হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম

১. ফেচবুক অহাৰ পৰা সৰিয়হ খেতি দেখিলেই নামি পৰা, গাড়ী ৰাখি হ'লেও ফটো তোলাৰ চখ এটাৰ বিকাশ হোৱালৈ লক্ষ্য ৰাখি 'সৰিয়হ খেতি পৰ্যটন' নামৰ এখন আঁচনি কৃষি বিভাগে পৰ্যটন বিভাগৰ সৈতে মিলি ঘোষণা কৰিছে। এতিয়াৰ পৰা অখেতিয়কে সৰিয়হ খেতিৰ ফটো তুলি চ’ছিয়েল মেডিয়াত শ্বেয়াৰ কৰি লাভ কৰা লাইকৰ সংখ্যনুযায়ী খেতিয়কজনলৈ ৰয়েল্টি দিব লাগিব বুলিও কৃষিমণি ডেকাই প্ৰকাশ কৰিছে। অন্যন্য খেতি পথাৰতো এইদৰে ছ’চিয়েল মেডিয়াৰ জৰিয়তে পৰ্যটনৰ বিকাশ কৰি খেতিয়ক সকলক আৰ্থিক সকাহ দিব পৰা যাব বুলিও দৃঢ়তা প্ৰকাশ কৰিছে। পৰবৰ্তী পৰ্যায়ত সূৰ্যমুখী ফুলৰ খেতিয়ক সকলৰ এই আঁচনিৰে সামৰি লব বুলিও জানিব পৰা গৈছে।

২. সদৌ অসম নিৰীহ শৰনাৰ্থী সংঘই শিৱিৰসমূহত চাউল পাত আদি সাহাৰ্য শিবিৰত বিলাই দিয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। চাউল, দালিৰ লগত খৰি, তেল, নিমখ আদি নিদি মানুহবোৰক চৌ-ঠেঙীয়া কৰা বুলি সংঘই সমালোচনা কৰিছে। তাৰ ঠাইত চাউল পাত গুৱাহাটীতে বিক্ৰী কৰি সমুদায় ধন ৰাইজৰ হাতত তুলি দিয়াৰ লগতে নীলমণিয় দুটকীয়া ভাতৰ হোটেলৰ ফ্ৰেঞ্চাইজী শিবিৰে শিবিৰে খুলি দিলেই লেঠা মৰিব বুলিও দাবী জনোৱা বুলি জানিব পৰা গৈছে।

৩. অসমত বিশ্বৰ ভিতৰতে সৰ্বাধিক লোক গৃহহাৰা হোৱাৰ কথাটোক ইতিবাচক কথাৰূপে চাবলৈ নিচাদেউ গগৈয়ে আহ্বান জনাইছে। তেওঁৰ মতে ইয়াৰ দ্বাৰা ভৱিষ্যতে বিশ্বৰ ভিতৰত সৰ্বাধিক ঘৰ নিৰ্মাণ অসমতে নিৰ্মাণ হব। সেয়ে চিমেণ্ট কোম্পানীৰ বেপাৰ বাঢ়িব, অসমলৈ বিনিয়োগ আহিব।তাৰোপৰি ইয়াৰ দ্বাৰাই ইন্দিৰা আবাস যোজনাৰ হিতাধিকাৰীৰ পৰা চানকাঢ়ি নিজৰ নিজৰ অট্টালিকা সাজিবলৈ সাজু হবলৈকো সদৌ অসম ঠিকাদাৰ সন্থাক আহ্বান জনাইছে।

৪.চৰকাৰী হস্পিতেলৰ এজন ডাক্তৰে প্ৰাইভেট ডাইগনেষ্টিক চেণ্টাৰ, ফাৰ্মাচী, নাৰ্চিংহোমৰ সমূহৰ বাবে দালালী কৰিবলৈ অমান্তি হোৱাৰ বাবেই সংবাদ শিৰোনামাত স্থান লাভ কৰিছে। তেখেতক এই বৰ্ষৰ প্ৰথম জনা ব্যতিক্ৰমী চৰকাৰী ডাক্তৰৰ সন্মান যাচিবলৈকো এচামে প্ৰস্তাৱ দিয়াৰ বিপৰীতে, তেওঁ সমূহ চৰকাৰী ডাক্তৰ সমাজৰ বাবে ভাবুকি স্বৰূপ বুলি আঙুলিয়াই দি সমাজচ্যুত কৰাৰ বাবেও ডাক্তৰ কল্যাণ সংস্থাই পৰামৰ্শ দিয়াৰ গোপন খবৰ!

৫. দিল্লীত ইংলিচ মেডিয়ামত ফৰফৰাই থকা অসমৰ মাছ বিশেষজ্ঞ শৰণাৰ্থী শিবিৰত গৈ উপস্থিত নোহোৱাত ৰাইজে হতাশা প্ৰকাশ কৰিছে। ৰাইজে সুদাই নিকাই নিমখ ভাত খাই থকাৰ বিপৰীতে মাছ বিশেষজ্ঞ আহি মাঘৰ বিহুৰ ভোজটো অন্তত মাছেৰে ৰাইজৰ শিবিৰতে খুৱাব লাগে বুলিও দাবী তুলিছে।

৬. কলিকতা এটাত চৰৰ শব্দই সকলোকে সচকিত কৰি তোলাৰ খবৰ পোৱা গৈছে। এয়া চৰ লাভ কৰাৰ সৌভাগ্য লাভ কৰিছে মমতাহীন পেহীৰ ভতিজা অবিজিতদাই। এতিয়া সকলো কথাতে মাৰপিট কৰা পাৰ্টিটোৰ সুযোগ্য নেতাজনে তেওঁক কানতলীয়া চৰ উপহাৰ দিয়াজনক ক্ষমাদান কৰি ব্যতিক্ৰমী উদাহৰণ দাঙি ধৰিছে। তাৰ বিপৰীতে তৃণমূল পৰ্যন্ত উভালিহে শান্তি পোৱা কৰ্মীবৃন্দই এনে ক্ষমাদানে তেওঁলোকৰ ইমেজ ধ্বংস কৰিব বুলিহে আশংকা কৰা বুলিও সচেতন.কমে প্ৰকাশ কৰিছে।

৭. “সোৱনশিৰি কা বান্ধ” নামৰ নতুন হিন্দীত নাটক এখন কৰিবলৈ যো-জা কৰিছে কৃষকান্ত গগৈয়ে। ৰাষ্ট্ৰীয় টিভি চেনেলত কভাৰ পোৱাকৈ এইবাৰ নাটকখন কৰা হব বুলিও অসমীয়াত নাটক কৰি বিপুল জনপ্ৰিয়তা লভা অৰাজনৈতিক নাট্যকাৰ-অভিনেতাজনে মন্তব্য কৰিছে।

৮. সদৌ অসম বৃদ্ধ ছাত্ৰ সন্থাৰ তৰফৰ পৰা তিনিজন ছাত্ৰলৈ চান্দা-বৰঙণি তুলি এটি সামাজিক গৱেষণাৰ বাবে ফেলশ্বিপ যোগান ধৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ সুখবৰ পোৱা গৈছে। “ডাঙৰ নদী-বান্ধৰ কেচত সাৰদাৰ চান্দাৰ প্ৰভাৱ আৰু ইয়াৰ পাৰ্শ্চ-প্ৰতিক্ৰিয়া” বিষয়ত কৰা গৱেষণাৰ বাবে ছাত্ৰ সকলক অৰাজনৈতিক ব্যৱসায় ক্ষেত্ৰৰ পি.এইচ.ডি সন্মানো প্ৰদান কৰা হব বুলিও গোপন খবৰ প্ৰকাশ পাইছে।

৯. সদৌ অসম চোৰাং চিকাৰী সন্থাই প্ৰথমটো সফলতা কালি ৰাজহুৱা কৰিছে। ইয়াৰ পাছতে এই সাফল্যৰ ধাৰা অবিৰত ৰাখি অসমৰ বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ পৰা খৰ্গ-কটা গঁড়ৰ দৃশ্য চিৰদিনৰ বাবে নোহোৱা কৰি দিব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। না-ৰহেগা গঁড়, না-কটেগা খৰ্গ, বাণীৰেই তেওঁলোকে নৱবৰ্ষত শপত গ্ৰহণ কৰা বুলিও গোপন খবৰ প্ৰকাশ পাইছে।

১০. ডেইলী এনজয় সোনোৱালদাই আজকল ব্ৰেণ্ডৰ সুগন্ধি ব্যৱহাৰ নকৰে বুলি জনোৱাৰ পাছতো সিদ্ধাৰ্থ গৌতম ভট্টই ৰাজনীতিত সকলো গেলা-পঁচাই ওহক বা সুগন্ধি গাত সানি লোৱাত কোনো আপত্তি নাই বুলি প্ৰকাশ কৰিছে। দুয়োজনৰ মাজত থকা মতানৈক্যৰ কথা এইদৰে গোমৰ ফাঁক কৰাতকৈ দুয়োকে একেলগে বহি চিট-পট কৰি কথাবোৰ সিদ্ধান্ত কৰি লবলৈ সচেতন শৰ্মাই টিপছ প্ৰদান কৰিছে বুলিও খবৰ ওলাইছে।

No comments:

Post a Comment