পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. গুৱাহাটী গ্ৰন্থমেলাত ‘পাঠক অনুৰাগীৰ সৈতে মুখামুখি’ অনুষ্ঠানত কালি অংশগ্ৰহণ কৰিলে এইবৰ্ষৰ অসম উপত্যাকা সাহিত্য বঁটাপ্ৰাপক বিশিষ্ট কবি-সমালোচক হীৰেন্দ্ৰ নাথ দত্তই। গ্ৰন্থমেলাৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ লগতে গ্ৰন্থমেলাৰ সফলতাৰ উমান লবলৈ উপস্থিত হ’ল অসমৰ মুখ্যমন্ত্ৰীও।

২. অসমৰ জাতীয় জীৱন তথা শ্ৰীমন্ত শংকৰদেৱ-মাধৱদেৱৰ কৃষ্টি-সংস্কৃতিৰ ভঁৰাললৈ প্ৰভূত বৰঙণি আগবঢ়াই যোৱা শংকৰ সংঘৰ প্ৰয়াত পদাধিকাৰী কৰুণাকান্ত কলিতাৰ আজি আদ্যশ্ৰাদ্ধৰ দিনা গুৱাহাটীস্থ বাসভৱনত সংঘই কেন্দ্ৰীয়ভাৱে স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰিছে। সংঘৰ উত্তৰ-পূৱৰ ৪৭ জিলা শাখাই পদাধিকাৰগৰাকীৰ কৰ্ম আৰু জীৱনৰ ওপৰত প্ৰতিখন জিলাতে স্মৃতিচাৰণ সভাৰ আয়োজন কৰা বুলিও জানিব পৰা গৈছে। 

৩. অসম নাট্য সন্মিলনৰ ৫৩সংখ্যক অধিবেশনখনি অহা ১৯-২৩জানুৱাৰীত অনুষ্ঠিত হব আৰু সেই উপলক্ষত কালি সন্মিলনৰ বাৰ্ষিক বঁটা সমূহৰ ঘোষণা কৰা হৈছে। সন্মানীয় ‘নাট্য সন্মিলন’ বঁটাৰ বাবে ৰত্ন ওজা, ব্ৰজনাথ শৰ্মা বঁটাৰ বাবে নাট্য সংগঠক ৰতন লহকৰৰ নাম বাছনি কৰা হৈছে। এই বৰ্ষৰ পৰা আৰম্ভ কৰা তাৰিণী ৰয় বঁটাৰ বাবে মাৰাঠী নাট্যকাৰ ৱামন কেন্দ্ৰে আৰু কামৰূপী ঢুলীয়া মোহন ভাৱৰীয়া বঁটা মৰণোত্তৰভাৱে ৰমণী বৰ্মনলৈ আগবঢ়োৱা হৈছে। অভিনেত্ৰী সীমা বিশ্বাসলৈ মহেন্দ্ৰ বৰঠাকুৰ বঁটা আগবঢ়োৱাৰ লগতে চাৰি গৰাকীকৈ বিশিষ্ট শিল্পীক সম্বৰ্ধনা জনোৱা হব বুলিও প্ৰকাশ পাইছে।এই অধিবেশনত প্ৰায় ৫০খন নাটক গ্ৰন্থাকাৰে প্ৰকাশ কৰি উন্মোচন কৰা হব। ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লভা দুখন নাট ‘মহেপ্ৰিয়া’ আৰু ‘শ্ৰীপত্ৰ’ৰ উপৰিও শিশু নাট, পুতলা নাট, কামৰূপী ঢুলীয়া নাট আদিৰ আয়োজন চলাৰো সুখৰ খবৰ।

৪. দক্ষিণ কামৰূপৰ চান্দডুবিত পহিলা জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা চান্দডুবি মহোৎসৱে বহুতো দেশী-বিদেশী পৰ্যটককো আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। লক্ষাধিক লোকৰ উপস্থিতিৰে বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ আয়োজনে সফলতা দাবী কৰিব পাৰিছে। জনগোষ্ঠীয় বাসস্থান, সাজ-পাৰ, খাদ্যসম্ভৰ, বাঁহ-বেঁতৰ সামগ্ৰী, আলোচনা চক্ৰ, সাংস্কৃতিক অনুষ্ঠান, কলাযাত্ৰা আদিৰে সমৃদ্ধ হোৱা এই মহোৎসৱ অনাগত দিনত পৰ্যটনৰ বাবে এক আকৰ্ষণত পৰিণত হব বুলিও সচেতন মহলে আশা প্ৰকাশ কৰিছে। 

৫. উত্তৰ-পূৱৰ লোকসকলৰ বাবে সুৰক্ষা নিশ্চিত কৰণৰ বাবে প্ৰতি বছৰেই দিল্লী আৰক্ষীত বছৰি ৬০গৰাকীকৈ উত্তৰ-পূৱৰ যুৱক-যুৱতীক মকৰল কৰিবৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ সুখবৰ পোৱা গৈছে। ৰাজ্যৰ আৰক্ষী সঞ্চালক সকললৈ উপযুক্ত অৰ্হতাৰ আগ্ৰহী প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰি দিল্লী আৰক্ষীয়ে চিঠিও প্ৰেৰণ কৰিছে। দিল্লীত সুৰক্ষাজনিত বিষয় শংকা দূৰীকৰণৰ বাবে ১০৯৩ নম্বৰৰ উত্তৰ-পূৱৰ লোকৰ বাবে বিশেষ হেল্পলাইনৰো ব্যৱস্থা কৰাৰ কথাও প্ৰকাশ পাইছে। 


৬. দিচাং-ব্ৰহ্মপুত্ৰ উসৱৰ দ্বিতীয়দিনা দিচাংমুখ প্ৰেছ ক্লাৱৰ পৰিচালনাত অনুষ্ঠিত কাব্যানুষ্ঠানত বিশিষ্ট লেখিকা তুলিকা চেতিয়া য়েইনৰ গ্ৰন্থ ‘স্বপ্ন স্বদেশ মোৰ অৰুণাচল’ উন্মোচন কৰে আমাৰ অসম কাকতৰ পৰিপূৰিকা ‘পূৰ্বাচল’ৰ সম্পাদক ৰবীন ভূঞাই। অনুষ্ঠানটোতে কবি গংগামোহন মিলিৰ ‘দিচাং মুখৰ এবাটি আপং’ নামৰ গ্ৰন্থখনিৰ চতুৰ্থ সংস্কৰণ উন্মোচন কৰিলে নিবন্ধকাৰ চামচুল বাৰিকে। এই অনুষ্ঠানত অসমৰ বহুতো প্ৰতিভাবান ন-পুৰণি কবিয়ে স্ব-ৰচিত কবিতাপাঠ কৰি আপ্লুত কৰে।


৭. অভাৱেই আৱিস্কাৰৰ মূল আপ্তবাক্যষাৰ সাৰোগত কৰি শুৱালকুছিৰ পাট-মুগাৰ শিল্পটোৰ প্ৰতি আশাৰ বতৰা কঢ়িয়াই আনি শুৱালকুছিৰ ভগৱান চন্দ্ৰ মহন্তই নিৰ্মাণ কৰি উলিয়াইছে বি.চি.এম লুম নামৰ বিদ্যুতচালিক স্বয়ংক্ৰিয় তাঁতশাল। চাৰিবছৰৰ কঠোৰ সাধনাৰে নিৰ্মাণ কৰা এই তাঁতশালত পৰীক্ষামূলক ভাৱে এৰী, কপাহী, টচৰ সূতাৰ উকা, বুটা আৰু ফুলবছা কাম কৰি থকা হৈছে। এগৰাকী বয়ন শিল্পীয়ে একেসময়তে চাৰিখনকৈ এনে তাঁতশালৰ কাম নিৰীক্ষণ কৰি চলাব পাৰিব আৰু ইয়াৰ বাবে বিশেষ দক্ষতাৰ শিপিনীৰো প্ৰয়োজন নহব বুলিও জানিব পৰা গৈছে। ইয়াৰ পেটেণ্টৰ বাবেও আবেদন কৰাৰ কথাও প্ৰকাশ পাইছে।

৮. গুৱাহাটী প্ৰেছ ক্লাৱত কবি হৰকান্ত বৈশ্যৰ কাব্যগ্ৰন্থ ‘প্ৰথম প্ৰভাত’ উন্মোচন কৰিলে প্ৰথিতযশা সাংবাদিক হোমেন বৰগোহাঞিয়ে। ভিকি পাব্লিচাৰ্ছে প্ৰকাশ কৰা কবিতা সংকলনখনৰ উন্মোচনীত কিশোৰী মোহন পাঠক, ডাঃ হৰ্ষ ভট্টাচাৰ্য, সৌমেন ভাৰাতীয়া আদি সুধীজনেও অংশগ্ৰহণ কৰে।

৯. বিশিষ্ট সাহিত্যিক ডঃ নগেন শইকীয়াৰ নাম লিমকা বুক অৱ ৰেকৰ্ডছে পিপল অৱ দ্যা ইয়েৰৰ তালিকাত আন্তঃৰাষ্ট্ৰীয়-ৰাষ্ট্ৰীয় পৰ্যায়ত সুখ্যাতি থকা ১৫গৰাকী সাহিত্যিকৰ সৈতে লিপিবদ্ধ কৰাৰ সুখবৰ। এই তালিকাত স্থান পোৱা শইকীয়াদেৱেই প্ৰথম অসমীয়া সাহিত্যিক। 

১০. কালি প্ৰেছ ক্লাৱত উন্মোচিত হয় অভিনেতা নিৰ্মল দত্তৰ ‘ইমান ধুনীয়া গোন্ধ তোমাৰ শৰীৰৰ দৰে’ শীৰ্ষক কবিতাপুথিখনি। মৰমলেণ্ডে প্ৰকাশ কৰা কাব্যগ্ৰন্থখনি উন্মোচন কৰে ‘নিয়মীয়া বাৰ্তা’ৰ পৰিচালন সম্পাদক অচ্যুত কুমাৰ পাটোৱাৰী, অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ, সাংবাদিক প্ৰমোদ কলিতা আৰু অভিজিত ভট্টাচাৰ্যই।

No comments:

Post a Comment