চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বঁটা-বাহন.কম আৰু প্ৰক্ৰিয়াৰ স্বচ্ছতা
অজয় লাল দত্ত
ৰাজহুৱা জীৱনত, সেয়া কলা-সংস্কৃতি-সাহিত্য কিম্বা ৰাজনীতিয়েই নহওক কিয় বঁটা-বাহনক লৈ মানুহৰ আগ্ৰহ আৰু বিতৰ্কৰ শেষ নাই। সময়ে সময়ে কোনো গধুৰ বঁটা কোনো অখ্যাত লোকৰ হাতলৈ অৰ্পণ কৰাৰ খবৰে সংবাদ শিৰোনামত স্থান পায়। ফলত বিতৰ্কৰ সৃষ্টি হয়, আৰু এনে নেতিবাচক কথা বতৰাই বঁটাটোৰেই মৰ্যদা হ্ৰাস কৰা পৰিলক্ষিত হয়। সেয়ে চৰকাৰী-বেচৰকাৰী সংস্থা, উন্নয়ন পৰিষদ, সামাজিক সংস্থা আদিৰ বঁটা বাহন সমূহৰ বিষয়ে ৰাইজে সবিশেষ খোলোচাকৈ জনাৰ প্ৰয়োজনীয়তা আছে বুলি অনুভৱ কৰো। বহুতো সচেতন মানুহেও কি কি বিষয়ত কি কি বঁটা, কোন সংস্থাই প্ৰদান কৰে, কোন বঁটাৰ সামাজিক মূল্য, বৌদ্ধিক মূল্য কিমান আদিৰ বিষয়ে অৱগত নহয়। সেয়ে এনেবোৰ কথাক সামৰি কোনো সচেতন ব্যক্তি বা সংস্থাই বঁটা-বাহন.কম ধৰণৰ এটা তথ্য ভিত্তিত ৱেবচাইট আৰম্ভ কৰিলে নিশ্চয়কৈ সকলো পক্ষই উপকৃত হব।

এই ৱেবচাইটত এই বঁটা বাহন আগবঢ়োৱা সংস্থাৰ পৰিচয়, বঁটাৰ উদ্দেশ্য, বঁটা কাক দিয়া হয়, কেতিয়া প্ৰক্ৰিয়াটো আৰম্ভ হয়, আবেদন/মনোনয়ন প্ৰক্ৰিয়াৰ সবিশেষ, এই প্ৰক্ৰিয়াত কি কি কাৰকৰ ওপৰত কিমান নম্বৰ বা গুৰুত্ব আদি সবিশেষ প্ৰকাশ কৰিব লাগে। এই বঁটা-বাহন.কমত ক্ৰীড়া, সংস্কৃতি, শিক্ষা, সামাজিক আদি বিভিন্ন ক্ষেত্ৰত কৰা কাম আদিৰ বাবে আগবঢ়োৱা বিভিন্ন বঁটা, ফেলশ্বিপ, স্ক'লাৰশ্বিপ আদিৰ বিষয়েও সময়ে সময়ে বিজ্ঞাপন তথা সমল যোগান ধৰিলে সকলো শ্ৰেণীৰ লোকেই উপকৃত হব পাৰিব। দেশ-বিদেশত থকা অসমীয়া এছোচিয়েন বা প্ৰবাসী সকলেও এনে ৱেবচাইটত এনেবোৰ বিষয়ত অসমীয়া ৰাইজ তথা নৱ-প্ৰজন্মই উপকৃত হোৱাকৈ সমল যোগাব পাৰে। ইয়াৰ দ্বাৰা দেশী-বিদেশী, ৰাজ্যিক, ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, বঁটা, ফেল'শ্বিপ, স্ক'লাৰশ্বিপ আদিৰ বাবে নিজৰ যোগ্যতা প্ৰতিপন্ন কৰাৰ বাবেও বহুজনে আগুৱাবলৈ নিশ্চয়কৈ বাট বিচাৰি পাব। দিনক দিনে তথ্য সংগ্ৰহ কৰি ইয়াক সমৃদ্ধ কৰি গলে এটা সময়ত ই ৰাইজৰ কামত অহা এটা বিশেষ বেৱচাইটত নিশ্চয়কৈ পৰিণত হবই।

বঁটা বাহনৰ বাবে অশুভ প্ৰতিযোগিতা গঢ়ি উঠাটো দৃষ্টিকটু হৈ উঠাৰ বিপৰীতে সমাজ-জীৱনলৈ নিজৰ চৰ্চা আৰু কৰ্মৰে অৰিহণা যোগোৱা জনলৈ স্বীকৃতি তথা প্ৰেৰণা যোগোৱাৰ প্ৰয়োজনীয়তাও আমি অস্বীকাৰ কৰিব নোৱাৰো। সেয়ে অনাহূত বিতৰ্কই মৰ্যদাহানি কৰিব পৰা জাতীয় বঁটা-বাহন সমূহৰ নিৰ্বাচনী প্ৰক্ৰিয়াক স্বচ্ছ কৰাৰ বিশেষ প্ৰয়োজন আছে। কোনো বঁটাৰ বাবে আবেদন কৰা লোকসকলৰ তালিকা, তাৰ পাছত বিচাৰকে মনোনীত কৰা লোক সকলৰ তালিকা, আবেদকৰ জীৱন তথা কৰ্মপঞ্জীৰ ৰাজহুৱাকৰণ, তাৰ ওপৰত ৰাইজৰ পৰা অনলাইন অথবা এচএমএছ বা সমীক্ষামূলক ফিড লৈ সেই সমূহকো গুৰুত্ব দি বঁটা বাহন ঘোষণা কৰিব লাগে। বঁটা-বাহন.কমৰ দৰে ৱেবচাইটে এনেবোৰ সমীক্ষা চলোৱাত তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰ কৰি নিশ্চয়কৈ ৰাজহুৱা সংস্থ সমূহক সহায় কৰিব পাৰে। বিশেষকৈ জাতীয় অনুষ্ঠানে দিয়া বঁটা বাহনৰ ক্ষেত্ৰত এনে পদ্ধতি ব্যৱহাৰ কৰাৰ কথা চিন্তা কৰিলে বঁটাৰ মৰ্যদাহনন হোৱাৰ পৰা (স্বাৰ্থানেষী মহলৰ হাতোৰাৰ পৰা) মুক্ত কৰাটো কিছুদূৰ সম্ভৱ হব যেন লাগে।

যতেই গোপন ততেই পাপ বুলি এষাৰ কথা আছে। গুণীজনৰ গুণৰ শলাগ লোৱা বা স্বীকৃতি দিয়াৰ ক্ষেত্ৰত তেন্তে গোপনতাৰ প্ৰশ্নইবা ক'ত? বিচাৰক, জুৰী আদিৰো নাম ৰাজহুৱাকৈ আগতীয়া বিজ্ঞাপন বা বঁটা ঘোষণাৰ বিজ্ঞপ্তিৰ সৈতেই প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিব লাগে। বঁটা প্ৰাপকে কি কাৰণত আন মনোনীত প্ৰাৰ্থীতকৈ অগ্ৰাধিকাৰ পাই শেষ ফলাফলত উজ্বলি উঠিল, সেই কথাও বিশ্লেষণাত্মক ৰূপত বিচাৰক সকলে ৰাজহুৱা কৰিব লাগে। বঁটা ঘোষণাৰ প্ৰেছ বিজ্ঞপ্তিয়ে এই কথাবোৰ সামৰি ল'লে বঁটা বাহনক লৈ তুচ্ছ তাচ্ছিল্য কৰাৰ বাবে নিশ্চয়কৈ সুৰুঙা নাথাকিব।একেখিনি কথা ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় বঁটা তথা প্ৰেৰণামূলক সন্মান অথবা স্বীকৃতিৰ ক্ষেত্ৰতো প্ৰযোজ্য।

অসম সাহিত্য সভা, সাহিত্য অকাডেমী, বিভিন্ন ন্যাস, চৰকাৰী বিভাগ তথা জাতীয় সংগঠন সমূহে এনে পদক্ষেপ লবলৈ আগবাঢ়ি আহক আৰু এনে ইতিবাচক পদক্ষেপৰ সমন্বয় সাধনৰ বাবে এখন মঞ্চৰ ৰূপত গঢ় লৈ উঠক বঁটা-বাহন.কমৰ দৰে তথ্যপূৰ্ণ ৱেবচাইট। সচেতন বৌদ্ধিক মহলে কথাবোৰ গুৰুত্ব দিলে এনে স্বীকৃতি প্ৰদানৰ প্ৰক্ৰিয়াবোৰৰ পৰা বিতৰ্ক আঁতৰাই সমাজৰ বিভিন্নজনক আগুৱাবলৈ প্ৰেৰণা যোগোৱাৰ মহৎ উদ্দেশ্যত নিশ্চয়কৈ উপনীত হব পৰা যাবই।

No comments:

Post a Comment