জীৱনৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
সাহিত্য, ইটা আৰু জাহাজৰ খোলা 
প্ৰতিম প্ৰতাপ বৰুৱা
“কেনেকৈ ভাবিব পাৰিছা/পানীত পৰি মৰাজন/তোমাৰ চুবুৰীৰ নাছিল/জুইত দগ্ধ হোৱা গাওঁখন/তোমাৰ জিলাৰ নাছিল” – ৰৌচন আৰা বেগম। 

এই লেখাটো পঢ়িবলৈ আৰম্ভ কৰাৰ আগতে পাঠকসকলক ওপৰৰ কবিতাটো আকৌ এবাৰ পঢ়ি ল’বলৈ অনুৰোধ কৰিছো। কাৰণ আমাৰ যিখিনি চিন্তা আজি আমি প্ৰকাশ কৰিব খুজিছো সেই চিন্তাখিনি এই কবিতাটোৱে প্ৰায় সম্পূৰ্ণকৈ সামৰিছে।

সুখ আৰু দুখ মানুহৰ জীৱনৰ এৰাব নোৱাৰা সংগী, মানুহৰ জীৱনত একাল সুখ, একাল দুখ, আমাৰ জীৱনলৈ দুখ আহিবই, সময়ে সেই দুখখিনি পাহৰাই পেলায় – আদি কথাবোৰ আমি প্ৰায়ে শুনি থাকো। প্ৰতিজন মানুহৰ জীৱনত সুখৰ লগতে দুখো থাকে – এইটো সঁচা কথা। (অলপ কাব্যিকতা কৰিলে কথাটো এনেকৈ ক’ব পাৰি – প্ৰতিজন মানুহেই একো একোটা অকলশৰীয়া, নিৰ্জন দ্বীপ। প্ৰতিজন মানুহৰ বুকুত এটা বা ততোধিক গভীৰ দুখৰ কাহিনী থাকে।) কিন্তু এটা কথা সঁচা যে সুখতকৈ দুখখিনিয়ে আমাক বেছি প্ৰভাবিত কৰে। এটা কাম বা পৰিস্থিতিয়ে আমাৰ জীৱনলৈ কঢ়িয়াই অনা সুখখিনি আমি অতি সোনকালে পাহৰি যাওঁ, কিন্তু আন এটা পৰিস্থিতিয়ে কঢ়িয়াই অনা দুখখিনি আমি বহুতদিনলৈ মনত ৰাখো। আনকি বহুসময়ত কিছুমান দুখে কোনোবা মানুহৰ জীৱনটোকেই সলনি কৰি দিয়ে। সকলো মানুহৰে জীৱনত দুখ থাকেই। কিন্তু কিমানখিনি দুখে এজন মানুহক কোঙা কৰি পেলাব পাৰে? দুখ-যান্ত্ৰণাই আৱৰি ধৰা সময়ত এজন মানুহে কি কৰে? জীৱনত দুখ কোনেও নিবিচাৰে যদিও আমি এটা কথা বিশ্বাস কৰো যে প্ৰতিজন মানুহৰ জীৱনত অলপ দুখ, অলপ কষ্ট, অলপ যান্ত্ৰণাৰ প্ৰয়োজন আছে। নহ’লে মানুহে জীৱনটোক সম্পূৰ্ণকৈ বুজি পাব নোৱাৰে। 

সকলো মানুহে নিজৰ জীৱনলৈ অহা দুখখিনিক একে দৃষ্টিৰে চায়নে? সেই দুখখিনিৰ প্ৰতি সকলো মানুহৰে প্ৰতিক্ৰিয়া একে নহনে? নহয়, কেতিয়াও নহয়। যিসকল মানুহ শিল্পী, যিসকল মানুহ সৃষ্টিশীল সেইসকলে নিজৰ জীৱনলৈ অহা দুখখিনিৰ উৰ্ধলৈ নিজকে লৈ যোৱাৰ সম্ভাৱনা আন মানুহতকৈ বেছি। এতিয়া প্ৰশ্নটো হ’ব পাৰে শিল্পী মানে আমি কোনখিনি মানুহক বুজাইছো? বিশিষ্ট চিত্ৰশিল্পী কৰ্ণেল (অ:) জিতেন হাজৰিকাৰ লগত কথা পাতি আমি নিজে যিখিনি বুজি পালো সেইখিনিৰ ওপৰত ভিত্তি কৰি এই প্ৰশ্নটোৰ উত্তৰটো আমি এনেকৈ দিব খুজিছো- 

আমি সকলোৱে জানো যে মুঠতে ৬৪ বিধ কলা আছে। ভালকৈ গান গাব পৰা, ভালকৈ খেলিব পৰা, ভালকৈ কথা ক’ব পৰাটো, ভালকৈ ৰান্ধিব পৰাটো, আনকি ভালকৈ যুদ্ধ কৰিব পৰাটোও এক কলা। যি কোনো এটা কামেই, লাগিলে সেই কামটো তেনেই সাধাৰণ কামেই হওক, নিপুণতাৰে, সুন্দৰভাৱে, নিখুটভাৱে কৰিলে সেই কামটো কলাত্মকভাৱে কৰা হৈছে বুলি কোৱা হয়। কিন্তু এই কলাসমূহৰ প্ৰতিটো কলাকে শিল্প বুলি কোৱা নহয়। এই ৬৪ বিধ কলাৰ ভিতৰত মাত্ৰ ৬ বিধ এনে কলা আছে যাক বিশিষ্ট কলা বুলি কোৱা হয়। সেই ৬ বিধ বিশিষ্ট কলা হ’ল – চিত্ৰ, ভাষ্কৰ্য্য, নৃত্য, নাট্য, কাব্য আৰু সংগীত। এই ৬ বিধ বিশিষ্ট কলাৰ প্ৰতিটো কলাৰ সহায়ত প্ৰাণৰ ভাষা কব পাৰি আৰু এইকেইটা বিশিষ্ট কলাৰ প্ৰতিটোৱেই নৱৰসৰ প্ৰতিটো ৰস সৃষ্টি কৰিব পাৰে। সেয়ে এই কেইবিধ বিশিষ্ট কলাক শিল্প বুলি কোৱা হয়। যিসকল লোকে এই শিল্পকেইটা চৰ্চা কৰে তেওঁলোককেই আমি শিল্পী বুলি অভিহিত কৰিছো। 

এতিয়া কাব্যক যদি আমি বহল অৰ্থত সাহিত্য বুলি ধৰি লওঁ তেন্তে সাহিত্য হ’ল এক বিশিষ্ট কলা বা শিল্প যাৰ সহায়ত প্ৰাণৰ ভাষা কব পাৰি আৰু যাৰ সহায়ত নৱৰসৰ প্ৰতিটো ৰস সৃষ্টি কৰিব পাৰি। যিসকল লোকে এই শিল্পটো চৰ্চা কৰে তেওঁলোককে আমি লেখক/কবি/সাহিত্যিক বুলি অভিহিত কৰোঁ। এই সাহিত্য-শিল্পীসকল (লগতে আন শিল্পীসকলো) আন সাধাৰণ মানুহতকৈ অলপ ওপৰত, অলপ বেছি অনুভূতিশীল, অলপ বেছি সন্মানীয় বুলি আমি বিশ্বাস কৰো। তেওঁলোক এখন সমাজৰ গৌৰৱ হোৱাৰ লগতে তেওঁলোকৰ সৃষ্টিখিনি সেই সমাজখনৰ অতীত, বৰ্তমান আৰু ভবিষ্যতৰ প্ৰতিফলক হৈ উঠিব পাৰে। লগতে এটা জাতিৰ মাতৃভাষাটোৰ শুদ্ধতা ৰক্ষা কৰাৰ লগতে সেই ভাষাটোৰ ভবিষ্যত সংকটমুক্ত কৰি ৰখাতো সাহিত্য-শিল্পীসকলৰ অবদান অপৰিসীম। তেনে এজন সাহিত্য-শিল্পী কেনে হোৱা উচিত বুলি আমাৰ দৰে অতি তুচ্ছ, অতি সাধাৰণ, সাহিত্যৰ অ আ ক খ নজনা মানুহখিনিয়ে আশা কৰোঁ? আমি ভাবো সাহিত্যৰ (কাব্যই হওক বা গদ্যই হওক) শিল্পীজন মতাদৰ্শগত মানসিক দ্বন্দৰ পৰা মুক্ত, নিজস্বতা হেৰুৱাই নেপেলোৱা, স্বাধীন, পবিত্ৰ তথা অনুভূতিশীল এক সুন্দৰ মনৰ অধিকাৰী, আত্মবিশ্বাসী আৰু কোনো ধৰণৰ উচ্চাত্মিকা বা নীচাত্মিকা বা অহং বা ইৰ্ষা ভাৱ নথকা এজন ভাল মানুহ (a good human being) হোৱাৰ লগতে তেওঁ সাহিত্য-শিল্পৰ এজন সাধক হ’ব লাগিব। তেওঁৰ মাজত কলা (art) থাকিবই লাগিব। 

এই শিল্পীসকলৰ জীৱনত দুখ থাকেনে? আমি বিশ্বাস কৰো সকলোৰে দৰে তেওঁলোকৰ জীৱনতো দুখ থাকেই। হয়তো কেতিয়াবা তেওঁলোকৰ সেই দুখৰ তীব্ৰতা আমি কল্পনা কৰিব নোৱাৰাকৈ বেছি হ’ব পাৰে। নিজৰ জীৱনলৈ অহা দুখখিনিক তেওঁলোকে কেনেকৈ গ্ৰহণ কৰে? বা তেওঁলোকে সেই দুখখিনি কেনেকৈ গ্ৰহণ কৰিলে আমাৰ দৰে সাধাৰণজন উপকৃত হয়? সেই দুখখিনিয়েই তেওঁলোকৰ সৃষ্টিৰ প্ৰেৰণা নেকি? বা এই দুখখিনিয়েই এজন শিল্পীৰ শিল্পীজীৱনৰ বিফলতাৰ কাৰণ নেকি? সাহিত্য-শিল্পীসকলক মুখ্য বিষয় লৈ এই প্ৰশ্নটোৰে উত্তৰ বিচাৰিবলৈ চেষ্টা কৰিম।

ভবেন্দ্ৰ নাথ শইকীয়া চাৰে লিখিছিল – সেইখিনি লোহা পানীত পেলাই দিয়া, ডুব যাব। কিন্তু সেই একেখিনি লোহাকে যদি পিটি পিটি চেপেটা কৰি জাহাজৰ খোলাটো সাজা, তেন্তে সি বুকুত বহুত ওজন লৈ ওপঙি থাকিব। (উদ্ধৃতিটো মনৰ পৰা লিখিছো। মূল কথাখিনি চাৰে এনেকৈ লিখা নাছিল, কিন্তু কথাখিনি প্ৰায় এনেকুৱাই আছিল।) সিদিনা এজন বন্ধুৱে কথা প্ৰসংগত মোক ক’লে – মাটি দেখিছা নহয়। অলপ মাটি লোৱা, মাটিখিনি ৰ’দত পেলাই থোৱা, টান হৈ পৰিব। সেই টান মাটিখিনিত অলপ পানী ঢালি দিয়া, কোমল হৈ পৰিব। কিন্তু সেই একেখিনি মাটি তুমি জুইত পেলাই দিয়া, ইটা হৈ পৰিব। আৰু এবাৰ মাটিখিনি জুইত জ্বলি উঠি ইটা হৈ পৰাৰ পিছত তুমি তাক হাজাৰ ৰ’দত দিয়া বা হাজাৰ পানী ঢালা সি ইটা হৈয়েই থাকিব। 

ব্যক্তিগতভাৱে আমি কিছুমান অত্যন্ত প্ৰতিভাৱান মানুহ লগ পাইছো যি নিজৰ জীৱনলৈ অহা কিছুমান অসহনীয় দুখৰ সন্মুখীন হৈ অতিশয় হতাশ হৈ পৰি সৃষ্টিশীলতা হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছে। (এনে হোৱা দেখিলে আমি বহুত অসহায়বোধ কৰো। এয়া এক অভাৱনীয় ক্ষতি।) আনহাতে এনে কিছুমান মানুহো লগ পাইছো যাৰ ভিতৰত লুকাই থকা প্ৰতিভাখিনি আৰু সৃষ্টিশীলতাখিনি ওলাই আহিবলৈ কিছুমান গভীৰ ব্যক্তিগত দুখৰ প্ৰয়োজন হৈছিল। যিসকল প্ৰতিভাৱান লোকে জীৱনৰ কিছু ব্যক্তিগত দুখৰ সন্মুখীন হৈ আত্মবিশ্বাসৰ লগতে সৃষ্টিশীলতাও হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছে তেওঁলোকে নিজকে সেই জাহাজৰ খোলাটোৰ লগত তুলনা কৰা উচিত। তেওঁলোকে মামনি ৰয়চম গোস্বামী বাইদেউলৈ মনত পেলোৱা উচিত। তেওঁলোকে নিজকে যদি ব্যক্তিগত দুখৰ উৰ্ধলৈ লৈ যাব পাৰে তেন্তে তেওঁলোকৰ সৃষ্টিয়ে উৎকৃষ্ট, বিশাল আৰু সাৰ্বজনীন ৰূপ পায়। অৱশ্যে এই কামটো ইমান সহজ নহয় যেন লাগে। কিন্তু মানসিকভাৱে সবল হ’লে, মনলৈ প্ৰতিশোধৰ আকাংক্ষা আহিবলৈ নিদিলে, জীৱনৰ প্ৰতি গভীৰ শ্ৰদ্ধা থাকিলে, মানুহৰ প্ৰতি আস্থাশীল হ’লে, এজন বা কেইজনমান মানুহতকৈ সমগ্ৰ মানৱৰ লগত একাত্ম অনুভৱ কৰিব পাৰিলে, মানৱতাক জীৱনৰ মূল আধাৰ বুলি বিশ্বাস কৰিব পাৰিলে এই কামটো ইমান টানো নহয়। (যিসকলে নিজৰ দুখৰ কাৰণ বিচাৰি বিচাৰি শেষত আন কোনোবাক সেই দুখৰ কাৰণ হিচাপে আবিষ্কাৰ কৰি তেওঁৰ/তেওঁলোকৰ ওপৰত প্ৰতিশোধ লোৱাৰ কথা চিন্তা কৰে সেইসকলে এটা কথা মানি লোৱা উচিত যে প্ৰতিশোধৰ সামান্য চিন্তায়ো এজন মানুহক মানসিকভাৱে ধ্বংস কৰি পেলাব পাৰে। প্ৰতিশোধ লোৱাৰ আটাইতকৈ উত্তম উপায়টো হৈছে নিজকে সফল কৰাটো। “সফলতাই প্ৰতিশোধ – Success is Revenge” – এই কথাটো আমি সকলোৱে মানি লোৱা উচিত।) তেনে আস্থা আৰু তেনে একাত্মতাই এজন মানুহক নিজৰ ব্যক্তিগত দুখৰ পৰা উৰ্ধলৈ উঠি নিজৰ সৃষ্টিক সাৰ্বজনীন ৰূপ দিয়াত সহায় কৰিব পাৰে। সেই সৃষ্টিখিনিয়ে তেতিয়া ব্যক্তিগত ক্ষুদ্ৰত্বৰ পৰা উৰ্ধলৈ গতি কৰিব পাৰে। নিজৰ ব্যক্তিগত দুখখিনি ব্যক্তিগত আৰু ক্ষুদ্ৰ পৰিসৰত নাচাই তাৰ ঠাইত যদি মানৱৰ কথা চিন্তা কৰিব পাৰি, মানৱৰ লগত একাত্ম অনুভৱ কৰিব পাৰি, তেন্তে সেই ব্যক্তিগত দুখখিনিৰ পৰা নিজকে উত্তৰণ ঘটাই সেই দুখখিনিকে শিল্পৰ ৰূপ দিব পাৰি বুলি আমি বিশ্বাস কৰো। একেবাৰে আৰম্ভনিতে দিয়া কবিতাটো ইয়াৰ এটা উদাহৰণ হ’ব পাৰে আৰু এই কবিতাটোৰ মূল আহ্বানটো প্ৰায় এইটোৱেই। 

আমি ক’ব খোজা কথাটো হ’ল ব্যক্তিগত দুখ সকলোৰে থাকিব পাৰে বা আছে। (দুখ আছে বাবেহে সুখ অনুভৱ কৰিব পাৰি।) কিন্তু মানসিক দৃঢ়তা, সততা, নিজৰ লগতে মানৱৰ প্ৰতি গভীৰ আস্থা, বিশ্বাস, আৰু একাত্মতা, হৃদয়ৰ সঁচা অনুভূতি আৰু সৃষ্টিশীলতাৰ জৰিয়তে মানুহে সেই দুখখিনিৰ উৰ্ধলৈ উঠিব পাৰে।

(লেখাটি দৈনিক অসম কাকতত ১৬ নৱেম্বৰ ২০১৪তো প্ৰকাশিত হৈছে)
লেখকৰ ঠিকনাঃ চি-৯, দিল্লী গভৰ্ণমেন্ট অফিচাৰ্চ ফ্লেট্‌চ্‌,ওৱান এ, বেটেৰী লেন্‌, ৰাজপুৰ ৰোড,দিল্লী-৫৪, ম’বাইল : +৯১৯৮৭১০১৮৮৭৪, ই-মেইল – ppbaruah.delhi@gmail.com

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages