প্ৰৱন্ধ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
অসমত পশু চিকিৎসা বিজ্ঞানঃ 
অতীতৰ ভেঁটিত উজ্বল ভবিষ্যত
ডাঃ বিৰাজ কুমাৰ শৰ্মা

গুৱাহাটীৰ খানাপাৰাৰ সেউজ পাহাৰৰ নামনিত নয়নাভিৰাম দৃশ্যৰে সমৃদ্ধ এটি চৌহদ । যাৰ নিৰ্মল বায়ু তথা কোলহাৰ্লমুক্ত পৰিবেশে যেন হাত বাউলি মাতে সকলোকে মহানগৰীৰ যান্ত্ৰিকতাৰ পৰা মুক্তি বিছাৰি। যাৰ নিৰ্মল পৰিবেশত এজাক প্ৰাণোচ্চল যুৱক-যুৱতীয়ে ভবিষ্যতৰ সপোন ৰচে । সেইয়া অসমৰ একমাত্ৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম পশুচিকিৎসা মহাবিদ্যালয় যিয়ে আজি অসমৰ অৰ্থনৈতিক ক্ষেত্ৰত মানৱ সম্পদ গঢ়াত গুৰুত্ত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ।

অসম আন্দোলন তথা জুইয়ে পোৰা তিৰাশী, ১৯৯৮ চনৰ শোকাবহ ট্ৰেংকাৰ বিষ্ফোৰণ আদিৰ জীৱন্ত সাক্ষী এই মহাবিদ্যালয়খনে চাওঁতে চাওঁতে বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰে অহি আজি ছয়ষষ্ঠি বছৰত ভৰি দিলেহি । যদিও আজিৰ তাৰিখত অসমৰ ছাত্ৰ-ছাত্ৰী তথা আজিৰ বহুতৰে মনত পশুচিকিৎসা বিজ্ঞান এটি এলাগী বিষয় আৰু বহুতৰে বাবে দৃষ্টিৰ অগোচৰে পৰি ৰোৱা এটি বিভাগ, তথাপিও কিন্ত্ত অসমত পশুচিকিৎসা বিজ্ঞানৰ ইতিহাস গৌৰবোজ্জ্বল অধ্যায়েৰে পূৰ্ণ । 


প্ৰাচীন কালৰ পৰাই অসমত পশুচিকিৎসা বিজ্ঞানৰ চৰ্চা হৈ আহিছে যাৰ প্ৰমান সময়ে সময়ে উদ্ধাৰ হোৱা শিলালিপি সমূহত দেখিবলৈ পোৱা যায় । এই ক্ষেত্ৰত সৰ্বপ্ৰথমেই নাম ল’ব লাগিব কোঁচ ৰজা নৰনাৰায়নৰ কথা । তেওঁৰ উদ্যোগতেই কমতাপুৰৰ ঠাই বিশেষে পশু-চিকিৎসাৰ বাবে ঠায়ে ঠায়ে পশু-চিকিৎসালয় স্থাপন কৰা হৈছিল আৰু সৰ্বসাধাৰণ লোকে চিকিৎসাৰ বাবে বিভিন্ন জীৱ-জন্ত্তবোৰ এনেবোৰ চিকিৎসালয়লৈ আনিছিল বুলি তথ্য আছে।

অন্যহাতে আহোম ৰাজত্বৰ সময়তো পশু-চিকিৎসা বিজ্ঞানৰ কিছু অগ্ৰগতি হৈছিল বুলি আভাস পোৱা যায় । প্ৰথম খন পশুচিকিৎসালয় ১৫৩৬ চন মানত কোঁচ ৰজা নৰনাৰায়নৰ ৰাজত্ত্বৰ সময়তে এতিয়াৰ কোঁচবিহাৰৰ কোনো ঠাইত স্থাপিত হৈছিল বুলি আভাস পোৱা যায় । সেই সময়ত পশু-চিকিৎসা বুলি ক’লে ঘাইকৈ যুদ্ধক্ষেত্ৰত ব্যবহৃত ঘোঁৰা আৰু হাতীৰ চিকিৎসাই মূলত প্ৰাধান্য পাইছিল ।

প্ৰাচীন কামৰূপৰ নৃপতি কুমাৰ ভাস্কৰ বাৰ্মাৰ ৰাজত্ত্বৰ সময়তো পশু-চিকিৎসা বিজ্ঞানে গুৰুত্ত্ব লাভ কৰিছিল বুলি তথ্য পোৱা যায় । “হস্তিবিদ্যানমঃ” আৰু “ঘোঁৰা নিদান” নামৰ প্ৰাচীন গ্ৰন্থ দুখনতো ক্ৰমান্বয়ে হাতী আৰু ঘোঁৰাৰ চিকিৎসাৰ বিশদ তথ্য আছে । তথাপিও কিন্ত্ত পশু-চিকিৎসা বিজ্ঞানৰ আধুনিক ধ্যান ধাৰণা ব্ৰিটিছ ৰাজত্বৰ সময়ৰ পৰাহে অসমত অগ্ৰগতি লৈছিল । ১৯১২ চনত চাৰ উইলিয়াম হেৰিচ ব্ৰিটিছ ৰাজত্ত্বৰ সময়ত অসমৰ পশু চিকিৎসা বিভাগৰ অধীক্ষক হিচাবে নিযুক্ত হৈছিল আৰু ইয়াৰ পিছত ১৯৪০ চনত এই বিভাগতো সঞ্চালকালয়ৰ পৰ্য্যায়লৈ উন্নীত কৰা হয় । এনেদৰেই অসমত পশু চিকিৎসা বিভাগে অগ্ৰগতি লাভ কৰিছিল যদিও স্বাধীনতাৰ প্ৰথমাৰ্ধত অসমৰ সু-সন্তান কেপ্তেইন ডাঃ জ্ঞানেন্দ্ৰ মল্ল বুজৰবৰুৱাৰ নেতৃত্ত্বত অসমৰ পশু-চিকিৎসাৰ ক্ষেত্ৰখনলৈ এক বৈপ্লবিক পৰিবৰ্তন আহে । 

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন পশু-চিকিৎসা মহাবিদ্যালয় ১৯৪৮ চনত নগাঁও চহৰত অস্থায়ীভাৱে স্থাপিত হয় আৰু ১৯৫০ চনত ইয়াক গুৱাহাটীৰ চেনীকুঠিলৈ অস্থায়ীৰূপে স্থানান্তৰ কৰা হয় যদিও ১৯৬০ চনত অসমৰ তদানীন্তন মূখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাৰ প্ৰচেষ্টাত ইয়াক গুৱাহাটীৰ খানাপাৰাৰ স্থায়ী চৌহদলৈ স্থানান্তৰ কৰা হয় । এই মহাবিদ্যালয়ৰ প্ৰথম অধ্যক্ষ হিচাবে আসন শুৱনি কৰিছিল ডাঃ জি. কে. মেহেৰাই আৰু উপধ্যক্ষ আছিল কেপ্তেইন ডাঃ জ্ঞানেন্দ্ৰ মল্ল বুজৰবৰুৱা । ডাঃ জ্ঞানেন্দ্ৰ মল্ল বুজৰবৰুৱাৰ প্ৰচেষ্টাতেই ১৯৬৫ চনত মহাবিদ্যালয় খনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনলৈ আহে আৰু তেখেতেই মহাবিদ্যালখনৰ সৰ্বপ্ৰথম বিজ্ঞান গুৰু হিচাবে আসন শুৱনি কৰিছিল । ইয়াৰ পিছৰ পৰ্য্যায়ত মহাবিদ্যালয় খন ১৯৬৯ চনত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনলৈ আহে আৰু তাৰ লগে লগে মহাবিদ্যালয় খনত শিক্ষাদানৰ ওপৰিও গবেষণা আৰু সম্প্ৰসাৰণ শিক্ষাইও প্ৰাধান্য লাভ কৰে ।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ মূলত কৃষিভিত্তিক অৰ্থনীতিত পশুপালনৰ ক্ষেত্ৰখনতও এক আমূল পৰিবৰ্তনৰ মহান উদ্দেশ্য হাতত ৰাখি মহাবিদ্যালয়খন স্থাপন কৰা হৈছিল আৰু এনেদৰে নানা উত্থান পতনেৰে আজিৰ পৰ্যায়ত আহি উপনিত হৈছেহি আৰু যাৰ বাবে এই মহাবিদ্যালয় খনে সৰ্বভাৰতীয় পৰ্যায়তো জিলিকি উঠিবলৈ সক্ষম হৈছে আৰু লগতে ৰাজ্যখনত পশুপালনৰ ক্ষেত্ৰখনত এক সুস্থ বাতাবৰণ সৃষ্টি এক উল্লেখযোগ্য অবদান আগবঢ়াই আহিছে। নক’লেও হ’ব যে এসময়ত অসমত পশু-চিকিৎসা বিভাগৰ পিতামহ তথা বাটকটীয়া কেপ্তেইন ডাঃ জ্ঞানেন্দ্ৰ মল্ল বুজৰবৰুৱা দেৱৰ বলিষ্ঠ নেতৃত্বৰ বাবেই যি বিভাগটোৰ দ্বাৰা অসমত এক নৱ বিপ্লবৰ সূচনা হৈছিল ।

অতীজৰেই পৰাই অসম এখন কৃষিনিৰ্ভৰ ৰাজ্য আৰু কৃষি আৰু পশুপালনেই হৈছে ইয়াৰ অৰ্থনীতিৰ মূল সম্বল । কৃষিৰ সৈতে পশুপালন এক এৰাব নোৱাৰা বিষয় আৰু কৃষিৰ সংগে সংগে পশুপালনেও গ্ৰাম্য অৰ্থনীতিৰ শ্ৰীবৃদ্ধিত এক বলিষ্ঠ অৰিহনা যোগাই আহিছে । পশুপালন বুলি ক’লে গ্ৰাম্য সমাজত ঘাইকৈ গৰু-ছাগলী পালন, হাঁহ-কুকুঁৰা পালন আৰু জনজাতীয় অঞ্চল সমূহত গাহৰি পালন ইত্যাদিকেই দৰাচলতে প্ৰাধান্য দিয়া হয় আৰু পশুপালনে অসমৰ কৃষিজীবি ৰাইজক আৰ্থিকভাবে কিছু হ’লেও সকাহ দি আহিছে । কিয়নো ভাৰতবৰ্ষৰ আন ৰাজ্যৰ তুলনাত অসমৰ কৃষকৰ খেতি ভূমিৰ পৰিমান খাদ্য উৎপাদন কৰিব পৰাকৈ তথা অৰ্থনৈতিকভাবে উৎপাদন বৃদ্ধি কৰিবলৈ যথেষ্ট নহয় বাবে পশুপালনে কৃষিক্ষেত্ৰখনত এক আনুষাংগিক উৎস হিচাবে এক গুৰুত্ত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । কাৰণ পশুপালন কৰিবলৈ যথেষ্ট ভূমিৰ প্ৰয়োজনবোধ নহয় আৰু যাৰ বাবে উৎপাদনৰ ক্ষেত্ৰত কৃষকক কিছু হ’লেও সকাহ দি আহিছে । ইয়াৰ লগে লগে আমাৰ মানৱ দেহৰ বাবে প্ৰয়োজনীয় পশুজাত প্ৰ'টিনৰ অভাৱ দূৰ কৰাটো গুৰুত্ত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ।

আজি বৰ্তমান সময়ত ভয়াবহ নিবনুৱা সমস্যাৰ সমাধানৰ ক্ষেত্ৰটো পশুপালনে এক গুৰুত্ত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । আজি দেখা পোৱা গৈছে কেনেদৰে গ্ৰামাঞ্চলৰ বহুতো পৰিয়ালে পশুপালনৰ যোগেদি আৰ্থিকভাবে লাভাবান্বিত হোৱাৰ লগতে আন বহুতকেই তেনে পথ ল’বলৈ উৎ্সাহিত কৰি আহিছে । ইয়াৰ এক অন্যতম উদাহৰণ বৰপেটা জিলাৰ বজালী মহকুমাৰ নিত্যানন্দ, সৰভোগ আদি অঞ্চল । যাৰ বাবে আজি সেই অঞ্চলৰ কিছু উদ্যামী লোকৰ প্ৰচেষ্টাত তাত এক দুগ্ধ বিপ্লৱৰ সূচনা হৈছে আৰু চৰকাৰী চাকৰিলৈ আশাপালি নাথাকি বহুতো যুৱকে দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত উন্নত মানৰ গাইগৰু পালনেৰে নিজকে সংস্থাপিত কৰিবলৈ সক্ষম হৈছে ।

ঠিক সেইদৰে শিৱসাগৰৰ নাজিৰাও ইয়াৰ এক অন্যতম উদাহৰণ । অকল দুগ্ধ উৎপাদনেই নহয়, আজি অসমত ব্যৱসায়িক ভিত্তিত ব্ৰইলাৰ কুকুঁৰা পালন, উন্নত মানৰ গাহৰি পালন আৰু ইয়াৰ মাংস উৎপাদন, কণী উৎপাদন আদিৰে অসমৰ বহু যুবকে নিজকে সংস্থাপিত কৰিবলৈ সক্ষম হৈছে । কিন্তু এয়াই যথেষ্ঠ নহয় । অসমত ব্যৱসায়িক ভিত্তিত পশুপালনৰ এক উজ্জ্বল ভবিষ্যত আছে যদিও এই কথা বহুতৰেই জ্ঞাত নহয় ।

অকল দুগ্ধ উৎপাদন, হাঁহ-কুকুঁৰা পালন আদিৰ উপৰিও যে ব্যৱসায়িক ভিত্তিত আজিৰ যুগত ব্যৱসায়িক ভিত্তিত ইমু চৰাই পালন, বঁটা চৰাই পালন, উন্নত মানৰ ছাগলী পালনৰ সুবিধা আছে, সেই কথা হয়তো বহুতৰে দৃষ্টিৰ অগোচৰে আছে । তাৰোপৰি অকল মাত্ৰ মাংস, কনী আৰু গাখীৰ উৎপাদনৰ মাজতে সীমাবদ্ধ নাথাকি বিভিন্ন আনুষাংগিক উৎপাদন যেনে চামৰা উদ্যোগ স্থাপন, গোবৰ গেছ উৎপাদনেৰে ঘৰুৱাভাবে শক্তিৰ ক্ষেত্ৰত স্বাবলম্বী হোৱা, জৈবিক সাৰ উৎপাদনেৰে কৃষিৰ উৎপাদন বঢ়োৱা আদিৰ ওপৰটো যে ধ্যান দিয়াটো প্ৰয়োজন, সেই কথা হয়তো বহুতৰে বোধগম্য নহয় । কাৰণ আজি সৰ্বত্ৰে জৈৱিক উৎপাদনৰ ওপৰত গুৰুত্ত্ব আৰোপ কৰা হৈছে আৰু শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰেও অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক এক জৈৱিক ক্ষেত্ৰ হিচাবে গঢ়ি তোলাৰ ওপৰত গুৰুত্ত্ব প্ৰদান কৰিছে, তেনেস্থলত পশুপালনক গুৰুত্ত্ব যে দিব ই লাগিব সেইয়া ধূৰূপ।

এই ক্ষেত্ৰখনৰ প্ৰতি যদি অলপ বৈজ্ঞানিক দৃষ্টিভংগী প্ৰদান কৰা হয় আৰু অসমৰ জনসাধাৰণক বৈজ্ঞানিক ভিত্তিত পশুপালনৰ বাবে উৎসাহিত কৰা হয়, তেন্তে আজিৰ অসমৰ সাম্প্ৰতিক ছবিখনে এক সম্পূৰ্ণ বিপৰীত ৰূপ ল’ব । কিয়নো বৈজ্ঞানিক পদ্ধতিৰ সঠিক প্ৰয়োগেৰে যে কম খৰচতে অধিক উৎপাদন লাভ কৰিব পাৰি, সেইবোৰ দিশৰ প্ৰতি গুৰুত্ত্ব দিবই লাগিব । আজি যেনেদৰে আমাৰ পৰম্পৰাৰগত ভাবে কৰা কৃষিকাৰ্যতকৈ যে বৈজ্ঞানিক পদ্ধতিৰে কৰা কৃষিকাৰ্যত যথেষ্ঠ উৎপাদন আশা কৰিব পাৰি, তেনেদৰে আমাৰ থলুৱাজাতৰ গাই গৰুতকৈ যে বৰ্ণসংকৰ পদ্ধতিৰে উৎপন্ন কৰা গাইগৰুৰ পৰা অধিক উৎপাদন পাব পাৰি বা উন্নত জাতৰ হাঁহ-কুকুৰা, গাহৰি পালন আদিৰে যে অধিক উৎপাদন পাব পাৰি, সেইকথা আমাৰ স্থানীয় লোকক পতিয়ন নিয়াব পাৰিব লাগিব। এনেবোৰ দিশলৈ চকু দিলে এই কথাও নিশ্চিত হয় যে পশু পালনৰ লগতে পশু চিকিৎসাৰ গুৰুত্ত্বও অসীম ।

পশুপালনৰ লগতে জীৱ-জন্তুবোৰৰ স্বাস্থ্যৰ প্ৰতিও চকু দিয়াটো নিতান্তই প্ৰয়োজনীয় । কাৰণ অৰ্থনৈতিক ভাবে লাভাবান্বিত হ’বলৈ হ’লে জীৱ-জন্ত্তবোৰক ৰোগমুক্ত কৰি ৰাখিবই লাগিব, ইয়াৰ অন্যথাই ৰোগাক্ৰান্ত হৈ পশুধনে মৃত্যুক সাবতিব লগা হ’লে কৃষকসকলক অৰ্থনৈতিক ভাবেও কোঙা হয় । যদিও আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত কৃষিখণ্ডত আমূল পৰিবৰ্তন সম্ভবপৰ হৈছে, তথাপিও কিন্ত্ত অসমৰ এক গৰিষ্ঠ সংখ্যক কৃষি তথা পশুপালনৰ ওপৰত নিৰ্ভৰশীল আৰু অনেকেই কৃষি ভূমি খেতিৰ উপযোগী কৰি তুলিবলৈ পৰম্পৰাগত ভাবে বলধ হালৰ ওপৰত আজিও নিৰ্ভৰশীল । কাৰণ এনে ব্যবস্থাত খেতিয়কৰ বাবে অযথা খৰচৰ চিন্তা আহি নপৰে আৰু ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আদিৰ ব্যবহাৰেৰে পৰিবেশৰ ওপৰত পৰা বিৰূপ প্ৰভাবৰ পৰাও হাত সাৰিব পাৰি । তেনেস্থলত খেতিৰ বতৰত বলধ হালক সুস্থ আৰু নিৰোগী কৰি ৰাখিবলৈ ধ্যান দিয়া প্ৰয়োজন । তাৰোপৰি দুগ্ধ উৎপাদনৰ ক্ষেত্ৰ খনতো বা হাঁহ-কুকুৰাৰ উদ্যোগতো যে বিভিন্ন ৰোগে ঋনাত্মক প্ৰভাব পেলাই, সেই কথাৰ প্ৰতি যথোচিত গুৰুত্ত্ব দিয়াতো প্ৰয়োজনীয় । সেয়েহে এনেক্ষেত্ৰত ৰোগৰ চিনাক্তকৰণ আৰু ইয়াৰ লগতে উপযুক্ত সময়ত ৰোগৰ প্ৰতিষেধক প্ৰদান তথা ৰোগৰ প্ৰকৃত চিনাক্তকৰণৰ লগতে প্ৰকৃত চিকিৎসা প্ৰদান আদি বিষয়বোৰৰ ওপৰত গুৰুত্ত্ব দিয়াটো নিতান্তই প্ৰয়োজন । আমাৰ অসমত পশুধন সমূহ বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ নজিৰ আছে । সেয়েহে এনে ক্ষেত্ৰত স্থানীয় ৰোগসমূহ চিনাক্তকৰন কৰাৰ লগতে সময়ে সময়ে প্ৰাদূৰ্ভাব ঘটা ৰোগসমূহৰ ক্ষেত্ৰত আগতীয়াকৈ তৎপৰতা গ্ৰহণ কৰিলে এনেবোৰ সাম্ভাব্য বিপদৰ পৰা হাত সাৰি থাকিব পাৰি আৰু গ্ৰাম্য অৰ্থনীতিৰ দিশ পশ্চাদমূখী হোৱাৰ পৰা ৰক্ষা কৰিব পাৰি। তেনেস্থলত পশুপালনৰ লগতে পশুচিকিৎসাৰ দিশটোৰ প্ৰতি গুৰুত্ত্ব আৰোপ কৰাটো অতিশয় প্ৰয়োজনীয়।

তৎস্বত্তেও কিন্তু অসমৰ ছাত্ৰ-ছাত্ৰী তথা জনসাধাৰণ এনে এটি বহুমূখী বিষয় ৰাইজৰ সম্পূৰ্ন অগোচৰে আছে যেন অনুভৱ হয় । আজিৰ বহুতো ছাত্ৰ-ছাত্ৰীয়ে কৃষি তথা পশুপালন, মৎস্যপালন আদি বিষয়সমূহৰ প্ৰতি বৰ বিশেষ এটি আগ্ৰহ নেদেখুৱায় । সকলোৰে সপোন হয়তো চিকিৎসক, অভিযন্তা হোৱাৰ । কিন্ত্ত আমাৰ গ্ৰাম্য অৰ্থনীতিৰ লগত জড়িত এনে বিষয়বোৰৰ প্ৰতি উৎসাহিত হ’লে হয়তো ৰাজ্যৰ অৰ্থনৈতিক তথা সামাজিক ক্ষেত্ৰখনত এক বৈপ্লবিক পৰিবৰ্তন সাধন হ’ব ।

এইক্ষেত্ৰত আমাৰ ৰাজ্য চৰকাৰও যথেষ্ঠখিনি কৰণীয় আছে । যি সময়ত পাঞ্জাব, হাৰিয়ানা, গুজৰাটত আদি ৰাজ্যত পশু-পালন বিভাগত বৈপ্লবিক পৰিবৰ্তন আহিছে আৰু যিয়ে ৰাজ্যৰ অৰ্থনীতিটো গুৰুত্ত্বপূৰ্ণ ভূমিকা পালন কৰিছে, আনকি কৃষক ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে গুজৰাটৰ গাঁৱে গাঁৱে পশু-আবাস (animal hostel) গঢ়ি তোলা হৈছে , তাৰ তুলনাত অসমত এই বিভাগতো আজিও তেনেই চালুকীয়া অৱস্থাতেই আছে । এইক্ষেত্ৰত আমাৰ যথেষ্টখিনি কৰিবলগীয়া আছে কিয়নো অসমৰ দৰে এখন কৃষিনিৰ্ভৰ ৰাজ্যত ইয়াৰ গুৰুত্ত্ব অসীম। এই বিভাগটোৰ উন্নয়নেৰে অসমৰ গ্ৰাম্য-জীৱনৰ পট পৰিবৰ্তন কৰি আমি কৃষকৰ আৰ্থ-সামাজিক উন্নয়নেৰেহে ৰাজ্যখনৰ শ্ৰীবৃদ্ধিত অৰিহনা যোগাই বিকাশিত অসমৰ জয়্গান গাব পাৰিম আৰু গুজৰাট, হাৰিয়ানা, পঞ্জাব আদি ৰাজ্যৰ সৈতে অসমক তুলনা কৰিব পাৰিম ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages