মুকলি চিন্তা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

নৱবৰ্ষৰ প্ৰত্যাহ্বান
অজয় লাল দত্ত
অতীতৰ ভেঁটিতে আমি নিৰ্মাণ কৰিব লাগিব সুন্দৰ ভৱিষ্যত! এইকথা সাৰোগত কৰিয়ে বিগত বৰ্ষই আমালৈ দি যোৱা উপহাৰবোৰ, বিদায় বেলাত লৈ যোৱা প্ৰতিশ্ৰুতিবোৰৰ কথা বিচাৰ কৰিব লাগিব। দক্ষিণ এছিয়াৰ দুখন প্ৰতিবেশী ৰাষ্ট্ৰৰ দুজন সমাজকৰ্মীয়ে শান্তিৰ নোবেল বঁটা ভগাই লোৱাৰ পৰিঘটনাটোৱেই বিগত বৰ্ষটোৰ শ্ৰেষ্ঠ সামুহিক প্ৰাপ্তি বুলি অনুভৱ কৰিছো।

মনত ৰাখিব, দেশে বন্ধু সলনি কৰিব পাৰে, কিন্তু প্ৰতিবেশী সলাব কেতিয়াও নোৱাৰে! আৰু সেইবাবেই সন্ত্ৰাসবাদৰ ক’লা ছায়াই আৱৰি ৰখা মুহূৰ্তবোৰত নোবেল কমিটিয়ে বিশ্বৰ শান্তিৰ নোবেল বঁটা ঘোষণা কৰি যি কথা সোঁৱৰাই দিছিল সেই কথা উল্লেখ কৰিব খুজিছো। এই বঁটাই এই দেশ দুখনৰ শিশুৰ শিক্ষা আৰু অধিকাৰৰ বাবে যুঁজি, তাৰ ভেঁটিত ভৱিষ্যত প্ৰজন্মক এক সুন্দৰ জীৱন উপহাৰ দিবলৈ সাহসেৰে কাম কৰি যোৱা দুগৰাকী সমাজকৰ্মীকে মাত্ৰ পুৰস্কৃত কৰা নাই। এজন হিন্দু আৰু এগৰাকী মুছলমান, এগৰাকী ভাৰতীয় আৰু এগৰাকী পাকিস্তানী অংশীদাৰ হৈছে এই বঁটাৰ। ধৰ্ম, জাতি, জনগোষ্ঠী, ৰাজ্য-দেশৰ পৰিসীমা নেওচি মানৱ সমাজৰ উত্তৰ-পুৰুষৰ উত্তৰণৰ পথত থিয় দিয়া সাৰ্বজনীন সমস্যাবোৰৰ সমাধান কৰিবলৈ, আৰু এক উজ্জ্বলতৰ ভৱিষ্যতৰ সন্ধান কৰাৰ বাবে দেশ দুখনৰ মাজত অসূয়া-প্ৰীতিৰ অৱসান কৰি আৰু শিশুৰ শিক্ষা-অধিকাৰ, দৰিদ্ৰতা, নিবনুৱা সমস্যা, জন-স্বাস্থ্য আদিৰ বাবে জাতি-ধৰ্ম-দেশ নিৰ্বিশেষে সকলোৱেই ঐক্যবদ্ধ হৈ যুঁজিব লাগিব। আৰু যুঁজ আৰম্ভ হয়, নতুন প্ৰজন্মক সুশিক্ষাৰে সমৃদ্ধ কৰাৰ পৰা। শান্তিৰ নোবেল বঁটাই অনা এই বাৰ্তা তথা সত্যলৈ ছাৰ্ক শীৰ্ষ সন্মিলনতো দেশসমূহৰ বৰমূৰীয়াসকলে সহমত পোষণ কৰিছে। নতুন বছৰত সমগ্ৰ উপমহাদেশখনৰ উপৰিও চুবুৰীয়া লোকেও এই বাৰ্তাক হৃদয়ংগম কৰিব লাগিব।

নোবেল বঁটা গ্ৰহণ কৰি মালালাই দিয়া ভাষণটোৰ সাৰমৰ্ম, “…আইপেড অথবা আইফোন নালাগে, মাত্ৰ এখন কিতাপ, এডাল পেঞ্চিল, এখন বহী আৰু এজন শিক্ষকেই একোজন শিশুৰ ভৱিষ্যতলৈ আনি দিব পাৰে পোহৰ! এখন আধুনিক সমাজে কেৱল সেইকেইটা সৰু বস্তুকে তুলি দিব নোৱাৰোনে আমাৰ শিশু সকলৰ হাতত?” নৰৱেৰ দৰে বিকশিত দেশত নোবেল বঁটা প্ৰদান অনুষ্ঠানত বিশ্বৰ শিক্ষাৰ পৰা বঞ্চিত শিশু সকলৰ কাতৰ আহ্বানক গুঞ্জৰিত কৰা মালালাৰ সাধাৰণ শব্দকেইশাৰীতে আছিল এক অসাধাৰাণ বাৰ্তা। কৈলাশ সত্যাৰ্থীয়ে ভাষণ কৈছিল, “শিশু সকলক শ্ৰম কৰিবলৈ দিয়াতকৈ তেওঁলোকৰ অভিভাৱকক কাম দিয়ক, শিশু সকলক পঢ়িবলৈ দিয়ক। এজন শিশুক শ্ৰমিক বনাই শিক্ষাৰ পোহৰৰ পৰা আঁতৰত ৰখা মানেই আৰু এটা নতুন প্ৰজন্মক আন্ধাৰ গৰাহলৈ ঠেলি দিয়া। শিশু শ্ৰমিকৰ ক’লা ছায়া আঁতৰাই সকলোকে শিক্ষাৰ পোহৰেৰে আলোকিত কৰাৰ সপোন এইটো জীৱনতে বাস্তৱায়িত হোৱা আমি দেখা পাবই লাগিব!”

দুয়োজন শান্তিৰ নোবেল বঁটা প্ৰাপকৰ আহ্বানক সাৰ্থক কৰাৰ সপোন আমি নতুন বছৰটোতে দেখিব নোৱাৰোনে? সঁচাই আমি নতুন বছৰটোত ধৰ্ম, জাতি, জনগোষ্ঠী, ৰাজ্য, দেশৰ সীমা-পৰিসীমা নেওচি অসূয়া-প্ৰীতিৰ সলনি শান্তিৰ সন্ধান কৰিব লাগিব। নিৰ্বোধ শিশু সকলকো লক্ষ্য কৰি লোৱা অন্ধ-সন্ত্ৰাসৰ অন্ত পেলোৱাৰ বাবে প্ৰচেষ্টা হাতত লব লাগিব। তালিবানৰ গুলীত শিশুৰ তেজেৰ ৰক্তাক্ত হোৱা পাকিস্তানৰ মাটিলৈ উভতি যাব নোৱাৰা মালালা আৰু আমাৰ ঘৰবাৰী-আপোনজনক হেৰুৱাই নিথৰুৱা হৈ শৰণাৰ্থী শিবিৰত থাকিব লগা হোৱা অবোধ-সৰল মানুহবোৰৰ কোনো পাৰ্থক্য নাই!

শিশু সকলক সু-শিক্ষাৰে শিক্ষিত কৰি, জ্ঞানৰ ভেটিত যুক্তিৰ বিকাশ, আৰু যুক্তিৰে বিচাৰ বিশ্লেষণ কৰি ভাল আৰু বেয়াৰ মাজত বিচাৰ কৰিব পৰাকৈ শক্তিশালী আধুনিক “মানুহ” ৰূপে গঢ়ি তোলাৰ গভীৰ প্ৰত্যাহ্বানক আমি গ্ৰহণ কৰিব লাগিব। চৌপাশৰ পৰিবেশৰ পৰা ইতিবাচক দিশৰ পাঠ গ্ৰহণ কৰি সুন্দৰ চিন্তা-কৰ্মৰ অভ্যাস গঢ়া এজাক নতুন তৰুণক আমি গঢ়ি তুলিব লাগিব। মানৱতাৰ সমুখত থিয় দিয়া শিক্ষাৰ অভাৱ, ন ন ৰোগৰ প্ৰত্যাহ্বান, দৰিদ্ৰতা, কৰ্মসংস্থানহীনতা, অন্ধ-বিশ্বাস, বিভ্ৰান্তিমূলক-বিভেদমূলক প্ৰচাৰ, ধৰ্ম,জাতিৰ নামত কলুষিত ৰাজনীতি, মৌলবাদী চিন্তা, প্ৰদূষণ, বৰ্ধিত প্ৰাকৃতিক ভাৰসাম্যতাহীনতা আদি বৰ্ধিত সাৰ্বজনীন সমস্যাৰাজিৰ মুখামুখি হবলৈ সাজু কৰি তুলিব লাগিব। ইটোৱে সিটোৰ ওপৰত ধৰ্ম বা জাতিৰ আধাৰত দমনমূলক ভীতি প্ৰদৰ্শনেৰে একচ্ছত্ৰী শাসনৰ সপোন দেখাতকৈ এইখন পৃথিৱীত সম-অধিকাৰ সাব্যস্ত কৰাৰ, সকলোৱে মূৰ দাঙি স-সন্মানে জীয়াই থকাৰ সপোন দেখিবলৈ আৰম্ভ কৰিব লাগিব। নতুন পুৰুষক ঠন ধৰি উঠাৰ বয়সলৈ অন্ন-বস্ত্ৰ-নিৰাপত্তাৰ নিশ্চিতি দি সু-শিক্ষাৰে প্ৰতিভাৰ কৰ্ষণ কৰাৰ পৰিবেশ গঢ়ি দিব লাগিব।

ইতিবাচক পৰিবৰ্তনকামী এই যাত্ৰাপথত হেঙাৰ হোৱা যিকোনো ঠেক-মনোবৃত্তিৰ চিন্তা-চেতনাক আমি পৰাভূত কৰিবই লাগিব। সামুহিক সচেতনতা বৃদ্ধিৰে এই কাম আগুৱাই নি সাময়িকভাৱে মানৱতাৰ বধ্যভূমি হৈ পৰা আমাৰ পৃথিৱীখনক ন-ৰূপত গঢ়িব লাগিব, শান্তি-প্ৰগতিৰ বাণীৰে “সৰ্বাত্মক বিকাশৰ বীজ” ৰোপণ কৰিব লাগিব। নৱবৰ্ষই আনি দিয়া এই মুকলি প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ আমি সকলোৱেই সাজু হও আহক।

No comments:

Post a Comment