পৰ্যবেক্ষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

অখিল গগৈ হ’ব পাৰিবনে অসমৰ কেজৰিৱাল?
দীপাংকৰ মল্ল বৰুৱা
শেহতীয়াকৈ দিল্লী বিধানসভাৰ নিৰ্বাচনৰ ফলাফলে দেশৰ ৰাজনীতিত সজোৰে খলকনিৰ সৃষ্টি কৰিছে। এই নিৰ্বাচনত বহুচৰ্চিত নৰেন্দ্ৰ মোদীৰ মেজিকক চেৰ পেলাই দিল্লীত চলিল অৰৱিন্দ কেজৰিৱালৰ মেজিক। লোকসভা নিৰ্বাচনৰ পিছৰে পৰা চলিবলৈ লোৱা ভাৰতীয় জনতা পাৰ্টীৰ বিজয় ৰথ ৰাজধানী দিল্লীত আম আদমি পাৰ্টীয়ে ৰোধ কৰিলে। যোৱা লোকসভা নিৰ্বাচনত ধুলিস্যাৎ হৈ যোৱা দল এটাই অভিলেখ স্থাপন কৰি দিল্লী বিধান সভাৰ ৭০ খনৰ ভিতৰত ৬৭ খন আসনেই দখল কৰিলে। শোচনীয় ভাবে পৰাজিত হ’ল ভাৰতীয় জনতা পাৰ্টীৰ দৰে কেন্দ্ৰত শাসনাধিস্থ দল, নিশ্চিহ্ন হৈ গ’ল কংগ্ৰেছৰ দৰে ঐতিহাসিক দল। দিল্লীবাসীক এখন সৎ, দুৰ্নীতিমুক্ত আৰু জনকল্যাণকামী চৰকাৰ দিব বুলি আশ্বস্ত কৰা কেজৰিৱালে আম আদমি দলৰ এই অপ্ৰত্যাশিত ঐতিহাসিক বিজয়ত নেতৃত্ব দিলে। 

এইজন অৰৱিন্দ কেজৰিৱালেই ২০১৩ চনত কংগ্ৰেছৰ সমৰ্থনত দিল্লীত চৰকাৰ গঠন কৰিছিল। মাত্ৰ ৪৯ দিন শাসন চলোৱাৰ পিছতে সকলোকে আচৰিত কৰি তেওঁ পদত্যাগ কৰিছিল, জন লোকপাল বিধেয়ক উত্থাপনত ভাৰতীয় জনতা পাৰ্টী আৰু কংগ্ৰেছৰ সহযোগিতা নোপোৱাৰ প্ৰতিবাদত। মুখ্যমন্ত্ৰী হৈ থকা সময়তো নিজকে নৈৰাজ্যবাদী বুলি ঘোষণা কৰি, ৰাজপথত ধৰ্মঘট কৰি তেওঁ কটু সমালোচনাৰ সন্মুখীন হৈছিল। 

ইয়াৰ পিছতেই অৰৱিন্দ কেজৰিৱালে সপোন দেখিছিল লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ। কিন্তু সেই সময়ৰ মোদী ঢৌৱে উটুৱাই নিলে তেওঁৰ আম আদমি পাৰ্টীক। আমানতৰ ধন হেৰুওৱাৰ অভিলেখ গঢ়িলে আম আদমি পাৰ্টীৰ সৰহভাগ প্ৰাৰ্থীয়ে। সেই সময়ত বহুতেই ভাবিছিল অৰৱিন্দ কেজৰিৱালৰ ৰাজনৈতিক ভৱিষ্যত শেষ হৈ গ’ল। তেওঁ পুনৰ কঁকাল পোনাব নোৱাৰিব। মোদী মেজিক আৰু ভাৰতীয় জনতা পাৰ্টীৰ সৰ্বগ্ৰাসী ঢৌত দিল্লী নিৰ্বাচনত উটি ভাঁহি যাব আম আদমি পাৰ্টী। পিছে লোকসভা নিৰ্বাচনৰ পিছৰে পৰা আম আদমি পাৰ্টীয়ে আৰম্ভ কৰিলে দিল্লী বিজয় অভিযান। এইবাৰৰ নিৰ্বাচনত কাণে কাণ মাৰিহে আম আদমি পাৰ্টী জয়ী হ’ব পাৰে বুলি সৰহভাগ অ’পিনিয়ন প’লে ৰায় দিছিল। কিন্তু ৰাজনৈতিক বিশ্লেষক সকলৰ সকলো নিৰ্বাচনী সমীক্ষা, পূৰ্বানুমান ভুল প্ৰমাণিত কৰি অৰৱিন্দ কেজৰীৱালে দিল্লীত অভূতপূৰ্ব বৃহৎ বিজয়েৰে অসাধ্য সাধন কৰিলে।

দিল্লী বিধান সভাত আম আদমি পাৰ্টীৰ চমকপ্ৰদ প্ৰদৰ্শনৰ পিছত অসমত চৰ্চা আৰম্ভ হৈছে আগন্তুক ২০১৬ চনৰ নিৰ্বাচনত কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টীৰ বিকল্প হিচাপে আন এটা ৰাজনৈতিক দলৰ সম্ভাৱনীয়তাৰ বিষয়ে। একেৰাহে পোন্ধৰ বছৰ কাল শাসন কৰি অহা কংগ্ৰেছ দল ইতিমধ্যে দলীয় অন্তৰ্কলহ, অকৰ্মণ্যতা, সীমাহীন দুৰ্নীতি, স্বজন তোষণত বিদ্ধস্ত হৈ পৰিছে। অহা নিৰ্বাচনত দলটো নিশ্চয়কৈ প্ৰবল প্ৰতিস্থান বিৰোধী ঢৌৰ সন্মুখীন হ’ব। আনহাতে ভাৰতীয় জনতা পাৰ্টীৰ শেহতীয়া কিছুমান কৰ্ম কাণ্ডৰ বাবে লোকসভা নিৰ্বাচনৰ সময়ত দলটোৰ ওপৰত থকা জনতাৰ আস্থা বহু পৰিমানে হ্ৰাস পাইছে। বৃহৎ নদীবান্ধ, বাংলাদেশলৈ মাটি হস্তান্তৰ, শৰণাৰ্থী নিৰূপন, বিদেশী বহিষ্কৰণ, উত্তৰ পূৰ্বাঞ্চল বাসীক অনুপ্ৰৱেশ কাৰী আখ্যা আদি অসমৰ বাবে অতি স্পৰ্শকাতৰ বিষয় সমূহত দলটোৰ স্থিতি আৰু দলটোৰ নেতৃত্বৰ ওপৰত সাধাৰণ জনতা এতিয়াও আস্বস্ত হোৱা নাই। সৰ্ব ভাৰতীয় ৰাজনৈতিক দলৰ বিকল্প হিচাপে অসমৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদে শেহতীয়া কেইবাটাও নিৰ্বাচনত মুখ থেকেচা খাই আহিছে। অগপৰ পূৰ্বৰ শাসন কালত ৰাইজৰ তিক্ত অভিজ্ঞতা, নেতৃত্বৰ বেমেজালি, নতুন মুখৰ নেতা আৰু নতুনত্বৰ অভাৱত দলটোৱে অহা নিৰ্বাচনত এক শক্তিশালী তৃতীয় বিকল্পৰ ৰূপত অৱতীৰ্ণ হোৱাৰ আশা কৰিব নোৱাৰি। অসম বিধানসভাৰ মুখ্য বিৰোধী দল এ আই ডি ইউ এফ আজমল পৰিয়ালৰ একনায়ত্ববাদিতা, স্বজন তোষণ আৰু সাম্প্ৰদায়িকতাৰ ৰাজনীতিত লিপ্ত বুলি অভিযুক্ত হৈ আহিছে। কেৱল ধৰ্মীয় সংখ্যালঘুৰ স্বাৰ্থ সুৰক্ষাৰ বাবে গঠিত দল হিচাপে পৰিচিত এ আই ডি ইউ এফ দল অসমৰ সকলো শ্ৰেণীৰ ৰাইজৰ মাজত সমাদৃত হোৱাৰ আশা কৰিব নোৱাৰি। বৰ্তমান সময়ত অসমত আনবোৰ ৰাজনৈতিক দল সমূহৰ স্থিতি তেনেই দুৰ্বল বুলিব পাৰি। 

তেনে সন্ধিক্ষণত অসমৰ সচেতন ভোটাৰৰ মনত স্বাভাৱিকতে প্ৰশ্নৰ উদয় হৈছে, ২০১৬ চনৰ নিৰ্বাচনত কাক ভোট দিব ? কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টীৰ বাহিৰে ভোট দিবলৈ তৃতীয় বিকল্প কিবা থাকিবনে ? স্বাভাৱিকতে অসমৰ সকলো শ্ৰেণীৰ জনতাক প্ৰতিনিধিত্ব কৰিব পৰাকৈ, সকলো শ্ৰেণীৰ জনতাই গ্ৰহণ কৰিব পৰাকৈ আৰু অসমৰ সাধাৰণ ৰাইজৰ স্থানীয় সমস্যা সমূহৰ লগত সহমৰ্মিতা থকা এটা নতুন আঞ্চলিক ৰাজনৈতিক শক্তিৰ প্ৰয়োজন সাধাৰণ ভোটদাতা ৰাইজে অনুভৱ কৰিছে। শেহতীয়াকৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সভাপতি অখিল গগৈৰ নেতৃত্বত এক নতুন ৰাজনৈতিক শক্তি হিচাপে আত্মপ্ৰকাশ কৰাৰ যো-জা চলোৱাৰ বাতৰিয়ে নতুন আশাৰ সঞ্চাৰ কৰিছে।

এই খিনিতে প্ৰশ্ন হৈছে অখিল গগৈ হ’ব পাৰিবনে অসমৰ অৰৱিন্দ কেজৰিৱাল? অখিল গগৈয়ে অসমৰ কংগ্ৰেছ আৰু ভাজপা বিৰোধী ভোটখিনি একত্ৰিত কৰি এক শক্তিশালী তৃতীয় শক্তি গঢ়ি তুলিব পাৰিবনে ? অসমৰ সকলো শ্ৰেণীৰ জন সাধাৰণৰ বাবে অখিল গগৈ এজন অবিসম্বাদী, স্বপ্নদ্ৰষ্টা নেতা হ’ব পাৰিবনে ?

উল্লেখ্য যে, অৰৱিন্দ কেজৰিৱাল আৰু অখিল গগৈৰ কাম কাজ আৰু জীৱন দৰ্শনত যথেষ্ট সাদৃশ্য আছে। দুয়োজন শিক্ষিত আৰু বামপন্থী আদৰ্শৰ দ্বাৰা প্ৰভাৱান্বিত ব্যক্তি। কেজৰিৱালে কেন্দ্ৰীয় লোকসভা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চ পদবীত চাকৰিও কৰিছিল। দুয়োজনে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পৰিচিত হৈছিল দিল্লীৰ ৰামলীলা ময়দানত আন্না হাজাৰেৰ ‘দুৰ্নীতিৰ বিৰুদ্ধে ভাৰত’ (India Against Corruption) আন্দোলনৰ জৰিয়তে। লোকপাল বিধেয়কৰ বাবে দিল্লীত কৰা অনশনৰ সময়ত দুয়ো আন্না হাজাৰেৰ সহযোগী হিচাপে অৱতীৰ্ণ হৈছিল। দুয়োজনেই তথ্য জনাৰ অধিকাৰ আইনৰ (Right to Information Act, 2005) অধীনত তথ্য সংগ্ৰহ কৰি ৰাজহুৱা কামত চলি থকা বহুতো দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ উদঙাই দিবলৈ সক্ষম হৈছে। ২০০৬ চনত অৰৱিন্দ কেজৰিৱালে তেওঁৰ ‘পৰিৱৰ্তন’ নামৰ তৃণমুল পৰ্যায়ৰ দুৰ্নীতি বিৰোধী অভিযানত নেতৃত্ব দিয়াৰ বাবে ৰমন মেগেছেছে বটাৰে সন্মানীত হৈছিল। সেইদৰে ২০০৮ চনত অখিল গগৈয়ে তেওঁৰ দুৰ্নীতি বিৰোধী আন্দোলনৰ বাবে লাভ কৰিছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্বানমুগন মঞ্জুনাথ ৰাষ্ট্ৰীয় সংহতি বটা। অৰৱিন্দ কেজৰিৱালে ৰমন মেগেছেছে বটাৰ জৰিয়তে পোৱা ধনেৰে জনহিত গৱেষণা সংস্থা (Public cause Research Foundation) নামৰ এটা বেচৰকাৰী প্ৰতিস্থান আৰম্ভ কৰে। আমোদ জনক ভাৱে এই সংস্থাটোৱে ২০১০ চনত অখিল গগৈক ৰাষ্ট্ৰীয় তথ্য জনাৰ অধিকাৰ বটা প্ৰদান কৰি তথ্য জনা আইনৰ আধাৰত তেওঁ চলোৱা দুৰ্নীতি বিৰোধী সংগ্ৰামক স্বীকৃতি দিয়ে। আন্না হাজাৰেৰ আন্দোলনৰ যোগেদি অৰৱিন্দ কেজৰিৱাল আৰু অখিল গগৈৰ মাজত বন্ধুত্বও গঢ়ি উঠে। অখিল গগৈয়ে গুৱাহাটীত বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰি কৰা অনশন ১০ দিনৰ পিছত আন্না হাজাৰেৰ অনুৰোধত শেষ কৰিছিল অৰৱিন্দ কেজৰীৱালে নিজ হাতেৰে আগবঢ়াই দিয়া ফলৰ ৰসেৰে। 

অখিল গগৈয়ে তেওঁৰ দুৰ্নীতিৰ বিৰুদ্ধে সংগ্ৰাম আৰু চৰকাৰী ভ্ৰষ্টাচাৰৰ বিৰোধিতাৰ বাবে চৰকাৰী পক্ষৰ নিৰ্যাতন ভূগিব লগীয়া হৈছে, বহুবাৰ গুণ্ডাৰ আক্ৰমণৰ বলি হ’ব লগীয়া হৈছে। সেইদৰে অৰৱিন্দ কেজৰিৱালেও সময়ে সময়ে শাৰীৰিক ভাৱে অপদস্থ হৈছে। একাধিক বাৰ তেওঁ ৰাজহুৱা ভাৱে বিভিন্ন ব্যক্তিৰ পৰা চৰ খাইছে। পিছে দুয়োজনেই প্ৰবল প্ৰত্যাহ্বানৰ মাজতো নিজৰ আদৰ্শগত স্থিতিৰ পৰা বিচলিত নোহোৱাকৈ প্ৰায় অবিৰত ভাৱে সাধাৰণ মানুহৰ অধিকাৰ আৰু দুৰ্নীতি বিৰোধী সংগ্ৰামত জড়িত হৈ আছে।

দিল্লী নিৰ্বাচনত অৰৱিন্দ কেজৰিৱালৰ বিজয়ৰ এটা প্ৰধান ইতিবাচক কাৰণ আছিল জনতাই তেওঁৰ মাজত এনে এজন নেতাক বিচাৰি পাইছিল, যিজনে সাধাৰণ মানুহৰ সমস্যা সমূহ বুজি পায়, সকলো শ্ৰেণীৰ মানুহক আদৰ সন্মান কৰে। ২০১৪ চনত মাত্ৰ ৪৯ দিন শাসনত থকাৰ পিছতে পদত্যাগ কৰাটো তেওঁৰ ভুল আছিল বুলি স্বীকাৰ কৰি কেজৰিৱালে দিল্লীৰ চুবুৰিয়ে চুবুৰিয়ে গৈ ক্ষমা প্ৰাৰ্থনা কৰিছিল। শেহতীয়া ভাৱে অখিল গগৈয়ে পদব্ৰজে সমগ্ৰ অসম ভ্ৰমণ কৰি সাধাৰণ মানুহৰ লগত তৃণমুল পৰ্যায়ত সংযোগ স্থাপন কৰাৰ বাবে লোৱা প্ৰচেষ্টাই তেওঁক অসমৰ গাৱেঁ ভূঞে যথেষ্ট জনপ্ৰিয় কৰি তুলিছে। আনহাতে অখিল গগৈ সাধাৰণ, খাটি খোৱা, দুখীয়া মানুহৰ প্ৰতিবাদী কণ্ঠ হিচাপে স্বীকৃত হৈছে। সেয়েহে অখিল গগৈ প্ৰত্যক্ষ ৰাজনীতিলৈ আহিলে তেওঁ যে যথেষ্ট জন সমৰ্থন লাভ কৰিব সেই কথা সহজেই অনুমান কৰিব পাৰি।

অৰৱিন্দ কেজৰিৱালৰ আন এটা ইতিবাচক দিশ হ’ল যে তেওঁ দিল্লীৰ প্ৰায় সকলো শ্ৰেণীৰ মানুহৰ সমৰ্থন আদায় কৰিবলৈ সক্ষম হৈছিল। পুঁজিপতি সকলৰ লগতো সু সম্পৰ্ক ৰাখি তেওঁ দলৰ পুঁজিৰ বাবে অনুদান সংগ্ৰহ কৰিছিল। তেওঁ নিজে বণিয়া সম্প্ৰদায়ৰ হোৱা বাবে বণিক গোষ্ঠীৰ সমৰ্থনো লাভ কৰিছিল। কেজৰিৱালে এই কথা হয়তো উপলব্ধি কৰিছে যে দিল্লীৰ উন্নয়নৰ বাবে পুঁজিপতি আৰু বণিক গোষ্ঠীৰ সমৰ্থন আৰু সহযোগিতাৰ প্ৰয়োজন আছে। কিন্তু অখিল গগৈয়ে প্ৰায়ে কঠোৰ বাম পন্থী স্থিতি গ্ৰহণ কৰি পুঁজিপতি আৰু বণিক শ্ৰেণীৰ বিৰুদ্ধে বিষাদ্গাৰ কৰি আহিছে। অসমত বৰ্তি থকা আঙুলিৰ মুৰত গণিব পৰা উদ্যোগ সমুহে অসমৰ মানুহৰ আৰ্থ সামাজিক উন্নয়ন আৰু ৰাজ্যখনৰ বিকাশৰ বাবে লোৱা ভূমিকাক সম্পূৰ্ণ ভাৱে নস্যাৎ কৰি তেওঁ সকলোকে লুণ্ঠনকাৰী, অসমৰ স্বাৰ্থ বিৰোধী বুলি অভিহিত কৰি আহিছে। অখিল গগৈ মাওবাদী কাৰ্যকলাপৰ লগত জড়িত বুলিও কোনো কোনো মহলে অভিযোগ কৰে। তেওঁ আন্দোলনৰ নামত নিৰীহ মানুহক আত্মজাহৰ দৰে চৰম কাৰ্যৰ বাবে প্ৰৰোচিত কৰিব পাৰে বুলিও অভিযোগ আছে। অখিল গগৈক এজন পেচাদাৰী বিক্ষোভকাৰী বুলিও আঙুলি টোওৱা হয়। বিভিন্ন সময়ত তেওঁৰ প্ৰৰোচনামূলক ভাষণে সমাজত বিশৃংখলতা আৰু বিভাজনৰ সৃষ্টি কৰাৰো উদাহৰণ আছে। তেওঁ সঘনে ৰাজ্যখনত বাস কৰা হিন্দীভাষী আৰু বাংলাভাষী লোক সকলক আক্ৰমণ কৰি ভাষণ দিয়া দেখা যায়। অখিল গগৈৰ এনে বিতৰ্কিত কাৰ্যকলাপে ৰাজ্যখনক নেতৃত্ব দিবলৈ তেওঁৰ যোগ্যতা আৰু গ্ৰহণযোগ্যতাৰ ওপৰতো প্ৰশ্নবোধক চিহ্নৰ সৃষ্টি কৰিছে। ৰাজপথত আন্দোলন কৰা আৰু এখন চৰকাৰ চলোৱা একে কথা নহয়। সাধাৰণ জনতাৰ স্বাৰ্থ আৰু হিতক সুৰক্ষা দিয়াৰ উপৰিও ৰাজ্যখনক প্ৰগতি আৰু বিকাশৰ পথত আগবঢ়াই লৈ যোৱাটো ৰাজ্য চৰকাৰ এখনৰ দ্বায়িত্ব। অখিল গগৈয়ে অসমৰ আঞ্চলিক শক্তিৰ নেতৃত্ব দিবলৈ হ’লে তেওঁ সকলো শ্ৰেণীৰ মানুহৰ বাবে এজন গ্ৰহণযোগ্য নেতা হিচাপে স্বীকৃত হ’ব লাগিব। এজন আন্দোলনকাৰী নেতাৰ পৰা এজন দুৰদৰ্শী, উন্নয়নকামী, স্বপ্নদ্ৰষ্টা নেতালৈ তেওঁৰ উত্তৰণ হ’ব লাগিব। দিল্লী নিৰ্বাচনত অৰৱিন্দ কেজৰিৱালে দিল্লী বাসীৰ বাবে এনে এক ভূমিকাতে অৱতীৰ্ণ হৈছিল। 

দিল্লী নিৰ্বাচনত এটা মন কৰিবলগীয়া দিশ হ’ল, ২০১৩ চনৰ নিৰ্বাচনৰ তুলনাত কংগ্ৰেছৰ ভোটবেংকৰ প্ৰবল গৰা খহনীয়া আৰু আম আদমি পাৰ্টীৰ এই ভোটখিনিৰ পৰা হোৱা লাভ। উল্লেখ্য যে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত অসমত ভাজপাৰ চমকপ্ৰদ উত্থানৰ কাৰণ হ’ল অগপ দলৰ প্ৰতি মোহভংগ হৈ অগপৰ বহুতো সমৰ্থকে ভাজপাক ভোট দিছিল। অহা নিৰ্বাচনত অসমতো কংগ্ৰেছৰ ভোটৰ অধিক খহনীয়া হোৱাটো প্ৰায় নিশ্চিত। কংগ্ৰেছৰ প্ৰতি মোহভংগ হোৱা মানুহে ভাজপাতকৈ এক শক্তিশালী আঞ্চলিক শক্তিকহে অধিক পচন্দ কৰাৰ সম্ভাৱনা অধিক। আনহাতে এক শক্তিশালী তৃতীয় বিকল্পৰ উপস্থিতিয়ে অগপৰ পূৰ্বৰ সমৰ্থক সকলৰ একাংশক আকৌ ভাজপাৰ পৰা আঞ্চলিক দললৈ ঘূৰাই আনিব পাৰে। এজন দক্ষ আৰু সৰ্বজন গ্ৰাহ্য নেতাই যদি এই তৃতীয় শক্তিক নেতৃত্ব দিব পাৰে আৰু অৰৱিন্দ কেজৰিৱালৰ দৰে সকলো শ্ৰেণীৰ লোকক এখন দুৰ্নীতিমুক্ত, উন্নয়নমুখী, কল্যাণকামী চৰকাৰ গঠন হ’ব বুলি আশ্বস্ত কৰিব পাৰে তেনেহ’লে অসমতো তৃতীয় শক্তিৰ চমকপ্ৰদ উত্থান হ’ব পাৰে। অসমৰ ৰাইজ এতিয়া অৰৱিন্দ কেজৰীৱালৰ দৰে নেতা এজনৰ অপেক্ষাতে আছে।
লেখকৰ ঠিকনাঃ দুলীয়াজান, ফোন: ৯৪৩৫০৩৯৮২০

No comments:

Post a Comment