে তেলৰ উৎপাদন নকমোৱাকৈ আৰু সেই মূল্য কেইমাহ মানৰ পৰা কেইবছৰ মানলৈ ধৰি ৰাখিব পাৰে ।
যিহেতু চৌডি আৰৱ ইতিমধ্য তেলৰ এক বুজন ভঁৰাল আৰু পূৰ্বতে আৰ্জিত লাভৰ ওপৰত বহি আছে, সেয়ে তেওঁলোকৰ অৰ্থনীতিত হয়তো ইমান বেয়া প্ৰভাৱ নপৰিবও পাৰে। কিন্তু তেল উৎপাদনকাৰী আন আন দেশ সমূহৰ অৰ্থনীতিত এক মাধমাৰ পৰিব সেইটো খাটাং। কোনো কোনো বিশেষজ্ঞৰ মতে আমেৰিকাই এই পৰ্যন্ত বিশেষ একো ব্যৱস্থা লোৱা নাই। ইয়াৰ কাৰণ হিচাবে চিহ্নিত হৈছে আমেৰিকাৰ শীতল যুদ্ধৰ লাভালাভ। কাৰণ তেল দাম কমাৰ লগে লগে আমেৰিকাৰ প্ৰতিদ্বন্দী ৰাষ্ট্ৰ ৰাছিয়া, ইৰান, ভেনেজুৱালা আদিকে ধৰি ভালেমান তেল উৎপাদনকাৰী ৰাষ্ট্ৰৰ অৰ্থনীতি হয়তো ভাবিব নোৱাৰাকৈ ভাগি পৰিব এই খাৰুৱা তেলৰ নিম্নগামী দামত। ইয়াও এক শীতল যুদ্ধৰ বিজয় সাব্যস্ত কৰা ধৰণৰেই ৰাজনীতি!

সূত্ৰমতে ৰাছিয়াৰ বাজেটৰ ব্যয় পূৰণ কৰিবলৈ তেলৰ মূল্য কমেও ৯৮ ডলাৰ প্ৰতি বেৰেলত হব লাগে। অন্যথা তাৰ বিৰুপ প্ৰভাৱ দেশৰখনৰ অৰ্থনীতিত পৰাটো খাটাং । মন কৰিব লগা এটা কথা হ’ল পূৰ্বৰ চোভিয়েট ইউনিয়নৰ পতনতো খাৰুৱা তেলৰ ভূমিকা থকা বুলি উচ্চাৰিত হৈ আহিছে । আনহাতে গোলদমান প্ৰতিস্থানৰ মতে আন্তজাৰ্তিক বজাৰৰ তেলৰ কম মূল্যৰ বাবে আমেৰিকাত কম মূল্যৰ গেছলিনৰ ব্যৱহাৰৰ বাবে দেশখনৰ অৰ্থনীতি ০.৫ শতাংশ বৃদ্ধি পাইছে লগতে গ্ৰাহক সকলে প্ৰায় ১৫০ বিলিয়ন ডলাৰ পৰ্যন্ত ৰাহি কৰিছে গেছলিনত । মুঠতে এই খাৰুৱা তেলৰ নিম্নগামী মূল্যই আচলতে কাক বেছিকৈ আক্ৰমণ, কাৰ বেছি ক্ষতি কৰেগৈ আগন্তুক দিন বিলাকতহে নিৰ্ধাৰণ হবগৈ । খাৰুৱা তেলৰ ৰাজনীতিয়ে কাক কেনেকৈ ধাৰাশায়ী কৰে গৈ এতিয়াই একেষাৰতে কৈ দিয়া কঠিন ।

এই খাৰুৱা তেলৰ কম মূল্যই ভাৰতত কেনেকুৱা প্ৰভাৱ পেলাব সেইয়াও এক ডাঙৰ প্ৰশ্ন। সাধাৰণতেই খাৰুৱা তেলৰ কম মূল্য ভাৰতৰ দৰে তেল আমদানিৰ ওপৰত নিৰ্ভৰশীল দেশ এখনৰ বাবে শুভ খবৰেই। প্ৰায় ৫০ ডলাৰ প্ৰতি বেৰেলত কম মূল্যই দেশখনৰ ৬০ বিলিয়ন ডলাৰ প্ৰয্যন্ত বিদেশী মুদ্ৰা সঞ্চয়ত সহায়ক হোৱাৰ সম্ভাৱনা আছে । আনকি ইয়াৰ চিধা প্ৰভাৱ পৰিবহন ব্যৱস্থাত পৰিব যাৰ ফলত হয়তো খাদ্যবস্তুৰ দাম কমাৰ লগতে মূল্যবৃদ্ধি কমাত সহায়ক হব, লগতে দেশৰ অৰ্থনীতি ০.৪ শতাংশ বাঢ়িব পাৰে । নতুনকৈ হোৱা চৰকাৰখনৰ কাৰণেও খাৰুৱা তেলৰ কম দামে বিভিন্ন বিত্তীয় ঘাটি জোৰা মৰাতও সহায়ক হৈ উঠাৰে কথা ।

কিন্তু কথা বিলাক ইমান চিধা-চিধি নহবও পাৰে । কিছু অৰ্থনীতিবিদৰ মতে ভাৰতও ইয়াৰ বিৰুপ প্ৰভাৱহে পৰিব। ইতিমধ্য তাৰ প্ৰভাৱ দেশৰ শ্বেয়াৰ মাৰ্কেটত পৰা দেখা গৈছেই। শ্বেয়াৰ মাৰ্কেট ৰেকৰ্ড পৰিমানৰ কমি গৈছে একেদিনাই। তাৰোপৰি আন দুটা মান বিৰুপ প্ৰভাৱ এনেকুৱা হ’ব পাৰে ।ভাৰতে যি দৰে প্ৰচুৰ পৰিমানৰ খাৰুৱা তেল আমদানি কৰে ঠিক তেনেদৰেই শোধিত পেট্ৰলিয়াম প্ৰডাক্ট ৰপ্তানিও কৰে প্ৰায় ৬০ বিলিয়ন ডলাৰৰ।  তাতো নিশ্চয়কৈ নেতিবাচক প্ৰভাৱ পেলাব, খাৰুৱা তেলৰ ক্ৰম-হ্ৰাসমান দামে।
খাৰুৱা তেলৰ দাম কমাৰ লগে লগে এই শোধিত পেট্ৰলিয়াম প্ৰডাক্টৰ দামো কমি যাব আৰু লগতে উৎপাদিত সামগ্ৰিৰ ডিমাণ্ডও কমি যোৱাৰ সম্ভাৱনা নথকা নহয় । আন হাতে খাৰুৱা তেলৰ দাম কমাৰ লগে লগে বিদেশী পুঁজিৰ ভাৰতত বিনিয়োগো কমি যোৱা সম্ভাৱনা আছে। তাৰোপৰি প্ৰায় ৬০ লাখ ভাৰতীয় এই তেল উৎপাদনকাৰী দেশসমূহৰ উদ্যোগৰ লগত জড়িত আৰু ভাৰতলৈ বছৰি প্ৰায় ৭০ বিলিয়ন ডলাৰ মূল্যৰ টকা এই উদ্যোগত জড়িত সকলৰ যোগেদি ভাৰতলৈ আহে । কিন্তু খাৰুৱা তেলৰ দাম কমাৰ লগে লগে এই উদ্যোগ সমূহত যি ঋনাত্মক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে তাৰ প্ৰভাৱ যে ভাৰত লৈ অহা টকাত নপৰিব তাৰ ঠিকনা নাই ।  তাৰোপৰি ভাৰতৰ অৰ্থনীতিৰ এক বুজন সংখ্যক অৰ্থ আহে বিভিন্ন খনিজ আৰু কৃষিদ্ৰব্যৰ ৰপ্তানিৰ যোগেদি।  কিন্তু খাৰুৱা তেলৰ দাম কমাৰ লগে লগেই এইবোৰ কমোদিতি আইটেমৰও দাম তথা চাহিদা যদি আন্তজাৰ্তিক বজাৰত কমি আহে সিও যে দেশৰ অৰ্থনীতিত বিৰুপ প্ৰভাৱ পেলাব সেইটো খাটাং।

আনহাতে দেশৰ তেল উৎপাদনকাৰী ব্যক্তিগত প্ৰতিষ্ঠান সমূহৰ লগতে ৰাজহুৱা খণ্ডৰ অইল , অ এন জি ছি ৰ ওপৰতো ঋনাত্মক প্ৰভাৱ পেলাব পাৰে । আনহাতে বৰ্ত্তমানলৈ অসমত চেল গেছৰ একো প্ৰকল্প হোৱা নাই যদিও বিভিন্ন চাৰ্ভে আৰু মেপিংত দেখা গৈছে অসম –আৰাকান বেচিনতও যথেষ্ট পৰিমাণৰ চেল গেছৰ উৎসৰ সন্ধান পোৱা গৈছে আৰু ভৱিষ্যতৰ অসমৰ অৰ্থনীতিৰ ছবিখন হয়তো সলনি কৰি পেলাব পাৰে এই চেল গেছে । কিন্তু খাৰুৱা তেলৰ আন্তৰ্জাতিক মূল্য যদি উৰ্দ্ধগামী নহয় তেনেস্থলত অসমত চেল গেছৰ খনন হয়তো একেবাৰেই সম্ভৱ হৈ নুঠিব ব্যৱসায়িক ভাৱে উৎপাদনৰ বাবে । কাৰণ ব্যৱসায়ত চাহিদা আৰু লাভালাভৰ হিচাবেই হৈ পৰে সিদ্ধান্ত লোৱাৰ মূল কাৰক।

No comments:

Post a Comment