পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত কালি ৬খন বিদেশী ৰাষ্ট্ৰ আৰু ৩০খন ৰাজ্যৰ প্ৰতিনিধিৰে শুভাৰম্ভ হৈছে ৰাষ্ট্ৰীয় যুৱ মহোসৱৰ। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী কিৰেন ৰিজেজু, খেল মন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উদ্বোধন কৰিলে এই মহোসৱৰ। উদ্বোধনী অনুষ্ঠানত বৰ্ণাঢ্য সাংস্কৃতিক সম্পদ প্ৰদৰ্শিত হোৱাৰ লগতে জুবিন গাৰ্গ, মানস ৰবীন আদি শিল্পীয়েও গীতৰ শৰাই আগবঢ়াই দৰ্শক, অংশগ্ৰহণকাৰী সকলক আপ্লুত কৰে।


২. বিশিষ্ট কণ্ঠশিল্পী দ্বীপেন বৰুৱা আৰু গীতিকাৰ কীৰ্তিকমল ভূঞাক ২০১৫বৰ্ষৰ শিল্পী বঁটাৰ বাবে মনোনীত কৰাৰ সুখবৰ। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত অহা ১৭ জানুৱাৰীৰ শিল্পী দিৱসৰ কাৰ্যসূচীতে মুখ্যমন্ত্ৰীয়ে এই বঁটা প্ৰদান কৰিব। ১৯৯৯চনৰ পৰা অসম চৰকাৰে প্ৰৱৰ্তন কৰা এই বঁটাত ১লাখ টকা, এখন প্ৰশস্তি পত্ৰ আৰু এখন অংগবস্ত্ৰ থকা বুলিও জানিব পৰা গৈছে।

৩. সমগ্ৰ অসম তথা দেশৰ বহু অংশত লুণ্ঠন তলোৱা চীট ফাণ্ড কোম্পানী সমূহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। অসমৰ ভুৱা বিত্তীয় কোম্পানী বিষয়ক ২১২টা গোচৰৰ অনুসন্ধানৰ দ্বায়িত্ব চিবিআইক অৰ্পণ কৰিবলৈ ৰাজ্য চৰকাৰলৈ কালি নিৰ্দেশ জাৰি কৰিছে।

৪. বিহপুৰীয়াৰ ভূপতি চেত্ৰী নামৰ এগৰাকী লোকৰ সেৱাই লাভ কৰিছে সংবাদ শিৰোনামাত স্থান। অঞ্চলটোৰ বিভিন্ন কাৰেণ্ট নোহোৱা ঘৰৰ সৌৰচাকি সমূহ মাত্ৰ দুটকাতে দিনটোৰ বাবে সৌৰশক্তিৰে চাৰ্জ কৰি ঘৰে ঘৰে পোহৰ বিলোৱা ভূপতি চেত্ৰীৰ সেৱাৰ কথা প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে অসমীয়া প্ৰতিদিন কাকতে।

৫. সাংবাদিক মৃদুল কুমাৰ সন্দিকৈৰ “ৰাজনীতি” শীৰ্ষক গ্ৰন্থখনি কালি গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হয়। অসম আৰু ভাৰতৰ স্বাধীনতাৰ পাছৰ পৰা সম-সাময়িক সময়লৈ ৰাজনীতিৰ তথ্যসমৃদ্ধ গ্ৰন্থখন ৰাজনীতি বুজি নোপোৱা চাৰিটি কনমানি শিশুৰ দ্বাৰা এক ব্যতিক্ৰমী ৰূপত উন্মোচন কৰা হয়। 

৬. অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ মুখপত্ৰ “জ্যেষ্ঠ বাৰ্তা” কালি গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰে চিন্তাবিদ ডঃ হীৰেন গোহাঁইয়ে। সভাখনতে সুৰেশ শইকীয়াই ৰচনা কৰা “গণতন্ত্ৰ সংবাদ” শীৰ্ষক নাটকখন উন্মোচন কৰে বিশিষ্ট লেখক তবিউল হুছেইনে।

৭. অধিবক্তা অতুল শৰ্মাৰ “বিপন্ন গণতন্ত্ৰ” আৰু ”এখন নতুন সমাজৰ সপোন” শীৰ্ষক দুখন গ্ৰন্থ অহা ১১জানুৱাৰীত গুৱাহাটীৰ বিষ্ণু-নিৰ্মলা ন্যাস ভৱনত উন্মোচন কৰা হব। গ্ৰন্থ দুখন উন্মোচন কৰিব বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি আৰু নলবাৰী ৰত্নৰে সন্মানিত সাহিত্যিক ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যই। গ্ৰন্থ দুখন প্ৰকাশ কৰি উলিয়াইছে অন্বেষণ প্ৰকাশনে।

৮. গুৱাহাটীৰ পেৰেডাইজে “বিবিধ ব্যঞ্জন” আৰু “বিবিধ জলপান” নামৰ গ্ৰন্থৰ প্ৰণেতা প্ৰয়াত অনু বেজবৰুৱাৰ সোঁৱৰণত অহা ৩১জানুৱাৰীত অসমীয়া বিবিধ ব্যঞ্জনৰ আয়োজন কৰিছে। প্ৰতিযোগিতাখনি উদ্বোধন কৰিব সাংস্কৃতিক সংগঠক মিনু চৌধুৰীয়ে।

৯. বসন্ত শইকীয়া ফাউণ্ডেচনে আয়োজন কৰা অসমীয়া নাটকৰ পাণ্ডুলিপি প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰা দুগৰাকী নাট্যকাৰক কালি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত সভাত বঁটা প্ৰদান কৰা হয়। বসন্ত শইকীয়া নাট্য বঁটা কৰুণা ডেকাক প্ৰদান কৰে সমাজকৰ্মী দেৱেন দত্তই। ৰিতুপৰ্ণ দাসক এই বঁটা প্ৰদান কৰে বিশিষ্ট সাহিত্যিক ডঃ লক্ষ্মীনন্দন বৰাই।

১০. ধেমাজি জিলাৰ গোগামুখৰ আবতানি ক্ষেত্ৰত অনুষ্ঠিত ১৬ টা জনগোষ্ঠীয় সংগঠনৰ অন্তৰংগ আলাপ আৰু সাংস্কৃতিক সমাৰোহৰ কালি অন্ত পৰিছে। বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে ডঃ ঠগীৰাম গগৈয়ে আৰু সাংস্কৃতিক কাৰ্যসূচীৰ উদ্বোধন কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী পৃথ্বীৰাজ ৰাভাই। ডঃ পুষ্প গগৈ, ৰণোজ পেগু, অৰবিন্দ ৰাজখোৱা আদিকে ধৰি আলোচকসকলে জনগোষ্ঠীয় সমস্যা সমূহ আৰু সমাধানৰ বিভিন্ন দিশ সমূহৰ বিশ্লেষণ আগবঢ়ায়।

No comments:

Post a Comment