পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ পদত অধিষ্ঠিত হ’ল অসম সন্তান হৰিশংকৰ ব্ৰহ্ম। ৰাষ্ট্ৰপতিয়ে দিয়া নিযুক্তি অনুসৰি কালি বিদায়ী মুখ্য নিৰ্বাচন আয়ুক্ত ভি এছ সম্পটৰ পৰা দ্বায়িত্বভাৰ গ্ৰহণ কৰে। তেখেত এই পদত নিযুক্তি লাভ কৰা উত্তৰ-পূৱৰ দ্বিতীয় গৰাকী ব্যক্তি।
২. আজি শিল্পী দিৱস। অসমৰ বিভিন্ন প্ৰান্তত চৰকাৰী, বেচৰকাৰী তথা সামাজিক সংগঠন সমূহৰ উদ্যোগত পালিত হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৬৫ সংখ্যক স্মৃতি দিৱসটি। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন প্ৰেক্ষাগৃহত কেন্দ্ৰীয়ভাৱে শিল্পী দিৱস উদযাপন কৰা হব। মুখ্যমন্ত্ৰীয়েও মূল সভাত অংশগ্ৰহণ কৰিব।

৩. সৰ্বদলীয় বৈঠকত শাসক বিৰোধীৰ ঐক্যমতত অহা ৯ ফেব্ৰুৱাৰীত ৰাজ্যৰ পৌৰসভা আৰু নগৰ সমিতিৰ নিৰ্বাচন অনুষ্ঠিত কৰা হব। এই কথা কালি ঘোষণা কৰিলে ৰাজ্যিক নিৰ্বাচন আয়োগৰ অধ্যক্ষ এচ এন বৰাই।

৪. কাজিৰঙাত যোৱা ১৪জানুৱাৰীৰ পুৱতি নিশা বনকৰ্মীয়ে সফলতাৰে পৰাভূত কৰি নিহত কৰিলে তিনি গৰাকী চোৰাংচিকাৰীক। পুৱতি নিশা বৰঘূপ বন শিবিৰ অঞ্চলত গঁড় নিধনৰ বাবে অহা চোৰাংচিকাৰীৰ সৈতে হোৱা এই সংঘৰ্ষৰ কথা প্ৰকাশ কৰিছে বুঢ়াপাহাৰ বনাঞ্চলিক বিষয়া জীলাৰামা বৰদলৈয়ে।

৫. ঐতিহাসিক জোনবিল মেলা এইবাৰো মাঘ বিহুৰ সাতদিনৰ পিছত ২২-২৪ জানুৱাৰীত অনুষ্ঠিত হব। ২২জানুৱাৰীত জাগীৰোডস্থিত দেওশাল শিৱ থানত পূজা অৰ্চনাৰে ইয়াৰ শুভাৰম্ভ কৰা হব। ২৪ জানুাৰীত গোভা দেওৰজা আৰু পশ্চিম নগাঁও দেওৰজাক সাংস্কৃতিক শোভাযাত্ৰাৰে আদৰি অনা হব। ৰাজদৰবাৰ আৰু পৰম্পৰাগত কৰ সংগ্ৰহৰ কাৰ্যসূচীও শেষৰ দিনাই জোনবিল পথাৰত অনুষ্ঠিত হব বুলি পৰিচালনা সমিতিয়ে প্ৰকাশ কৰিছে।

৬. কালিৰে পৰা সত্ৰনগৰী বৰপেটাত আৰম্ভ হৈছে তৃতীয় সংখ্যক ভাওনা সমাৰোহৰ। বৰপেটা ভাওনা সমাৰোহ সমিতিৰ উদ্যোগত আয়োজিত এই সমাৰোহৰ মথুৰাপুৰী ৰংগক্ষেত্ৰ কালি উদ্বোধন কৰে অসম সত্ৰ মহাসভাৰ নৱনিৰ্বাচিত সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানে। আজি ৰংগযাত্ৰা নামৰ এখনি স্মৃতিগ্ৰন্থও উন্মোচন কৰা হব।

৭. এইবৰ্ষৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ পেৰেডলৈ আমন্ত্ৰিত হৈছে দুগৰাকী মেধাৱী অসমীয়া ছাত্ৰ। কেৰেলাত অধ্যয়নৰত অংশুমান ভৰদ্বাজে বিগত বৰ্ষৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ৯৮.২ শতাংশ নম্বৰ সহ ইংৰাজী আৰু পদাৰ্থ বিজ্ঞান বিষয় দুটাত চাৰ্টিফিকেট অৱ মেৰিট লাভ কৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ প্ৰশংসা পত্ৰও লাভ কৰিছিল। দিল্লীৰ মিৰাণ্ডা কলেজৰ ছাত্ৰী যোৰহাটৰ কুইংকল কলিতায়ো এই আমন্ত্ৰণ লাভ কৰাৰ খবৰ পোৱা গৈছে।

৮. পাঠশালা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিবেশনত সাহিত্যিক পবিত্ৰ কাকতিৰ ‘ইন্দু-বিন্দু আৰু তগৰ’ নামৰ গল্পপুথিখনি উন্মোচিত হয়। যোৱা ৪ জানুৱাৰীত গ্ৰন্থখন উন্মোচন কৰে বৰপেটা জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা শিক্ষাবিদ নৰনাৰায়ণ দেৱশৰ্মাই।

৯. আজিৰে পৰা পেট্ৰল আৰু ডীজেলৰ খুচুৰা মূল্য পুনৰ হ্ৰাস কৰিছে ৰাজহুৱা খণ্ডৰ তেল বিপনন কোম্পানী সমূহে। পেট্ৰলত প্ৰতি লিটাৰত ২.৪২ টকা আৰু ২.২৫ টকাকৈ হ্ৰাস কৰাৰ সুখবৰো জানিব পৰা গৈছে।

১০. মহাপুৰুষ শংকৰ-মাধৱৰ সৃষ্টিৰাজিক বুজি পোৱাত বা সৰলকৈ বাখ্যা কৰাত সহায়ক হোৱাকৈ এখনি অভিধান প্ৰণয়নৰ বাবে ইতিবাচক পদক্ষেপ গ্ৰহণৰ সুখবৰ পোৱা গৈছে। অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ডঃ বসন্ত কুমাৰ গোস্বামীয়ে শংকৰ-মাধৱৰ সৃষ্টিৰাজিৰ শব্দাৱলীৰে ৫০,০০০হাজাৰ শব্দযুক্ত এখন অভিধানৰ কাম হাতত লৈছে আৰু এই অভিধান অহা এবছৰৰ ভিতৰতে ৰাইজৰ মাজলৈ উলিয়াই দিয়াৰ সম্ভাৱনা প্ৰকাশ পাইছে।

No comments:

Post a Comment