শ্ৰদ্ধাঞ্জলি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

'গুৰুজী'লৈ 
শেষ চিঠি
(
আদ্য শৰ্মা দেৱলৈ সুখ-দুখৰ শ্ৰদ্ধাঞ্জলি)
শ্ৰদ্ধাৰ গুৰুজী, 
সেৱা ল'ব। নাম ক'লে আপুনি হয়তো মোক চিনি নাপাব। আপোনাৰ অজস্ৰ গুণগ্ৰাহীৰ মাজৰ ময়ো এজন। কিন্তু আপোনাক প্ৰথম দেখাতে এক কৌতূহল জাগ্ৰত হৈছিল মোৰ শিশু মনত! আপোনাক আনুষ্ঠানিক ভাৱে চিনি পোৱাৰ আগতে যেন আপোনাৰ ব্যক্তিত্বই সন্মোহিত কৰিছিল। 

আজিৰ পৰা ২৩বছৰ মান আগৰ কথা। চতুৰ্থ শ্ৰেণীত পঢ়ি আছোঁ তেতিয়া। চামতাৰ পৰা বাছত আহি নলবাৰীৰ পোষ্ট অফিচৰ কাষত গাড়ীৰ পৰা নামি খোজ কাঢ়ি গৈ আছোঁ। নলবাৰী ষ্টেট বেংকৰ কাষৰ মাৰুতি হোটেলত সোমাইছোঁ। মই ৰসগোল্লা খাই খুউব ভাল পাওঁ। মামাৰ ঘৰৰ পোৱাৰ আগতে ইয়াত ৰসগোল্লা ২-৩টা মান খুৱাই লৈ যায় মায়ে। তেনেতে দেখিলোঁ শুভ্ৰ বগা বস্ত্ৰত দীঘল চুলিৰে বয়সীয়া ব্যক্তি এজন সোমাই আহিছে হোটেলখনত। হয় গুৰুজী। সেয়া আপুনিয়েই আছিল! হোটেলৰ মালিকে আথে-বাথে আগবঢ়াই নি বহুৱালে আপোনাক। বৰ তৃপ্তিৰে ৰসগোল্লা আৰু চাহ খালে আপুনি। কিন্তু এই অধমে তেতিয়ালৈকে চিনিয়েই পোৱা নাছিলোঁ আপোনাক!
হোটেলখনত বহুত মানুহ ভৰ্তি হৈ আছিল। কোনোবাই খাই আছিল যদি আন কোনোবাই মিঠাইৰ টোপোলা ঘৰলৈ লৈ গৈ আছিল। কিন্তু ইমানবোৰ মানুহৰ মাজতো সেই দীঘল চুলিৰ ব্যক্তি জন কোন হয় জানিবলৈ উৎসুকতা জন্মিল। মাক সুধিলো- 'চিনি পোৱা নেকি মানুহজনক।' মাই হাঁহি-হাঁহি ক'লে- 'এখেত নলবাৰীৰ গৌৰৱ। আমাৰ সকলোৰে মৰমৰ 'গুৰুজী। ব'লা আশীৰ্বাদ ল'বা।' সেইসময়ত অত্যন্ত লাজকুৰীয়া মই। অচিনাকী মানুহ এজনৰ কাষলৈ কিয়নোঁ যাম এনেকৈ? তথাপি মাই একপ্ৰকাৰ টানিয়েই লৈ গ'ল আপোনাৰ কাষলৈ। আপোনাৰ ভৰি চুই আশীৰ্বাদ ল'লো! 

কিন্তু আপুনি ইমান আপোনভোলা? ইমান সাধাৰণ জীৱন-নিৰ্বাহ কৰিছিল? পিছত গম পালোঁ আপুনিয়েই হেনোঁ আধুনিক অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ অন্যতম খনিকৰ! আপুনি ধৰালৈ এক উজ্জ্বল ভোটাতৰা হৈ নামি আহি নীৰৱে আপোনাৰ সৃষ্টিৰে এক ইতিহাস ৰচি আতৰি গ'ল। 

আঁতৰি হেনো আপুনি সৰুতেও গৈছিল ১৪বছৰ বয়সতে! ঘৰৰ পৰা আঁতৰি সুদুৰ ডিমাপুৰ পাইছিলগৈ আপুনি ১৯৪৩চনত? চাকৰি কৰিবলৈ মন গৈছিল নেকি? তাতেই মনিপুৰ ৰোডত থকা ২২৬ বি অ' ডিত পেইন্টিং বিভাগত চাকৰি কৰিছিল আপুনি। কিন্তু আপুনিটো আজীৱন যাযাবৰ জীৱন শিল্পী! ক'ত শান্তিত থাকিব পাৰিব চাকৰিৰ বান্ধোনত! তাতে মাথোঁ এটা কামতে নিজকে ব্যস্ত ৰাখিব লাগে! আৰু আপুনি জানোঁ একেটা কামকে কৰি শান্তিত থকা মানুহ হয়? আপুনিটো আছিল একেধাৰে- আজন্ম চিত্ৰ শিল্পী, মঠ-মন্দিৰৰ নক্সা অঁকা আৰু পৰিকল্পনা কৰা ভাস্কৰ্য শিল্পী, মৃন্ময় মূৰ্তি বনোৱা কাৰিকৰ, ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ অন্যতম হোতা, কলা-কৌশলৰ ওস্তাদ, পোহৰ নিৰ্দেশক, অভিনেতা, বিপ্লৱী, সমাজ সচেতন ব্যক্তি, লোক কলাৰ সাধক, চিত্ৰ পট আঁকোতা আৰু তবলা বাদক!!! 

সেই প্ৰাক-স্বাধীন কালতে ঘৰ এৰি আঁতৰি গৈছিল? কম সাহসী নহয় কিন্তু আপুনি? অ আপুনি যে খুউব সাহসী আছিল সেই কথা আপোনাৰে বন্ধু যশস্বী সাহিত্যিক, সাহিত্য-সমালোচক আৰু নলবাৰীৰ আন এক মহীৰূহ, শশী শৰ্মা ছাৰেও স্বীকাৰ কৰিছে- "দেখাত শিল্পী বন্ধু আদ্য শৰ্মা আছিল অঁকৰা-অযথা অতি সামান্য মানুহ। কিন্তু মানসিক চিন্তা-চেতনা আৰু প্ৰতিভাৰে তেওঁ আছিল অসামান্য ব্যক্তি। মানুহে তেওঁক ভয়াতুৰ বুলিও ভ্ৰম কৰিছিল। কিন্তু জীৱনৰ অভিজ্ঞতাৰ পৰা দেখিছিলো যে তেওঁ আছিল অসীম সাহসী। ভয়ৰ ভাব তেওঁৰ অভিনয়হে আছিল।" (উৎস- নিউজ৩০, অসমীয়া প্ৰতিদিন) 

আপোনাৰ সাহিত্যিক বন্ধু, শশী শৰ্মা দেৱে আপোনাক বহুত ওচৰৰ পৰাই পাইছিল। তেখেতে ঠিকেই কৈছে। আপুনি অভিনয় কৰিও ভাল পাইছিল সেয়ে বাস্তৱ জীৱনত ভয়াতুৰ মানুহৰ অভিনয় কৰিছিল। সেয়েহে এই কলাৰ লগত আওপকীয়াভাৱে নিজকে জড়িত কৰি ৰাখি ভ্ৰাম্যমাণ নাট্য দল সমূহৰ চেহেৰাই সলনি কৰি দিছিল আপুনি! সমগ্ৰ অসমৰ লগতে বিদেশতো চৰ্চিত হৈছিল ভ্ৰাম্যমাণ এখন নাট- টাইটানিক।' চৰ্চিত হৈছিল বিশেষকৈ সেই নাটখনৰ কলা-নিৰ্দেশনা। সৌভাগ্য হৈছিল মোৰ কহিনুৰ থিয়েটাৰৰ মঞ্চত সেই নাট উপভোগ কৰাৰ। নাট খনৰ চমকপ্ৰদ কলাৰ নিদৰ্শন দেখি মোৰ লগত একেলগে বহি নাট চাই থকা মোৰ বন্ধুক কৈছিলোঁ- 'এনেকুৱা কলা-নিৰ্দেশনাৰ কাম মাথো ‘গুৰুজী’ৰ দ্বাৰাহে সম্ভৱ।' ভ্ৰাম্যমাণৰ মঞ্চ আপোনাৰ আন এক চমক- 'অনুৰাধাৰ দেশ'। আপোনাৰ কল্পনা শক্তিৰ গভীৰতা তেখেতেও স্বীকাৰ কৰিছে যিজনে 'অনুৰাধাৰ দেশ'ৰ সৃষ্টি কৰিছিল। 

ফণীন্দ্ৰ দেৱ চৌধুৰী দেৱে আপোনাক কেনেকৈ প্ৰশংসা কৰিছে শুনকচোন - ".... তেখেতৰ শিল্প নিদৰ্শন দেখিছিলো ভ্ৰাম্যমাণত। সেইবাৰ আদ্য শৰ্মাক লগ পোৱা এক বিশেষ উদ্দেশ্য আছিল। তেখেতে ভ্ৰাম্যমাণৰ 'অনুৰাধাৰ দেশ'ৰ নাট্যৰূপত সাজি উলিয়াইছিল ড্ৰিলিং ৰিগটো। হয়তো জীৱনত তেখেতে কেতিয়াও সমুদ্ৰ গৰ্ভত তেল-গেছৰ অনুসন্ধান কৰা ড্ৰিলিং ৰিগ এটা দেখা নাই: তাৰ ছবিও সাধাৰণ মানুহৰ বাবে ইমান সুলভ নহয়। সেই ৰিগক ভ্র‍াম্যমাণৰ মঞ্চৰ বাবে সাজি উলিওৱাৰ দায়িত্ব অৰ্পিত হৈছিল আদ্য শৰ্মাৰ ওপৰত। ৰতন লহকৰৰ হাতত মই সাধাৰণ স্কেছ এটা আঁকি দিছিলো আৰু খুব সম্ভৱ তাৰ ওপৰতেই নিৰ্ভৰ কৰি আদ্য শৰ্মা, সেই জীৱন শিল্পী গৰাকীয়ে সাজি উলিয়াইছিল, কোনোদিনে তেখেতে বাস্তৱত নেদেখা সেই সামুদ্ৰিক ৰিগ।...." (উৎস- অসমীয়া প্ৰতিদিন) 

১৯২৯চনৰ ৫ নৱেম্বৰত নলবাৰীৰ ক্ষুদ্ৰ মাখিবাহাত অধ্যাপক পাৰাত জন্ম হৈছিল আপোনাৰ। আপোনাৰ পিতৃ চন্দ্ৰনাথ শৰ্মাও এগৰাকী আজন্ম ভাস্কৰ্য শিল্পী আছিল হেনো! আপোনাৰ মাতৃ ঘুনুচাপ্ৰিয়া দেৱীৰ মনত বৰ দুখ আছিল হেনো আপোনাৰ পঢ়া-শুনা সন্তোষজনক নহয় বাবে? শিল্পকলাৰ প্ৰতি আপুনি তেন্তে সৰুৰে পৰাই আকৃষ্ট! সেয়েহে আপুনি সৈন্য বাহিনীৰ চাকৰি বাদ দি ১৯৪৬ চনত নলবাৰীলৈ আহে। 

নলবাৰীলৈ আহি প্ৰথম অৱস্থাত ভুৱন দাসৰ লগত মিলি আপুনি 'চিত্ৰালয়' নামৰ প্ৰতিষ্ঠান এটাত চিত্ৰ শিল্পৰ কাম আৰম্ভ কৰে। পিচত নিজাকৈ আৰম্ভ কৰে ৰং- ভাস্কৰ্যৰ এক প্ৰতিষ্ঠান 'ৰংঘৰ'। এই 'ৰংঘৰ' এটা সময়ত হৈ পৰিল ৰং-তুলিকা, শিল্প-ভাস্কৰ্য, নাটক, গীত-বাদ্য আদিৰ লগত জড়িত সকলোৰে মিলন ক্ষেত্ৰ। আপোনাৰ 'ৰংঘৰ' মজিয়াত হেনোঁ এটা সময়ত একগোট হৈছিল- বিষ্ণু প্ৰসাদ ৰাভা, ফণী শৰ্মা, ত্ৰৈলোক্য নাথ গোস্বামী, সাংসদ হেম বৰুৱা, ড। ভূপেন হাজৰিকা আদি কৰি সমগ্ৰ অসমৰে বিখ্যাত ব্যক্তি সকল! ৰংঘৰত বহিয়েই আপুনি পৰিকল্পনা কৰিছিল আপোনাৰ 'মানস সন্তান'। আজীৱন অবিবাহিত আমাৰ মৰমৰ গুৰুজীৰ নিজৰ সপোনৰ ঘৰ- 'নলবাৰী আৰ্ট স্কুল। 

নতুন প্ৰজন্মক পদ্ধতিগত ভাৱে চিত্ৰকলাৰ প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যেৰে ১৯৫৪ চনত আপুনি প্ৰতিষ্ঠা কৰে-'নলবাৰী আৰ্ট স্কুল'। এই প্ৰতিষ্ঠানৰ যোগেদি চিত্ৰকলা, ভাস্কৰ্য, নৃত্য-গীত, বাদ্য, অভিনয় আটাইবোৰ দিশতে আপুনি সৃষ্টি কৰিছে অসংখ্য প্ৰতিভাৱান শিক্ষাৰ্থীৰ। নাট্যকাৰ, ভবেন বৰুৱা, অভিনেত্ৰী সীমা বিশ্বাসকে আদি কৰি আৰু কিমান যে প্ৰতিভাৰ সৃষ্টি কৰিছে আপুনি এই অনুষ্ঠানৰ দ্বাৰা! সৃষ্টিৰ মাজতে আপুনি বিচাৰি পাইছিল জীয়াই থকাৰ সাৰ্থকতা, যাৰ চানেকী হৈ ৰ'ব নলবাৰী হৰি মন্দিৰ। নলবাৰীৰ সাংস্কৃতিক কেন্দ্ৰৰ প্ৰাণকেন্দ্ৰ ৰাস মহোৎসৱৰ উদযাপনৰ বাবে ৰাজ্যৰ লগতে সমগ্ৰ দেশতে বিখ্যাত শ্ৰীশ্ৰী হৰিমন্দিৰ। এই হৰিমন্দিৰৰ সামগ্ৰিক পৰিকল্পনাৰ ৰূপকাৰ আছিল আপুনি! ভাস্কৰ্যশৈলীৰ অনুপম নিদৰ্শন এই হৰিমন্দিৰে যুগে-যুগে আপোনাৰ গুণানুকীৰ্তন কৰি থাকিব সদায় গুৰুজী! আপোনাৰ গুণানুকীৰ্তন আন এজন 'নলবাৰী ৰত্ন'ইও কৰিছে। 

নামেই যাৰ পৰিচয়, বসন্ত কুমাৰ ভট্টচাৰ্য ছাৰে আপোনাক তেখেতৰ চেতনাৰ এক অংগস্বৰূপ বুলি বাখ্যা কৰিছে। তেখেতে কৈছে- "... বুকুৰ মাজেদি প্ৰচণ্ড ধুমুহা এছাটি বৈ যোৱা যেন লাগিছে অকস্মাতে। তেওঁৰ বিয়োগত অসমৰ কলা শিলপ জগতৰ যি শূন্যতাৰ সৃষ্টি হ'ল, সি দীৰ্ঘকাললৈ অপূৰণীয় হৈৰ'ব। ব্যক্তিগতভাৱে শৰ্মাদেৱ আছিল মোৰ চেতনাৰ অংগস্বৰূপ।....." (উৎস- নিউজ৩০, অসমীয়া প্ৰতিদিন) 

শূন্যতাৰ সৃষ্টি নিশ্চয় হ'ব বিশেষকৈ 'নলবাৰী আৰ্ট স্কুল' আৰু তাৰ লগতে লাগি থকা আপোনাৰ বাসগৃহত। যোৱা ১৫বছৰে একান্ত ভাৱে আপোনাৰ শুশ্ৰূষাত ব্ৰতি হৈ থকা আপোনাৰ ভতিজা মনোজ দা আৰু ভতিজী বোৱাৰী ৰেখা বৌৰ মনত কেনেকুৱা এক শূন্যতা নমাই থৈ গ'ল আপুনি জানেনে? তেওঁলোকৰ কন্যা সন্তান দুটিক মানে আপোনাৰ নাতি-জী দুজনীক বুকুৰ মাজত সুমুৱাই কান্দি আছে এতিয়াও হিয়া ধাকুৰি। আপোনাক যে তেওঁলোকে নিজৰ পিতৃ-মাতৃতকৈও আপোন বুলি ভাবিছিল! আপোনাৰ নলবাৰী চহৰৰ ভ্ৰমণসংগী প্ৰিয় ৰিক্সাৱালা ধৈৰ্য বৰ্মনেও ফেকুৰি কান্দি আছে কোনোবা চুকত বহি! 

অসম চৰকাৰৰ বিষ্ণু প্ৰসাদ ৰাভা বঁটা, উৎকৃষ্ট সেৱা বঁটা, ৱাইজমেন ক্লাৱ বঁটা, শিল্পীজ্যোতি উপাধি, নিউ আৰ্টছ প্লেয়াৰ্ছ বঁটা আদি বহুত পাইছে। আপোনাৰ আৱক্ষ মূৰ্তিও সাজিলে ৰাইজে। সকলোৱে আপোনাক নিজৰ গুৰুজী বুলিও আপোন কৰি লৈছে। কিন্তু আপোনাৰ এটা সপোন আছিল। সেই সপোন বুকুত বান্ধিয়েই আপুনি আতৰি গ'ল! আপোনাৰ 'নলবাৰী আৰ্ট স্কুল'ৰ দৰেই আন এক সপোন! 

আপোন বুলি ভাবিছিল আপুনি নলবাৰী আৰ্ট স্কুলক আৰু ইয়াৰ শিক্ষাৰ্থী সকলক। সেই বাবে আপুনি আন এক সপোন দেখিছিল তেওঁলোকৰ ভবিষ্যতৰ বাবে। শিল্পবিধৰ উচ্চ পৰ্যায়ৰ এক আনুষ্ঠানিক শিক্ষানুষ্ঠানৰ সপোন দেখিছিল আপুনি। সেই সপোনৰ নামকৰণো কৰিছিল- 'আদ্য শৰ্মা চাৰু-কলা মহাবিদ্যালয়' হিচাপে। জীৱন্ত অৱস্থাত আপোনাক ঠগ-প্ৰৱঞ্চনাৰে আভূৱা ভৰা ব্যক্তিৰ সংখ্যা বিশেষকৈ ৰাজনীতিবিদৰ সংখ্যা বহুত ওলাব। স্বয়ং মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পৰা আদি কৰি নলবাৰী বিধায়ক জয়ন্তমল্ল বৰুৱা, হিমন্ত বিশ্ব শৰ্মা, নলবাৰীৰ সাংসদ ৰমেন ডেকা, বিজয়া চক্ৰৱৰ্তীকে আদি কৰি ভালেমান ব্যক্তিক আপুনি আবেদন জনাইছিল ইয়াৰ বাবে। আমাৰ দৰে গুণমুগ্ধক আপুনি যথেষ্ট দিলে যাৰ বাবে আমি আজীৱন ঋণী। তথাপি আমি সকলোৱে মিলি যদি অন্তত আপোনাৰ এটা মাত্ৰ সপোন বাস্তৱত ৰূপায়ণ কৰিব পাৰো! 

২২ফেব্ৰুৱাৰী, ২০১৫ত আপুনি সুপুৰীলৈ গ'ল। আপুনি ভাল পোৱা ৰসগোল্লা খাব তাত যিমান মন যায়। চুলিখিনি তেনেকৈ ৰাখিব, ধুনীয়া লাগে আপোনাৰ শুভ্ৰ দীঘল চুলিখিনি। কুশলে থাকিব সেই অজান দেশত- গুৰুজী! 

অসমীয়াৰ সুখ-দুখৰ পৰিয়াল পাঠক/লেখক সমাজৰ হৈ জনাইছো আপোনালৈ শেষ শ্ৰদ্ধা। আপোনাৰ আত্মাৰ সদগতিৰ বাবে জনাইছো প্ৰভূক অলেখ প্ৰাৰ্থনা।
বিনীত
আপোনাৰ এজন গুণমুগ্ধ
ৰূপাংকৰ চৌধুৰী

No comments:

Post a Comment