ৰূপালী পৰ্দা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

দৰ্শকৰ দৃষ্টিৰে 'অহেতুক'
অয়ন উত্তম
এটা দুৰ্বল কাহিনী, কিন্তু সঠিক পৰিচালকৰ হাতত পৰিলে ছবিখন দৰ্শকে আঁকোৱালি লয়৷ সম্পূৰ্ণ বাণিজ্যিক ছবি ‘অহেতুক’৷ গান আছে, সুন্দৰ ‘লোকেশ্যন’ আছে, কম-বেছি পৰিমাণে ‘একশ্যন’ আছে আৰু আছে পৰিচালকৰ নিপুণ কৰ্ম৷ বাণী দাসৰ পৰিচালনাৰ ‘অহেতুক’ উপভোগ কৰি দৰ্শক হিচাপে অনুভৱ কৰোঁ— কাহিনীটো যিদৰে আগবঢ়াই নিছিল ঠিকেF আছিল, শেষত যেন লৰালৰিকৈ শেষ কৰিলে৷ বিষয়টোৰ প্ৰতি কৌতুহল এটা আছিল— হাজাৰ কোটি টকাৰ কেলেংকাৰি৷ ভাবিছিলোঁ— বিষয়টোৱে দৰ্শকক ভবাই তুলিব, নতুনকৈ কিছু তথ্যৰ উন্মোচন ঘটাব, কিছু নজনা কথা জানিবলৈ দিব৷এইক্ষেত্ৰত কিছু পৰিমাণে হতাশ হ’লেও মনোৰঞ্জনধৰ্মী ছবি হিচাপে ‘অহেতুক’ এখন ‘ভাল অসমীয়া ছবি’৷ বিশেষকৈ ‘টি আৰ পি’তকৈ নায়কৰ চৰিত্ৰত গুঞ্জন ভৰদ্বাজে ‘অহেতুক’ত ভাল অভিনয় কৰিছে৷ পৰিচালকে সেই সুবিধা দিছে আৰু তাৰেই ফল দেখুৱালে গুঞ্জনে৷ কম সময়ৰ বাবে অভিনয় কৰা তপন দাসেও নিজৰ সৰ্বোচ্চখিনি উজাৰি দিছে৷ পৃথ্বীৰাজ ৰাভাই অৱশ্যে চেষ্টা কৰিলে ভাল অভিনয় কৰিব পাৰিলেহেঁতেন, কিন্তু ক’ৰবাত অকণমাণ বিচ্যুতি থাকি গ’ল৷

ছবিখনৰ ‘প্লাছ পইণ্ট’ নায়িকা অমৃতা গগৈৰ অভিনয়৷ ‘পেদেল মাৰি মাৰি’ নামৰ জনপ্ৰিয় গীতটোৰ ভিডিঅ’ত অভিনয় কৰি ইতিমধ্যে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা অমৃতা গগৈৰ এইখন প্ৰথম ছবি (মুক্তিপ্ৰাপ্ত)৷ অমৃতাৰ জড়তাহীন অভিনয়খিনিৰ বাবেই দৰ্শকে ছবিখন আঁকোৱালি লৈছে বুলি ক’লেও বেছি কোৱা নহ’ব৷ নিষ্পাপ মুখৰ গৰাকী অমৃতাৰ চৰিত্ৰটোৱে দৰ্শকৰ সহানুভূতি পাবলৈ সক্ষম হৈছে৷ আগন্তুক দিনবোৰত অমৃতা এগৰাকী সফল অভিনেত্ৰী হোৱাৰ আশা কৰিব পাৰি৷

সংগীত ছবিখনৰ আন এটি সম্পদ৷ সংগীত পৰিচালক পৰাণ (জ’জ’)য়ে ছবিখনৰ কাহিনীৰ সৈতে সংগতি ৰাখি সংগীত প্ৰস্তুত কৰিছে৷ জুবিনৰ অভিনয় তথা কণ্ঠৰ ‘অহেতুক’ শীৰ্ষক গীতটি আৰু জনগোষ্ঠীয় নৃত্যৰ গীতটি মনপৰশা হৈছে৷ অৱশ্যে ‘আইটেম’ত প্ৰস্তুতি পৰাশৰে আগৰ ছবিসমূহৰ দৰে সৰ্বোচ্চখিনি উজাৰি দিব নোৱাৰিলে৷ কেমেৰাত নাহিদ আহমেদে সুন্দৰ কাম কৰিছে যদিও দুই-এটা দৃশ্য ‘জাৰ্ক’ মাৰিছে৷ ৰাজ-ৰাণী প্ৰডাকশ্যনৰ হৈ ছবিখন প্ৰযোজনা কৰিছে ৰাজকুমাৰ জৈনে৷

সংলাপ প্ৰক্ষেপণৰ যি চিৰাচৰিত নিয়ম অসমীয়া ছবিত দেখা যায়— অৰ্থাৎ জোখতকৈ বেছি সময় লোৱাৰ যি ধাৰা, সেয়া ‘অহেতুক’ত অব্যাহত থাকিল৷ অমৃতা গগৈ আৰু তপন দাসৰ বাহিৰে বাকীসকল অভিনেতা-অভিনেত্ৰী এই ধাৰা (?)ৰ পৰা আঁতৰি থাকিব নোৱাৰিলে৷ এই ধাৰা অব্যাহত নথকাটোৱেই অসমীয়া ছবিৰ বাবে মংগলজনক আৰু সুবিধাজনক, কাৰণ দৰ্শকে বৰ্তমান এই ধাৰা বেয়া পায়৷ ‘স্পীড’ সকলোৱেই বিচাৰে৷ একেদৰে ‘অহেতুক’ত দুই-এটা দৃশ্য লগাতকৈ বেছি দীঘল কৰিলে— যেনে, প্ৰথমেই তিনিগৰাকী বান্ধৱীৰ কথোপকথনখিনি৷ আনহাতে কিছু দৃশ্য বৰ লৰালৰিকৈ শেষ কৰিলে— যেনে, নায়ক আৰু নায়কৰ বন্ধুৱে অপহৃত নায়িকাৰ সন্ধান পোৱাৰ দৃশ্যটি৷ ‘একশ্যন’ৰ কামখিনি আৰু অকণমান দীঘলীয়া কৰাৰ থল আছিল, কাহিনীয়ে দাবী কৰে৷

শেষত ক’ব পাৰি, ‘অহেতুক’ এখন ভাল মনোৰঞ্জনধৰ্মী ছবি আৰু অসমীয়া ছবিপ্ৰেমীসকলে ছবিখন চোৱা উচিত৷ ‘অনুৰাধা চিনেপ্লেক্স’ত দৰ্শক আশা কৰা ধৰণে দেখা পাইছিলোঁ আৰু ওলাই আহোঁতে বিৰক্তিৰ চিন দেখা পোৱা নাছিলোঁ৷

2 comments:

  1. অসমীয়াত action শব্দটো 'একচন' এনেকৈ লিখিলেই ভাল যেন লাগে৷ 'একশ্যন' কিবা বঙালী, বঙালী যেন লাগিছে৷ 'বেংক' আৰু 'ব্যাংক'ৰ দৰে কথাটো৷

    ReplyDelete
  2. তেনেদৰে 'লোকেশ্যন’ সলনি 'লোকেচন' !!

    ReplyDelete