প্ৰযুক্তি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আপোনাৰ বাবে অপাৰেটিং ছিষ্টেমঃ 
ৱিণ্ড'জ নে এণ্ড্ৰইড? 
ৰূপাংকৰ চৌধুৰী
আপুনি যিকোনো এখন ইলেক্ট্ৰনিকচ্ সামগ্ৰী বিক্ৰী কৰা দোকানলৈ যাওক আৰু আপুনি পাব বিভিন্ন ৰকমৰ স্মাৰ্ট ফোন আৰু টেবলেট। এই সকলোবোৰ স্মাৰ্ট ফোন আৰু টেবলেট চলাবলৈ প্ৰয়োজন হয় এবিধ অপাৰেটিং ছিষ্টেম (কাৰ্যকৰী ব্যৱস্থা)। বজাৰত উপলব্ধ নানান অপাৰেটিং ছিষ্টেমৰ মাজত ৱিণ্ড'জ (Windows) আৰু এণ্ড্ৰইড (Android) আটাইতকৈ বেছি জনপ্ৰিয়। দুয়োবিধ অপাৰেটিং ছিষ্টেমৰে বেলেগ বেলেগ বিশেষত্ব আছে। এতিয়া কথা হ'ল, কোনবিধ অপাৰেটিং ছিষ্টেম আপোনাৰ বাবে সঠিক প্ৰয়োজনীয় তথা ব্যৱহাৰ্য?

তলত দুয়োবিধ সৰ্বাধিক জনপ্ৰিয় অপাৰেটিং ছিষ্টেমৰ যোগাত্মক দিশবোৰ আলোচনা কৰিম। আপুনি যদি স্মাৰ্ট ফোন বা টেবলেট কিনিম বুলি ভাবি আছে নাইবা ব্যৱহাৰ কৰি থকাটো সলনি কৰিবলৈ পাঙি আছে তেন্তে ইয়াৰ দ্বাৰা আপোনাৰ প্ৰয়োজন অনুযায়ী সঠিক স্মাৰ্ট ফোন কিনাৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিব পাৰিব। আহক, আপোনাৰ প্ৰয়োজনসাপেক্ষে সঠিক স্মাৰ্ট ফোন নাইবা টেবলেট বিচাৰি চাওঁ!

এণ্ড্ৰইড অপাৰেটিং ছিষ্টেম(Android Operating System)ৰ যোগাত্মক দিশবোৰ: 
- আপোনাৰ দৈনন্দিন প্ৰয়োজনীয় প্ৰায় সমূহ আহিলা (Apps): আপুনি যদি যথেষ্ট কাম কৰে আৰু ফোনত খেলা খেলে তেন্তে এণ্ড্ৰইড ফোনৰ 'গুগল প্লে ষ্টোৰ'ত আপোনাৰ উৎপাদনশীলতা আৰু মনোৰঞ্জনৰ বাবে ১০লাখতকৈও অধিক আহিলা উপলব্ধ। অৰ্থ-ব্যৱস্থাৰ পৰা আদি কৰি বিভিন্ন মনোৰঞ্জনধৰ্মী খেললৈকে সকলো বিধ আহিলা উপলব্ধ এণ্ড্ৰইড ফোনত। 

- সকলোবোৰ নিজস্ব কৰক: যদি আপুনি নিজাকৈ কিবা সজাই-পৰাই ভাল পোৱা ব্যক্তি তেন্তে আপুনি এণ্ড্ৰইড ফোনক নিজৰ কৰি লওক। নিজস্ব পচন্দ অনুযায়ী, এণ্ড্ৰইড ফোনক আপুনি এক বেলেগ ৰূপত সজাই পৰাই তুলিব পাৰে। বিভিন্ন আহিলা (widgets) সক্ৰিয় কৰি তাক আপুনি ইচ্ছানুযায়ী সজাই তোলক। 

- ফোনৰ পৰা টেবলেটলৈ সহজেই বদলিকৰণ: এণ্ড্ৰইড ফোন বা টেবলেটৰ মাজত সা-সলনি কৰিবলৈ খুবেই উজু যিহেতু আপুনি একেবিধ অপাৰেটিং ছিষ্টেম ব্যৱহাৰ কৰি আছে। ধৰা হওক, আপুনি এণ্ড্ৰইড ফোন ব্যৱহাৰকাৰী আৰু আপুনি নতুনকৈ টেবলেট ব্যৱহাৰ কৰিব বিচাৰিছে! তেন্তে আপোনাৰ বাবে সহজ উত্তৰ - এণ্ড্ৰইড টেবলেট লওক। 

ৱিণ্ড'জ অপাৰেটিং ছিষ্টেম (Windows Operating System)ৰ যোগাত্মক দিশবোৰ: 
- আপোনাৰ কম্পিউটাৰৰ লগত সুন্দৰকৈ কাৰ্যক্ষম- ইয়াত যথেষ্ট খিনি কাৰ্য-সম্পৰ্কীয় প্ৰ'গ্ৰাম সুলভ। সেয়েহে ৱিণ্ড'জ ফোনবোৰ আপুনি ভ্ৰাম্যমাণ কম্পিউটাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে। ৱিণ্ড'জ ফোনবোৰে আপোনাৰ কম্পিউটাৰৰ লগত সামঞ্জস্য থকা সকলোবোৰ প্ৰ'গ্ৰাম (যেনে- MS Office, PDF ইত্যাদি) সুন্দৰকৈ চলাব পাৰে। ইয়াৰ দ্বাৰা আপোনাৰ বাবে কম্পিউটাৰ আৰু ফোনৰ মাজত তথ্য-পাতি আদান-প্ৰদান কৰাত সুবিধা হয়। 

- বহুমুখী কাৰ্য্য-ব্যৱস্থা- একে সময়তে কেইবাখনো স্ক্ৰীণ খুলিব পৰাতো ৱিণ্ড'জ ফোনবোৰৰ এটি ওপৰঞ্চি সুবিধা। আপুনি ফোনত কিবা কামত ব্যস্ত থাকিলে বা গেম খেলি থাকিলে সমানেই একাধিক 'এপছ' ব্যৱহাৰ কৰি থাকিব পাৰিব। 

- ফোনটোক এটি কম্পিউটাৰলৈ ৰূপান্তৰ কৰক- বাহ্যিক মনিটৰ আৰু কী-বোৰ্ডৰ লগত সংযোগ কৰি আপুনি ৱিণ্ড'জ ফোনটোক সূক্ষ্ম-কম্পিউটাৰলৈ ৰূপান্তৰ কৰিব পাৰে। বজাৰত কিছুমান সংযোগী 'দ'ক' dock) উপলব্ধ যিসমূহে আপোনাৰ ফোনৰ সহায়ত কম্পিউটাৰৰ অভিজ্ঞতা বেছি সুন্দৰ কৰি তোলে। 

বিচাৰি পালেনে প্ৰশ্নবোৰৰ উত্তৰঃ
কোনো সামগ্ৰী দোধোৰ-মোধোৰকৈ নিকিনিব। এবাৰ চিন্তা কৰকচোন, আপুনি টেবলেট বা স্মাৰ্ট ফোনটো কি কামৰ বাবে আটাইতকৈ বেছি ব্যৱহাৰ কৰিব? সেইমতেই নিজৰ জীৱন-শৈলীৰ লগত খাপ খোৱাকৈ এবিধ পচন্দ কৰক। আশাকৰোঁ আপুনি ইমান সময়ে মনৰ খূদুৱনি দূৰ কৰিবলৈ সক্ষম হৈছে।

No comments:

Post a Comment