Saturday, January 3, 2015

মনৰ কথা

হিংসাহীন সমাজৰ সন্ধানত
বৃতুল শৰ্মা
গতিশীল সময়ে আমাক পুনৰ ঠিয় কৰাই দিলেহি আন এটা বছৰক বিদায় দিয়াৰ প্ৰাকক্ষণত। পুৰণিৰ বিদায় আৰু নতুনৰ স্বাগতমৰ বাবে সাজু হওতে মানুহে স্বভাৱজাত ভাবেই নতুনক সৰ্বাঙ্গসুন্দৰ কৰি তুলিব খোজে। ই মানুহৰ আশাবাদৰ চৰিতাৰ্থকৰণ মাথো। সেই বাবেই বহুতে নতুন বছৰৰ প্ৰাকক্ষণত কিছুমান সংকল্প গ্ৰহণ কৰে, যাক আমি নতুন বছৰৰ সংকল্প বুলি কওঁ। নিজৰ জীৱন বা সমাজত দেখা পাব খোজা কিবা এটা ধনাত্মক পৰিবৰ্ত্তনৰ বাবে পদক্ষেপ গ্ৰহণ কৰাটো খুবেই প্ৰশংসনীয়। তাৰোপৰি পৰিৱৰ্ত্তনৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰাটো একাগ্ৰতা আৰু সময়নিষ্ঠতা পৰিচায়ক। ইওঁ সমানে প্ৰশংসনীয়।
কিন্তু নতুন বছৰৰ সংকল্প গ্ৰহণ কৰাৰ আগতে, বিগত বছৰটোৰ প্ৰাক্‌ক্ষণত কি সংকল্প লোৱা হৈছিল আৰু সেই সংকল্প বাস্তবায়িত কৰাত কিমানখিনি সফলতা আহৰণ কৰা হʼল সেয়া এবাৰ চিন্তা কৰি চোৱাটো খুবেই দৰকাৰ। অন্যথা, “নতুন বছৰৰ সংকল্প” অকল এটা নিয়মত পৰিণত হৈ ৰব। 

আগন্তুক বছৰৰ বাবে মোৰ সংকল্প কি হব বুলি নিজকে প্ৰশ্ন কৰিলে মই একো উত্তৰ নাপাওঁ। উত্তৰ নোপোৱাৰ কাৰণটো হʼল, বৰ্ত্তমান সামাজিক পৰিস্থিতিৰ যিবোৰ দিশত মই উন্নতি দেখিব খুজিছো সেইবোৰত মোৰ ব্যক্তিগত কেনেধৰণৰ পৰিৱৰ্তনে ধনাত্মক প্ৰভাৱ পেলাব সেই বিষয়ে মোৰ অজ্ঞতা।

একে আষাৰে কবলৈ গʼলে মই হিংসাহীন সমাজ এখন বিচাৰো। আৰু “সমাজ” কওঁতে মই অকল অসমীয়া সমাজ বা ভাৰতীয় সমাজৰ কথা কোৱা নাই। যদি একবিংশ শতিকাত পৃথিৱীখন এখন গাঁও বুলি কল্পনা কৰা হৈছে তেন্তে আমিবোৰো সেই গাৱৰে সমজুৱা। একো একোজন বিশ্ব নাগৰিক। মই সেই গোলকীয় সমাজখন হিংসাহীন হোৱাটো বিচাৰো। কিন্তু সেইটো হবলৈ হʼলে মই ব্যক্তিগতভাৱে কি সংকল্প গ্ৰহণ কৰিব লাগিব, বা মোৰ ব্যক্তিগত সত্তাত কি পৰিৱৰ্ত্তন আনিব লাগিব সেয়া মই স্পষ্টভাৱে নাজানো।

কিন্তু নজনাৰ মাজতে অন্তঃকৰণেৰে অনুভৱ কৰা আৰু নিৰীক্ষণলব্ধ অভিজ্ঞতাৰ পৰা কব পাৰো যে অমি মানৱ সমাজ দিনক দিনে আনৰ প্ৰতি বেচি অসহিষ্ণু হৈ আহিছো। যেন নিজে যি কৰিছো তাৰ সপক্ষে অলেখ অসংখ্য যুক্তি আমাৰ সকলোৰে ওচৰত আৰু তাৰ বাহিৰে আমি একোৱে নেদেখো। যেন আনৰ একো কথাই আমাৰ বিচাৰ্য্য নহয়, অকল নিজৰ যুক্তি আৰু পৰিপ্ৰেক্ষা হে সত্য আৰু শুদ্ধ, - তেনে এক উন্মাদ মনোবৃত্তি বিৰাজ কৰিবলৈ লৈছে আমাৰ সকলোৰে মনত। আৰু সেইবাবেই একবিংশ শতিকাৰ আধুনিক পুৰুষে সকলো সলনি কৰিব খোজে। দেশ, সমাজ ভৱিষ্যত … ইত্যাদি ইত্যাদি সকলো। কিন্তু সলনি কৰিব নোখোজে অকল নিজক। সলনি কৰিব নোখোজে নিজৰ মনোবৃত্তি, চিন্তা আৰু দৃষ্টিভংগীক। আৰু ইয়েই জন্ম দিয়ে মনৰ দুৰত্বৰ, অশান্তিৰ আৰু অৱশেষত হিংসাৰ। 

ইউনেচকো(UNESCO)ৰ সংবিধানত লিখিত এষাৰ কথা ইয়াত প্ৰাসংগিক হব যেন লাগে।- " Since wars begin in the minds of men, it is in the minds of men that the defences of peace must be constructed. - (UNESCO Constitution)

একে সুৰতেই মইও মোৰ সংকল্প গ্ৰহণ কৰিব খোজো যে আগন্তুক নতুন বছৰত খং-ৰাগ ইত্যাদি মনৰ উন্মাদনা হ্ৰাস কৰিবলৈ চেষ্টা কৰিম। মনোবৃত্তি, চিন্তা আৰু দৃষ্টিভংগীক ধনাত্মক দিশ দিবলৈ চেষ্টা কৰিম। হয়তো ইয়েই হিংসাহীন পৃথিৱী গঢ়াত পৰোক্ষভাৱে হʼলেও অলপ সহায় কৰিব। তাহাণিতে পঢ়া এষাৰ কবিতাৰ পংতি মনলৈ আহিছে, - “এটোপ এটোপকৈ ডাৱৰৰ পানী পৰি ভৰি গʼল বহল সাগৰ। … .. .” – শান্তিৰ বিশাল সাগৰ সৃষ্টি কৰাত মই এটোপ ডাৱৰৰ পানী হব পাৰিলে আগন্তুক বছৰটো সাৰ্থক হʼল বুলি ভাবিম।

No comments:

Post a Comment