সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বগাহাতীত পৰিণত 
অসমৰ পশুপালন আৰু পশু চিকিৎসা বিভাগ

ডাঃ বিৰাজ কুমাৰ শৰ্মা

অবশেষত মূখ্যমন্ত্ৰী তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে বহু আকাংঙ্খীত মন্ত্ৰীসভাৰ ৰদবদল কৰিলে যদিও কাৰ্যত একো চমক দিবলৈ সক্ষম নহ'ল। অসফল মন্ত্ৰীসকলক আxতৰাই নতুন এচামক মন্ত্ৰীসভাত অন্তৰ্ভূক্ত কৰা হৈছে বুলি কোৱা হৈছে যদিও এই ক্ষেত্ৰত এক বৃহৎ প্ৰশ্নবোধক চিহ্ন জড়িত হৈ পৰিছে। যিজন প্ৰাক্তন মন্ত্ৰীৰ নেতৃত্বত অসমৰ স্বাস্থ্য বিভাগত এক নতুনত্ব তথা পৰিবৰ্তনৰ জোঁৱাৰ আহিছিল, যাৰ কাৰ্য্যকালত অসমৰ হাজাৰ হাজাৰ নিবনুৱাৰ মুখলৈ পানী আহিছিল, হাজাৰ হাজাৰ শিক্ষিত যুৱক-যুৱতীয়ে এটকাও উৎকোচ নিদিয়াকৈ সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছিল, তেনে এজন সফল মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক বঞ্চিত কৰি মন্ত্ৰীত্ব দিয়া হ’ল এনে এচামৰ হাতত, যিসকলৰ পাৰদৰ্শিতা তথা সাফল্যৰ হিচাব কিহৰ ওপৰত ভিত্তি কৰি মন্ত্ৰীত্ব গতাই দিয়া হৈছে যিটো প্ৰশ্নৰ উত্তৰ যেন বহু লাখটকীয়া ।

ইয়াৰে অন্যতম ঊদাহৰণ হ’ল মন্ত্ৰী খৰচিং ইংতি । যাৰ নেতৃত্বত আজি অসমৰ দৰে এখন কৃষিনিৰ্ভৰ ৰাজ্যৰঅতি গুৰুত্ত্বপূৰ্ণ পশুপালন আৰু পশুচিকিৎসা বিভাগৰ শ্মশানযাত্ৰা হ'ল, সংস্হাপনৰ অভাৱত আজি অসমৰ উচ্চশিক্ষিত নিবনুৱা পশুচিকিৎসকে কান্দিব লগা পৰিস্হিতিৰ উদ্ভৱ হৈছে, যাৰ নাম শুনিলেই অসমৰ ৰাইজৰ গা বিছাই ডকাদি ডাকে, স্বয়ং শাসকীয় দলৰ মন্ত্ৰী বিধায়কেই যাক সমালোচনা কৰে অকৰ্মন্য-কুম্ভকৰ্ণ মন্ত্ৰী বুলি, তেনে এজন অকৰ্মান্য, কুম্ভকৰ্ণ মন্ত্ৰী খৰচীং ইংতি কংগ্ৰেছ হাইকমাণ্ডৰ দৃষ্টিত সফল মন্ত্ৰীৰূপে পুনৰ মন্ত্ৰীসভাত একেটা দপ্তৰতে স্হান লাভ কৰি ৰাইজক সঁচাই চমক দিলে।

অসম চৰকাৰে সদায়ে উন্নয়নৰ নামত সদায়ে ঢাক-ঢোল বজাই আহিছে। কিন্তু অসম চৰকাৰৰ উন্নয়নৰ প্ৰকৃত ছবিখন চাবলৈ বেছি দূৰলৈ যাবলৈ প্ৰয়োজন নাই। অসমৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ জৰাজীৰ্ণ ৰূপটো দেখিলেই ৰাইজৰ আগত এইকথা জলজল পটপট হৈ পৰিব। অসম চৰকাৰৰ কোনোদিনেই সুদৃষ্টি নপৰা আৰু অসম চৰকাৰে সদায়েই মাহী আইৰ দৃষ্টিৰে চোৱা ৰাজ্যখনৰ এটা বিভাগ হ’ল পশুপালন আৰু পশুচিকিৎসা বিভাগ।

যোৱাতো শতিকাত কুখ্যাত এল.অ.চি. কেলেংকাৰীয়ে সৰ্বস্বান্ত কৰি যোৱা এই গুৰুত্ত্বপূৰ্ণ বিভাগটোৰ অবস্থা এতিয়া পানীত হাঁহ নচৰা সদৃশ । এসময়ত ইংলেণ্ড, অষ্ট্ৰেলীয়া আদিৰ পৰা আমদানীকৃত জাৰ্ছি, হলষ্ট্ৰেইন ফ্ৰিজিয়েন আদি উন্নত মানৰ গৰুৰ প্ৰজাতি তথা হেম্পশ্বায়াৰ, য়ৰ্কশ্বায়াৰ আদি উন্নত মানৰ গাহৰি আৰু বিভিন্ন দেশী-বিদেশী উন্নত মানৰ হাঁহ-কুকুৰাৰ প্ৰজাতিৰে জিলিকি থকা বিভাগৰ অধীনৰ বিশাল ফাৰ্মসমূহত এতিয়া মাথো বিৰাজ কৰিছে মৰিশালীৰ নিস্তব্ধতা তথা বিশাল শূন্যতাই । গৰিষ্ঠসংখ্যক পশু স্বাস্থ্য কেন্দ্ৰ আৰু হস্পিতাল তথা কৰ্মচাৰীৰ আবাসগৃহসমূহ বহুদিনৰ পৰাই মেৰামতিৰ অভাবত জহি-খহি গৈ এতিয়া একপ্ৰকাৰ ভূতবাংলাত পৰিণত হৈছে । ঔষধ-পাতিৰ যোগানৰ ক্ষেত্ৰটো ই হৈছেগৈ এক প্ৰহসন মাত্ৰ । বছৰ বছৰ ধৰি উক্ত বিভাগটোত কেইবাটাও পৰিকল্পনাত দিলীপ শইকীয়া সোনোৱাল, লাংথাচা আদিকে কৰি বৰ্তমানৰ খৰচিং ইংতিলৈ কোনো এজন দক্ষ মন্ত্ৰীৰ স্থিতি দেখা নগ’ল । দক্ষ পদক্ষেপ, পৰিকল্পনা আৰু দূৰদৰ্শী চিন্তা-চৰ্চাৰ অভাবৰ বাবেই এই কৃষিপ্ৰধান ৰাজ্যখনৰ এই গুৰুত্ত্বপূৰ্ণ বিভাগটো ক্ৰমাত ধ্ধংসমূখী হ’বলৈ ধৰিলে।

এসময়ত অসমত পশু-চিকিৎসা বিভাগৰ পিতামহ তথা বাটকটীয়া কেপ্তেইন ডাঃ জ্ঞানেন্দ্ৰ মল্ল বুজৰবৰুৱা দেৱৰ বলিষ্ঠ নেতৃত্বৰ বাবেই যি বিভাগটোৰ দ্বাৰা অসমত এক নৱ-বিপ্লবৰ সূচনা হৈছিল, আজিৰ দিনত কৃষিনিৰ্ভৰ ৰাজ্য অসমত এনে এটি গুৰুত্ত্বপূৰ্ণ বিভাগৰ এনে ধ্ধংসমুখী দৃশ্য অতি অসহনীয় । যদিও আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত কৃষিখণ্ডত আমূল পৰিবৰ্তন সম্ভৱপৰ হৈছে, তথাপিও কিন্ত্ত অসমৰ এক গৰিষ্ঠ সংখ্যক কৃষি তথা পশুপালনৰ ওপৰত নিৰ্ভৰশীল আৰু অনেকেই কৃষি ভূমি খেতিৰ উপযোগী কৰি তুলিবলৈ তেওঁলোকৰ মৰমৰ বলধ হালৰ ওপৰত আজিও নিৰ্ভৰশীল ।

কিন্ত্ত খেতিৰ সময়তে যদি বলধহালে ৰোগাক্ৰান্ত হৈ উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যু মুখত পৰে, তেনেহলে তেনে এজন খেতিয়কৰ জীবনলৈ কেনে অমানিশাৰ এন্ধাৰ নামি আহিব পাৰে সেই কথা চৰকাৰে নিজেই অনুধাবন কৰক। তাৰোপৰি কৃষকসকলৰ এনে দুৰ্বলতাৰ সুযোগ গ্ৰহন কৰি অঞ্চলবিশেষে এচাম নিম্নবৰ্গৰ কৰ্মচাৰীয়ে গ্ৰাম্য অঞ্চলত পশু-চিকিৎসকৰ ভাও লৈ ৰমৰমীয়া ব্যবসায় চলাই আহিছে আৰু গ্ৰামাঞ্চলৰ লোকসকলে পশু-চিকিৎসাৰ প্ৰকৃত সেৱাৰ পৰা বঞ্চিত হৈ আহিছে আৰু যাৰ ফলস্বৰুপে তেওঁলোকে ক্ৰমান্বয়ে এই বিভাগতোৰ ওপৰত আস্থা হেৰুৱাই পেলোৱাতো পৰিলক্ষিত হৈছে । অন্যহাতে চৰকাৰেও এই বিভাগটোক অকল গৰু-গাহৰিৰ খেল বুলি সাধাৰণভাবে ধৰি লৈ বছৰৰ পিছত বছৰ ধৰি অকৰ্মণ্য মন্ত্ৰীসকলকহে গতাই দি অহাতো পৰিলক্ষিত হ্য় ।

আজি ৰাজ্যখনৰ গৰিষ্ঠসংখ্যক লোক তথা নিবনুৱা যুবক-যুবতীয়ে পশু-পালনক উপাৰ্জনৰ অন্যতম আহিলাৰুপে ধৰি লোৱাৰ হেতুকে পশু-পালন আৰু পশু-চিকিৎসা বিভাগৰ গুৰুত্ত্ব অপাৰ যদিও ৰাজ্য চৰকাৰৰ এই বিভাগটোৰ প্ৰতি উদাসীন দৃষ্টিভংগী অতিশয় দুৰ্ভাগ্যজনক । অন্যহাতে পশুপালনৰ নামত আজিও সেই মান্ধাতা যুগৰ হাঁহ-কুকুৰা পালন, গাহৰি পালন আদিৰ মাজত আবদ্ধ আৰু আজিৰ যুগত ক্ৰমান্বয়ে আগবঢ়া এমু চৰাই পালন, বঁটা চৰাই পালন, গৰুৰ গোবৰ-মূত্ৰ আদিৰ পৰা আহৰণ কৰিব পৰা শক্তিৰ ক্ষেত্ৰত থকা সম্ভাৱনীয়তাৰ বাবে ল’ব পৰা পদক্ষেপ আদিৰ প্ৰতি থকা উদাসীনতাই যেন প্ৰমাণ কৰে যে ইয়াৰ দীৰ্ঘ-ম্যাদি পৰিকল্পনাৰ অভাব তথা অদূৰদৰ্শীতা । যাৰ ফলত ইমানবোৰ সম্ভাৱনীয়তা থকাৰ পিছত আজিও আমাৰ ৰাজ্যখন কণী, গাখীৰ আদিৰ বাবে বহিঃৰাজ্যৰ ওপৰত নিৰ্ভৰশীল নহ’লে নচলে । ৰাজ্যখনত নাই পশুধন অনুপাতে পৰ্যাপ্ত পশু-চিকিৎসক । হস্পিতালসমূহতো নাই পৰ্যাপ্ত পৰিমানে বিনামূলীয়া ঔষধৰ যোগান ।

উদাহৰণস্বৰূপে যোৱাবছৰ হাজোৰ বানাক্ৰান্ত অঞ্চলত পশুখাদ্যৰ অভাৱত বানে গৰকি যোৱা মেটেকা আদি ভক্ষনৰ ফলত কৃমিজনিত ৰোগত আক্ৰান্ত হৈ বহু পশুধনৰ মৃত্যু হৈছিল যাৰ বাবে বহু দুখীয়া কৃষকৰ কেনে অবস্থা হৈছিল তাক ভাষাৰে বুজাব নোৱাৰি । এইটো এটা উদাহৰণহে মাত্ৰ । যাৰ বাবে পশুপালনেৰে স্বাৱলম্বী হবলৈ বুলি আগবঢ়া দূখীয়া কৃষকে বিনামূলীয়া চিকিৎসাৰ অভাবত পশুধন হেৰুৱাই মূৰে কপালে হাত দিব লগা সদৃশ পৰিস্থিতিৰ উদ্ভব হৈছে । এইটো এটা উদাহৰণহে মাত্ৰ আৰু যিয়ে প্ৰতীয়্মান কৰে বিভাগটোৰ পশুখাদ্যৰ ওপৰত ল’ব লগা বাস্তব সন্মত ব্যবস্থাৰ প্ৰতি উদাসীনতা তথা দীৰ্ঘম্যাদি পৰিকল্পনাৰ অভাব ।

কিয়নো প্ৰাকৃতিক দূৰ্যোগৰ সময়ত পশুখাদ্যৰ অভাবতেই যদি দুখীয়া কৃষকৰ পশুধনে মৃত্যুমূখত পৰি কৃষকক আহুকালত পেলাই, তেন্তে আজিৰ তাৰিখৰ দুখীয়া লোকৰ স্বাৰ্থত গঢ়া খাদ্যসুৰক্ষা আঁচনিৰো কোনো ন্যাৰ্যতা নাই । অন্যহাতে বিভাগটোত বছৰ বছৰ ধৰি খালী হৈ থকা পদসমূহ পূৰণৰ অৰ্থে চৰকাৰে কোনো ব্যবস্থা গ্ৰহণ নকৰাৰ হেতুকে বিভাগটো একপ্ৰকাৰ বগাহাতীত পৰিণত হৈছে । অন্যহাতে, এল.অ.চি কেলেংকাৰীৰ বদনাম জাপি দি চৰকাৰে এই বিভাগটোৰ প্ৰতি দেখুৱাই অহা উদাসীনতা তথা নিস্থাবান বিষয়া সকলৰো পদোন্নতিৰ প্ৰতি আওকান কৰি যোৱাৰ বাবেই বিভাগটোত উচ্চ পৰ্য্যয়ৰ বিষয়াৰ অভাব হৈ তাৰ পিছত বিভাগীয় দক্ষতাৰ পয়াঁলগা অবস্থাতোও এই বিভাগটোৰ অধঃপতনৰ অন্যতম কাৰণ ।

আনকি এল.অ.চি.ৰ প্ৰসংগটোও আজিৰ মুখ্যমন্ত্ৰীজনে নিজৰ ব্যক্তব্যৰ সমল কৰি আনিলে যদিও ইয়াৰ শুদ্ধ বিচাৰৰ প্ৰতি মনোযোগ দিয়া দেখা নগ’ল । বিভাগৰ অধীনৰ পাম সমূহ কাগজে কলমেহে চলি আছে কিন্ত্ত এইবোৰৰ উৎপাদন তথা লাভালাভ যেন শূন্যৰ ঘৰতহে । অন্যহাতে দক্ষ আই.এ.এচ. বিষয়াৰ অভাৱত বহু সময়ত অদক্ষ বিষয়াৰ পৰিচালনাতও বিভাগটো দুৰ্বল হোৱাৰ অন্য এক কাৰণ । প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অভাবত ধ্ধংসমুখী হোৱা এই বিভাগটো যেন মুৰব্বীবিহীন্ভাবেই চলি আহিছে ।

সঞ্চালকৰ পৰা জিলা পশু চিকিৎসা বিষয়ালৈ মুঠ ১২৯ টা পদ দীৰ্ঘদিন ধৰি খালী হৈ আছে আৰু বৰ্তমানেও ভাৰপ্ৰাপ্ত বিষয়াৰ দ্বাৰা চলি আছে, যাৰ ফলস্বৰূপে বিভাগটো একপ্ৰকাৰ অকামিলা হোৱাত এনেবোৰ বিষয়ে ইন্ধন যোগাইছে। ক্ষেত্ৰভিত্তিক পৰিদৰ্শন আৰু শাস্তিমূলক বদলি আদিবোৰ বিভাগটোত আজি হেৰাই যোৱাৰ উপক্ৰম যেন অনূভব হয় । আনহাতে ২০০১ চনৰ পৰা মন্ত্ৰী হৈ থকা খৰচীং ইংতিৰ দিনতেই ৫৮১ খন পশু স্বাস্থ্য কেন্দ্ৰৰ প্ৰায় তিনিশখনেই এৰাবাৰীত পৰিণত হৈছে, যিবোৰত মাহৰ পিছত মাহ ধৰি পশু-চিকিৎসকৰ উপস্থিতি শূন্য বুলি অভিযোগ আহিছে । অন্যহাতে কৃষি প্ৰধান ৰাজ্য অসমৰ এনে এটি গুৰুত্ত্বপূৰ্ণ বিভাগৰ এনে ধ্ধংসমূখী পথত অসম চৰকাৰ আৰু ৰাজ্যখনৰ বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠন বাদেই ৰাজ্যৰ বুদ্ধিজীৱি মহলো ৰহস্যজনকভাবে নিশ্চুপ হৈ ৰ’ল ।

অন্যহাতে আজি বিশ্বত আতংকৰ সৃষ্টি কৰা ইব’লা, বাৰ্ড-ফ্লু, জাপানীজ বি এনকেফেলাইটিছ আদিকে কৰি বিভিন্ন ৰোগ মানুহৰ দেহলৈ পশু-পক্ষীৰ দেহৰ পৰাই সংক্ৰমিত হয় । গতিকে এনে ক্ষেত্ৰত বিভাগটোক নকৈ সজাই-পৰাই তুলিবলৈ যথেষ্ট প্ৰয়োজনীয়তা আছে। কিয়নো, আজিও এই পশু স্বাস্থ্যকেন্দ্ৰসমূহত বিভিন্ন ৰোগ পৰীক্ষা কৰি চিনাক্ত কৰিবলৈ আধুনিক সা-সৰঞ্জামৰ বাৰুকৈয়ে অভাৱ। তাৰোপৰি নিজৰ জীৱন বিপদাপন্ন কৰি পশু-চিকিৎসকসকলে বন্যপ্ৰাণীৰ সেৱাটো নিজৰ জীবন উতসৰ্গিত কৰি আহিছে । ভাৰতৰ অন্য ৰাজ্যসমূহত পশুপালন আৰু পশু-চিকিৎসা বিভাগৰ গুৰুত্ত্ব অসীম যদিও অসম ইয়াৰ ব্যতিক্ৰম । যাৰ বাবে অসমৰ খানাপাৰাস্থিত একমাত্ৰ পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰসকলে সংস্থাপনৰ আশাত বহিঃৰাজ্যলৈ ঢাপলি মেলিছে আৰু বহিঃৰাজ্যত সেৱা আগবঢ়াই তেনেবোৰ ৰাজ্যক লাভাবান্বিত কৰিছে।

অন্যহাতে সংস্থাপনৰ অভাৱে তথা অনিশ্চিত ভবিষ্যতৰ ছবিয়ে আজি পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ বহুতকে (অন্যৰাজ্যৰ পৰা আহি শিক্ষাগ্ৰহণ কৰাসকল নহয়) মানসিকভাবে এনেদৰে ভাগি পেলাইছে যে বহুতৰে মানসিক উদ্যম হেৰাই যোৱাৰ উপক্ৰম হৈছে। কিন্ত্ত সেই কথা এবাৰ ভাবি চাবলৈ কাৰোৰে আহৰি নাই । চৰকাৰৰ উদাসীনতাৰ বাবেই বহুতো ছাত্ৰই চৰকাৰী চাকৰিৰ আবেদনৰ বাবে বয়সৰ উৰ্ধসীমা পাৰ কৰিছে আৰু নিবনুৱা হৈ ৰ’ব ল’গা সদৃশ পৰিস্থিতি হৈছে ।

আচৰিত যদিও সত্য যে এইখন অসমত আজি সংস্থাপনৰ অভাবৰ বাবে স্নাত্কোত্তৰ ডিগ্ৰী লাভ কৰা পশু চিকিৎসকে আজি এইটো বিভাগতেই কেৰানীৰ চাকৰি কৰিবলগা সদৃশ পৰিস্থিতিৰ উদ্ভব হৈছে। অন্যহাতে ভাৰতীয় কৃষি আয়োগৰ এক নিৰ্দেশনা অনুসৰি এখন ৰাজ্যত প্ৰতি পাচঁ হাজাৰ পশুধনৰ অনুপাতে এজনকৈ পশু চিকিৎসক থকাটো বাঞ্চনীয় যদিও অসমত ইয়াৰ অনুপাত প্ৰায় পচিঁশ হাজাৰমান পশুধনৰ বিপৰীতে মাত্ৰ এজনকৈ পশু চিকিৎসক । সেই হিচাবত চাবলৈ হ’লে এতিয়াও প্ৰায় দুহেজাৰ পশু চিকিৎসকৰ প্ৰয়োজন যদিও আজিৰ তাৰিখত অসমত নিবনুৱা পশু চিকিৎসকৰ সংখ্যা ছশৰ ওপৰ নহয় ।

অন্যহাতে বহু বছৰ ধৰি বিভাগটোৱে ক্ষেত্ৰ সহায়কৰ পদসমূহও পূৰণ কৰাৰ বাবে নামভৰ্ত্তি প্ৰক্ৰিয়া আৰম্ভ নকৰা হেতুকে অদূৰ ভবিষ্যতে গ্ৰামাঞ্চলৰ লোকসকলে ইয়াৰ কুফল ভোগ কৰিব লাগিব যে সেইয়া ধূৰুপ। আনহাতে ৰাজ্যবাসীৰ বাবে বৰ্তমানৰ জনসংখ্যাৰ হিচাবত বছৰি গাখীৰৰ চাহিদা ২৩৯৫ মিলিয়ন লিটাৰ কিন্ত্ত ৰাজ্যত উৎপাদন হয় মাত্ৰ ৮৪৫ মিলিয়ন লিটাৰ, বছৰি কণীৰ চাহিদা ৫৬৭৭ মিলিয়নটা যদিও ৰাজ্যত উৎপাদন মাত্ৰ ৪৭১ মিলিয়নটা, বছৰি মাংসৰ প্ৰয়োজন ৩৪৭০০০ টনৰ কিন্ত্ত ৰাজ্যত উৎপাদন মাত্ৰ ৩৭০০০ টন । পশুপালন বিভাগত ২০০৮ চনৰ পৰা ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত বিভিন্ন আচঁনি ৰূপায়ন হৈ আহিছে যদিও ৰূপায়নত হোৱা ব্যাপক খেলিমেলি তথা যোৱা ছয় বছৰে হিচাপ দিব নোৱাৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পুনৰ ধন মুকলি কৰি নিদিয়াৰ ভাবুকি দিছে । তেনেদৰে অসম কৃষি প্ৰতিযোগীতামূলক আচঁনিৰ অধীনতো ২০০৪-০৫ বৰ্ষৰ পৰা বিভিন্ন প্ৰকল্প হাতত লোৱা হৈছিল, য’ত পশুধন উন্নয়্ন, ৰোগ নিৰাময়, ঘাঁহ উৎপাদন, ষাঁড় গৰু পাম, হাঁহ-কুকুৰা উন্নয়ন, গাহৰি উন্নয়ন, ছাগলী উন্নয়ন আদি প্ৰকল্প লোৱা হৈছিল যদিও বাস্তৱত ইয়াৰ ফলাফল শূন্য । এনেদৰেই চলি আছে বগাহাতীত পৰিণত হোৱা খৰচিং ইংতিৰ পশুপালন বিভাগ । তথাপিও কিন্ত্ত কংগ্ৰেছ চৰকাৰৰ নেতৃত্বৰ দৃষ্টিত তেওঁ এজন সফল মন্ত্ৰী ।

আমি আশাকৰিছিলো যে যোৱাটো মন্ত্ৰীসভা ৰদবদলত আমাৰ মাননীয় মূখ্যমন্ত্ৰীয়ে খৰচিং ইংতিৰ দৰে এজন অকৰ্মন্য মন্ত্ৰীক এই বিভাগটোৰ দায়িত্ত্বৰ পৰা আতৰাই ডঃ হিমন্ত বিশ্ব শৰ্মা বা অঞ্জন দত্তৰ নিচিনা এজন কৰ্মঠ তথা উদ্যমী আৰু নিষ্ঠাবান বিধায়কক এই বিভাগটোৰ দায়িত্ত্বভাৰ দি নিজৰ পাৰদৰ্শিতাৰ উমান দিব আৰু নিজকে এজন সফল মূখ্যমন্ত্ৰীৰুপে প্ৰমান কৰিব,!কিন্ত্ত এই আশাত চেচাঁপানী পৰিল সকলোৰে আৰু এই বিষয়টোৱে সৰ্বত্ৰে চৰ্চা লাভ কৰিছে কেনেদৰে এজন সবাতোকৈ ব্যৰ্থ মন্ত্ৰীৰ গাদী সুৰক্ষিত হৈ থাকিল ।

 যি সময়ত গুজৰাটত নৰেন্দ্ৰ মোদীৰ নেতৃত্ত্বত সৰ্বদিশতে উজলি উঠা গুজৰাটত পশু পালন বিভাগত বৈপ্লবিক পৰিবৰ্তন আহিছিল, আনকি কৃষক ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে গাঁৱে গাঁৱে পশু আবাস (animal hostel) গঢ়ি তুলিছিল, তেনেক্ষেত্ৰত অসমত এই বিভাগতোৰ এনে হতাশজনক ছবিখন অতিশয় দূৰ্ভাগ্যজনক । এই বিভাগটোৰ উন্নয়নেৰে অসমৰ গ্ৰাম্য জীবনৰ পট পৰিবৰ্তন কৰি আমি কৃষকৰ আৰ্থসামাজিক উন্নয়নেৰেহে ৰাজ্যখনৰ শ্ৰীবৃদ্ধিত অৰিহনা যোগাই বিকাশিত অসমৰ জয়্গান গাব পাৰিম আৰু গুজৰাট, হাৰিয়ানা, পঞ্জাৱ আদি ৰাজ্যৰ সৈতে অসমৰ তুলনা কৰিব পাৰিম ।

No comments:

Post a Comment