জীৱনৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
ৰ'দালি
অনুপমা বৰগোঁহাই
অলপতে মোৰ এটা ডাঙৰ অস্ত্ৰোপচাৰ হৈছিল। শৰীৰৰ এটা অংগ, যিটো অংগ বহুদিন ধৰি যন্ত্ৰণাৰ কাৰক হৈ আছিল, কাটি উলিয়াই দিয়া হ'ল।যন্ত্ৰণা দিয়া অংগ, যন্ত্ৰণা দিয়া সম্বন্ধ একেই নেকি বাৰু? কাটি উলিয়াই পেলালে কিছুদিনৰ বাবে বিষ হয়,  কিন্তু পিছত যন্ত্ৰণাবোৰৰ পৰা সম্পূৰ্ণ নিৰ্বৃত্তি পোৱা যায়! 

আজি পিছে মই কিছুমান যন্ত্ৰণা দিয়া সম্পৰ্কৰ বিষয়ে লিখিব বিচৰা নাই।লিখিব বিচাৰিছোঁ আন কেতবোৰ মানৱীয় সম্পৰ্কৰ বিষয়ে।ৰোগী আৰু চিকিৎসকৰ সম্পৰ্কৰ বিষয়ে। চিকিৎসক এজনৰ বাবে ৰোগীৰ দুখ- যন্ত্ৰণা সদায় দেখি থকা সাধাৰণ ঘটনা।কিন্তু ৰোগী আৰু ৰোগীৰ পৰিয়ালৰ লোকৰ বাবে এই দুখ-যন্ত্ৰণা অসহনীয় আৰু আবেগিক।সেই স্পৰ্শকাতৰ আবেগিক মুহূৰ্তত চিকিৎসকৰ মধুৰ আৰু বন্ধুত্বপূৰ্ণ মাত এষাৰে ৰোগী আৰু ৰোগীৰ পৰিয়ালৰ লোকৰ বাবে সঞ্জীৱনী সুধাৰ দৰে কাম কৰে।বহুতো দক্ষ চিকিৎসকৰ ৰোগীৰ প্ৰতি ৰুক্ষ আৰু ব্যৱসায়ী সুলভ ব্যৱহাৰৰ বাবেই এই পবিত্ৰ বৃত্তিটোৰ সৈতে জড়িত থকা স্বত্বেও মানুহৰ বিতৃষ্ণাৰ সন্মুখীন হ'বলগীয়া হৈছে।আমি প্ৰায়ে পঢ়িবলৈ বা দেখিবলৈ পাওঁ ৰোগীৰ পৰিয়ালৰ দ্বাৰা চিকিৎসকক প্ৰহাৰ বা অপমান কৰাৰ কথা।বহু সময়ত নিৰ্দোষ আৰু নিস্বাৰ্থ সেৱা মনোভাৱাপন্ন চিকিৎসকেও ৰোগীৰ অভিভাৱকৰ অবিবেচক আৰু অতি আবেগিক স্বভাৱৰ বাবে হাৰাশাস্তি পাবলগীয়া হয়।মোক অস্ত্ৰোপচাৰ কৰা মহিলা চিকিৎসকগৰাকীৰ সুকোমল মাত-কথা আৰু ব্যৱহাৰে যে মোৰ ৰোগ আৰু অস্ত্ৰোপচাৰৰ যন্ত্ৰণা লাঘৱ কৰাত ৫০% সহায় কৰিছিল সেয়া অনস্বীকাৰ্য!

এইখিনিতে এখন ইংৰাজী কাকতত পঢ়া গল্প এটাৰ কাহিনী এটা মনত পৰিছে।

চিকিৎসালয় এখনত কম বয়সীয়া ৰোগী এজনৰ অসুখ হঠাৎ গুৰুতৰ হৈ পৰিল।ৰোগীক পূৰ্বৰে পৰা চিকিৎসা কৰি থকা চিকিৎসকজনক চিকিৎসালয়ত নাপাই ফোনেৰে তেওঁৰ লগত যোগাযোগ কৰা হ'ল।ৰোগীৰ অৱস্থাৰ কথা ফোনতেই ধৰিব পাৰি চিকিৎসকজন লৰালৰিকৈ চিকিৎসালয়লৈ আহিল আৰু অস্ত্ৰোপচাৰৰ ব্যৱস্থা কৰিলে।চিকিৎসকজনক দেখিয়েই উৎকন্ঠিত ভাবে ৰৈ থকা ৰোগীৰ দেউতাকে ভত্সনা কৰিবলৈ ধৰিলে: “আপোনাৰ বাৰু অলপো দায়িত্ব জ্ঞান নাই নেকি? ইমান সময় আপুনি ক'ত আছিল? মোৰলৰাৰঅসুখগুৰুতৰবুলিআপুনিনাজানেনেকি ?”

চিকিৎসকজনে অস্ত্ৰোপচাৰ কৰিবৰ বাবে নিজকে সাজু কৰি ৰোগীৰ দেউতাকক কলে: “আপুনি ধৈৰ্য ধৰক। মই চিকিৎসালয়ৰ বাহিৰত আছিলোঁ।সেয়ে আহি পোৱাত কিছু পলম হ'ল। এতিয়াও বেছি পলম হোৱা নাই, সকলো ঠিক হৈ যাব। চিন্তা নকৰিব।”

চিকিৎসকৰ শান্ত মাতত ৰোগীৰ অভিভাৱকে আৰু বেছি অশান্ত ৰূপধাৰণ কৰি ক'লে: “আপোনাৰ নিজৰ সন্তানৰ এনেকুৱা অৱস্থাত ধৈৰ্য ধৰিবলৈ পাৰিবনে ? লোকক উপদেশ দিবলৈ বৰ উজু। নিজৰ ক্ষেত্ৰত প্ৰয়োগ কৰিবলৈহে টান।”

চিকিৎসকজনে দাৰ্শনিকৰ দৰে গম্ভীৰ কন্ঠেৰে ক'লে: “চিকিৎসকে জীৱন দিব নোৱাৰে।জীৱন বচাবলৈ চেষ্টাহে কৰিব পাৰে।দুদিনীয়া আমাৰ এই মাটিৰ দেহা এদিন মাটিতেই বিলীন হৈ যাব। ইমান খং ,দুখ কৰি কোনো লাভ নাই।”

কিছু ক্ৰোধ আৰু বিস্ময়েৰে অস্ত্ৰোপচাৰ কক্ষলৈ সোমাই যোৱা চিকিৎসকজনলৈ চাই অভিভাৱকজন উদগ্ৰীৱভাবে ৰৈ থাকিল।একঘন্টামান সময়ৰ পাছত চিকিৎসকজনে অস্ত্ৰোপচাৰ কক্ষৰ পৰা ওলাই আহি আনন্দৰে ৰোগীৰ দেউতাকক ক'লে: “অস্ত্ৰোপচাৰ সফল হৈছে।পিছে এতিয়া আপোনালোকক মই বেছি সময় দিব নোৱাৰোঁ।ইয়াৰ পিছৰ বাকী সকলো কাম মোৰ সহযোগী সকলে  কৰিব।” 

ইমান সময়ে  চিকিৎসকজনৰ ওপৰত অসন্তুষ্ট হৈ থকা ৰোগীৰ পিতৃৰ ক্ৰোধৰ চৰমসীমা অতিক্ৰম কৰিলে।তেওঁ চিকিৎসকজনক মানৱতাহীন, বেপাৰী, লোভী নিৰ্দয় আদি যিমান পাৰে সিমান কটু শব্দৰে গালি পাৰিবলৈ ধৰিলে।

সেইসময়তে এগৰাকী নাৰ্চ তেওঁৰ ওচৰলৈ আহিল আৰু কলে: “ আপুনি যিজন ব্যক্তিক নিৰ্দয়, মানৱতাহীন বুলি গালি পাৰি আছে, সেইজন ব্যক্তিয়ে আজি তেওঁৰ নিজৰ একমাত্ৰ সন্তানক এটা মটৰ দুৰ্ঘটনাত হেৰুৱাইছে।আপোনাৰ সন্তানৰ অস্ত্ৰোপচাৰ যিহেতু তেওঁৰ বাহিৰে কোনেও কৰিব নোৱাৰে , সেয়ে তেওঁ নিজ  সন্তানৰ শ্মশান যাত্ৰা পিছুৱাই আপোনাৰ সন্তানক জীৱন দিবলৈ আহিছিল।”
০০০০০
মানুহ এনেকুৱাও হ'ব পাৰে।নিজৰ জীৱনক তুচ্ছজ্ঞান কৰি সহায় কৰা ব্যক্তিয়েও প্ৰয়োজনৰ সময়ত গাএৰা দিব পাৰে।আৰু কোনো দিনে সহায় নকৰা গুৰুত্বপূৰ্ণ বুলি নভবা ব্যক্তিয়েও নিজৰ সকলো সমস্যা আওকাণ কৰি আমাক দিনেনিশাই সহায় কৰিব পাৰে। আনক দুখ দি, পেংলাই কৰি বহুলোকে আনন্দ পায়। কিন্তু বহুলোকে আনক সহায় কৰি, সুখী কৰিহে আনন্দ পায়।আনক দুখ দি পোৱা আনন্দ আৰু সুখদি পোৱা আনন্দৰ মাজত আকাশপাতাল পাৰ্থক্য আছে।
০০০
জীৱন আমি সকলোৱেই যাপন কৰো।
কিন্তু এটা অৰ্থপূৰ্ণ আৰু আদৰ্শবাদী জীৱনযাপন কৰাত মাদকতা যে বহুত বেছি সেয়া জীৱনটো শেষ হোৱাৰ আগতেই বুজি উঠিব পাৰিলে ভাল নহয়নে বাৰু ! 

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages