মনৰ কথা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

অসম হওক দীপ্তিমান
প্রিয়ংকু নাৰায়ন বৰুৱা
“বাৰে বাৰে ক্ৰুছবিদ্ধ বিবেক। মানৱতাক দিয়া হয় কবৰ। তেন্তে কাক বাধ্য কৰা হৈছে বিদ্রোহৰ গান গাবলৈ। ৰচিত হৈছে ব্যক্তি সন্ত্রাসৰ দলিল। তাৰ পিছতো আপুনি মই নিমাত।প্র তিবাদীক শিকোৱা হয় তেজৰ স্পর্শৰে মুখ বন্ধ ৰখাৰ শেষ কৌশল।” চাওঁতে চাওঁতে নতুন বৰ্ষ আহি পালেই। পুৰণি বৰ্ষৰ অন্তত: নতুনৰ আগমন চিৰাচৰিত প্রথা। বহু ভাল খবৰ তথা উৎসাহজনক বাতৰিয়ে বিগত বৰ্ষত আমালৈ প্রাপ্তিৰ আনন্দ কঢ়িয়াই অনাৰ সমান্তৰালভাৱে কঢ়িয়াই আনিলে বছৰটোৰ সবাতোকৈ দুখজনক সংবাদ।

মানুহৰূপী কিছুমান অসুৰৰ নৰসংহাৰ অভিযানত মৃত্যু সাৱটি ল’লে নিৰীহ শিশু-মহিলাকে ধৰি বহুজনে।সন্ত্রাসৰ ৰূপ সদায়েই বিভৎস।স্পষ্ট ভাষাৰে আমি ক’ম যিকোনো ধৰ্ম,ভাষা,জাতি,ভাষা অথবা সাংস্কৃতিক পৰিচয়ৰ উৰ্ধত মানৱতা বিৰোধী কোনো তথাকথিত আদৰ্শই হওঁক বা ৰণকৌশল গ্রহণযোগ্য হ’ব নোৱাৰে।নিৰীহৰ ৰক্তেৰে ফাঁকু খেলা নৰমেধৰ খেল খেলি কাৰ কি প্রাপ্তি সেয়া আমি বুজি নাপাওঁ।মাথো আমি ক’ম যিয়েই সংঘটিত নকৰক কিয় নিৰীহ হত্যাৰ এই দস্যুবৃত্তি বন্ধ হওঁক।সংবেদনশীল বিষয়টি যাতে ৰাজনৈতিক দলিয়াদলিৰ মাধ্যম নহয়।নিৰীহ ৰাইজ যাতে সুৰক্ষিত আৰু আশ্বস্ত হৈ থাকিব পৰা পৰিবেশ তৈয়াৰ হওঁক।সাধাৰণ জনতা সংযত হওঁক। ব্যক্তিগত অৰিয়া অৰিৰ উৰ্ধত দল মত নিৰ্বিশেষে এক হৈ সন্ত্রাস সৃষ্টিকাৰী কাৰ্যকলাপ প্রতিহত কৰা হওঁক।এই হিংসাত্মক কাৰ্যকলাপ বন্ধ হওঁক আৰু সন্ত্রাস সৃষ্টিকাৰী কাৰ্যকলাপ দমন হওঁক।

আজি যেন আমি হাঁহিবলৈ পাহৰিছো! তথাপিও উৰুখা হৃদয়ৰ মূধচেৰে সৰকি আহে পুৰাতন প্রেমিক হোৱাৰ চিৰন্তন হেপাঁহ।আজন্ম শুনিছো মাটি-মানুহৰ সর্ম্পকৰ গান।“তোমাক সুঁৱৰি বিচাৰি ফুৰো /তাহানিতে হেৰুওৱা/এফাঁকি প্রিয় ঐনিতম।বাৰে বাৰে জাহ যাও মই /তাৰ সুৰৰ ছন্দত আৰু/ছটফটাই উঠো যন্ত্রণাত।

গোষ্ঠী সংঘৰ্ষৰ দৰে উত্তেজনা কিয় কিহৰ তাড়নাত উদ্ভৱ হয়? কিয় বিবেকহীন মানুহে শূণ্য মগজুৰে চিন্তা কৰিব পাহৰি পাষাণ নৰমেধকাৰীৰ ৰূপ লয়? তেজৰ নদী বোৱাই ক্ষমতা আজুৰি আনি কি সুখ পাব বিচাৰে চয়তানৰ উপাসকসকলে? ৰাজনীতিক মূল্যবোধহীন স্তৰত উপনীত কৰাত অগ্রণী ভূমিকা লোৱা সকলে কি প্রাপ্তিৰ সন্ধানত অহৰহ বোকা ছটিয়াই?? বৰ অসহনীয় এই সময়। তথাপিও আশাৰ বতৰা এই দুৰ্যোগৰ সময়তে নিৰীহ শৰণাৰ্থীৰ কাষত থিয় দিছে সহস্র জনতা। কাহানিও লগ নোপোৱা-সামান্যও চিনি নোপোৱা জনৰ কাৰণে কান্দিছে অচিনাকি কোনোবাই। আনকি সংবাদ মাধ্যমেও টি আৰ পিৰ পিছত নদৌৰি দৌৰি গ’ল আৰ্তজনৰ কাষলৈ। সাদিন-প্রতিদিন-ডি ৱাই ৩৬৫,কিম্বা নিউজ টাইম অথবা নিউজ লাইভ গোষ্ঠী আদি সকলো ব্যস্ত হৈ পৰিল আৰ্তজনৰ সহায়ৰ বাবে।দেখা গ’ল এক্সুস্লিভ ভিডিঅ ফুটেজ পৰিৱেশনতো সংবাদ মাধ্যমৰ সাৱধানতা।

কোনোবাই ক’ৰবাত সুধিছিল অথবা আক্ষেপেৰে কৈছিল “আমি মাথো থ্ৰীলাৰৰ দর্শক।চ কুপানীৰ লুণীয়া সোঁতবোৰে, বুকুৰ কুহুমীয়া হুমুনিয়াহবোৰে, শৱগৃহত বন্ধ হৈ পৰিব খোজা উশাহবোৰে, বিধৱাৰ উকা কঁপালখনে আৰু নিষ্পাপ সেই অকণ অকণ চকুবোৰে আপোনাক মোক, আমাক প্রশ্ন কৰিছে” তেজৰ শিৰোনাম কেৱল ৰঙাই নেকি?” প্রতি উত্তৰত আমি ক’ম “আগুৱাব জীৱন!শিল্পৰ পৃথিৱীত আপোন ৰং সানি দিয়া জীৱনৰ গতিময়তা এক স্বত:সিদ্ধ বৈচিত্রতা! মৃত্যুৱে জানো ভাঙিব পাৰে জীৱনৰ ৰহস্যময়তাৰ সাঁথৰ?মৃত্যু ৰহস্যৰ খোদনতেই নিহিত আছে জীৱনৰ বন্দনা-সৃষ্টিৰ উর্ব্বৰ ইতিহাস।”

এয়াই চাগে পৰিৱৰ্তনৰ শুভ ইংগিত।হাজাৰ প্রতিকূলতাৰ মাজতো এয়াই চাগে মানুহে মানুহৰ বাবে অনুভৱ কৰা তাড়না-হৃদয়ৰ গান। সেয়ে আমি আশাবাদী।আমি ৰাজনীতি-সমাজনীতি-ব্যক্তিস্বাৰ্থৰ উৰ্ধত যিকোনো দুৰ্যোগৰ সময়ত বিশ্বাস কৰো মানৱতা। আমি জানো হিংসাৰে হিংসাৰ উদ্ভৱ হয়। আমি ধিক্কাৰ দিওঁ যিকোনো মানৱতাবিৰোধী অশুভ শক্তিক।দল মতৰ উৰ্ধত আমি চিন্তা কৰিব লাগিব শান্তিৰ হকে-সম্প্রীতিৰ হকে। মত পাৰ্থক্য স্বাভাৱিক কিন্তু ক্ষুদ্র-স্বাৰ্থৰ বাবে বৃহৎ সমাজখনক পণবন্দী কোনোৱে যাতে নকৰে। সন্ত্রাস দমন হওঁক। দুষ্ট শক্তিবোৰৰ সুবুদ্ধি উদয় হওঁক। নতুন বৰ্ষত এখন শান্তি আৰু সমৃদ্ধি আৰু ঐক্যৰ অসম তথা পৰাগদাৰ দৃষ্টিত যিখন ভেদাভেদবিহীন সম্পূৰ্ণ উদয়াচল, সেই বিকশিত উদয়াচলৰ সপোন বাস্তৱায়িত হওঁক।

বহু প্রশ্ন, বহু চিন্তাৰ আলিদোমোজাত পাৰ হৈ যোৱাৰ গ'ল বিদায়ী- ২০১৪। বর্ষ।গৰীৱৰ দেশ ভাৰতৰ বাবে নতুনত্ব বিহীন এটা বছৰ। তথাপি আমি আশাবাদী!এশকৌটি ভাৰতীয়ৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বাবে যাতে এই বর্ষত যেন কার্যক্ষম হৈ উঠে আমাৰ দেশ,তাৰেই কামনাৰে আশা কৰা হ’ল।চৰকাৰ সচেতন হওক ,সচেতন হওক সমাজ। “Strategically outlook should be vision based and wide” আমি আশা কৰিম জনতাৰ বাবে,জনতাৰ হকে জনতাৰ দ্বাৰা প্রকৃত অর্থত পৰিচালিত হওঁক আজিৰ ভাৰত। উত্তৰ-পূৱ কোণ ভাৰতবর্ষৰ সমৃদ্ধিৰ শক্তিশালী অংশীদাৰ হওঁক। আন্ধাৰ কেতিয়াও স্হায়ী নহয়। কাৰণ আমাৰ আছে মানুহৰ ওপৰত আস্হা।আমাৰ আছে ভৱিষ্যতৰ ৰঙা সূৰুযৰ পিনে স্হিৰ দৃষ্টি। সেই দিন আহিব যিদিনা অশান্তিৰ ডাঁৱৰ আতৰি দীপ্তিমান হৈ পৰিব অসম। আমি বিশ্বাস কৰো। সেয়ে ইতিবাচক ভাৱেই দৃঢ়তাৰে কওঁ “স্বাগতম নৱবৰ্ষ ২০১৫ ।
লেখকৰ মোবাইল নম্বৰ ৮৮১১৮৩৬৮৮৫

No comments:

Post a Comment