পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আজিৰ ভাল খবৰবোৰ
১) হৰিশংকৰ ব্ৰহ্ম দেৱৰ নাম দেশৰ পৰৱৰ্তী মুখ্য নিৰ্বাচন আয়ুক্ত ৰূপে হৰিশংকৰ ব্ৰহ্ম দেৱৰ নাম বিবেচিত কৰা হৈছে। ১৯৭৫ চনৰ অন্ধ্ৰপ্ৰদেশ কেডাৰৰ আই এ এছ বিষয়া ব্ৰহ্ম এই পদত নিযুক্ত প্ৰথমজন অসমীয়া বিষয়া। 

২) বিশিষ্ট চিত্ৰ সাংবাদিক ত্ৰৈলোক্য দত্তলৈ আগবঢ়োৱা হৈছে- শোনিত কোঁৱৰ গজেন বৰুৱা সোঁৱৰণী বঁটা। 

৩) শিহৰণকাৰী দুঃসাহসিক ক্ৰীড়া হট এয়াৰ বেলুন তথা পেৰাছেইলিঙৰ সুবিধাৰে অহা ৮জানুৱাৰীৰ পৰা ৫দিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত আৰম্ভ হ'ব ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ। ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী অজিত সিঙে এই কথা সদৰি কৰি লগতে কয় যে ৬কৌটি টকীয়া ব্যয় সাপেক্ষ এই ৰাষ্ট্ৰীয় মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰত্যেকদিনাই নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ'ব সাংস্কৃতিক সন্ধিয়া। সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ- প্ৰথম দিনা জুবিন গাৰ্গ, দ্বিতীয় দিনা অংগৰাগ মহন্ত, তৃতীয় দিনা মিজোৰামৰ মামিভৰ্টৰ ৰক শ্বো আৰু অন্তিম দিনা আলকা য়াগ্নিকৰ গীতৰ শৰাই। 

৪) চলিত মাহতে আৰম্ভ হ'ব কেন্দ্ৰীয় মন্ত্ৰীৰ উত্তৰ-পূৱ ভ্ৰমণসূচী। ড'নাৰ মন্ত্ৰালয়ে তত্বাবধান কৰিব লগীয়া এই ভ্ৰমণসূচীত কেন্দ্ৰীয়মন্ত্ৰী সকলে উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহ ভ্ৰমণ কৰি নিজ-নিজ মন্ত্ৰালয়ৰ অন্তৰ্গত বিভিন্ন কাম-কাজৰ বুজ ল'ব। উল্লেখযোগ্য যে যোবা কিছুদিন পূৰ্বে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেন্দ্ৰীয়মন্ত্ৰী সকলক উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন দেশৰ ভ্ৰমণ কৰি উন্নয়নমূলক কাম-কাজৰ বুজ ল'বলৈ আহ্বান জনাইছিল। 

৫) কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনৰ ওপৰত নিৰ্মিত প্ৰথমখন গীতি-আলেখ্য তথ্যভিত্তিক চুটি ছবি০ 'কলাগুৰু'ৰ মহুৰত সম্পন্ন হৈ যায়। কলাগুৰুৰ জীৱন আৰু সৃষ্টিশীল কৰ্মৰাজিৰ ওপৰত তথা বিষ্ণু-জ্যোতি সাংস্কৃতিক মঞ্চৰ বেনাৰত এই ছবি খনৰ প্ৰযোজনা, পৰিচালনা তথা সংগীত পৰিচালনা কৰাৰ লগতে আৱহ সঙ্গীতেৰে সজাই তুলিব ৰঞ্জন কুমাৰ ভট্টাচাৰ্যই। 

৬) সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সোঁৱৰণৰ বাবে সংঘবদ্ধ হ'ল ৰাজ্যৰ ১৪টা অপেছাদাৰী নাট্যদল। সাহিত্যৰথীক সন্মান যাচিবলৈ বেজবৰুৱাদেবৰ বুঢ়ী আইৰ সাধুৰ ৩১টা গল্পক নাট্যৰূপ দি ৰাইজৰ মাজলৈ অনাৰ ব্যতিক্ৰমী আৰু সৃষ্টিশীল কাৰ্যসূচী আৰম্ভ হ'ল নলবাৰী জিলাৰ চামতাত। ২০১৪ বৰ্ষত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা জুনিয়ৰ ফেল'শ্বীপ (নাট্য বিভাগ) লাভ কৰা বছৰটোৰ একমাত্ৰ অসমীয়া নাট্যকৰ্মী মুকুল ঈদিপাছে সংগঠিত কৰা বেজবৰুৱা সোঁৱৰণৰ বছৰটোৰ প্ৰথমটো নাট্যদল দেবদাৰু ডেঞ্চ একাডেমীয়ে চামতাৰ ৰূপকোঁৱৰ কলা পৰিষদৰ প্ৰাংগণত যোৱা চাৰি জানুৱাৰী তাৰিখে মঞ্চস্থ কৰিলে 'সৰৱজান' আৰু 'দুই বুধিয়ক' সাধুৰ নাট্যৰূপ। 

৭) অহা ১৭ জানুৱাৰীত শিল্পী দিৱসৰ লগত সংগতি ৰাখি নলবাৰীৰ যজ্ঞভূমি স্থিত সেউজী সাহিত্য কাননৰ সাহিত্য অধিৱেশনৰ আয়োজন। 

৮) অসমক বিষয় হিচাপে লৈ গুগুল ডুগুল বঁটা বিজয়ী পুনেৰ ছাত্ৰী বৈদেহী ব্যস্ত অসম ভ্ৰমণত। বৈদেহীৰ আজিৰ দিনটোৰ সমস্ত খৰচ বহন কৰিব অহামাহত চিত্ৰগৃহলৈ আহিবলগীয়া অসমীয়া চলচিত্ৰ 'অনুৰাধা'ৰ প্ৰযোজনাগোষ্ঠী এম৹এল৹ এন্টাৰটেইনমেন্টে। উল্লেখযোগ্য যে আজি বৈদেহীৰ বাবে 'অনুৰাধা'ৰ এক বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে এম৹এল এন্টাৰটেইনমেন্টৰ হৈ প্ৰযোজক লুইত কুমাৰ বৰ্মনে। 

৯) অসম ৰাজ্যিক জমিয়ত উলেমাৰ ভগ্নী সংগঠন দ্বিনী তালিমী ব'ৰ্ডে ৰাজ্যজুৰি শিক্ষাৰ এলানি কাৰ্যসূচী ঘোষণা কৰিছে। ইয়াৰ অন্তৰ্ভুক্ত জিলা সমিতিসমূহে শিক্ষা সজাগতা অভিযান আৰম্ভ কৰিছে। 

১০) হিন্দু মুছলমানৰ সমন্বয়-সম্প্ৰীতিত যুগান্তকাৰী ইতিহাস বহন কৰি অহা ৫০০ বছৰীয়া পুৰণি সৰভোগৰ মইনাবাড়ী সত্ৰৰ পুনঃনিৰ্মাণৰ কাম ৪২লাখ টকা ব্যয় সাপেক্ষে একক প্ৰচেষ্টাত কৰিবলৈ আগবাঢ়ি আহিছে সত্ৰখনৰ ডেকা সত্ৰাধিকাৰ ধৰ্মেশ্বৰ অধিকাৰীয়ে। পৰিয়ালৰ সমস্ত সাঁচতীয়া ধন এই কামত ব্যয় কৰা হ'ব। ২০০৫চনৰ ১৭ অক্তোবৰৰ সত্ৰখন প্ৰাকৃতিক দুৰ্যোগৰ বলি হৈছিল।

No comments:

Post a Comment