বিশেষ নিৱন্ধ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

কেঞ্চাৰৰ বিষ আৰু বিড়ম্বনাৰ উৎস বিচাৰি
ডাঃ গায়ত্ৰী গগৈ

'Pain is a psychical adjunct of an imperative protective reflex' -Sherrington, Neurophysiologist. 

মানুহৰ জীৱনৰ সবাতোকৈ উচ্চাৰিত অনুভূতিৰ নাম 'বিষ'। ‘বিষ’, যি অনুভুতিৰ শীৰ্ষতম অথবা বিষাদতম বিন্দুত উপনীত কৰাব পাৰে, যাক কোনেও উপেক্ষা কৰিব নোৱাৰে। মানুহে শৰীৰৰ প্ৰাচীনতম সংগী 'বিষ'ক অবজ্ঞা কৰিব কদাপি পৰা নাই। একপ্ৰকাৰে ই মানুহক ওৰে জীৱন ত্ৰস্তমান কৰি ৰাখে। প্ৰকৃতাৰ্থত শাৰিৰীক যন্ত্ৰণাৰ অন্যতম উপাদান হ'ব বিষ। কিন্তু বিষৰ সংজ্ঞাৰ পৰা স্পষ্ট যে ই প্ৰকৃততে শৰীৰক সুৰক্ষা দিবলৈ প্ৰয়োজন হোৱা সকীয়নি স্বৰূপ। ইয়াক মানুহৰ দেহৰ আভ্যন্তৰীণ বিসংগতিৰ জাননী বুলিও ক'ব পাৰি। এই বিষত জৰ্জৰিত মানুহ হৈ মানুহ দৌৰি আহে চিকিৎসকৰ ওচৰলৈ তাৰ উপশম বিচাৰি। এই লেখাৰ পটভূমি হ'ল এক ফেব্ৰুৱাৰীত 'নিউজ লাইভ' চেনেলত সম্প্ৰচাৰিত হোমেন বৰগোহাঞিৰ সৈতে হোৱা 'কথা-বাৰ্তা' অনুষ্ঠানৰ 'স্তন কেঞ্চাৰ' সন্দৰ্ভত এই লেখকৰ আলোচনা। কেঞ্চাৰৰ সৈতে বিষৰ যি বৈপৰীত্য আৰু বিড়ম্বনা, সময়ৰ সীমাবদ্ধতাৰ বাবে কাৰণ বাখ্যা সম্ভৱ হৈ নুঠিল। কিন্তু মোৰ শিক্ষাগুৰু, পেথ'লজী বিভাগৰ মুৰব্বী অধ্যাপক, যি মোৰ প্ৰেৰণাৰ উৎস আৰু মোৰ কামৰ নিৰ্মোহ সমালোচক- ডাঃ ৰামকান্ত হাজৰিকা ছাৰে 'কেঞ্চাৰ বিষ'ৰ উত্তৰত বিস্তৃত প্ৰয়োজন আছিল বুলি উনুকিয়ালে। মন দি ভালকৈ চিন্তা কৰিলো - হয়, ছাৰৰ যুক্তিৰ গভীৰতা আছে। সময়ৰ সীমাবদ্ধতাৰ উত্তৰত সন্তুষ্ট হ'ল যদিও মোৰ বিবেক অলপো ক্ষান্ত নহ'ল। দৰ্শকে কেঞ্চাৰৰ বিষ, তাৰ সাময়িক বৈপৰীত্য আৰু তাৰ বিড়ম্বনাৰ সঁচা ছবিখন জনাৰ অধিকাৰ আছে। আশা কৰিব পাৰি এই লেখাই ৰাইজক অধিক সচেতন হোৱাত আৰু প্ৰাৰম্ভিক ৰূপ নিৰ্ণয়ত সহায় কৰিব।

কেঞ্চাৰৰ বিষ এক অৱধাৰিত সত্য, এৰাব নোৱাৰা সম্পৰ্ক। কিন্তু বিড়ম্বনা এই যে প্ৰাথমিক পৰ্যায়ত তাৰ উমঘাম বিচাৰি পাবলৈ নাই। যাৰ ফলত মানুহে আন সহিব পৰা লক্ষণ সমূহলৈ ততাতৈয়াকৈ চিকিৎসকৰ ওচৰলৈ সহজে নাহে। কেঞ্চাৰৰ দৰে গুৰুতৰ বেমাৰে শৰীৰত অসহনীয় বিষ-যন্ত্ৰণাৰ প্ৰদৰ্শন কৰিব বুলি ভবাৰ স্থল নিশ্চয় আছে। কিয়নো অন্তিম অৱস্থাত ৰোগীয়ে যি অভাৱনীয় বিষ আৰু যন্ত্ৰণাৰ অভিজ্ঞতা লাভ কৰে, তাৰ ছবি মানুহৰ মনত স্থায়ী হৈ ৰয়। তলৰ কবিতা ফাঁকিৰ পৰাই অনুমান কৰিব পাৰি যে সৰ্বসাধাৰণৰ কাৰণে কেঞ্চাৰ মানে বিষ-যন্ত্ৰণাৰ প্ৰতিচ্ছবি। 

My uncle Joey, an incredible man
way back in his wonderful minda condition kicks in
of and unimaginable kind
Cancer is its name
pain is what it causes
it acts as an unthinkable game
for it never pauses
- Dana Schlemmer
(UNCLE JOEY)

প্ৰাৰম্ভিক স্তৰৰ কেঞ্চাৰত বিষৰ অনুপস্থিতি সেয়েহে এক বৈপৰীত্য। গভীৰ ভাৱে চিন্তা কৰিলে দেখিম যে প্ৰাথমিক স্তৰত যদি বিষৰ উপস্থিতি থাকিলেহেঁতেন, মানৱজাতি কেঞ্চাৰৰ সংশয়ত হ'ল ত্ৰস্তমান হোবাৰ কোনো প্ৰশ্নই নাছিল। আন সাধাৰণ ৰোগৰ দৰেই মানুহ চিকিৎসাৰ বাবে দৌৰি আহিলহেঁতেন, বেছি ভাগতে ৰোগ নিৰ্ণয় হৈ পৰিলহেঁতেন অনতি পলমে। অকণমান টেমুনাতো শল্য চিকিৎসাই অথবা অতি সীমিত চিকিৎসাই মানুহক সুস্থ কৰি তুলিলেহেঁতেন। তাৰ প্ৰমাণ এই যে এতিয়াও প্ৰাথমিক স্তৰত ধৰা পৰিলে চিকিৎসাই মানুহক কেঞ্চাৰৰ পৰা সম্পূৰ্ণ মুক্ত কৰিব পাৰে। প্ৰাথমিক স্তৰত এই বেমাৰৰ চৰিত্ৰ হ'ল অতি সীমিত কোষত স্থাপন তথা নম্ৰ, ভদ্ৰ, ধীৰগতিৰ। কিন্তু সময়ৰ আগবঢ়াৰ লগেলগে শৰীৰৰ বাকী কোষ সমূহ নিজৰ নিয়ন্ত্ৰণলৈ আনি টেমুনাটোৱে শক্তিশালী আৰু উগ্ৰ ৰূপ ধাৰণ কৰিবলৈ লয়। গতিকে, অতি সামন্যতম অস্বাভিৱকতা বা লক্ষণৰ প্ৰতি সচেতন নহ'লে ৰোগ নিৰ্ণয় অসম্ভৱ। 

ডিম্বকোষৰ কেঞ্চাৰত বহুসময়ত এনে হয় যে বৃহৎ আকাৰ ধাৰণ নকৰালৈ অনুভৱ কৰাৰ উপায় নাই। স্তন হ'ল এক বাহ্যিক অংগ। সেয়েহে মহিলা সকলে অলপ সাৱধান হলেই বেমাৰ ধৰা পেলোৱা সহজ। কিন্তু এই কথাটো আভ্যন্তৰীণ অংগ, যেনে- হাওঁফাওঁ, পাকস্থলী, পিত্তাশয়, অগ্ন্যাশয়, বৃক্ক, মূত্ৰাশয়, মগজু আদিত বাঢ়ি অহা টেমুনা হ'লে চকুৰে দেখা, হাতেৰে চুই পোৱাৰ প্ৰশ্নই নুঠে। অতি প্ৰাৰম্ভিক নম্ৰ চৰিত্ৰৰ হৈ থাকোঁতে ৰোগ নিৰ্ণয় হ'লে কেঞ্চাৰক জয়ী কৰা সহজ আৰু সম্ভৱ হ'ল হেঁতেন বুলি দাবী কৰাৰ স্থল আছে। কেনেকৈ? অতিমাত্ৰা অসহ্যকৰ বিষত বিতত হৈ চিকিৎসকৰ ওচৰ চাপিলে ৰেডিঅ'লজিকেল আৰু পেথ'লজিকেল পৰীক্ষাৰ দ্বাৰা অনতিপলমে কেঞ্চাৰৰ উপস্থিতি আৱিষ্কাৰ হ'লহেঁতেন। অৰ্থাৎ বিষ তেনে পৰিস্থিতিত অতি উল্লেখযোগ্য আশীৰ্বাদৰূপে পৰিগণিত হ'ব লগা আছিল। সন্তান জন্মৰ প্ৰাকমুহূৰ্তত বিষেই একমাত্ৰ প্ৰসৱৰ জাননী। পিত্তত পাথৰ, বৃক্কত পাথৰৰ কি ভয়ংকৰ বিষ! কেঞ্চাৰে বিষৰ ঘন্টা বজাই আগমনৰ জাননী দিলে সলনি হ'লহেঁতেন তাৰ অতীত ইতিহাস আৰু অনাগত ভৱিষ্যৎ। 

ভাৰতীয় ক্ৰিকেটৰ উজ্জ্বল নক্ষত্ৰ যুৱৰাজ সিঙে কেঞ্চাৰৰ আক্ৰমণৰ সময়ত বাৰে বাৰে বমি অনুভৱ কৰিছিল। তেওঁ আত্মজীৱনী 'The test of my life;-ত উল্লেখ কৰিছে যে খোৱাৰ গন্দগোল বা খেলৰ উৎকণ্ঠাৰ ফলত হোৱা বুলি ভাবি স্বাস্থ্য পৰীক্ষা কৰিবলৈ হেমাহি কৰিছিল। কেতিয়াবা খাবলৈ মন নোযোৱা, আভোক ভাৱ লাগি থকা, ডিঙিত কিবা খহটা যেন লগা, কণ্ঠস্বৰ সলনি হোৱা, কাহত তেজ উলোৱা, প্ৰস্ৰাৱত তেজ যোৱা, শৌচত তেজ যোবা, দুৰ্বল অনুভৱ, অলপতে জ্বৰ উঠা আদি লক্ষণ সন্দেহজনক। মহিলাৰ ৰজনিবৃত্তি হোৱাৰ পিছত আকৌ মাহেকীয়া হোৱা আদি হ'ব পাৰে। এনে লক্ষণ আন এশ-এবুৰি কাৰণতো হ'ব পাৰে। এই লক্ষণবোৰ অতি ক্ষন্তেকীয়া নহৈ বা অকাৰণতে অধিক দীঘলীয়া হোৱা যেন লাগিলে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি বাঞ্ছনীয়। আণহাতে ৰাজহাঁড়ত, হাড়, হাড়ৰ গাঁঠি, যেনে- আঁঠু বা স্নায়ু, মগজু আদিত প্ৰাথমিকভাৱে হ'লেও কেঞ্চাৰৰ বিষৰ লক্ষণ প্ৰথমৰ পৰাই অনুভৱ কৰাটো সম্ভৱ। 

বিষ হ'ল আমাৰ শৰীৰৰ কোনো স্নায়ুৱে মগজুলৈ কঢ়িয়াই নিয়া অস্বাভাৱিক, পীড়াদায়ক অনুভুতি। গতিকে কোনো কাৰণত স্নায়ুৱে যদি শৰীৰে কষ্ট পোৱা অনুভূতিৰ বাৰ্তা কঢ়িয়ায়, তেন্তে তাক আমি বিষ বুলি মগজে বুজি পাওঁ। অৰ্থাৎ শৰীৰৰ অৱস্থাৰ বিষয়ে মগজুক অৱগত কৰা প্ৰক্ৰিয়া। এনে প্ৰক্ৰিয়াত তিনিটা কথাৰ সংযোজন হ'ব লাগে। প্ৰথম হ'ল- বিষৰ উৎস বা কাৰক। দ্বিতীয় হ'ল- উত্তেজিত হৈ বাৰ্তা কঢ়িয়াই নিয়া স্নায়ু। তৃতীয় হ'ল- বাৰ্তাক সঠিক ৰূপত বুজিব পৰা মগজুৰ সুস্থ চেতন অৱস্থা। উক্ত যিকোনো এক সংযোগৰ অনুপস্থিতিত বিষ অনুভুত নহয়। তেতিয়া শৰীৰৰ এটা অংগ কাটিলেও মানুহে বুজিব নোৱাৰে, চিৎকাৰ কৰিব নোৱাৰে। সেয়েহে শৈল চিকিৎসাৰ সময়ৰ দৰৱৰ সহায়ত সংজ্ঞাহীন কৰি লোৱা হয়। তেনেদৰে আৰু কিছু বেমাৰত স্নায়ুডাল আঁতৰাই বিষৰ অনুভুতিৰ পৰা ৰক্ষা কৰা হয়। আকৌ ডায়েবেটিছত ভুগি থকা মানুহৰ যেতিয়া স্নায়ুৰ বেমাৰ হ'বলৈ ধৰে, তেতিয়া আঘাত পালেও বিষ অনুভৱ নহয় আৰু নজনাকৈ ৰৈ যায়, ফলত পিছত ডাঙৰ ঘাঁ হ'বলৈ ধৰে। 

এতিয়া আহোঁ কেঞ্চাৰৰ বিষৰ প্ৰসংগলৈ। আধাতকৈ বেছি মানুহে এই বেমাৰটো অগ্ৰসৰ হোবাৰ পৰিৱৰ্তী সময়ত মাৰাত্মক বিষ অনুভৱ কৰে আৰু যিয়ে সাংঘাতিক ধৰণে যন্ত্ৰণাত আতুৰ কৰে। ই চিকিৎসাৰ বাবেও এক বৃহৎ সমস্যাৰূপে থিয় দিয়ে। কিন্তু ই প্ৰাথামিক স্তৰত নহৈ পিছত কিয় হয়, তাৰ অলপ আভাস দিবলৈ চেষ্টা কৰিম। কেঞ্চাৰৰ ক্ৰমবৰ্দ্ধমান বংশ বৃদ্ধি, বিকাশ, বিস্তাৰ, গভীৰলৈ খোপনি পোতাৰ প্ৰক্ৰিয়াত স্নায়ু সমূহ প্ৰভাৱিত হোৱাৰ সম্ভাৱনা বৰ প্ৰবল। কেঞ্চাৰৰ বিষ মূলতঃ কোষবোৰৰ মাজত জৈৱিক ক্ৰিয়া-বিক্ৰিয়া, তাৰ ৰাসায়নিক প্ৰক্ৰিয়া বিসংগতি, কেঞ্চাৰৰ কোষৰ বিভাজন আদিয়ে সৃষ্টি কৰা বাতাৱৰণৰ বাবে বুলি বাখ্যা কৰা হৈছে। কেঞ্চাৰ কোষসমূহে কিছুমান পদাৰ্থ নিঃসৰণ কৰে আৰু স্নায়ুবোৰক অস্বাভাৱিকভাৱে উত্তেজিত কৰে, যিয়ে ৰোগীৰ অসহনীয় বিষৰ অভিজ্ঞতাৰ মূল কাৰণ। আকৌ শৰীৰৰ ৰোগ প্ৰতিৰোধী তন্ত্ৰৰ মাজৰ ভীষণ অৰিয়াঅৰি লাগি থকাৰ ফলত বিষময় পদাৰ্থ উৎপন্ন হয়। এই বিষময় পদাৰ্থবোৰক কোৱা হয় চাইট'কাইন, যেনে টিউমাৰ নেক্ৰছিছ ফেক্টৰ আৰু ইন্তাৰ্লিউকিন ১ আদি। এই সূক্ষ্ম অণুবোৰ সাংঘাতিকভাৱে প্ৰতিক্ৰিয়াশীল আৰু ফলস্বৰূপে ই স্নায়ুকোষৰ এক বিশেষ অণুক পীড়াদায়ক ধৰণে উত্তেজিত কৰে, যাক নচিচেপ্টৰ বুলি জনা যায়। এই অণুৱে বিষৰ সংবাদ গ্ৰহণ আৰু প্ৰেৰণ দু্য়োটা কাম সম্পন্ন কৰে। চিকিৎসা বিজ্ঞানে অধ্যয়নৰ ফলত পোৱা তথ্যৰ দ্বাৰা এই কেঞ্চাৰ বিষৰ ধাৰণা গ্ৰহণ কৰিছে। যিহেতু মানুহৰ ওপৰত কোনো পৰীক্ষা-নিৰীক্ষা সম্ভৱ নহয়, গতিকে সেই বিষয়ে সত্য প্ৰতিষ্ঠা কৰিবলৈ পৰীক্ষাগাৰৰ প্ৰাণীৰ শৰীৰত একে পৰিৱেশ সৃষ্টি কৰি অধ্যয়ন কৰা হৈছে। এই সম্পৰ্কে বহু কথা জানিবলৈ বাকী আছে। কিন্তু এটা কথা নিশ্চিত যে কেঞ্চাৰৰ বিষ সহ্য কৰি থকাৰ প্ৰশ্নই নুঠে, কিয়নো ই গুণগত জীৱন যাপনত হেঙাৰৰ সৃষ্টি কৰে। উপশমী চিকিৎসাৰ মূলমন্ত্ৰ হ'ল বিষমুক্ত জীৱন। 'আমেৰিকান কেঞ্চাৰ ছ'চাইটী'-এ বিষৰ উপযুক্ত চিকিৎসা ব্যৱস্থাপনা কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে।, যাতে কোনেও যন্ত্ৰণাত দগ্ধ হ'ব লগা নহয়। আনকি বিষৰ মাত্ৰা জুখিবলৈ বা চিকিৎসকক বুজাবলৈ সুবিধা হোৱাকৈ একৰ পৰা দহ নম্বৰলৈ স্কেলৰ সহায়ত বাখ্যা কৰিবলৈ পৰামৰ্শ দিছে। 

মোৰ চিনাকি খুৰা এজনৰ কেঞ্চাৰ ধৰা পৰিছিল একেবাৰে অন্তিম পৰ্যায়ত। তেওঁৰ অগ্ন্যাশয়ৰ পৰা বিস্তাৰিত হৈ হাড়লৈ বিয়পিছিল, যাম মেটাষ্তেছিছ বুলি কোৱা হয়। কেঞ্চাৰৰ বিনাশকাৰী ক্ৰিয়াই বাহুৰ এডাল হাড় ভাঙিছিল আৰু ভীষণ বিষ অনুভৱ কৰিছিল। সদৌ শেষত বিষত অসহ্য হৈ কাষ চাপিল চিকিৎসকৰ, তেতিয়াহে লুকাই থকা দানৱ চিনাক্ত হ'ল। হয়, তেওঁৰ অন্তিম ১২ দিন মাত্ৰ বিষৰ উপশম কৰাৰ বাদে কোনো উপায় নাছিল। সেয়েহে কেঞ্চাৰৰ ৰহস্যময় চৰিত্ৰৰ বিষয়ে জানি থোৱা ভাল, সজাগ হোৱা বৰ ভাল আৰু তাতকৈ ভাল - বয়স তথা পুৰিষ-মহিলা অনুযায়ী সময়ে সময়ে স্বাস্থ্য পৰীক্ষা কৰোৱা। কেঞ্চাৰৰ বিষে মাৰেও, তৰেও, অদ্ভুত, বৈপৰীত্য।

(লেখিকা অসম চিকিৎসা মহাবিদ্যালয়ৰ পেথ'লজী বিভাগৰ সহকাৰী অধ্যাপিকা, ফোন- ৯৪৩৫০-৩০০৮৪)
লেখাটি পূৰ্বতে আমাৰ অসম কাকততো প্ৰকাশ পাইছিল।

No comments:

Post a Comment