মনৰ কথা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰয়োজনহীন প্ৰতিক্ৰিয়া, উন্মাদনাহীন পৃথিৱী

পংকজজ্যোতি মহন্ত
ভৱিষ্যতে ভালকৈ মনত পেলাব পৰা দুই-তিনিটা ভাল লগা বস্তু বা মুহূৰ্ত যোৱা দুটা বছৰতো পাইছোঁ যদিও, এই বছৰ দুটাত মই প্ৰায় অহৰহ চাৰিটা আশা পূৰণৰ কথা ভাবি আছিলোঁ আৰু যিমান পাৰোঁ কষ্ট কৰিছিলোঁ, কিন্তু সেইকেইটা পূৰণ নহ’ল। ইমান পটককৈ পূৰণ হোৱাতো সহজো নহয় বাৰু! গতিকে অহা বছৰটোতো মই সেইকেইটা কামতে অধিক মনোযোগ দিম। 

খলিল জিব্ৰানৰ “প্ৰফেট”ৰ এটা উক্তি— “তীৰ্থযাত্ৰীৰ লগত যোৱা চতুৰ কুকুৰ এটাই অচিন বাটৰ বালিৰ মাজত লুকুৱাই থোৱা হাড়বিলাকনো কাইলৈ তাৰ কি কামত আহিব?” যদিও এই কথাষাৰ সৰুতেই পঢ়িবলৈ পাইছিলোঁ, আন বিভিন্ন কথাৰ জড়িয়তে এই বছৰটোতহে ভালকৈ উপলব্ধি কৰিব পাৰিলোঁ যে আমি অপ্ৰয়োজনীয় বস্তুবোৰ আঁতৰাই পেলোৱাতো বা এৰি দিয়াতো অতিকে প্ৰয়োজন। চিনিক মানুহবোৰৰ সংগই হওক, ৱেবছাইটৰ চাইড-বাৰডালৰ অপ্ৰয়োজনীয় বস্তুবোৰেই হওক, কম্পিউটাৰৰ অপ্ৰয়োজনীয় ফাইলবোৰ থকা ফ’ল্ডাৰবোৰেই হওক বা লেখা একোটাৰ বাহুল্যসমূহেই হওক। আৰু অসংখ্য ক্ষেত্ৰত আমি optimization ত গুৰুত্ব নিদিয়াকৈয়ে পাৰ কৰি দিওঁ, যাৰ বাবে সৰ্বোত্তমখিনি আমি পাব নোৱাৰো। ই যদিও কঠিন, এই মানসিকতাৰেই অহা বছৰবোৰ পাৰ কৰিম বুলি ভাবিছোঁ। 

সেইবাবেই, “অহা বছৰটোত দেশ বা ৰাজ্যত কি পৰিৱৰ্তন হোৱাতো আশা কৰে” বুলি প্ৰশ্ন কৰিলে প্ৰায়ভাগেই স্থুল বস্তু বা পৰিঘটনা এটাৰ পৰিবৰ্তনৰ কথা কয় যদিও মই বেলেগ এটা কথাহে ক’ব বিচাৰিছোঁ। আমাৰ সংবাদ মাধ্যমৰ ৯০ শতাংশমানেই নিশ্চয়কৈ হুলস্থুলবাদী। আৰু সেই হুলস্থুলতে সমাজৰো বৃহৎ এচাম বিলীন হৈ আছে। কিন্তু সংবাদমাধ্যমে অধিক পৰিমাণে বিয়পোৱা বাতৰিতে সংবাদ সীমাবদ্ধ নহয়। বিভিন্ন সংবাদ মানুহৰ মুখে মুখে, অনুষ্ঠান-প্ৰতিষ্ঠানে, খেতিপথাৰ-উদ্যোগ আদি বিভিন্ন কৰ্মস্থলীবোৰতো বিয়পি থাকে, যিবোৰৰ প্ৰায়ভাগেই সংবাদ-মাধ্যমটোৰ অগোচৰেই থাকি যায়, বা ভাল গুৰুত্ব নাপায়। সেইবোৰত গুৰুত্ব দিয়া মানুহ অধিক হোৱাটোৱেই আশা কৰোঁ।

কেৱল বাতৰি বুলিয়েই নহয়, হুলস্থুল কৰিবলৈ কিছুমান অপ্ৰয়োজনীয় ইচ্যুকো অধিক গুৰুত্ব দিয়া হয় যেন ভাৱ হয়। তিনিদিনৰ আগৰ আলোচনা এটাৰ পৰা কি লাভ হ’ল, কি পৰিবৰ্তন হ’ল সেইটো সবেই বিবেচনা কৰিলে কথাবোৰ স্পষ্ট হৈ পৰিব। মাথোঁ তিনি দিনৰ আগৰ ইচ্যু এটাত কোনো এজন ব্যক্তি যিমান উত্তেজিত হৈছিল, তিনিদিনৰ পাছত মনত পেলাই চালে তেওঁ নিজেই তাৰ গুৰুত্ব একো নাপাব পাৰে। এইখিনি কথাত গুৰুত্ব নিদিয়াৰ বাবেই আমাৰ সামাজত অজথা হৈ-হাল্লা চলি থকা যেন ভাৱ হয়। আনকি সমগ্ৰ মানৱ-সমাজলৈ বহু অৱদান আগবঢ়োৱা উন্নত দেশবোৰকে বিবেচনা কৰি, সঠিক আৰু সুষ্ঠ বিষয়ত মানুহৰ মনোযোগ ক্ৰয় কৰিবলগীয়া পৰিস্থিতি এদিন আহিব নেকি বুলি বিভিন্ন ভৱিষ্যদৰ্শী লেখকে মত ব্যক্ত কৰিছে, কাৰণ সংবাদ-মাধ্যমে আজিৰ সমাজত মুৰ্খ মানুহকো বিখ্যাত হোৱাতো সহজ কৰি তুলিছে। গতিকে আমাৰ দেশৰ দৰে, কাম-বন নকৰা, ভাৱ-বিলাসী, পৃথিৱীলৈ অধিক অৱদান নথকা, ভাবোল্লাস বা হৈ-হাল্লাকে বিপ্লৱ বুলি ভবা বা মদমত্ত মানুহেৰে ভৰপুৰ হৈ থকা সমাজখনত এই পৰিস্থিতি এতিয়াই চলি আছে বুলি আমি ভাবিব পাৰোঁ।

সেইবাবে কেৱল প্ৰতিক্ৰিয়াকে প্ৰকাশ কৰি থকা মানুহখিনিক আমি সম্পূৰ্ণ উপেক্ষা কৰিব লাগে। আজি উন্মাদ মানুহখিনি এদিন নিৰুদ্দেশ হৈ যাব, আজি তেওঁলোকৰ চিঞৰ শুনি গুৰুত্বপূৰ্ণ মানুহ যেন লাগিলেও তেওঁলোকৰ পৰা সমাজে একো নাপায়। গতিকে, অত্যাধিক প্ৰতিক্ৰিয়াবোৰত আৰু উন্মাদ বা সমাজলৈ একো অৱদান আগনবঢ়োৱা বিখ্যাত মানুহবোৰক গুৰুত্ব দিয়াতকৈ, যিসকলে সমাজখন উন্নত হওক বুলি কাম কৰে তেনে মানুহক গুৰুত্ব দিয়া মানুহৰ সংখ্যা অধিক হোৱাটোকে আগন্তুক বছৰবোৰত মই আশা কৰিম।

No comments:

Post a Comment