Monday, February 23, 2015

জীৱনৰ অনুভৱ

সিন্ধি 
প্ৰতিম প্ৰতাপ বৰুৱা

(১)

আমাৰ আজিৰ প্ৰজন্মই সিন্ধি দেখি পাইছেনে নাই সন্দেহ আছে। চোৰে নিশা চুৰ কৰিবলৈ গৃহস্থৰ ঘৰৰ বেৰৰ তলেদি গাটো সৰকি যাব পৰাকৈ সুৰুঙা এটা খান্দে – সেইটোৱেই সিন্ধি। অৱশ্যে সিন্ধি দিবলৈ ঘৰটো কেঁচা, মানে বাঁহ-মাটিৰে সজা হ’ব লাগিব। শিল-ইটা-চিমেন্ট-বালিৰে সজা আজিকালিৰ ঘৰত চোৰে সিন্ধি দিব নোৱাৰে। (সেইবোৰ ঘৰত চুৰ বা ডকাইতি কৰাৰ উপায় বেলেগ।) নিশা ঘৰৰ গৰাকী শুই নি:পালি দিয়াৰ পিছত চোৰে এই সিন্ধি দিয়া কামটো কৰি, সিন্ধিয়েদি ঘৰৰ ভিতৰলৈ সোমাই গৈ বয়-বস্তু চুৰ কৰি পলাই পত্ৰং দিয়ে বা ধৰা পৰে। আনৰ মুখত শুনা কথা – চোৰে হেনো সিন্ধি খান্দি সোমাই গৈয়ে পোন-প্ৰথমে ঘৰৰ পৰা পলোৱাৰ বাটটো মুকলি কৰি লয়। 


জীৱনত মাত্ৰ এবাৰ এটা সিন্ধি দেখিছিলো প্ৰায় ৩৫ বছৰমান আগতে। আমি তেতিয়া হাইস্কুললৈ যাবলৈ আৰম্ভ কৰিছো মাত্ৰ। এদিন পুৱতি নিশাতে হুৱা-দুৱা লাগিছিল – চোৰ, চোৰ, অমুকৰ ঘৰত চোৰ সোমাল। চিঞৰ শুনি সেইঘৰত মানুহ গোট খাইছিল। হুলস্থূল শুনি সাৰ পাই উঠি সকলোৰে লগতে আমিও গৈছিলো। সেই ঘৰটোলৈ গৈ দেখিছিলো বেৰৰ তলেদি খান্দি থোৱা সিন্ধিটো। সকলোৰে কি উত্তেজনা! গৃহস্থৰ পত্নীয়ে হেনো সাৰ পাই চিকিমিকি আন্ধাৰতে কনামুনাকৈ দেখিছিল কোনোবা মানুহ এটাই কাঠৰ আলমাৰীটোৰ দুৱাৰখন খুলি লৈ ভিতৰখন চাই আছে। ভয়তে তেওঁ “চোৰ ঔ চোৰ” বুলি চিঞৰ মাৰি দিলত মানুহটোৱে ভিৰাই লৰ মাৰিলে। বয়-বস্তু সিমান একো নিব নোৱাৰিলে। পলাই যাওঁতে চোতালৰ কেঁচা মাটিত চোৰৰ ভৰিৰ খোজৰ চিন থাকি গ’ল। পিছত দুপৰীয়া হওঁতে পুলিচ আহিছিল। জীৱনত প্ৰথম সেইদিনাহে ৰঙা টুপী পিন্ধা, হাতত লাঠি লৈ থকা পুলিচক একেবাৰে ওচৰৰ পৰা দেখিছিলো। পিছে চোৰ ধৰা নপৰিল। সিন্ধিটোৰ বাটটো সেইদিনাই বন্ধ কৰি বেৰখন ঠিক কৰি পেলোৱা হ’ল। 

সেই হ’ল তেতিয়াৰ দিনৰ সিন্ধি দিয়া চোৰ। গৃহস্থই সাৰ পোৱাৰ আগতেই নিজৰ কাম কৰি পলাই যায় বা গৃহস্থই সাৰ পাই চিঞৰি দিলে তৰানৰা চিঙি পলাই যায় বা কেনেবাকৈ ধৰা পৰিলে ৰাইজে গুৰুলা-গুৰুলকৈ পিটি থানাত চমজাই দিয়ে। আজিকালি এইধৰণৰ সিন্ধি দিয়া চোৰ নাই কিজানি। আজিকালি দিন-কালৰ বহুত উন্নতি হ’ল। চোৰৰ চুৰ কৰা কিটিপ-কায়দা, আহিলা-পাতি সকলো সলনি হ'ল।
(২)
মনে মনে নিশা সিন্ধি খান্দি গৃহস্থৰ ঘৰৰ ভিতৰ সোমাৱা দিন উকলিল। কিন্তু সিন্ধি দিয়া কামটো অৱশ্যে আজিও চলিয়েই আছে। আমাৰ মনৰ, আমাৰ সমাজৰ, আমাৰ সংস্কৃতিৰ বৰঘৰত সিন্ধি দিয়াই সিন্ধি দিয়েই আছে। এই নতুন ধৰণৰ সিন্ধিবোৰ কোনে কেতিয়াৰ পৰা কেনেকৈ দি আছে বা দি থাকিব পাৰিছে সেয়া নাজানো। এইবোৰ সিন্ধিয়েদি যিবোৰ বস্তু নি:শব্দে সোমাই আহিছে সেইবোৰক আৰু সেইবোৰৰ ফলাফলখিনিক বহুত দেৰীকৈহে ধৰা পেলাব পাৰি। বহু সময়ত সেইবোৰৰ ফলাফলখিনি ধৰাই নপৰে। বা ধৰা পৰিলেও সেইবোৰ আগৰ দিনৰ চোৰবোৰৰ দৰে পলাই নাযায় বা আগৰ দিনৰ দৰে ধৰি-বান্ধি পুলিচক চমজায়ো দিব নোৱাৰি। বৰং সেইবোৰে নিজৰ সমৰ্থকসকলৰ সহায়ত ওলোটাই গৃহস্থক ভাবুকিহে দিয়ে। আনহে নালাগে আনকি আমাৰ ভাষাটোতো সিন্ধি দিয়া হৈছে। 

এটা বাক্যত যদি ১০ টা শব্দ থাকে, তেন্তে তাৰে ৪ টা শব্দ আন ভাষাৰ হৈছে। নিজৰ ভাষাটোৰ শুৱলা, সুৱদীসুৰীয়া শব্দবোৰ লাহে লাহে এৰাপৰলীয়া হৈছে। আন ভাষাৰ শব্দ-বাক্য ব্যৱহাৰ নকৰাকৈ কথা কোৱাটো লাজৰ কথা বুলি ধৰি লোৱা হৈছে। (কিন্তু একে সময়তে সেই “আন ভাষা”টোত মাত্ৰ দহ মিনিট একেলেথাৰীয়ে কথা ক’বলৈ আহ্বান কৰিলে আগবাঢ়ি আহোঁতাৰ সংখ্যা আশা কৰাতকৈ বহুত বেছি কম হৈ আছে।) সিদিনা এজনে সুধিছিল – আজিৰপৰা ত্ৰিছ বা পঞ্চাছ বছৰৰ পিছত কাতিবিহুটো থাকিবগৈনে? আমি উত্তৰ দিবলৈ লৈ তভক মাৰি ৰৈছিলো কিছুসময়।
--------------------------------------------------

লেখকৰ ঠিকনাঃ চি-৯, দিল্লী গভৰ্ণমেন্ট অফিচাৰ্চ ফ্লেট্‌চ্‌, ওৱান এ, বেটেৰী লেন্‌, ৰাজপুৰ ৰোড, দিল্লী-৫৪, ম’বাইল : +৯১৯৮৭১০১৮৮৭৪, ই-মেইল – ppbaruah.delhi@gmail.com

No comments:

Post a Comment