Wednesday, February 4, 2015

মনৰ কথা

চিৰ চেনেহী মোৰ ভাষা জননী
অগ্নিভ দত্ত
১৯১৭ চনত আৰম্ভ হোৱা অসম তথা অসমীয়াৰ জাতিৰ বুকুৰ আপোন অসম সাহিত্য সভা আৰু দুটা বছৰত শতবৰ্ষীয়া হ’ব । আমি নিজে সাহিত্য সভাৰ লগত প্ৰত্যক্ষ জড়িত নহয় যদিও সাহিত্য সভা বুলিলে “ চিৰ চেনেহী মোৰ ভাষা জননী” ৰ ধ্বনিয়ে গা মন শিৰ শিৰাই নিয়ে প্ৰত্যেক বাৰেই। প্ৰথমবাৰৰ বাবে হয়তো সাহিত্য সভাৰ অধিবেশনত নিজে উপস্থিত থাকিব পাৰিছিলো ডুমডুমাৰ অধিবেশনত । তেতিয়াও বহুতৰ মুখত শুনিছিলো সাহিত্য সভা সাহিত্য শুৱনি কৰা সভাহৈ থকা নাই,  ই হৈ পৰিছে মেলামুখী ।এনেদৰে থাকিলে হয়তো সাহিত্য সভা এদিন নাইকিয়া হৈ যাব, থাকিব কেৱল একোখনহঁত মেলাহে। কিন্তু ক’তা ডুমডুমা অধিবেশনৰ পাছত আজি ২৫ বছৰৰও ওপৰত দেখুন শেষ হৈ যোৱা নাই সাহিত্য সভা, অকনো কমা নাই সাহিত্য সভাৰ সেই মাদকতা । আজিৰদিনটোত দেশে বিদেশে ১০০০ টাৰও ওপৰত শাখাৰে দেখোন চিৰদিনলৈ অসমীয়া সাহিত্য যুগমীয়া কৰাৰ যেন সংকল্পৰে অধিক সুদৃঢ়হে হৈছে আমাৰ আপোন সাহিত্য সভা ।

অৱশ্যে এইটো নহয় যে সাহিত্য সভাৰ কৰনীয় একোয়েই নাইকীয়া হৈ গৈছে ।কিন্ত্ত মই নিৰাশাবাদী নহয় যে সাহিত্য সভাৰ কেৱল এটা দিশ চায়েই সমগ্ৰ সাহিত্য সভাৰ শেষ বুলি হিয়া আঁজুৰিম। যিখন সাহিত্য সভাৰ প্ৰথম দিনাই দেৰকোটি টকা মুল্যৰ কিতাপ বিক্ৰী হোৱা বুলি শুনিছো সেইখন সাহিত্য সভাকলৈ কিয় আশাবাদী নহম ?

ডা: ধ্ৰুৱজ্যোতি বৰা ডাঙৰীয়াৰ নিচিনা সাহিত্যিকৰ নেতৃত্বত সাহিত্য সভাই যে এক নতুন গতি লাভ কৰিব সেইয়া নিশ্চিত। ইতিমধ্যে তেখেতে কিছুমান সুকীয়া আঁচনিৰ কথা কৈছেইয কিন্ত্ত এই মূহুৰ্ত্তত সকলোতকৈ আৱশ্যক বুলি ভাবো আমাৰ অসমৰ আন আন জনগোষ্ঠীয় সাহিত্যখিনিক কেনেদৰে তেখেত সকলৰ স্বকীয়তাত আঁচোৰ নপৰাকৈ অসম সাহিত্য সভাৰ লগত একেলগে একেখোজে এক বৃহৎ অসমীয়া জাতিৰ ৰুপত প্ৰতিফলিত কৰাব পাৰি।

আশাকৰো বৰা ডাঙৰীয়াৰ গতিশীল নেতৃত্বত অসম সাহিত্য সভাই এক অগতানুগতিক খোজ আগবঢ়াব।যদিও অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহেই বৰ্ত্তমান অসমীয়া ভাষাৰ ৰক্ষক হৈ আছে আশাকৰো স্কুল পৰ্য্যায়ত অসমীয়া ভাষাটোক কি দৰে জনপ্ৰিয় কৰিব পৰা যায় তাক চিন্তা কৰাটো খুব জৰুৰী হৈ পৰিছে। অৱশ্যে এই ক্ষেত্ৰত চৰকাৰৰ ভূমিকা যথেষ্ট, কিন্তু সাহিত্য সভাইও কন কন লৰা ছোৱালীহঁতৰ বাবে দেশ বিদেশৰ সাধু কথাৰ পৰা আৰম্ভ কৰি বিজ্ঞানৰ কিতাপলৈ অসমীয়া ভাষাত উপলব্ধ কৰাব পাৰি তাৰ দিহা কৰিব লাগে।

যিহেতু অসমীয়া ভাষা কেৱল সাহিত্য চৰ্চাৰেই জীয়াই ৰাখিব নোৱাৰি তাক জনপ্ৰিয় কৰাটোতও সাহিত্য সভাই নতুন দিশ দিব পাৰে। ইতিমধ্যে বহু ক্ষেত্ৰত দেখা গৈছে ইংৰাজী মাধ্যমৰ বিদ্যালয়বোৰে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ইতিমধ্যে গ্ৰাস কৰি আনিব ধৰিছে (সেইয়া ভাল বেয়া তাৰ অন্য আলোচনা হ’ব পাৰে )।কিন্তু সেই বিদ্যালয় সমূহৰ কন কন লৰা ছোৱালীবোৰক যদি সময়ৰ লগত খাপ খোৱাই অসমীয়া ভাষাটোক শুদ্ধকৈ তেওঁলোকলৈ আগবঢ়াই দিব নোৱাৰো হয়তো এদিন সেইসকলৰ বাবে অসমীয়া ভাষাটো এলাগী হৈ পৰিলেও আচৰিত হ’ব লগা নাথাকিবগৈ ।

গতিকে তেনেকুৱাত মানুহক সজাগ কৰাৰ লগতে সাহিত্যৰ বাহিৰেও কিছুমান অগতানুগতিক চিন্তা কৰিব লাগিব। আঠশৰো ওপৰৰ কিতাপ প্ৰকাশ কৰা সাহিত্য সভাই হয়তো অনাগত দিনবোৰত সৰু ল’ৰা ছোৱালীৰ উপযোগী সময়ৰ লগত খোজ মিলাই অসমীয়া কাৰ্টুন ছবি আদিও উলিয়াবলৈ সাজু থাকিব লাগিব। যিহেতু ভৱিষ্যতৰ প্ৰজন্মৰ হাততেই অসমীয়া ভাষাটো শুদ্ধ ৰুপত গতাই থৈ যাব লাগিব তেওঁলোকৰ মাজত অসমীয়া ভাষাতো জনপ্ৰিয় কৰাটো অন্যতম । যদিও বিষয়টো জটিল আশাকৰো অনাগত দিনবোৰত সাহিত্য সভাই সকলোবোৰ ৰাজনৈতিক মেৰপেচৰ পৰা ওলাই নিজৰ স্বকীয়তা বজাই ৰাখি বিশ্বত নিজক জ্বিলিকাই তুলিব।

No comments:

Post a Comment