পলকতে সুখ দুখ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখ বতৰা

পলকতে সুখ দুখ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ। নেহৰু ষ্টেডিয়ামত হব লগা উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী তৰুণ গগৈ, খেল মন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজেজুৱে অংশ গ্ৰহণ কৰিব। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা এই উদ্দেশ্য প্ৰায় ৪৫০০ প্ৰতিনিধি তথা অতিথি সকল গুৱাহাটীত উপস্থিত হৈছে।


২. গুৱাহাটী উচ্চ ন্যায়ালয়ে লাভ কৰিছে পাঁচজনকৈ নতুন ন্যায়াধীশ। কালি শপত লোৱা নতুন ন্যায়াধীশৰ সকলৰ নিযুক্তিয়ে বিচাৰ প্ৰক্ৰিয়া সমূহ দ্ৰুত হব বুলি আশা কৰা হৈছে।

৩. অহা ৩১ জানুৱাৰীৰ পৰা সাহিত্য সভাৰ কলিয়াবৰ অধিবেশনৰ শুভাৰম্ভ হব। পাঁচদিনীয়াকৈ অনুষ্ঠিত হব লগা সভাৰ অধিবেশনৰ উদ্বোধক হিচাবে দেশৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে অংশ লব বুলিও সুখবৰ প্ৰকাশ পাইছে। মুখ্য অতিথি হিচাবে প্ৰখ্যাত উৰ্দু সাহিত্যক শ্বীন কাফ আৰু বাংলা সাহিত্যিক বাণী বসুৰ উপৰিও অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সকল, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, সাহিত্যিক য়েছে দৰজে ঠংচি আদি সুধীজনে অংশ গ্ৰহণ কৰিব।

৪. আজিৰে পৰা তেজপুৰত আৰম্ভ হ’ব অসমীয়া সাহিত্য সন্মিলনীৰ দ্বিতীয় অধিবেশন। জয়মতী পথাৰত ৰূপকোঁৱক-কলাগুৰু-নটসূৰ্য ক্ষেত্ৰত নামঘৰৰ আৰ্হিত সভা মণ্ডপ তৈয়াৰ কৰাৰ লগতে ২০খন জিলাৰ ১০৮টা শাখাৰ প্ৰায় চাৰিশ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। এই অধিবেশনলৈ সন্মানিত অতিথি হিচাবে জ্ঞানপীঠ বিজয়ী কেদাৰনাথ সিং, সাহিত্যিক ডঃ নগেন শইকীয়া, বাংলা সাহিত্যিক ডাঃ শ্যামল চক্ৰৱৰ্তী আদিক নিমন্ত্ৰণ জনোৱা বুলিও জানিব পৰা গৈছে।

৫. যোৱা ২০ অক্টোবৰৰ পৰা আৰম্ভ হোৱা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পদযাত্ৰাৰ আজি সামৰণি পৰিব। এই পদযাত্ৰা কামৰূপ, গোৱালপাৰা, ধুবুৰী, বঙাইগাঁও, বৰপেটা, বাক্সা, নলবাৰী জিলা অতিক্ৰম কৰি তৃণমূল পৰ্যায়ত ৰাইজৰ দুখ-দুৰ্দশৰা ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰে।

৬. অহা ২২ জনুৱাৰীৰ পৰা জাগীৰোডৰ ইতিহাসিক জোনবিল মেলা অনুষ্ঠিত হব। ২২-২৪ জানুৱাৰীত বিনিময়ৰ হাট খ্যাত এই মেলাখন অনুষ্ঠিত হব বুলি গোভা দেওৰজাৰ ৰাজদৰবাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰথম দিনা গোভা দেউৰজাই পৰম্পৰাগত প্ৰীতিভোজতো অংশ লব।

৭. কাজিৰঙাত কালি ২৪ ডাল কেকোঁ সাপ মুকলি কৰি দিয়া হয়। গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত উদ্ধাৰ কৰা সাপকেইডাল অভয়াৰণ্যখনৰ বিভিন্ন স্থানত মুকলি কৰি দিয়া বুলি জানিব পৰা গৈছে।

৮. শান্তিৰ নোবেল বঁটা বিজয়ী তথা শিশু অধিকাৰ কৰ্মী কৈলাশ সত্যাৰ্থীয়ে নোবেল পুৰস্কাৰটো ৰাষ্ট্ৰৰ নামত উছৰ্গা কৰি তুলি দিলে ৰাষ্ট্ৰপতিৰ হাতত। কালি ৰাষ্ট্ৰপতি ভৱনত হোৱা বিশেষ অনুষ্ঠানত এই বঁটাটি ৰাষ্ট্ৰপতিক চমজাই দি ৰাষ্ট্ৰপতিৰ সংগ্ৰহালয়ত ৰাখি দেশবাসীয়ে ওচৰৰ পৰা নোবেল বঁটাটি চাব পৰাকৈ ৰখা হব। দেশৰ শিশু শ্ৰমিক বিৰোধী আইন প্ৰণয়ন কৰাৰ বাবেও তেখেতে আহ্বান জনায়।

৯. গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় শিশু নাট মহোৎসৱত “নূপুৰ” শীৰ্ষক ওজাপালিৰ ডিভিডি পৰহি উন্মোচিত হয়। উন্মোচক হিচাবে অংশগ্ৰহণ কৰে ডঃ প্ৰবীণ চন্দ্ৰ দাস আৰু নাট্যকৰ্মী পবিত্ৰ ৰাভাই।

১০. আজিৰে পৰা মৰিগাঁও স্কুল খেলপথাৰৰ বৰাহ মিহিৰ ক্ষেত্ৰত অনুষ্ঠিত হব অসম বিজ্ঞান সমিতিৰ ৫০সংখ্যক ৰাজ্যিক অধিবেশন। আজি দ্বাৰ মুকলি কৰিব জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ভৱেন চন্দ্ৰ নেওগে। দহ জানুৱাৰীত অনুষ্ঠিত হব লগা “প্লাজমা আৰু ইয়াৰ প্ৰয়োগ” শীৰ্ষক অনুষ্ঠান উন্মোচন কৰিব ডঃ ভগৱতপ্ৰাণ দুৱৰাই আৰু অংশ লব ডঃ জয়ন্তী চুতীয়া আৰু ডঃ লক্ষ্মীনন্দন বৰাদেৱে।

No comments:

Post a Comment