Saturday, January 3, 2015

মনৰ কথা

সময়ৰ অসুখ, নৱবৰ্ষ ইত্যাদি
মৈত্ৰেয়ী পাটৰ
পলৰ পৰা মিনিট, মিনিটৰ পৰা ঘন্টা, ঘন্টাৰ পৰা দিন আৰু দিন বাগৰি মাহ। বছৰ এটাক বিদায় দিয়াৰ পৰত এই আটাইবোৰকেই আমি সময়ৰ সিটো পাৰলৈ ঠেলি দিওঁ। অৱশ্যে আমি ঠেলি নপঠিয়ালেও, অথবা একোকেই নকৰিলেও সিহঁত নিজৰ ভাগেই গৈ থাকিলহেঁতেন পিছলৈ।

হয় জানো? সিহঁত পিছলৈ যায় নে আমি আগলৈ যাওঁ? চলমান কোন আচলতে? খেলিমেলি কথা। যি কি নহওঁক, ৰীতি অনুসৰিয়েই পুৰণি বছৰ নামৰ সময় এছোৱাক পিছলৈ ঠেলি নতুন বছৰ নামৰ সময় এছোৱাক আমি আসন পাৰি দিওঁ। এক নিৰ্দিষ্ট সময়লৈকে সি আমাৰ কৰ্মৰ নিৰ্দেশক অথবা অকৰ্ম্যণতাৰ নিৰ্মোহ পৰ্য্যবেক্ষকৰ ভূমিকা পালন কৰে। 

প্ৰতিটো দিন, প্ৰতিটো লহমাই আমাৰ জীৱন সলনি কৰিব পৰাকৈ ভীষণভাৱে সক্ষম বুলি অৱগত হৈয়ো বছৰৰ প্ৰথম দিনটোত আমি পণ লওঁ জীৱনমুখিতাৰ দিশে আৰু কেইখোজমান দিয়াৰ। সফল হোৱাৰ প্ৰৱল এক বিশ্বাসে খোজবোৰক গতি দিয়ে। পুৰণা সকলো নতুন ৰুপত আৱিস্কাৰ কৰো। সেই নতুনত্বত মুগ্ধ হোৱাৰ প্ৰয়াস কৰো। সতৰ্কিত অথবা অতৰ্কিতভাৱেই। গতকালৰ পৰা উপহাৰস্বৰুপে পোৱা আঘাতৰ আধা কেচাঁ- আধা শুকান চিনসমুহ ঢাকি পেলোৱাৰ আপ্ৰাণ চেষ্টাই সেই মুগ্ধতাক লক্ষ্য দিয়ে। বছৰটোলৈ সপোনবোৰত ধাৰ দিওঁ। প্ৰতিপল, প্ৰতিদিন এই ধাৰ তীক্ষ্ণতৰ হওঁক, সময়ৰ প্ৰত্যাহ্বানৰ মুখামুখি হব পৰাকৈ। সময়ৰ আঘাত ৰুধিব পৰাকৈ।

নতুন বছৰ নামৰ সময়চোৱাৰ সৈতে সাঙোৰ খোৱাৰ মূহুৰ্ত্তত এটাই ইচ্ছা, এটাই পণ মনত ৰৈছেহি- জীৱনমুখীতাৰে সময়ৰ অসুখ কম কৰিবলৈ আহি থকা প্ৰতিটো দিনতেই চেষ্টা কৰি যাম সাধ্যানুসাৰে।

No comments:

Post a Comment