মনৰ কথা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

নৱবৰ্ষৰ পৰিকল্পনা
ডাঃ ভূপেন শইকীয়া
বিগত বছৰৰ পোৱা- নোপোৱাৰ যৎসামান্য হলেও হিচাব-নিকাচ কৰি আগন্তুক দিনবোৰক অধিক উপযোগী, সফলতাৰ বাহক কৰি তুলিবলৈ যত্নপৰ হম৷ মানুহে ভুলৰ পৰা শিকে, কিন্তু একেটা ভুলৰ পুনৰাবৃত্তি অনুচিত - কথাষাৰি সৰোগত কৰি চলিবলৈ যত্নপৰ হম৷

প্ৰবাসত মানে কাটাৰত কৰ্মৰত থকালৈকে কাটাৰৰ অসম সমাজৰ সম্প্ৰীতি,সদ্ভাৱ আৰু উন্নয়নৰ হকে যৎপৰোনাষ্টি প্ৰয়াস কৰি যাম৷ আমাৰ দেশৰ বিশেষকৈ আমাৰ অসমৰ দৈনিক ঘটি থকা অসূয়া, অশান্তি, নৰসংহাৰৰ বাতৰিয়ে আমাক কিমান মনোবেথা দিয়ে- তাক আখৰেৰে লিখি বুজাব নোৱাৰি৷ সেই দূৰ্দিন আৰু দু:সময়ৰ অতিশীঘ্ৰে যেন অৱসান ঘটে - তাকে কামনা কৰোঁ৷ নেদেখাজনে সকলোকে সুমতি দি অসমী মাতৃৰ অশান্ত হৃদয় শীতল কৰে যেন৷

ব্যক্তিগত পৰ্যায়ত নতুন বছৰটোৰ বাবে এইকেইখন কিতাপ প্ৰকাশ কৰি ওলোৱাৰ আঁচনি মনতে লৈছোঁ - কাটাৰৰ ডায়েৰীৰ দ্বিতীয় খণ্ড, লিবিয়াৰ অভিজ্ঞতা, বিভিন্ন ৰোগৰ নিদান৷ সদ্য প্ৰকাশিত 'মনৰ প্ৰতিবিম্ব' কবিতা পুথিখনিৰ ই-প্ৰতিলিপি সুখ-দুখত সোণকালেই উপলব্ধ কৰাম বুলিও ভাবিছোঁ৷'নেদেখা সোণালী সূতাৰে বন্ধা' নামৰ কাটাৰৰ অসম সমাজৰ বাৰ্ষিক পত্ৰিকাখনিৰ সম্পাদনাৰ শেষ পৰ্যায়ৰ কামো চোৱাচিতা কৰি আছোঁ৷ সেইখনো সোনকালেই মুকলি কৰাৰ প্ৰয়ত্ন কৰি আছোঁ৷ 

অসমৰ বিভিন্ন বাতৰিকাকত, সাহিত্য ডটঅৰ্গ, অসমীয়াৰ সুখ-দুখলৈ নিয়মীয়াকৈ নানান বিষয়ৰ লিখনি আগলৈকো আগবঢ়াই যাম৷ প্ৰবাসী জীৱনৰ মাজত নিয়মীয়াকৈ অসমৰ,মেঘালয়ৰ আৰু ভাৰতৰ আন ঠাইৰ লোকক ইন্টাৰনেটযোগে চিকিৎসা পৰামৰ্শ আগবঢ়াই এক সুখানুভতি লভি আহিছোঁ – আগলৈকো অধিকজনক মই যেন সেই সেৱাৰ দ্বাৰা উপকৃত কৰিব পাৰোঁ - তাকে কামনা কৰোঁ৷
----------------------------

লেখক কাটাৰত বিশেষজ্ঞ চিকিৎসক ৰূপে কৰ্মৰত আৰু অসম সমাজ, কাটাৰৰ সভাপতি।

No comments:

Post a Comment