ৰূপালী পৰ্দা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আহি আছে অসম দেশৰ "অনুৰাধা"
সুশান্ত কাশ্যপ
মালয়েছিয়াৰ পাছত এইবাৰ গুৱাহাটীত,পৰহি এটা বিশেষ দৰ্শনী আয়োজন কৰা হৈছিল 'অনুৰাধা' নামৰ অহা ফেব্ৰুৱাৰী মাহত মুক্তি পাবলগীয়া অসমীয়া ছবিখনৰ। গুগুল গাৰ্ল বৈদেহী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত, জয়শ্ৰী গোস্বামী মহন্ত প্ৰমুখ্য বহু নিমন্ত্ৰিত অতিথি উপস্থিত থকা বিশেষ দৰ্শনীটোত আমাৰো অনুৰাধা উপভোগ কৰাৰ সৌভাগ্য হ'ল। একে আষাৰেই কব পাৰি অনুৰাধা এখন উপভোগ্য অগতানুগতিক ধাৰাৰ ছবি। অনুৰাধা-নাৰীকেন্দ্ৰিক ছবিখনৰ নাম ভুমিকাত অভিনয় কৰিছে মেঘৰঞ্জনীয়ে। 




অনুৰাধা এটা জটিল, চেলেঞ্জিং চৰিত্ৰ। নিৰ্জু অথচ খং, ক্ষোভ, হতাশা, প্ৰতিবাদৰ অৱদমন অনুৰাধা। চৰিত্ৰটো ফুটাই তোলাত মেঘৰঞ্জনী সফল যদিও দুই এটা দৃশ্যত অভিনয় অধিক উন্নত হোৱাৰ থল থাকি গ'ল। অভিনয়ত কিছু জড়তা থাকি যোৱা যেন লাগিল। এটা 'স্কোপ' থকা চৰিত্ৰৰ সুযোগৰ পূৰ্ণ ব্যৱহাৰ কৰিব নোৱাৰিলে। সন্দেহ নাই মৃদুলা বৰুৱাৰ পিছত অসমীয়া চলচিত্ৰত আন এজনী নিৰ্জু নিৰ্জু লগা (innocent look) মোহময়ী অভিনেত্ৰীৰ প্ৰৱেশ ঘটিল।


দিগন্ত হাজৰিকাৰ অভিনয় যথাযথ। নিজৰ পৰিসৰৰ ভিতৰত সুন্দৰ অভিনয় কৰিছে। ছবিখনৰ উল্লেখযোগ্য দিশ হ'ল জয় কাশ্যপৰ অভিনয়। জয়ৰ প্ৰবেশে বিৰতিৰ পিছৰ পৰ্যায়ত ছবিখনক অনন্য মাত্ৰা দান কৰিছে। এক কথাত ছবিখনৰ গতি সলাই দিবলৈ সক্ষম হৈছে। সেয়েহে কিজানি দ্বিতীয়াৰ্ধ অধিক আকৰ্ষনীয় হৈ উঠিছে। বিশেষকৈ ছিলঙৰ মনোমোহা লোকেশ্বনত জয়-মেঘৰঞ্জনীৰ অভিনয় বহুদিনলৈ মনত থাকিব। চৰিত্ৰ অনুযায়ী সুন্দৰ অভিনয় কৰিছে ফুনুপ্ৰভাই। আনসকলো অভিনেতা-অভিনেত্ৰীৰ পৰা অকৃত্ৰিম অভিনয় আদায় কৰাত পৰিচালক সফল হোৱা বুলি কব পাৰি। বিশেষকৈ সংলাপ প্ৰক্ষেপনত কোনো এগৰাকী অভিনেতা-অভিনেত্ৰীকে দুৰ্বল নেদেখিলোঁ। 

ছবিখনৰ চৰিত্ৰ নিৰ্বাচনৰ ক্ষেত্ৰত ধন্যবাদ দিব লাগিব প্ৰযোজক-আৰু কাৰ্যবাহী প্ৰযোজকক, তেওলোক ১০০ শতাংশই সফল। সংগীতো আশাকৰাধৰনেই হৈছে। অংগৰাগ, জুবিন আৰু অন্যান্য গায়ক গায়িকা সকলে মনপ্ৰাণ ধালি গীত গোৱা যেন অনুভৱ হ'ল। 'জোৰ কৰি' বা 'দিব লাগে দিছো' ধৰণেৰে অনুৰাধাত গীত দিয়া হোৱা নাই-সেয়া ছবিখন চোৱা প্ৰত্যেকজন দৰ্শকে উপলব্ধি কৰিব পাৰিব। অৱশ্যে অনুৰাধাৰ বান্ধবীজনীৰ মুখত দিয়া গীতটো নিদিলেও বিশেষ ক্ষতি নহ'লহেতেন। 

অনুৰাধাৰ মুলকাহিনীৰ লগত সন্নিবিষ্ট হোৱা উপকাহিনীবোৰে বৰ্তমান সমাজৰ এখন অপ্ৰিয় অথচ বাস্তৱ চিত্ৰ প্ৰতিফলিত কৰিছে। কাহিনীয়ে দাবীকৰা অনুযায়ী অসমীয়া সমাজৰ যিবিলাক লোকাচাৰ, লোকসংস্কৃতি অনুৰাধাত দেখুওৱা হৈছে-সেয়া আদৰিবলগীয়া। 

কিন্তু এটা কথা কবই লাগিব ভাওনাৰ ৰাতি মিলনৰ দৃশ্য, চম্পাৰ মদৰ ঘাটিত মিলনৰ দৃশ্য কিছু মুকলিকৈ উপস্থাপন কৰাৰ বিপৰীতে কলাত্মক ভাৱে উপস্থাপন কৰিব পাৰিলেহেতেন!

ছবিখনৰ আটাইতকৈ ভাল লগা দিশ হ'ল চিত্ৰগ্ৰহণ। কেমেৰাৰ কাম সুন্দৰ। সততে অসমীয়া ছবিৰ বিৰুদ্ধে অভিযোগ উঠে-ছবিবোৰ স্পষ্ট নহয়-ধোৱা ধোৱা, সংলাপ ভালদৰে বুজি পোৱা নাযায়, আৱহ সংগীতে বিভিন্ন সময়ত সংলাপ গিলি পেলায় ইত্যাদি ইত্যাদি। এই সকলোবোৰ দোষৰ পৰা অনুৰাধা মুক্ত। কবলৈ গ'লে কাৰিকৰী (technical side)দিশ অনুৰাধাৰ অধিক উন্নত। তদুপৰি ৰুপসজ্জা, দৃশ্যসজ্জা অতি সুন্দৰ। ইয়াত জড়িত সকলক ধন্যবাদ দিবই লাগিব । 
ছবিখনৰ প্ৰযোজকৰ সৈতে এই নিবন্ধকাৰ
সৰু-সুৰা দোষ ত্ৰুটিবোৰ বাদ দিলে এখন বিৰক্তি নলগাকৈ চাই থাকিব পৰা মৰমলগা ছবি অনুৰাধা। অনুৰাধাৰ লগত জড়িত বেছিভাগ অভিনেতা, অভিনেত্ৰীৰ পৰা আৰম্ভ কৰি প্ৰযোজক, পৰিচালক ছবিজগতত প্ৰায় নৱাগত।ভবিষ্যতে ইয়াতকৈও অধিক উন্নত ছবি আমি আশা কৰিম তেওঁলোকৰ পৰা।

শেষত প্ৰযোজক লুইত, পৰিচালক ৰাকেশ প্ৰমুখ্যে ছবিখনৰ লগত জড়িত আটাইবোৰ কলা-কুশলীকে অসমীয়া ছবিজগতলৈ এই অনুপম ছবিখন উপহাৰ দিয়াৰ বাবে ধন্যবাদ জনাইছো। আশা কৰিছো বাণিজ্যিকভাৱে সফল ৰূপত ৰাইজে ছবিখন আদৰি লব আৰু অসমীয়া ছবিজগতলৈ সুদিন কঢ়িয়াই অনাত এই ছবিখনেও অৰিহণা যোগাব।

No comments:

Post a Comment