সাময়িক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
ভাষা-সাহিত্য-সংস্কৃতি এলাগী হৈছে কিয়?

প্রিয়ংকু নাৰায়ন বৰুৱা
প্রশ্ন হয় অসমত এতিয়া বহুধা বিভক্ত বিভিন্ন জনগোষ্ঠীয় সাহিত্য সভা সৃষ্টিৰ নেপথ্যতো জনগোষ্ঠীয় সকলৰ ক্ষোভ অন্যতম কাৰণ নহয়তো?কি কি কর্মৰ কৰি দেখুৱালে জনগোষ্ঠীয় সমন্বয়, বিনিময়-বিতৰণৰ ক্ষেত্রত সাহিত্যসভাই?স্বাভাৱিকতেই এক গণমুখী জাগৰণৰ সবল নেতৃত্ব বহন কৰিবলৈ অপৰাগ হোৱা সাহিত্যসভাৰ নেতৃত্বই চূণ-তেল মাৰি ৰাস্তাত ঘূৰি ফুৰাৰ দৃশ্য পুতৌজনক। কেৰোণতো ক’ত?

আমোদজনক কথা অমুকাই এজন উচ্চতৰ মাধ্যমিকৰ তথাকথিত মেধাৱী ছাত্রক শংকৰদেৱ কোন সোধাত বিনয়েৰে জনালে “He was a God”, আন এজনে বা আকৌ জ্যোতি প্রসাদ আগৰৱালাক Scientist” বনাইহে ক্ষান্ত হ’ল।প্রশ্ন হয় নতুন প্রজন্মৰ নম্বৰ ভর্তি মার্কচিটৰ ভৰত স্মৃতি হৈ পৰিব নেকি ভাষা-সাহিত্য-সংস্কৃতি? অৱশ্যেই আগশাৰীৰ ৰাষ্ট্রীয় পৰীক্ষাত-মেডিকেল-ইঞ্জিনীয়াৰিংৰ প্রৱেশ পৰীক্ষাৰ পাঠ্যক্ৰমত নাই বাবেই বোধহয় জ্যোতি-বিষ্ণু-শংকৰদেৱ এলাগী নতুন প্রজন্মৰ অসমীয়াৰ বাবে? হনী সিং-এন্ৰিক,বিটলছৰ ৰেপ-পপৰ মায়াত আচ্ছন্ন নতুন যুৱক-যুৱতীয়ে ৰাণাদাক চিনি নাপায়-অধিকাংশই ভূপেনদাৰ গান বুজি নাপায় হেনো! কিন্তু কিয়?জু বিনৰ “য়া আলি”জাতীয় কিছু হাই ফাণ্ডা প্রডাক্ট অৱশ্যে কিছু পৰিমানে জনপ্রিয়। ৰেপ সংস্কৃতিয়ে ডিঙি ৰেপিছে জাতিৰ ঐতিহ্য আৰু সংস্কৃতিৰ। ডেকা-ডেকেৰী সকলৰ অধিকাংশ অভিভাৱকে যুক্তি দিব হয়তো যে জ্যোতি প্রসাদক চিনিলে নহ’ব নম্বৰৰ ভৰতহে গঢ়িব পাৰিব কেৰিয়াৰ তেওঁলোকৰ পুত্র-কণ্যাই।

আমি ইংৰাজী ভাষা বিদ্বেষী নহয়। প্রতিযোগিতামূলক ক্ষেত্রখনত টিকি থাকিবলৈ হ’লে ইংৰাজী ভাষা শিক্ষণ আৰু আয়ত্বকৰণ জৰুৰী। কিন্তু সমান্তৰাল ভাৱে অসমীয়া ভাষাৰ কথন আৰু পঠনত দক্ষতা প্রদর্শন জৰুৰী। প্রশ্ন হয় নিজ সন্তানক উচ্চ মাচুলসহ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ুওৱা একাংশ অভিভাৱক আকৌ সাহিত্য সভাৰো নিগাজী বিষয়ববীয়া!

প্রশ্ন হয় যি সময়ত অসমৰ যুৱ সমাজে শংকৰদেৱ কোন নজনা হ’ল, জ্যোতিপ্রসাদ-বিষ্ণুৰাভা-বেজবৰুৱাদেৱক চিনি নোপোৱা হ’ল, ভূপেন দাৰ গান বুলিলেও আনকি নাক কোঁচোৱা মেধাৱী ন প্রজন্মই যি সময়ত ভাষা-সাহিত্য-সংস্কৃতিৰ শ্রাদ্ধ কৰাত মনপুতি আত্মনিয়োগ কৰিছে সেই সময়ত তথাকথিত শিক্ষাবিদ-বুদ্ধিজীৱি-সাহিত্যিক-সমাজসেৱক ইত্যাদি জাতীয় অভিভাৱক সকল পুতৌজনক ভাৱে নির্লিপ্ত হৈ থকাটো উদ্বেগজনক। সমান্তৰাল ভাৱে নিজৰ মাতৃভাষাক শ্রদ্ধা আৰু যথাযথ মাতৃভাষা জ্ঞান আহৰণ নিশ্চয়কৈ প্রতিগৰাকী ছাত্র-ছাত্রীৰ বাবে অতি গুৰুত্বপূর্ণ।

অধিকাংশ ইংৰাজী বিদ্যালয়ত পঢ়া লৰা-ছোৱালীয়ে ঘৰে-বাহিৰে তথাকথিত ইংৰাজী শব্দৰ ভুলে শুদ্ধই প্রয়োগ কৰে যদিও মাতৃভাষাক এটা বিষয় হিচাপে অধ্যয়নৰ কোনো তাগিদা অনুভৱ নকৰে।এইক্ষেত্রত অভিভাৱক সকলৰ গুৰুত্বহীনতাও অন্যতম নেতিবাচক দিশ। আমাৰ আহ্বান বিশেষকৈ অসমৰ শিক্ষানুষ্ঠান সমূহ যাতে ইংৰাজী-অসমীয়া দুইটা ভাষা শিকাৰ এটা পৰিবেশ সৃষ্টি কৰিবলৈ দায়বদ্ধ হয়। আধুনিক- উচ্চশিক্ষিত অভিভাৱক সকলেও যেন অনুভৱ কৰিবলৈ সক্ষম হয় যে সমান্তৰাল ভাৱে মাতৃভাষাৰ জ্ঞান আহৰণ প্রতিজন অসমীয়াৰ বাবে জৰুৰী।

সাম্প্রতিক সময়ত অনাহক মাধ্যম বিতর্ক নহয় বৰঞ্চ অসমীয়া ভাষাটোৰ সুস্থ আৰু প্রক্ৰিয়াগত অধ্যয়নৰ ৰুচিসন্মত প্রয়াস আৰু পৰিকল্পনাত সকলোৱে হাত উজান দিয়াটোহে প্রয়োজনীয়। বিতর্কৰ উর্দ্ধত ক’ব লাগিব যে মাধ্যম যিয়েই নহওক স্ব-স্থানত ইংৰাজী জ্ঞান আহৰণ আৰু মাতৃভাষাৰ চর্চা দুয়োটাই সমান্তৰালভাৱে অতি জৰুৰী। 'অত এৱ ৰুদ্রাক্ষ'ত বিহু সংস্কৃতিক কিদৰে নগ্ন কৰা হ’ল ভাবি থাকোতেই মনলৈ আহিল ভূপেনদাৰ গানৰ এটি কলি “আজিৰ অসমীয়াই নিজক নিচিনিলে অসমতে ভগনীয়া হব।।"

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages