মনৰ কথা - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
সময়ক জীয়াই তোলো নতুন দিনবোৰত
অগ্নিভ দত্ত
চাওঁতে চাওঁতে আৰু এটা বছৰ বাগৰি গ’ল। আকৌ নতুনক অনাৰ প্ৰতিশ্ৰুতিৰে ধৰালৈ আৰু এটা বছৰ আহিব । বছৰ বিলাক বাগৰি যায় অথচ সময় বিলাক যেন ৰৈ যায় । সময় বিলাক ৰৈ গৈছেনে বাৰু কেনেবাকৈ সময়ৰ মৃত্যু হৈছে ? কেতিয়াবা বুকুখন চিৰিংকৈ যায়, হয়তো মানৱতাৰ লগতে সময়ৰো মৃত্যু হ’ল । মৃত্যুটো জীৱনৰ চিৰন্তন সত্য তথাপি সময়ৰ মৃত্যু আচৰিত নহয়নে বাৰু ? কিন্তু বাৰে বাৰে যেন মনলৈ আহে হয় সময়ৰ মৃত্যু, সচায়ে মৃত্যু হৈছে এই সময়ৰ । ক’ত বাৰু মৃত্যু হ’ল এই সময়ৰ ? মৃত্যু হৈছে হয়তো ইৰাকৰ বধ্যভুমিত, কংগোত বা পেছৱাৰত অথবা কোকৰাঝাৰত । নে তাতোতকৈয়ো আগতে কোনোবা চাৰ্বৰ হাতত অথবা ইহুদীৰ হাতত মৃত্যু ঘটিছিল সময়ৰ । হয় , সঁচাকৈয়ে সময়ৰ মৃত্যু ঘটিল নহলেবানো মৃত্যু হয় নে মহাত্মা গান্ধীৰ পাছত মাৰ্টিন লুথাৰ কিঙৰ, অথবা গুলিবিদ্ধ হয় নে কিশোৰী মালালা । মৃত্যুৰ বেদনা বৰ গধুৰ ।

সেয়েহে হয়তো হতাশাত ভাগি পৰিব খোজো কোনোবা ৰামৰ হাতত ৰহিমৰ মৃত্যুত অথবা কোনোবা জোছেফৰ মৃত্যু কোনোবা ইব্ৰাহিমৰ হাতত হ’লে । সেয়েহে হয়তো কব নোৱাৰাকৈ আজি কালি আন্ধাৰক ভালপাবলৈ শিকিছো । যেতিয়াই আন্ধাৰত পোহৰ বিচাৰি খেপিয়াই ফুৰো, তেতিয়াই দেখো হাত খন বুৰ যায় জবকা জবক তেজত । সেয়েহে হয়তো আজিকালি পোহৰ নিবিচৰাই হ’লো । জানো, বুজো -পৃথিৱীখন একে দিনাই সৰগলৈ সলনি নহয় ,কিন্তু হিটলাৰৰ পাছত আকৌ ইডি আমিন অথবা কোনোবা তালিবানৰ জন্মই বাৰুকৈয়ে ব্যৰ্থিত কৰে সহস্ৰ পৃথিৱীখনৰ স্বপ্নক ।

ধ্বংসৰ মাজেদি ৰুপান্তৰেদি সৃষ্টিৰ ন ন শলিতা জ্বলাবলৈ কাৰনো মন নাযায় ? অথচ আমিবোৰ যেন নিৰুপায় । হে মহান সৃষ্টিকৰ্তা, তোমাক যেন বাৰে বাৰে ধন্যবাদ দিঁও তোমাৰ এই মহান সৃষ্টিৰ কাৰণে ।এই সৃষ্টি, যত’নেকি যুগে যুগে দ্ৰোপদীৰ বস্ত্ৰ হৰণ হ’ব লাগিছে, বাৰে বাৰে ধৰ্ষিত হ’ব ধৰিছে হাজাৰজনী নিৰ্ভয়াৰ দৰে যৌৱন, অথবা কোনোবা কোকৰাঝাৰত নিশা বাজি উঠে মাথো মৃৰ্ত্যুৰ কিৰিলি অথচ আমিবোৰ নিৰ্বোকাৰ, তেনে সৃষ্টিকৰ্ত্তাক কেনেকৈনো নিদিও ধন্যবাদ ?

আচৰিত হওঁ কেতিয়াবা যেতিয়া দেখো যুগে যুগে তেজত সাঁতুৰি নাদুৰি হেপাহ নপলোৱা এই মহান সভ্যতাৰ ৰুপ দেখিলে । সেয়েহে হয়তো আজিকালি আবেলিৰ শেৱালী কোমল বতাহজাকতো কেৱল পাও কেঁচা তেজৰ বাৰুদ মিহলি গোন্ধ । এই জীৱন আৰু কিমান সঁহিম ? বহুত ইব্ৰাহিম, ৰাম , ৰহিমৰ অথবা কোনোবা নিৰ্বোধ শিশুৰ তেজৰ লগত খেলা কৰা হ’ল ।এইবোৰেই জানো আমাক সঁকিয়াই নাথাকে সময়ৰ মৃত্যু হোৱা বুলি। সেয়েহে এই নৱবৰ্ষৰ প্ৰাকক্ষণত সকলোকে আহ্বান কৰো - আহা সকলো একেলগে সমস্বৰে, আকৌ জীয়াই তোলো সময়ক মৰম চেনেহৰ সঞ্জীৱনি গুটিৰে ,বিশ্বাসেৰে সজাই তোলো আমাৰ আপোন পৃথিৱী খন, ভৱিষ্যত বোৰ তেজৰ ঠাইত ফুলেৰে সুন্দৰকৈ আলফুলেৰে । নতুন বছৰটোৱে কঢ়িয়াই আনক মানৱতাৰ গান । আকাশৰ তৰাবোৰ এই সুন্দৰৰ পৃথিৱী খনৰ প্ৰেমত আকৌ যেন তিৰ বিৰাই উঠক ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages