পৰ্যবেক্ষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে বাজেট-২০১৫ৰ মূল কথাবোৰ

আজি বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে মোদী চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেটত সদনত উত্থাপন কৰে। ভাল দিনৰ প্ৰতিশ্ৰুতি দি শাসনলৈ অহা চৰকাৰখনৰ প্ৰতি ৰাইজৰ অলেখ আশা জড়িত হৈ আছে। ৰাইজৰ আশা পূৰণ কৰিবলৈ চৰকাৰখনে কি কি মূল পৰিকল্পনা প্ৰকাশ কৰিছে তাকেই থোৰতে ইয়াত আলোচনা কৰিবলৈ লোৱা থৈছে। সুক্ষ্ম-পৰ্যবেক্ষণৰ মাজেৰে দেশৰ বিভিন্ন বিশেষজ্ঞ সকলে, অৰ্থনৈতিক, ৰাজনৈতিক বিশ্লেষক সকলে কথাবোৰ ভালকৈ ৰাইজক ফঁহিয়াই দিব বুলি আশা ৰাখিছো।

এই বাজেটত মূলতে প্ৰতিফলিত হোৱা দিশ সমূহ হৈছে-
  • আয়কৰ বাবে ৰেহাই পোৱাৰ উচ্চতম সীমা ৰেখাৰ ক্ষেত্ৰত কোনো পৰিবৰ্তন ঘোষণা কৰা হোৱা নাই।
  • দেশত সেৱা-কৰ ১২৹৩৬%ৰ পৰা ১৪%লৈ বৃদ্ধি কৰিব খোজা হৈছে।
  • ·কৰ্পৰেট বা কোম্পানীসমূহৰ বাবে প্ৰযোজ্য কৰ বা নিগম কৰ ৩০%ৰ পৰা ২৫%লৈ হ্ৰাস  কৰাৰ প্ৰস্তাৱ ৰখা হৈছে।
  • স্বাস্থ্য বীমাৰ প্ৰিমিয়ামৰ কৰ ৰেহাইৰ পূৰ্বৰ ১৫০০০ৰ পৰা ২৫০০০টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ।
  • বয়সস্থ নাগৰিকৰ চিকিৎসাৰ খৰচত কৰ ৰেহাই পূৰ্বৰ ১০০০০ৰ পৰা ৩০০০০টকালৈ বৃদ্ধি কৰা হৈছে। 
  • ·বছৰত এক কৌটিতকৈ বেছি আয় কৰা ব্যক্তি সকলক আয়ৰ ওপৰত ২% অতিৰিক্ত শুল্ক লবলৈ থিৰাং কৰা হৈছে।
  • এক লাখ টকাতকৈ অধিক মূল্যৰ সামগ্ৰী ক্ৰয় কৰিলে PAN কাৰ্ড নাম্বাৰ উল্লেখ কৰাটো বাধ্যতামূলক কৰাৰ প্ৰস্তাৱ।
  • ধঁপাত জাতীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰে সেৱনকাৰী কমাবলৈ চেষ্টা কৰা হৈছে।
  • ক'লা ধনৰ গৰাকীৰ বাবে কঠোৰ আইন প্ৰৱৰ্ত্তন তথা ১০ বছৰলৈ জেল প্ৰেৰণৰ বাবে ব্যৱস্থা কৰিবলৈ বিচৰাৰ সুখবৰ।
  • 'স্বচ্ছ ভাৰত অভিযান কোষ' আৰু 'গংগা চাফাই অভিযানৰ কোষ' লৈ আগবঢ়োৱা ধনত ১০০%  আয়কৰ ৰেহাই দিয়া হব বুলি কৰিছে ঘোষণা।
  • ·অসমকে ধৰি জম্মু-কাশ্মীৰ, পাঞ্জাৱ, হিমাচল প্ৰদেশ আৰু তামিলনাডুত ৫খন নতুন AIIMS স্থাপন কৰা হ'ব।
  • কৰ্ণাটকত এখন নতুন IIT তথা ধানৱাদস্থিত ইণ্ডিয়ান স্কুল অৱ মাইনচক IIT লৈ উন্নীতকৰণৰ বাবে উদ্যোগ লোৱাৰ প্ৰস্তাল।
  • অন্ধ্ৰপ্ৰদেশ আৰু জম্মু কাশ্মীৰত দুখনকৈ IIM স্থাপন কৰাৰ বাবে উদ্যোগ লোৱা হব বুলিও ঘোষণা কৰা হৈছে।
  • ·অৰুণাচল প্ৰদেশত চলচিত্ৰ নিৰ্মাণ আৰু প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ বাবে প্ৰস্তাৱ ৰাখিছে বিত্ত মন্ত্ৰালয়ে।
  • প্ৰতি ৫বৰ্গকি.মিয়ৰ সীমাৰ ভিতৰত একোখনকৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়। নতুন কৈ ৮০০০০ চৰকাৰী বিদ্যালয় স্থাপন কৰিবলৈ ওলোৱাটো দেশৰ উচ্চ শিক্ষাৰ বাবে সুখবৰ।
  •  ১লাখ কৌটি টকা ব্যয় সাপেক্ষে ৪০০মেগাৱাট শক্তিশালী ৫টা অতি-বৃহৎ শক্তি প্ৰকল্পৰ ঘোষণা কৰা হৈছে।
  • ·২০২০ চনৰ ভিতৰত ভাৰতৰ প্ৰত্যেকখন গাওঁৰ বৈদ্যুতিকৰণৰ বাবে লক্ষ্য স্থিৰ কৰা হৈছে। গ্ৰাম্য বৈদ্যুতিকীকৰণত প্ৰাধান্য দিয়া হব বুলিও জানিব পৰা গৈছে।
  • ·প্ৰতিৰক্ষা খণ্ডক শক্তিশালী আৰু আধুনিক ৰূপত গঢ়ি তোলাৰ বাবে ২লাখ ৪৬হাজাৰ ৭২৭কৌটি টকা ধাৰ্য কৰা হৈছে।
  • দেশৰ স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবে ৩লাখ ৩১হাজাৰ ৫০০কৌটি টকা ধাৰ্য কৰা হৈছে।
  • নন-প্লেন বা পৰিকল্পনা বৰ্হিভূত খৰছৰ বাবে  ১৩৹১২লাখ কৌটি টকা ব্যয়ৰ বাবে ধাৰ্য কৰাৰ প্ৰস্তাৱ।
  • প্লেন বা পৰিকল্পিত আঁচনিৰ নামত ৪৹৫৬ লাখ কৌটি টকা ব্যয়ৰ বাবে ধাৰ্য কৰা হৈছে।
  • দেশৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৭০০০০কৌটি টকা ধাৰ্য কৰা হৈছে।
  • ·গ্ৰামীণ আন্তঃগাঁথনি উন্নয়নৰ বাবে ২৫০০০কৌটি টকা ধাৰ্য কৰাৰ সুখবৰ।
  • ১২০০কৌটি টকা ব্যয়-সাপেক্ষে মুম্বাই-আহমেদাবাদত দ্ৰুত-পথ নিৰ্মাণৰ প্ৰস্তাৱ ৰখা হৈছে।
  • ·MNREGA আঁচনি চলি থাকিব আৰু ইয়াৰ বাবে সৰ্বোচ্চ ৩৬৯০০কৌটি টকা এই আঁচনিৰ নামত ধাৰ্য কৰি গ্ৰাম্য ৰোজগাৰৰ বাবে চেষ্টা চলোৱাক কাৰ্যক্ষম ৰূপত গঢ়ি তুলিবলৈ বিচৰা বুলিও প্ৰকাশ পাইছে।
  • ·আগন্তুক বৰ্ষৰ পৰা GST প্ৰৱৰ্ত্তন হব।
  • Per Drop, More Crop মূলমন্ত্ৰ আগত ৰাখি প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন আঁচনিৰ বাবে ৫৩০০কৌটি টকা ধাৰ্য ।
  • মহিলা আৰু শিশু কল্যাণৰ বাবে ১০৩৫১ কৌটি টকা ধাৰ্য 
  • মধ্যকালীন সময়-সীমাৰ বাবে ৩% ঘৰুৱা উতপাদৱনৰ লক্ষ্য স্থিৰ কৰা হৈছে।
  • কৃষকৰ বাবে গঠন কৰা হ'ব -- 'ৰাষ্ট্ৰীয় কৃষি বজাৰ' ।
  • ২০১৮ চন লৈকে ঘাটি বাজেটৰ পৰিমাণ কমোৱাৰ লক্ষ্য ৩% স্থিৰ কৰি লোৱা হৈছে।
  • নাৰী সুৰক্ষা নিশ্চিতকৰণৰ বাবে নিৰ্ভয়া পুঁজিৰ নামত ১০০০কৌটি টকা ধাৰ্য কৰা হৈছে।
  • বিভিন্ন স্ব-নিয়োজন আঁচনিৰ নামত ১০০০কৌটি টকা ধাৰ্য কৰা হৈছে।
  • ·ধন-জন বীমা আঁচনিৰ যোগেদি বেংক একাউন্ট খোলা প্ৰত্যেক ব্যক্তিয়ে বছৰেকত ১২টকাৰ বিনিময়ত ২লাখ টকাৰ দুৰ্ঘটনা বীমা আঁচনিৰ সুবিধা পাব। 
  • ·অটল অৱসৰ আঁচনিৰ ঘোষণা। ১০০০টকা ব্যক্তিজনে জমা ৰখাৰ বিপৰীতে চৰকাৰে ১০০০টকা জমা ৰাখিব। 
  • পথ আৰু ৰে'লৱেৰ প্ৰকল্পৰ বাবে কৰ-মুক্ত আন্তঃগাঁথনি ব'ণ্ড। 
  • গ্ৰামীণ অঞ্চলত প্ৰতিটো পৰিয়ালকে একোটাকৈ ঘৰ দিয়াৰ উদ্দেশ্যেৰে ২কৌটি নতুন ঘৰ নিৰ্মাণৰ লক্ষ্য স্থিৰ কৰা হৈছে।
  • বিহাৰ আৰু পশ্চিমবংগলৈ কেন্দ্ৰৰ তৰফৰ পৰা বিশেষ অৰ্থনৈতিক সাহায্য প্ৰদানৰ বাবেও প্ৰস্তাৱ কৰা হৈছে।
  • ভাৰতীয় সোণৰ মুদ্ৰা বিক্ৰীৰ বাবে উলিয়াই দিয়াৰ প্ৰস্তাল। এই ঘৰুৱা সোণৰ মুদ্ৰাত অশোক চিহ্ন থাকিব ।
  • ১৫০খন দেশৰ নাগৰিকক তৎকালীন ভিছা প্ৰদানৰ ব্যৱস্থা কৰা হব।
  • পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণৰ উদ্দেশ্যেৰে বৈদ্যুতিক গাড়ী নিৰ্মাণৰ প্ৰকল্পৰ বাবে ৭৫কৌটি টকা ধাৰ্য।
  • · General Anti Avoidance Rule (GAAR) দুবছৰলৈ পৰিহাৰ্য কৰি ৰখাৰ প্ৰস্তাৱ।
  • ·'Benami Transaction Prohibition Bill' প্ৰৱৰ্ত্তন কৰা হ'ব। বিশেষকৈ দেশৰ আভ্যন্তৰীণ ক'লা ধনৰ লেন-দেন নিয়ন্ত্ৰণৰ বাবে প্ৰচেষ্টা চলোৱাৰ লগতে আনৰ নামত সম্পত্তি আহৰণ ৰোধ কৰাৰ বাবেও এই গুৰুত্বপূৰ্ণ পদক্ষেপ লবলৈ বিচৰা হৈছে বুলি বিত্ত মন্ত্ৰীয়ে সদনত প্ৰকাশ কৰিছে।
  • সস্তা হবঃ দামী জোতা, ডিজিটেল কেমেৰা, LED, LCD টিভি, এম্বুলেঞ্চ সেৱা ধূপ,  চিৰিয়াখানালৈ যোৱা
  • দাম বাঢ়িল- কেবল টিভি, জিম, বিউটি পাৰ্লাৰ,  বিয়াৰ সামগ্ৰী, ফোনৰ বিল, হোটেলৰ খানা ইত্যাদিৰ
(ভাৰতৰ উদ্যোগী তথা বণিক মহলে কৰা আশা-আকাংক্ষা শীৰ্ষক লেখাটিৰ বাবে ইয়াতে ক্লিক কৰক)
যুগুতালে- ৰূপাংকৰ চৌধুৰীয়ে

No comments:

Post a Comment