বিতৰ্ক - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিতৰ্ক

বিতৰ্ক

Share This
বেৱচাইট নিষিদ্ধকৰণ নে 
ইণ্টাৰনেটৰ চেঞ্চৰশ্বিপ
ৰূপাংকৰ চৌধুৰী
সামাজিক যোগসূত্ৰৰ মঞ্চবোৰত শেহতীয়াকৈ তোলপাৰ লগোৱা এটি বিষয় হৈছে ইণ্টাৰনেটৰ ওপৰত দেশৰ চৰকাৰৰ চেঞ্চৰশ্বিপ। বহুতে ইয়াত বাক-স্বাধীনতাৰ ওপৰত হস্তক্ষেপ বুলি আখ্য দিব খোজে। বহুতে আকৌ ঘৃণাৰ বাৰ্তাৰে সমাজৰ সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰিব খোজা অপশক্তিৰ বিৰুদ্ধে এয়া অতিশয় প্ৰয়োজনীয় বুলি উল্লেখ কৰিছে। আন কিছু লোকৰ মতে ইণ্টাৰনেটক “মুক্ত” কৰি ৰখাৰ প্ৰয়োজনীয়তা আছে। ইয়াত হোৱা যি কোনো অপৰাধৰ বাবে আইনগত প্ৰক্ৰিয়াৰে শাস্তি বিধানৰ প্ৰয়োজনীয়তাৰ কথাও সচেতন লোকসকলে নুই কৰা নাই। ফেচবুক বা টুইটাৰেও কোনো ব্যৱহাৰকাৰীয়ে ঘৃণা বিয়পোৱা বা সমাজত কু-প্ৰভাৱ পেলোৱা পোষ্ট কৰিলে ৰিপৰ্ট কৰিব পৰা আৰু তাৰ ভিত্তিত পোষ্ট ডিলিট অথবা একাউণ্ট বন্ধ কৰি দিয়াৰ উদাহৰণ আছে। সেইবুলিটো ফেচবুক বা টুইটাৰ "বেৱচাইট"ৰ সেৱাকেই স্তব্ধ কৰি দিয়াৰ জানো যুক্তি আছে বুলিও প্ৰশ্ন উঠিছে।  কিন্তু শেহতীয়াকৈ http://techcrunch.comৰ প্ৰতিবেদন মতে ৩২টা নিত্য-ব্যৱহাৰ্য তথা প্ৰয়োজনীয় ৱেবছাইট (GitHub, Daily Motio,Vimeo ইত্যাদি)ৰ ওপৰত ভাৰত চৰকাৰৰ দ্বাৰা নিষেধজ্ঞা জাৰি কৰাৰ কথা পোহৰলৈ আহিছে।

গোলকীয় ইন্টাৰনেটৰ চেঞ্চৰশ্বীপক লৈ চীন দেশৰ সংকীৰ্ণতা সৰ্বজনবিদিত। কিন্তু শেহতীয়াকৈ, ইন্টাৰনেট চেন্সৰশীপৰ এই অঘোষিত প্ৰতিযোগিতাখনত চীনক পিচ পেলাবলৈ ভাৰতে যৎপৰোনাস্তি চেষ্টা চলাই থকা পৰিলক্ষিত হৈছে। ভাৰত চৰকাৰে পৰহি ইন্টাৰনেট সেৱা যোগানকাৰী সংস্থা আৰু মোবাইল অপাৰেটৰ সমূহক ৩২টা ৱেবছাইট চেন্সৰশ্বীপ আইনৰ গইনাত বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। ভাৰতীয় ন্যায়ালয়েও কিছুমান পৰ্ণ ছাইটক বাৰণ কৰিবলৈ মনমোহন সিঙ চৰকাৰক কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশনা দিছিল। কিন্তু চাৰ্ভাৰ বিদেশত থকাৰ সূত্ৰে এয়া বন্ধ কৰিব পৰা নাযাব বুলিহে তেতিয়া চৰকাৰে ন্যায়ালয়ত শপতনামা দিয়াৰ কথাও সংবাদ মাধ্যমত পঢ়িবলৈ পোৱা গৈছিল।

বাংগালোৰস্থিত 'চেন্টাৰ ফৰ ইন্টাৰনেট ছচাইটি'ৰ এজন অন্যতম নিৰ্দেশক শ্ৰীমান প্ৰনেশ পাকেশে ৰাজহুৱাকৈ জনোৱা মতে নিষিদ্ধ কৰা ৱেবছাইট সমূহৰ তালিকাৰ ভিতৰত GitHub, Archive.org, Imgur, Vimeo, Daily Motion, Pastebin আদিৰ দৰে জনপ্ৰিয় ৱেবছাইটো অন্তৰ্ভুক্ত হৈ আছে। এই তালিকা টেকক্ৰান্স.কমে প্ৰকাশ কৰিছে।

এইখিনিতে তাৎপৰ্যপূৰ্ণ যে এটা ৰাষ্ট্ৰীয় দলৰ তথ্য প্ৰযুক্তিৰে প্ৰচাৰৰ নেতৃত্ব দিয়া এজন ব্যক্তিয়ে টুইটাৰত ঘোষণা কৰিছে যে উক্ত নিষিদ্ধকৃত আটাইবোৰ ৱেবছাইটত মৌলবাদী সন্ত্ৰাসবাদীৰ সমল আছিল। তেওঁলোকে এয়াও ঘোষণা কৰিছে যে যেতিয়াই এই ৱেবছাইট সমূহে সন্দেজনক সমলবোৰক আঁতৰাব তাৎক্ষণিকভাৱে সেই ৱেবছাইটসমূহৰ ওপৰত থকা নিষেধজ্ঞা উঠাই লোৱা হ'ব। ৰাজনৈতিক দল এটাৰ চ’ছিয়েল মেডিয়াৰ প্ৰচাৰৰ নেতৃত্ব দিয়া অচৰকাৰী ব্যক্তিৰ এনে “নীতি” মূলক বক্তব্য কিমান গ্ৰহণ যোগ্য বা এই অভিযোগ কিমান সত্য সেয়া সময়ত নিশ্চয়কৈ প্ৰমাণ হ'ব।

ইতিমধ্যে দেখা গৈছে যে কিছুমান ইন্টাৰনেট সেৱা যোগানকাৰী সংস্থাই নিষিদ্ধ কৰা কিছুমান ৱেবছাইটত প্ৰৱেশাধিকাৰ বাৰণ কৰিছে। দেশৰ আগশাৰীৰ ৰাষ্ট্ৰীয় বাতৰিকাকত 'টাইমছ অৱ ইণ্ডিয়া'ৰ সংবাদদাতাই জনোৱামতে তেওঁলোকে ভোদাফ'নৰ ৩জি সেৱা ব্যৱহাৰ কৰি Pastebin, DailyMotion বা GitHub ৰ ৱেবপেজ সমূহ খুলিব পৰা নাই কিন্তু লক্ষণীয়ভাৱে এয়াৰটেলৰ ইন্টাৰনেট সেৱাৰ সহায়ত উল্লেখিত তিনিওটা ৱেবছাইটত প্ৰৱেশ কৰিব পাৰিছে। 

ভাৰত চৰকাৰে বহুত আগৰেই পৰা 'ব্যৱহাৰ অনুপযুক্ত' মনোৰঞ্জনধৰ্মী সকলোবোৰ ৱেবছাইটকেই নিষিদ্ধকৰণৰ বাবে চেষ্টা চলাই আছিল। সেইদিশৰ পৰা Vimeo আৰু DailyMotion ৰ দৰে মনোৰঞ্জনধৰ্মী ৱেবছাইটক নিষিদ্ধ কৰাত আচৰিত হ'বলগীয়া কোনো কাৰণ নাই। কিন্তু গোটেই পৃথিৱীজুৰি আশী লক্ষাধিক ব্যৱহাৰকাৰীৰে 'ছফটৱেৰ' নিৰ্মাণকাৰ্য তথা ব্যৱহাৰকাৰী সমাজখনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা GitHub ৰ দৰে ৱেবছাইটৰ ওপৰত নিষেধজ্ঞা জাৰী কৰা ঘটনাটো বহুতৰ বাবেই মূৰৰ কামোৰণি হৈ পৰিছে। GitHub ৱেবছাইটৰ কোনো এক পেজত সন্দেহজনক কিবা সমল পাব পাৰে- কিন্তু সেই কাৰণতেই ইমান জনপ্ৰিয় তথা প্ৰয়োজনীয় ৱেবছাইটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিয়া কাৰ্য কোনোপধ্যেই মানি ল'ব নোৱাৰি। 

চীনদেশে যোৱা বছৰ GitHub ৱেবছাইটৰ 'Code Repository' সেৱা নিষিদ্ধ কৰিছিল। কিন্তু সেই দেশৰ উক্ত ৱেবছাইট ব্যৱহাৰকাৰীৰ প্ৰবল হেঁচাত সেই নিষেধাজ্ঞা উঠাই ল'বলৈ বাধ্য হৈছিল। চীনৰ দৰে সচৰাচৰ ইন্টাৰনেটৰ ক্ষেত্ৰখনত সংকীৰ্ণতা দেখুৱাই অহা দেশ এখনে নিষেধজ্ঞা উঠাই লোৱাৰ দ্বাৰাই প্ৰমাণিত হয়- তথ্য-প্ৰযুক্তিৰ লগত জড়িত কোম্পানীবোৰ তথা 'Code' ব্যৱহাৰকাৰী সকলৰ মাজত GitHub কিমান জনপ্ৰিয়! 

একেই কথা ভাৰতবৰ্ষৰ ক্ষেত্ৰতো ব্যৱহাৰ্য হয়। এয়া নিশ্চিত যে GitHub ৰ দৰে সৰ্বজনস্বীকৃত ৱেবছাইটৰ ওপৰত জাৰী হোৱা নিষেধাজ্ঞাই ভাৰতবৰ্ষৰ 'ছফটৱেৰ নিৰ্মাণকাৰী সমাজতো এক বিৰূপ প্ৰভাৱ পেলাব। 

Skype আদিৰ দৰে ভিডিঅ কলিং ছফটৱেৰৰ ব্যৱহাৰৰ বাবে অতিৰিক্ত নিৰিখ আদায় কৰি ইতিমধ্যে ইন্টাৰনেট সেৱা আগবঢ়োৱা সংস্থা- এয়াৰটেল- যোৱা সপ্তাহত জনৰোষৰ বলি হৈছিল। তেনেস্থলত GitHubৰ দৰে জনপ্ৰিয় ৱেবছাইটৰ সেৱাৰ পৰা ব্যৱহাৰকাৰীক বঞ্চিত কৰিলে যে ভাৰত চৰকাৰ তথা ইন্টাৰনেট সেৱা যোগানকাৰী সংস্থা সমূহে যে পুনৰবাৰ জনৰোষৰ বলি হ'ব সেয়া নিশ্চিত। 

এই সমগ্ৰ ঘটনাৰাজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাবে প্ৰত্যাহ্বানৰূপে থিয় দিব। শেহতিয়াভাৱে ভাৱে তেখেতৰ দ্বাৰা ঘোষিত অভিলাষী অভিযান-'মেক ইন ইণ্ডিয়া'ত- ইয়াৰ প্ৰতিকুল প্ৰভাৱ পৰিব। GitHub ৰ দৰে ছফটৱেৰ নিৰ্মাণকাৰী তথা ব্যৱহাৰকাৰী সকলৰ বাবে প্ৰয়োজনীয় ৱেবছাইটৰ ওপৰত জাৰী কৰা নিষেধজ্ঞা 'মেক ইন ইণ্ডিয়া'ৰ দৰে অভিলাষী অভিযানৰ বাবে এক পৰিপন্থী পদক্ষেপ। ইণ্টাৰনেট নিৰপেক্ষতা আৰু চেঞ্চৰশ্বিপৰ দৰে বিতৰ্কিত বিষয়ে অচিৰেই চ’ছিয়েল মেডিয়াত যে চিন্তাৰ ধুমুহাৰ সৃষ্টি কৰিব সেয়া নিশ্চিত।

No comments:

Post a Comment