সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পৰিকল্পনা আয়োগৰ সলনি ‘নীতি’ আয়োগঃ
নতুনত্ব কি?
ৰূপাংকৰ চৌধুৰী
নৱবৰ্ষ ২০১৫ৰ প্ৰথম দিনটোতে ভাৰত চৰকাৰে পৰিকল্পনা আয়োগ (Planning Commission)ক আঁতৰাই নীতি আয়োগ (NITI- National Institution for Transforming India) গঠন কৰিলে। 

দেশৰ অৰ্থনৈতিক বিকাশ তথা উন্নয়নৰ ক্ষেত্ৰখন 'সমাজতন্ত্ৰৰ জনশ্ৰুতি' ৰ পৰা মুক্ত কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দ্বাৰা এয়া যেন প্ৰথমটো প্ৰদক্ষেপ। পঞ্চ-বাৰ্ষিক আঁচনিৰ সফল ৰূপায়াণৰ উদ্দেশ্যেৰে ১৯৫০চনৰ মাৰ্চ মাহত, দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে সেই সময়ত ছোভিয়েটত সফলভাৱে ৰূপায়িত হোৱা আৰ্হিতেই দেশত পৰিকল্পনা আয়োগৰ স্থাপন কৰিছিল। বহুতো অৰ্থনীতিবিদে আজিৰ বিশ্বায়ন তথা বজাৰ-প্ৰধান আধুনিক যুগত সমাজবাদ নীতিৰে পুষ্ট পৰিকল্পনা আয়োগ গুৰুত্ত্বহীন বুলি যদিও দাবী কৰিছে, তথাপি ইয়াৰ সপক্ষেও যুক্তিৰ অভাৱ নিশ্চয়কৈ নাই। এয়া নেহেৰুভিয়ান যুগৰ অৱসান ঘটাই মোদীৰ যুগ প্ৰতিষ্ঠাৰ এটা পদক্ষেপ বুলি সচেতন বিশ্লেষক সকলে মত প্ৰকাশ কৰিছে।

চৰকাৰে দাবী কৰা মতে,দেশৰ উন্নয়ন প্ৰক্ৰিয়াক এক মজবুত তথা কৌশলগত পথ দেখুৱাবলৈ নীতি-আয়োগ গঠন কৰা হৈছে। দেশৰ উন্নয়ন প্ৰক্ৰিয়াত ‘নীতি আয়োগ’এ বিশেষজ্ঞৰ ভূমিকা পালন কৰিব। কেন্দ্ৰ তথা ৰাজ্য সমূহৰ চৰকাৰক নীতিগত বিষয় তথা বিভিন্ন আঁচনি ৰূপায়ণ কৰাৰ ক্ষেত্ৰত উপদেশ দিয়াই হ'ব ইয়াৰ মুখ্য উদ্দেশ্য। আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত কাৰ্যতঃ দেখি থকা লেহেমীয়া গতিক দ্ৰুততৰ কৰি তোলাৰ লগতেই আন্তঃমন্ত্ৰালয়ৰ সম্পৰ্ক তথা কেন্দ্ৰ আৰু ৰাজ্যৰ চৰকাৰ সমূহৰ মাজৰ সম্পৰ্ক সামগ্ৰিকভাৱে উন্নত কৰাই নীতি (NITI) আয়োগৰ অন্যতম মুখ্য উদ্দেশ্য। কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কাম-কাজৰ তত্বাৱধান আৰু মূল্যাংকন কৰা- এই আয়োগৰ আন এক গুৰুত্ত্বপূৰ্ণ দায়িত্ব। 

সহযোগিতামূলক সংহতি (Co-operative Federalism) বলবৎকৰণ- নীতি (NITI) আয়োগৰ অন্য এক গুৰুত্ত্বপূৰ্ণ উদ্দেশ্য। 'সহযোগিতামূলক সংহতি'ৰ দ্বাৰা অৰ্থনৈতিক আঁচনি আৰু উন্নয়নৰ কাম-কাজৰ ক্ষেত্ৰত, কেন্দ্ৰ আৰু ৰাজ্যৰ চৰকাৰ সমূহৰ মাজত দুই-পক্ষৰ সমানে যোগদানৰ প্ৰক্ৰিয়াতোকে বুজোৱা হৈছে। মুঠতে এতিয়ালৈকে প্ৰচাৰ কৰা উদ্দেশ্য সমূহৰ ভিত্তিত সংহত আন্তঃগাঁথনি (Federal Structure)ৰ সহায়ত ৰাষ্ট্ৰৰ উন্নয়নৰ গতি ক্ষিপ্ৰ কৰিবলৈ 'নীতি-আয়োগ' আশাবাদী। কেন্দ্ৰৰ পৰা ৰাজ্য চৰকাৰলৈ একপক্ষীয়ভাৱে আঁচনিৰ নিৰ্দেশনা জাৰী কৰাটো পৰিকল্পনা আয়োগৰ অন্যতম বিশেষত্ব আছিল। 'নীতি আয়োগ'ৰ যোগেদি কেন্দ্ৰই ৰাজ্যসমূহৰ পৰা আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত পূৰ্ণকালীন তথা ধাৰাবাহিক অংশীদাৰিত্ব দাবী কৰিছে। 

'নীতি আয়োগ আৰু পৰিকল্পনা আয়োগৰ সংবিধান হৈছে ইয়াৰ প্ৰধান বৈসাদৃশ্য (যিটো সাধাৰণতে আমাৰ চকুত পৰে)। দেশৰ প্ৰধানমন্ত্ৰী হ'ব ইয়াৰ অধ্যক্ষ। ৰাজ্য সমূহৰ মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয়-শাসিত অঞ্চল সমূহৰ উপ-ৰাজ্যপাল সকল নীতি আয়োগৰ শাসকীয় পৰিষদৰ সদস্য হিচাপে থাকিব। প্ৰধানমন্ত্ৰী মোডীৰ মতে এয়া সহযোগিতামূলক সংহতি (Co-operative Federalism)ৰ বাবে এক গুৰুত্ত্বপূৰ্ণ সাফল্য। তাৰ বিপৰীতে বহুকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এই পুনৰ গঠন প্ৰক্ৰিয়ালৈ অসন্মতিৰ কথা প্ৰকাশ কৰা আৰু বিৰোধী দলে এয়া ভাৰতীয় ফেডাৰেল ব্যৱস্থালৈ এক ভাবুকি বুলিহে মত প্ৰকাশ কৰাৰ কথাও সংবাদ পত্ৰত প্ৰকাশ পাইছে।

নীতি-আয়োগৰ পাঁচজনীয়া স্থায়ী সদস্য আৰু দুজন অস্থায়ী সদস্যৰ লগতে এজন উপাধ্যক্ষ আৰু এজন মুখ্য কাৰ্যবাহী বিষয়া থাকিব। সহকাৰী সদস্য হিচাপে চাৰিজন কেন্দ্ৰীয় কেবিনেটমন্ত্ৰীক অতিৰক্ত দায়িত্ব দিয়া হ'ব। বিকল হৈ যোৱা পৰিকল্পনা আয়োগৰ এজন উপাধ্যক্ষ আৰু পূৰ্ণকালীন সদস্যৰ লগতে এজন সদস্য সচিব আছিল যিয়ে আহ্বায়কৰ দায়িত্বও পালন কৰিছিল। 

পৰিকল্পনা আয়োগক নতুন ৰূপৰ সজোৱা সমগ্ৰ প্ৰক্ৰিয়াটোক বিৰোধীয়ে সমালোচনা কৰি কৈছে। তেওঁলোকৰ মতে এয়া এক প্ৰকাৰ নতুন বটলত পুৰণি মদ। অকল চৰকাৰ বিৰোধীপক্ষই যে এই সলনিকৰণ প্ৰক্ৰিয়াটোক সমালোচনা কৰিছে তেনে নহয়। পৰিকল্পনা আয়োগৰ এজন প্ৰাক্তন সদস্য কিৰিট পাৰিখৰ মতে নীতি আয়োগ আৰু পৰিকল্পনা আয়োগৰ মাজত বৰ বেছি পাৰ্থক্য নাই।

পাৰিখৰ মতে, আগৰ পৰিকল্পনা আয়োগ- ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদৰ ওচৰত জবাবদিহি আছিল আৰু এতিয়াৰ নীতি আয়োগত ৰাজ্য সমূহৰ মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয়-শাসিত অঞ্চল সমূহৰ উপ-ৰাজ্যপাল সকলে গঠিত শাসকীয় পৰিষদ থাকিব। 

পাৰিখে লগতে জানিবলৈ দিয়ে যে, মোডী চৰকাৰে দাবী কৰি থকাৰ দৰে 'নীতি আয়োগ'ৰ আঞ্চলিক পৰিষদৰ ক্ষেত্ৰতো কোনো ধৰণৰ সাংবিধানিক নতুনত্ব নাই। পৰিকল্পনা আয়োগৰ সময়তো, ৰাজ্যসমূহৰ প্ৰয়োজনসাপেক্ষে বিশেষ পৰামৰ্শদাতা মণ্ডলী গঠন কৰা হৈছিল। নীতি আয়োগত এই বিশেষ পৰামৰ্শদাতা মণ্ডলী স্থায়িত্ব দিয়াৰ কথা বিবেচনা কৰিছে। এক প্ৰকাৰ চাবলৈ গ'লে গোটেই প্ৰক্ৰিয়াটোত কাৰিকৰীভাৱে কোনো নতুনত্ব নাই। 

তেন্তে কি এনে পৰিকল্পনা আয়োগতকৈ এনে কি বিশেষ পাৰ্থক্য আছে নীতি আয়োগত? সেয়া পাৰিখ তথা আন বহুতো বিখ্যাত অৰ্থনীতিবিদৰ তথা উন্নয়ন বিশেষজ্ঞৰ মতে হ'ল- উন্নয়নৰ নীতি বলবৎকৰণৰ ক্ষেত্ৰত ৰাজ্যসমূহৰ বিশেষাধিকাৰ। পৰিকল্পনা আয়োগৰ সময়ত উন্নয়নমুলক আঁচনি এখন যুগুত কৰি উঠিহে ৰাজ্যসমূহৰ প্ৰতিক্ৰিয়াৰ বুজ লৈছিল। কিন্তু 'নীতি আয়োগ' এ আঁচনি প্ৰস্তুত কৰাৰ প্ৰাৰম্ভিক স্তৰতেই ৰাজ্যসমূহৰ প্ৰতিক্ৰিয়া জানিব পাৰিব। 

এতিয়া কথা হ'ল, আয়োগ নবীকৰণে উন্নয়নমূলক আঁচনি সমূহৰ ক্ষেত্ৰত ক্ষমতাৰ বিকেন্দ্ৰীকৰণ প্ৰক্ৰিয়াত কোনোধৰণৰ লাভদায়ক সলনি আনিব নে? নে এয়া পৰিকল্পনা আয়োগৰ বিখ্যাত (কুখ্যাত?) 'অৱাৰোহণ' ব্যৱস্থাৰ বিপৰীতে 'আৰোহণ' ব্যৱস্থা? 

নিৰপেক্ষভাৱে পৰ্য্যৱেক্ষণ কৰিলে কিন্তু সেয়া চকুত নপৰে। উন্নয়নমূলক আঁচনিসমূহ প্ৰস্তুত কৰি তাক কাৰ্যকৰীকৰণ কৰিবলৈ স্থানীয় পৰিষদসমূহক (যেনে- পঞ্চায়ত আদি) দায়িত্ব দিয়াটোহে আচলতে বিকেন্দ্ৰীকৰণৰ মুখ্য উদ্দেশ্য। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে তাত সহযোগিতাহে কৰিব লাগে। 

'নীতি আয়োগ'এ গ্ৰাম্য স্তৰত কাৰ্যকাৰী হোৱাকৈ কাৰ্যবিধি প্ৰস্তুত কৰিব আৰু সেই বিষয়ে সবিশেষ উচ্চস্তৰীয় চৰকাৰী ব্যৱস্থাক অৱগত কৰিব। চৰকাৰীভাৱে তৃণমূল স্তৰৰ বাবে কোনোধৰণৰ উন্নয়নমূলক আঁচনি যুগুত কৰাৰ বিষয়ে প্ৰকাশ কৰা হোৱা নাই। 'আৰোহণ' ব্যৱস্থাত সাধাৰণতে তৃণমূল স্তৰক বিশেষ গুৰুত্ত্ব দিয়া পৰিলক্ষিত হয়। 

সদ্যহতে, 'নীতি আয়োগ'ৰ দ্বাৰা উন্নয়নমূলক আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত সাংঘাতিক কোনো অভূতপূৰ্ব বিভিন্নতা আনিব বুলি উৎসাহিত হ'বলগীয়া কোনো কাৰণে নাই। সময়ত দেখা যাব, চৰকাৰে দাবী কৰি থকা ধৰণে, 'নীতি আয়োগ'ৰ সহায়ত মোডী চৰকাৰখনে দেশৰ উন্নয়নৰ স্থিতি কিমান সবল কৰি তোলে।

No comments:

Post a Comment