Friday, January 9, 2015

প্ৰেৰণাময় ব্যতিক্ৰম

ড° পৰিমল বকুল বৰুৱাঃ
কেইবাজনৰো জীৱন ৰক্ষা কৰা মানুহজন
অনন্ত নাথ
'মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে...', ড° ভূপেন হাজৰিকাৰ এই জনপ্ৰিয় গীতটোৰ মৰ্মাথ অন্তঃকৰণেৰে উপলব্ধি কৰে ড° পৰিমল বকুল বৰুৱাই৷ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাৰিকৰী অভিযান্ত্ৰিক শাখাৰ বিভাগীয় মুৰববী তেওঁ৷ অধ্যাপনা আৰু অন্যান্য ব্যস্ত কৰ্মসূচীৰ মাজতো তেওঁ মানুহৰ বাবে এক মহৎ কাম কৰি আদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷ কেইবাটাও দুখগ্ৰস্ত আৰু তমসাছন্ন পৰিয়াললৈ এক অনাবিল প্ৰশান্তিৰ ৰেঙণি কঢ়িয়াই অনাৰ লগতে পথভ্ৰষ্ট কেইবাজনো লোকৰ জীৱন ন-ৰূপত গঢ়িবলৈ সক্ষম হৈছে তেওঁ৷

প্ৰায় সাত বছৰৰ আগৰ কথা৷ শিক্ষা প্ৰতিষ্ঠানখনত কৰ্মৰত চতুৰ্থবৰ্গৰ কেইবাজনো কৰ্মচাৰী সুৰামত্ত হৈ কৰ্মস্থলীলৈ অহাৰ কথা অধ্যাপকজনে জানিব পাৰে৷ অত্যধিক সুৰাপানে কৰ্মচাৰীকেইজনৰ পৰিয়াললৈ নমাই অনা দুৰ্যোগ আৰু অশান্তিৰ বিষয়েও জানিব পাৰি চিন্তিত আৰু উদ্বিগ্ন হৈ পৰা অধ্যাপকজনে মনত এক দৃঢ় সংকল্প ল'লে৷ তেওঁৰ এই সংকল্প দৃঢ়তৰ হৈ পৰিল যেতিয়া মহাবিদ্যালয়খনৰ হোষ্টেলৰ কৰ্মচাৰী ডিম্ব বৰাই অত্যধিক সুৰাপানৰ বাবেই অকাল মৃত্যুক সাবটি ল'ব লগা হ'ল৷ ইয়াৰ বাবে তেওঁ সুৰামত্ত হৈ কৰ্মস্থলীলৈ অহা কৰ্মচাৰীক সাৱধানবাণী শুনোৱাৰ উপৰি তেওঁলোকৰ প্ৰতি কঠোৰ হ'বলৈ লয়৷ তেওঁৰ এনে পদক্ষেপত সন্ত্ৰষ্ট হৈ পৰা একাংশই কৰ্মস্থলীলৈ সুৰাপান কৰি অহা বাদ দিয়ে যদিও বহুতৰে পৰিয়ালত সুৰাপানকেন্দ্ৰিক অশান্তি বৃদ্ধি পাবলৈ ধৰে৷ সুৰাৰ আসক্তিয়ে একাংশ কৰ্মচাৰীক ঘৰৰ আচবাব পৰ্যন্ত বিক্রী কৰিবলৈ বাধ্য কৰে, যাৰ ফলত তেওঁলোকৰ সন্তানসকলৰ অধ্যয়ন তথা মানসিকতাত বিৰূপ প্ৰভাৱ পেলাবলৈ ধৰে৷ 

প্ৰয়াত কৰ্মচাৰী ডিম্ব বৰাকো সৎ পথলৈ অনাৰ বাবেও তেওঁ প্ৰয়াস কৰিছিল যদিও যথেষ্ট পলম হ'ল৷ অধ্যাপকজনে অত্যধিক সুৰাপানৰ শাস্তি হিচাপে কৰ্মচাৰীজনক তেওঁৰ আৱাসগৃহৰ সন্মুখত ওৰে দিনটো থিয় হৈ থাকিবলৈ বাধ্য কৰোৱাৰ লগতে তেনে কু-অভ্যাস নেৰিলে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ'ব বুলিও হুমকি দিয়ে৷ কৰ্মচাৰীজনক মৰমেৰে বুজনি দিয়াৰ পিছত তেওঁৰ মদ্যপানৰ অভ্যাস বাদ দিছিল যদিও অৱশেষত লিভাৰ চিৰোছিছত আক্রান্ত হৈ পত্নী আৰু কণমানি দুটি সন্তানক এৰি মৃত্যুবৰণ কৰে৷ 

ইয়াৰ পিছতে অধ্যাপকজনে অন্য কেইজন কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ সংকল্পৰে এক মিছন আৰম্ভ কৰে৷ এই কাম যথেষ্ট প্ৰত্যাহবানজনক হ'লেও লাহে লাহে তেওঁৰ কষ্টসাধ্য শ্ৰম সাৰ্থক হৈ আহিবলৈ ধৰে৷ সদানন্দ দাস, বিপিন দত্ত, মণিৰাম কলিতা আদিৰ দৰে কেইবাজনো কৰ্মচাৰীক এক নতুন জীৱনৰ পথ নিৰ্দেশনা দিবলৈ সক্ষম হৈছে তেওঁ৷ পূৰ্বতে এবাৰ ঘৰলৈ ওভটাৰ পথত অধ্যাপকজনৰ গাড়ীৰ আগতে পথত পৰি যোৱা সদানন্দ দাস নামৰ কৰ্মচাৰীজন এতিয়া পৰিয়ালৰ সৈতে সুখী জীৱন-যাপন কৰাৰ লগতে অধ্যাপকজনৰ প্ৰতি আজীৱন কৃতজ্ঞ হৈ থাকিব বুলি প্ৰকাশ কৰিছে৷ দাসক সুৰাপানৰ অভ্যাস আঁতৰ কৰাৰ বাবে অধ্যাপকজনে কেইবাবাৰো পৰামৰ্শ দান কৰাৰ উপৰি ডাঃ আদি নাথ শৰ্মাৰ ওচৰলৈও স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শৰ বাবে লৈ গৈছিল৷

মহাবিদ্যালয়খনৰ চকীদাৰ বিপিন দত্তই প্ৰায়ে তেওঁৰ পুত্ৰক গালি-শপনি দিয়াৰ উপৰি সুৰা আনিবলৈ বাধ্য কৰিছিল যদিও অধ্যাপক বৰুৱাৰ প্ৰচেষ্টাত এতিয়া তেওঁ এটোপাল মদো স্পৰ্শ নকৰে৷ অন্য কৰ্মচাৰীসকলক উৎসাহিত কৰাৰ অৰ্থে অধ্যাপকজনে শেহতীয়াকৈ বিপিন দত্তক পুৰস্কৃত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ মণিৰাম কলিতা, বিমান বৰাৰ দৰে সম্প্ৰতি এতিয়া কেইবাজনো কৰ্মচাৰীক সুৰাৰ আসক্তিৰ পৰা মুক্ত কৰাৰ ক্ষেত্ৰত সফল হোৱা অধ্যাপক বৰুৱাক এই কামত সহযোগ আগবঢ়াইছে ড° থুলেশ্বৰ নাথ নামৰ মহাবিদ্যালয়খনৰ আন এজন অধ্যাপকেও৷ এই সন্দৰ্ভত ড° নাথে জানিবলৈ দিয়া মতে ড° বৰুৱাই কৰ্মচাৰীসকলক সুৰাপানৰ বদভ্যাস এৰুৱাবৰ বাবে কেৱল কৰ্মচাৰীকেইজনৰ ঘৰত যিকোনো সময়ত উপস্থিত হোৱাৰ লগতে কৰ্মক্ষেত্ৰত একেবাৰে ওচৰলৈ গৈ মুখৰ গন্ধ লৈ চাইছিল৷ মহাবিদ্যালয়ৰ দাঁতিকাষৰীয়া কেইখনমান দোকানত অবৈধভাৱে সুৰা বিক্রী কৰা বুলি জানিব পাৰি অধ্যাপকজনে বহুবাৰ আৰক্ষী তথা জিলা প্ৰশাসনক অৱগত কৰে যদিও সুফল নাপালে৷ এনে পৰিস্থিতিতো নিজৰ ব্যতিক্ৰমী প্ৰচেষ্টাৰে "সুৰাসক্ত" সকলক নিচাসক্তিৰ পৰা  মুক্তি দিয়াৰ নিৰৱচ্চিন্ন পদক্ষেপৰ বাবে আমিও জনাইছো আন্তৰিক অভিনন্দন।

No comments:

Post a Comment