পৰ্যবেক্ষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বোকাত ফুলিছে পদুমঃ 
কোন দিশে অসমৰ ৰাজনীতি?
অজয় লাল দত্ত
অসমত বিজেপি দলে পৌৰ সভা আৰু নগৰ সমিতি সমূহত বিজয় ধ্বজ উৰুৱাবলৈ সক্ষম গৈছে। লোকসভাৰ নিৰ্বাচনত সফলতাৰ পাছত এই ধাৰাবাহিকতা লক্ষণীয়। কংগ্ৰেছৰ সৰ্বস্তৰীয় দুৰ্নীতিৰ বোকাই ছানি ধৰা অসমত, বিসম্বাদীয়ে বাৰুকৈ খচি-ৰখা পথাৰত পদুম ফুল ফুলাৰ পৰিবেশ গঢ় লোৱাৰ ফলতেই যে এয়া সম্ভৱ হৈছে সকলোৱেই সেই কথা উপলদ্ধি কৰিছে। এয়া চাগৈ অসমৰ ভালৰ বাবেই হৈছে। অন্ততঃ তৃণমূল পৰ্যায়ত বিজেপিয়ে কেনেধৰণৰ শাসন উপহাৰ দিয়ে সেয়া ৰাইজে অভিজ্ঞতা লভিবলৈ সক্ষম হব। আৰু সেয়া বিধান সভাৰ নিৰ্বাচনৰ আগতে ৰাইজে "ৰাজ্যখনৰ বিষয়ে সিদ্ধান্ত" লোৱাৰ আগতে সেই অভিজ্ঞতাৰ সোৱাদ লাভ কৰাটো নিশ্চয়কৈ উচিতেই। কংগ্ৰেছে যে উন্নয়নৰ নামত ভয়কংৰ দুৰ্নীতি সকলো স্তৰত সংঘটিত কৰিছিল, সেয়া ৰাইজে বুজি উঠিছে। সেয়ে বিজেপিৰ নেতা-কৰ্মী সকলে সেয়া কৰেনে নকৰে সেয়াও এবাৰ পৰীক্ষা কৰি চাবলৈকে ৰাইজে এই নিৰ্বাচনত ৰায়দান কৰিছে। অগপৰ ওপৰত এতিয়া যে কাৰো আশাও নাই, ভৰসাও নাই সেয়া প্ৰতিফলিত হৈছে।

সঁচাকৈ এই বছৰটোত নিকা, সুশাসন পৌৰ নিগম, নিকায় সমূহত দিব পাৰিলেহে অসমৰ বিধান সভাৰ নিৰ্বাচনত বিজেপি জিকিব পাৰিব। কংগ্ৰেছতকৈ যে তেওঁলোক বেলেগ, একেই কমিছন, দুৰ্নীতিৰ বেহা নকৰিব সেয়া প্ৰমাণ কৰিব লাগিব। সেয়া কৰিব পাৰিলে বিজেপিয়ে এইবাৰ অসমৰ শাসন লাভ কৰাটো এক প্ৰকাৰ নিশ্চিত!

যি সকলে বিজেপিক এতিয়াও ৰোধ কৰাৰ সপোন দেখিছে তেওঁলোকে এই বছৰটোত এই নতুনকৈ শাসন লাভ কৰা সকলৰ কৰ্ম, কীৰ্তি, সুকৰ্ম-কুকৰ্মৰ সঠিক খতিয়ান দাঙি ধৰি সচেতন ভূমিকা ললেহে  আচল গণতান্ত্ৰিক প্ৰক্ৰিয়াটো সৱল হব। ৰাইজৰ সমুখত কংগ্ৰেছ আৰু বিজেপিৰ ব্যৱহাৰিক তথা নীতিগত পাৰ্থক্য যে একো নাই তাক তথ্য, যুক্তি, প্ৰমাণেৰে ৰাইজৰ সমুখত তুলি ধৰিব পাৰিলেহে ৰাইজে বিশ্বাস কৰিব। সেয়া কৰিব নোৱাৰিলে তৃতীয় বিকল্প, আঞ্চলিকতাবাদী শক্তি ইত্যাদি শব্দৰে ৰাইজক আভুৱা ভৰাব নোৱাৰিব সেয়া প্ৰায় খাটাঙ!

বিশেষকৈ অগপৰ পৰা তথা আঞ্চলিকতাবাদী যুৱ-ছাত্ৰ সংগঠনৰ পৰা বিজেপিলৈ সদলবলে ঢাপলি মেলাৰ বাবেই তৃণমূলীয় নিৰ্বাচনটো বিজেপি জিকিব পাৰিছে। লোকসভা নিৰ্বাচনত মোডীৰ ঢৌত উচাহ পোৱা এজাক কৰ্মীৰ বাবেই এয়া সম্ভৱ হৈছে। কিন্তু তাৰে সৰহভাগেই যে, দলবাগৰা বা বিগত দুবছৰৰ ভিতৰতহে দলটোলৈ সুযোগৰ সন্ধানত ভৰ্তি হোৱা সেই কথাও কোনেও অস্বীকাৰ কৰিব নোৱাৰে। কংগ্ৰেছৰ দালালৰাজ তথা সকলো স্তৰতে দুৰ্নীতিৰ গোজ-গজালিবোৰক লৈ ৰাইজ বিগত সময়চোৱাত অস্বস্তিত আছেই। স্বাস্থ্য সেৱাৰ অধঃপতন, শিক্ষা, জলসিঞ্চন, আবকাৰীকে ধৰি প্ৰায়বোৰ বিভাগত ছানি ধৰা দুৰ্নীতি আঁতৰাবলৈ কোনো পদক্ষেপ নোলোৱা, কৃষি বিভাগত হৈ থকা মুকলি বেহা, বিসম্বাদৰ নামত চলা নৌটংকি, নাম লবলৈ লাজ লগা ব্যক্তিত্বৰ মন্ত্ৰীৰ নিযুক্তি আদিয়ে ৰাইজক ক্ষোভিত কৰিছে। সেই কথা আজিৰ ফলাফলে নিশ্চিত কৰিছে। অসমত কংগ্ৰেছক পুনৰ বিধান সভা গতাই দিয়াৰ যে ৰাইজৰ মন নাই, সেই কথাও স্পষ্ট হৈ পৰিছে।

আৰু সেয়া এক সঠিক সিদ্ধান্তই। গগৈ চৰকাৰে ক্ৰমাত কৰি খোৱাৰ ( কেন্দ্ৰত কমিচন দি ধন আনি অলপ কাম কৰি লাভ খোৱাৰ) দিন আৰু কংগ্ৰেছৰ যেন নাই, ৰাজ্য চৰকাৰখন যেন এতিয়া নিস্কৰ্মালৈ পৰ্যবেক্ষিত হৈছে। কেন্দ্ৰত বিজেপি চৰকাৰ অহাৰ পাছৰ পৰা যেন এই স্থবিৰতাই অসমত স্থায়ী ৰূপ লবলৈ ধৰিছে। বাজেটৰ ধন মোকোলাই দিয়াৰ নীতিয়ে কমেও চল্লিশ শতাংশ ধন অসমে এই বিত্তীয় বৰ্ষত ব্যৱহাৰ কৰিব নোৱাৰাটো নিশ্চিত কৰিছিলেই। অসমৰ ৰাজ্য প্ৰশাসনৰ আজিৰ স্থিতিয়ে বাকী ৬০শতাংশৰো কিমান ধন প্ৰকৃত পক্ষে খৰছ কৰাত অকনমানো সফল হৈছে তাৰ তিলমান উদাহৰণো বাস্তৱক্ষেত্ৰত জিলিকি উঠা নাই।

যিটো সময়ত অসমে সমস্যাৰ সৈতে যুঁজিব পৰা নাই, সেইটো সময়তে দ্বায়িত্বশীল পদত থকা মুখ্যমন্ত্ৰী তথা তেওঁৰ মন্ত্ৰীবৰ্গৰ টুলুঙা মন্তব্য, প্ৰদেশ কংগ্ৰেছৰ বিষয়-ববীয়াৰ গাত-কথা নলগা ধৰণৰ বেপেৰুৱা কথা-বতৰাই অসমৰ ৰাইজক বিৰক্ত কৰিছে, বিকল্পৰ সন্ধান কৰিবলৈ বাধ্য কৰিছে। আৰু তাৰেই উত্তৰ আজি গগৈ চৰকাৰে বা শাসকীয় পাৰ্টিটোৱে যোগ্য ভাৱেই পাইছে। এতিয়া অসম বিজেপিয়ে এই সুবিধাটো কেনেকৈ সদ-ব্যৱহাৰ কৰে সেয়া সঁচাই লক্ষণীয় হব।

অসমৰ ৰাইজে প্ৰত্যক্ষ কৰা বিভিন্ন ৰাজনৈতিক ঘটনাৱলীৰ ভিতৰত অসম বিজেপিৰ বিধায়ক সকলৰ কৰ্মৰাজিও অহা বিধান সভাৰ নিৰ্বাচনত নিশ্চয়কৈ হিচাবলৈ আহিব। ৰাজ্য সভাৰ নিৰ্বাচনত টকা লৈ নিজকে বিক্ৰী কৰি পাছত কৰা নাটকবোৰ সাধাৰণ ৰাইজে বুজি পোৱা নাই বুলি অভিযোগৰ আঙুলি উঠা বিধায়ককেইজনে ভবাটো ভুল কথা। ৰাইজে সকলোকে চিনি ৰাখে। বিজেপিৰ বিধায়ক সকলে আন পাৰ্টিৰ বিধায়ক সকলতকৈ কি কি কথাত বেলেগ সেই কথা প্ৰমাণ কৰিব লাগিব। সমষ্টি উন্নয়ন পুঁজিৰ ব্যৱহাৰৰ ক্ষেত্ৰত তেওঁলোকে আন দলৰ বিধায়কৰ দৰেই কমিচনৰ খেল যে কৰা নাই সেই কথাও ৰাইজে জানিব লাগিব। এই বছৰটোত অন্ততঃ তেওঁলোকে এই কথাবোৰ পৰিস্কাৰ কৰি ৰাইজৰ ওচৰত নিজকে "পৃথক" ধৰণৰ বুলি প্ৰমাণ কৰিব পাৰিব লাগিব। স্থানীয় নিকায়-পৌৰ সভা, নিগম সমূহকো তেওঁলোকে তৃণমূলীয়া জনপ্ৰতিনিধি সকলক দিহা দি কৰ্মৰে প্ৰমাণ দিব লাগিব আৰু এই নিৰ্বাচনত সঠিক পৰিবৰ্তন ৰাইজে চিহ্নিত কৰি লোৱা বুলি আশ্বস্ত কৰিব লাগিব। নহলে এই ক্ৰমাত দ্ৰুত পৰিবৰ্তনশীল সমাজত পৰিণত হোৱা সচেতন নাগৰিকে কাক কেতিয়া দলিয়াই পেলাব কোনেও নিশ্চিতি দিব নোৱাৰে। দিল্লীৰ সদ্য সমাপ্ত নিৰ্বাচনেই তাৰ প্ৰমাণ! আৰু বিগত সময়চোৱাত অসমত বিজেপিৰ বিধায়ক আৰু আন সৰু জনপ্ৰ্তিনিধি সকলৰ বাস্তৱিক চৰিত্ৰ যে কংগ্ৰেছৰ সকলতকৈ একো বেলেগ নহয়, সেয়া জিলিকি আছেই আৰু এই ছবিক মেৰামতি কৰি অনাটো দলটোৰ বাবে হব অন্য এক প্ৰত্যাহ্বান।

অসম সাম্প্ৰদায়িক ৰাজনীতিৰ আগ্নেয়গিৰি বুলি মুখ্যমন্ত্ৰীয়ে কোৱা কথাষাৰ আমি কোনেও উলাই কৰিলে নহব। অনাগত দিনত শাসন লাভৰ সপোন ফলিয়াবলৈ, এনে বিষাক্ত ৰাজনীতি যে অসমৰ দৰে সাৰুৱা ভূমিত বিজেপিৰ দৰে এটা দলৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ হাথিয়াৰ হৈ নুঠিব, সেয়া কোনেও নুই কৰিব নোৱাৰে। বেংগেলুৰুৰ দৰে চহৰত সোমাবলৈ উচ্চ ন্যায়ালয়ে অনুমতি নিদিয়া হিন্দু নেতা প্ৰবীণ ভাই টোগাড়িয়াৰ দৰে নেতাই অসমত কোনো ৰাজনৈতিক বা সামাজিক বাধা নোপোৱাকৈ টিঘিল ঘিলাই ফুৰাটোও নিশ্চয়কৈ উদ্বেগৰ বিষয়। অসমৰ স্পৰ্শকাতৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি এনে নেতাক আইনগত ভাৱে বাধা আৰোপ কৰাত অসমৰ সংগঠনসমূহে দৃষ্টি দিব লাগে। বিকাশমূলক কামত ৰাইজৰ ধনৰ সদ-ব্যৱহাৰ কৰি দেশ তথা ৰাজ্য নিৰ্মাণ বিষয়ত ৰাজনীতি হওক। ঘাতক জাতি-ধৰ্মৰ ৰাজনীতিত সকলোৱেই বাধা দিবলৈ আগবাঢ়ি আহক।

অনাগত বৰ্ষটো অসমৰ শাসক, বিৰোধী, জাতীয় সংগঠন, সংবাদ মাধ্যম, বুদ্ধিজীৱি সকলোৰে বাবেই অতি জটিল সময়। সকলোৱে নিজৰ নিজৰ সৱল ভূমিকা পালন কৰিব লাগিব। কৰ্মৰ ভিত্তিত, নীতিৰ ভিত্তিত ভাল-বেয়া ৰাইজক ফঁহিয়াই দেখুৱাব লাগিব। অসম সম্পৰ্কে ভিন্ন সময়ত ভিন্ন স্থিতি গ্ৰহণ কৰি হাঁহিয়াতৰ পাত্ৰ হোৱা বিজেপি দলক ৰাজ্যৰ শাসনৰ বাবে গ্ৰহণ কৰাৰ আগতে "ৰাজ্যিক বিজেপিয়ে কথাবোৰত সৱল স্থিতি গ্ৰহণ কৰি বাস্তৱত সেইবোৰ ৰূপায়ণৰ কৰা উদাহৰণ" দাঙি ধৰিব লাগিব। লগতে কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমবাসীক কি কি প্ৰাপ্য এই সময়চোৱাত আদায় কৰি দিব পাৰিলে তাৰ হিচাবে ৰাইজে বিচাৰিবই। এইক্ষেত্ৰত সঁচাকৈয়ে ৰাজ্যিক বিজেপিয়ে নিজৰ শক্তি তথা সামৰ্থ্য প্ৰদৰ্শন কৰিব পাৰিব লাগিব।

অখিল গগৈৰ নেতৃত্বত আহি থকা কৃষক মুক্তিৰ ৰাজনৈতিক দলেও এইখিনি সময়ত বেছি সৱল ভূমিকা গ্ৰহণ কৰিব লাগিব। প্ৰতিটো খোজতে কেন্দ্ৰত থকা বিজেপি চৰকাৰ, ৰাজ্যত থকা কংগ্ৰেছ, পৌৰ-নিকায়-পঞ্চায়ত সমূহত থকা বিভিন্ন দলৰ শাসক সকলে কৰা ভুলবোৰ-কেলেংকাৰীবোৰ উদঘাটন কৰি তেওঁলোকক ৰাইজৰ সমুখত মুখা খুলি দিব লাগিব, ন্যায়ালয়ৰ মজিয়ালৈ টানি নিব লাগিব। এই কথাবোৰত শক্তিহীন হৈ পৰা আঞ্চলিকতাবাদী, বাওঁঁপন্থী দলসমূহেও নিজৰ শক্তি প্ৰদৰ্শন কৰি ৰাইজৰ মৰম লাভ কৰিবলৈ প্ৰচেষ্টা চলাব পাৰে। আম আদমী পাৰ্টিয়েই সততাৰ ভেটিত বিকল্প ৰাজনীতিৰ পোখা হয়তো অসমতো মেলাবলৈ সক্ষম হব, সেই আশাও কৰিব পাৰি। 

সাম্প্ৰদায়িক শক্তি সমূহ, সাধাৰণ মানুহৰ কথা চিন্তা নকৰা নীতিৰ দলক চিনাক্ত কৰি, মৌলিক সমস্যাৰ সমাধানত একগোট হব পৰা সম-ভাবাপন্ন নিকা শক্তি সমূহে একেলগ হোৱাৰ কুচকাৱাজ এই অনাগত দিনবোৰতে কৰিব লাগিব। অসমৰ মানুহক উন্নয়নমুখী কাম দক্ষ ভাৱে কৰি দিব পৰা দলৰ শাসন লাগে, সেই কাম কৰি দিব পৰা দক্ষতা প্ৰতিপন্ন কৰা যিকোনো শক্তিকে ৰাইজে আদৰি লব সেয়া নিশ্চিত। অনৰ্থক বোকা ছটিওৱাৰ ৰাজনীতিতকৈ আনৰ ভুলক তথ্য-যুক্তিৰে প্ৰতিপন্ন কৰা, দুৰ্নীতিৰ অৱসান ঘটোৱা, পৰিকল্পনা, নিশ্চিত কৰ্ম-পদ্ধতি, কাৰ্য-দক্ষতা প্ৰদৰ্শন কৰি ৰাইজৰ কামত আহিব পৰা 
দলৰূপে আশাৰ ৰেঙনি কঢ়িয়াই আনিব পৰাকৈ কোনে নিজকে গঢ়ি তুলিব পাৰে সেয়া লক্ষণীয় হব। এনে যোগাত্মক প্ৰতিযোগিতাইহে  অসমৰ নতুন ভৱিষ্যত নিৰ্ণয় কৰিব সেয়া নিশ্চিত।

No comments:

Post a Comment